Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ব্ৰাজিলত ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰা লুইজ ইনাচিঅ’ লুলা ডা চিলভাক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰাজিলৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ লুইজ ইনাচিঅ’ লুলা ডা চিলভাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে ভাৰত-ব্ৰাজিল বহুমুখী কৌশলগত অংশীদাৰিত্ব অধিক গভীৰ আৰু সম্প্ৰসাৰিত কৰাৰ উদ্দেশ্যে তেওঁৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে দুয়োখন ৰাষ্ট্ৰই বিভিন্ন খণ্ডত সহযোগিতা শক্তিশালী কৰাৰ লগতে গ্লোৱেল চাউথৰ অংশীদাৰী অগ্ৰাধিকাৰসমূহক আগবঢ়াই নিব আৰু এখন অধিক অন্তৰ্ভুক্তিমূলক, ন্যায়সংগত আৰু বহনক্ষম বিশ্বৰ দিশত কাম কৰিব।

এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছেঃ

“মোৰ বন্ধু ৰাষ্ট্ৰপতি লুলাক পুনৰ নিৰ্বাচনত উল্লেখযোগ্য বিজয়ৰ বাবে আন্তৰিক অভিনন্দন জনাইছো।

ভাৰত-ব্ৰাজিল বহুমুখী কৌশলগত অংশীদাৰিত্ব অধিক গভীৰ আৰু সম্প্ৰসাৰিত কৰিবলৈ মই তেওঁৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী।

@LulaOficial”

আমি একেলগে বিভিন্ন খণ্ডত আমাৰ সহযোগিতা শক্তিশালী কৰি যাম, গ্লোৱেল চাউথৰ অংশীদাৰী অগ্ৰাধিকাৰসমূহক আগবঢ়াই লৈ যাম আৰু এক অধিক অন্তৰ্ভুক্তিমূলক, ন্যায়সংগত আৰু বহনক্ষম বিশ্বৰ দিশত কাম কৰি যাম।

@LulaOficial”

****

MJPS/SS/PRK/NB