পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে বৈদেশিক মন্ত্ৰালয়ত দোভাষীৰ কেডাৰত যুটীয়া সচিব পৰ্যায়ৰ দুটা পদ সৃষ্টি কৰিবলৈ কেবিনেটে অনুমোদন প্ৰদান কৰে৷
এই সিদ্ধান্তৰ জৰিয়তে দোভাষীৰ কেডাৰত দক্ষতাসম্পন্ন লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে দোভাষীৰ প্ৰশিক্ষণত প্ৰয়োজন হোৱা বিশেষ প্ৰয়োজনীয়তাসমূহ পূৰণ হ’ব৷
ভাৰত চৰকাৰৰ বিশ্বজনীন পৰ্যায়ত বৃদ্ধি পোৱা উচ্চস্তৰীয় দ্বিপাক্ষিক আৰু বহুজাতিক সংবদ্ধকৰণসমূহৰ বাবে দোভাষীৰ প্ৰয়োজনীয়তা পূৰণত উক্ত সিদ্ধান্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে৷
*****
AKT/SH/MANN