Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ সন্দৰ্ভত ঋষি সুনাকৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰীশ্ৰী নৰেন্দ্ৰ মোদীয়ে ঋষি সুনাকৰ সৈতে কথা পাতি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ বাবে অভিনন্দন জনাইছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

“আজি @RishiSunakৰ সৈতে কথা পাতি আনন্দিত হৈছো। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছো। আমি আমাৰ ব্যাপক কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰিম। আমি এক ব্যাপক আৰু সন্তুলিত মুক্ত বাণিজ্য চুক্তিৰ আগতীয়াকৈ সমাপ্ত কৰাৰ গুৰুত্বৰ ওপৰতো একমত হৈছো।”

 

***

DS/SH/MS