পি এম ইণ্ডিয়া
আজি মই প্ৰথমবাৰৰ বাবে ব্ৰুনেই দাৰুছালামলৈ দ্বিপাক্ষিক ভ্ৰমণ আৰম্ভ কৰিছোঁ। আমি আমাৰ কূটনৈতিক সম্পৰ্কৰ ৪০ বছৰ উদযাপন কৰাৰ সময়তে আমাৰ ঐতিহাসিক সম্পৰ্কক নতুন মাত্ৰালৈ আগুৱাই নিয়াৰ বাবে মহামান্য চুলতান হাজী হাছানাল বোলকিয়া আৰু ৰাজপৰিয়ালৰ অন্যান্য সন্মানীয় সদস্যসকলৰ সৈতে মোৰ বৈঠকৰ বাবে অপেক্ষা কৰি আছোঁ।
ব্ৰুনেইৰ পৰা মই ৪ ছেপ্টেম্বৰত ছিংগাপুৰলৈ যাত্ৰা কৰিম। ৰাষ্ট্ৰপতি থাৰ্মান শ্বানমুগাৰত্নম, প্ৰধানমন্ত্ৰী লৰেন্স ৱাং, জ্যেষ্ঠ মন্ত্ৰী লি ছিয়েন লুং আৰু এমেৰিটাছ জ্যেষ্ঠ মন্ত্ৰী গোহ চোক টঙক সাক্ষাৎ কৰাৰ সুযোগৰ বাবে অপেক্ষা কৰি আছোঁ। ছিংগাপুৰৰ স্পন্দনশীল ব্যৱসায়িক সম্প্ৰদায়ৰ নেতাসকলকো মই সাক্ষাৎ কৰিম৷
মই ছিংগাপুৰৰ লগত, বিশেষকৈ উন্নত উৎপাদন, ডিজিটেলাইজেচন আৰু বহনক্ষম উন্নয়নৰ নতুন আৰু উদীয়মান ক্ষেত্ৰসমূহত কৌশলগত অংশীদাৰিত্ব গভীৰ কৰাৰ বিষয়ে আলোচনাৰ বাবে আগ্ৰহী।
দুয়োখন দেশেই পূবলৈ চোৱা নীতি আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ গুৰুত্বপূৰ্ণ অংশীদাৰ। মই নিশ্চিত যে মোৰ এই ভ্ৰমণে ব্ৰুনেই, ছিংগাপুৰ আৰু বৃহত্তৰ এছিয়ান অঞ্চলৰ সৈতে আমাৰ অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰিব।
***
MJPS/ST/KD
Over the next two days, will be visiting Brunei Darussalam and Singapore. During the various engagements in these nations, the focus will be on further deepening India’s ties with them.
— Narendra Modi (@narendramodi) September 3, 2024
India-Brunei Darussalam diplomatic ties complete 40 glorious years. I look forward to…
PM @narendramodi emplanes for two-nation visit to Brunei Darussalam and Singapore. pic.twitter.com/XPtliFlhmy
— PMO India (@PMOIndia) September 3, 2024