পি এম ইণ্ডিয়া
মহামহিম ৰাষ্ট্ৰপতি লুলা,
দুয়োখন দেশৰ প্ৰতিনিধিবৰ্গ
সংবাদ মাধ্যমত বন্ধুসকল,
নমস্কাৰ!
“বোআ তাদে “!
ৰাষ্ট্ৰপতি লুলা আৰু তেওঁৰ প্ৰতিনিধিবৰ্গক ভাৰতলৈ স্বাগতম জনাবলৈ পাই মই অতিশয় আনন্দিত হৈছো।
বিগত বৰ্ষত ব্ৰাজিলত আপোনালোকে যি আন্তৰিকতা আৰু ভব্যতাৰে সৈতে মোক আদৰণি জনাইছিল, আজি সেই একে আৱেগৰ সৈতে মই আপোনালোকক ভাৰতলৈ অভিনন্দন জনাইছো। এয়া মোৰ বাবে বিশেষ সন্তুষ্টিৰ কথা। ভাৰত আৰু ব্ৰাজিলৰ সম্পৰ্ক দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰপতি লুলাৰ দূৰদৰ্শীতা আৰু প্ৰেৰণাদায়ক নেতৃত্বৰ দ্বাৰা উপকৃত হৈছে।
বিগত কেইবছৰমানত মই তেওঁক বহুবাৰ লগ পোৱাৰ সৌভাগ্য লাভ কৰিছো। আৰু প্ৰত্যেকবাৰেই মই ভাৰতৰ প্ৰতি তেওঁলোকৰ গভীৰ বন্ধুত্ব আৰু আস্থা অনুভৱ কৰিছো। ৰাষ্ট্ৰপতি লুলাৰ এই ভ্ৰমণে ঐতিহাসিক এআই ইম্পেক্ট ছামিটৰ সৌন্দৰ্য বৃদ্ধি কৰিছে আৰু আমাৰ কৌশলগত অংশীদাৰিত্বক নতুন শক্তি প্ৰদান কৰিছে। মই ৰাষ্ট্ৰপতি মহোদয়ৰ বন্ধুত্ব আৰু দুয়োখন দেশৰ সম্পৰ্কক লৈ তেওঁৰ প্ৰতিশ্ৰুতিৰ বাবে তেওঁক ধন্যবাদ জনাইছো।
বন্ধুসকল,
আজি আমাৰ আলোচনাৰ সময়ছোৱাত আমি সকলো ক্ষেত্ৰতে উমৈহতীয়া উদ্দেশ্য আৰু আকাংক্ষাৰে আগবাঢ়ি যোৱাৰ বিষয়ে আলোচনা কৰিছো।
লেটিন আমেৰিকাৰ দেশ ব্ৰাজিল ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ। আমি আগন্তুক পাঁচ বছৰত দ্বিপাক্ষিক বাণিজ্যক ২০ বিলিয়ন ডলাৰৰো অধিকলৈ লৈ যোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ ব্যৱসায় কেৱল পৰিসংখ্যা নহয়, বিশ্বাসৰ প্ৰতিফলন। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে অহা বৃহৎ ব্যৱসায়িক প্ৰতিনিধিৰ দলটোৱে এই বিশ্বাস প্ৰদৰ্শন কৰিছে।
ভাৰত-মাৰ্কোচুৰ বাণিজ্য চুক্তিৰ সম্প্ৰসাৰণে আমাৰ অৰ্থনৈতিক সহযোগিতাক আৰু অধিক শক্তিশালী কৰিব। প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত আমাৰ সহযোগিতা দুয়োখন দেশৰ লগতে সমগ্ৰ গ্ল’বেল ছাউথৰ বাবে গুৰুত্বপূৰ্ণ। মই আনন্দিত যে আমি ব্ৰাজিলত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ অৰ্থে এক উৎকৰ্ষ কেন্দ্ৰ গঢ়ি তোলাৰ কাম কৰি আছো। আমি কৃত্ৰিম বুদ্ধিমত্তা, ছুপাৰ কম্পিউটাৰ, অৰ্ধ পৰিবাহী আৰু ব্লকচেইন আদিৰ দৰে ক্ষেত্ৰসমূহত সহযোগিতাক অগ্ৰাধিকাৰ দিছো। আমাৰ দুয়োখন দেশে বিশ্বাস কৰে যে প্ৰযুক্তি অন্তৰ্ভুক্তিমূলক হোৱা উচিত আৰু ই প্ৰগতিৰ সেতু হৈ উঠিব লাগে।
শক্তি সহযোগিতা হৈছে আমাৰ সম্পৰ্কৰ এক শক্তিশালী স্তম্ভ। হাইড্ৰ’কাৰ্বনৰ লগতে আমি নৱীকৰণযোগ্য শক্তি, ইথানল ব্লেণ্ডিং, বহনক্ষম বিমান ইন্ধনৰ দৰে বিভিন্ন ক্ষেত্ৰত সহযোগিতাক অধিক গতি প্ৰদান কৰিছো। বিশ্ব জৈৱ ইন্ধন মৈত্ৰীত ব্ৰাজিলৰ সক্ৰিয় অংশগ্ৰহণে এক সেউজ ভৱিষ্যতৰ প্ৰতি আমাৰ সহমতক প্ৰতিফলিত কৰে।
ব্ৰাজিলে ‘ক্ষতিশংকা-প্ৰতিৰোধী আন্তঃগাঁথনিৰ বাবে সহযোগিতা’ৰ সহ-অধ্যক্ষতাৰ বাবেও প্ৰস্তাৱ আগবঢ়াইছে। মই ৰাষ্ট্ৰপতি লুলাৰ এই পদক্ষেপৰ বাবে তেওঁক অভিনন্দন জনাইছো। এই ক্ষেত্ৰত ব্ৰাজিলৰ প্ৰচুৰ অভিজ্ঞতাই চিডিআৰআইক অধিক শক্তিশালী কৰি তুলিব।
গুৰুত্বপূৰ্ণ খনিজ আৰু বিৰল পৃথিৱীৰ ক্ষেত্ৰত যি চুক্তি হৈছে, ই এক শক্তিশালী যোগান শৃংখলা গঢ়ি তোলাৰ ক্ষেত্ৰত এক ডাঙৰ পদক্ষেপ। প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো আমাৰ সহযোগিতা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। এয়া হৈছে পাৰস্পৰিক বিশ্বাস আৰু কৌশলগত সহযোগিতাৰ এক উৎকৃষ্ট উদাহৰণ। আমি এই ‘উইন-উইন পাৰ্টনাৰশ্বিপ’ক আৰু অধিক শক্তিশালী কৰি যাম।
আমি ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি কৃষি আৰু পশুপালন খণ্ডত আমাৰ সহযোগিতাক নতুন মাত্ৰা প্ৰদান কৰিছো। জলবায়ু-প্ৰতিৰোধী কৃষি, সঠিক কৃষি আৰু জৈৱিক সাৰ আদিৰ দৰে ক্ষেত্ৰসমূহত আমাৰ সহযোগিতাই দুয়োখন দেশৰ খাদ্য সুৰক্ষা শক্তিশালী কৰিব। ব্ৰাজিলত তৈলবীজ, পাচলি আৰু সংহত কৃষিৰ বাবে এক উৎকৃষ্ট কেন্দ্ৰ এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব।
স্বাস্থ্য আৰু ফাৰ্মা খণ্ডতো সহযোগিতাৰ প্ৰচুৰ সম্ভাৱনা আছে। আমি ভাৰতৰ পৰা ব্ৰাজিললৈ সুলভ মূল্যৰ আৰু উন্নত মানৰ ঔষধৰ যোগান বৃদ্ধিৰ দিশত কাম কৰিম। তদুপৰি, ব্ৰাজিলত আয়ুৰ্বেদ আৰু পৰম্পৰাগত ঔষধৰ সম্প্ৰসাৰণ কৰা হ’ব, যাতে সামগ্ৰিক স্বাস্থ্যসেৱাক প্ৰোৎসাহিত কৰিব পৰা যায়।
বন্ধুসকল,
বিশ্ব পৰ্যায়ত ভাৰত আৰু ব্ৰাজিলৰ অংশীদাৰিত্ব শক্তিশালী আৰু প্ৰভাৱশালী। গণতান্ত্ৰিক দেশ হিচাপে আমি গ্ল’বেল ছাউখৰ প্ৰাথমিকতা আৰু আকাংক্ষাসমূহক আগুৱাই নিব লাগিব।
যেতিয়া ভাৰত আৰু ব্ৰাজিল একেলগে কাম কৰে, তেতিয়া গ্ল’বেল ছাউথৰ কণ্ঠস্বৰ শক্তিশালী আৰু অধিক আত্মবিশ্বাসী হয়।
আমি বিশ্বাস কৰো যে সকলো সমস্যাৰ সমাধান আলোচনাৰ আৰু কূটনীতিৰ মাধ্যমেৰে হ’ব লাগে। ভাৰত আৰু ব্ৰাজিলে সহমত প্ৰকাশ কৰে যে সন্ত্ৰাসবাদ আৰু ইয়াৰ পৃষ্ঠপোষকসকল সমগ্ৰ মানৱতাৰ শত্ৰু। আমি এই কথাতো সহমতত উপনীত হৈছো যে বৰ্তমান সময়ৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ বিশ্বজনীন প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ অতি আৱশ্যক। আমি এই দিশতো একেলগে কাম কৰি যাম।
মহামহিম,
মোৰ বিশ্বাস যে আপোনাৰ এই ভ্ৰমণে আমাৰ কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰিব আৰু আগন্তুক বৰ্ষসমূহত সহযোগিতাৰ নতুন মাত্ৰা প্ৰদান কৰিব।
মই পুনৰবাৰ আপোনালোকৰ ভ্ৰমণ আৰু গভীৰ বন্ধুত্বৰ বাবে আন্তৰিকতাৰে কৃতজ্ঞতা প্ৰকাশ কৰিছো।
বহুত ধন্যবাদ।
“মুইটো অ’বেৰিগাডো”!
****
MJPS/ST/DB
Addressing the joint press meet with President Lula of Brazil.@LulaOficial
— Narendra Modi (@narendramodi) February 21, 2026
https://t.co/hbeJiV7tF5
भारत और ब्राजील के संबंधों को राष्ट्रपति लूला की दूरदृष्टि और प्रेरक नेतृत्व का लंबे समय से लाभ मिलता रहा है।
— PMO India (@PMOIndia) February 21, 2026
बीते कुछ वर्षों में मुझे इनसे कई बार मिलने का सौभाग्य मिला है और हर मुलाकात के दौरान मैंने, भारत के प्रति इनकी गहरी मित्रता और विश्वास को महसूस किया है: PM @narendramodi
ब्राज़ील, लैटिन अमेरिका में भारत का सबसे बड़ा trade partner है।
— PMO India (@PMOIndia) February 21, 2026
हम आने वाले पाँच वर्षों में द्विपक्षीय व्यापार को 20 बिलियन डॉलर के पार ले जाने के लिए प्रतिबद्ध है।
हमारा व्यापार केवल आंकड़ा नहीं, विश्वास का प्रतिबिंब है: PM @narendramodi
Technology और innovation के क्षेत्र में हमारा सहयोग दोनों देशों के साथ-साथ, पूरे Global South के लिए महत्व रखता है।
— PMO India (@PMOIndia) February 21, 2026
मुझे खुशी है कि हम ब्राजील में Digital Public Infrastructure के लिए Centre of Excellence बनाने पर काम कर रहे हैं: PM @narendramodi
Critical Minerals और rare earths में जो समझौता हुआ है, वो resilient supply chains के निर्माण में एक बड़ा कदम है।
— PMO India (@PMOIndia) February 21, 2026
Defence के क्षेत्र में भी हमारा सहयोग निरंतर बढ़ रहा है। ये एक-दूसरे के प्रति भरोसे और रणनीतिक तालमेल का बेहतरीन उदाहरण है।
हम इस win-win partnership को आगे भी और…
When India and Brazil work together, the voice of Global South becomes stronger and more confident: PM @narendramodi
— PMO India (@PMOIndia) February 21, 2026
भारत और ब्राजील एकमत हैं कि आतंकवाद और उसके समर्थक पूरी मानवता के शत्रु हैं।
— PMO India (@PMOIndia) February 21, 2026
हम इस बात पर भी सहमत हैं कि वर्तमान समय की चुनौतियों से निपटने के लिए वैश्विक संस्थानों का reform अत्यंत आवश्यक है: PM @narendramodi