Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ব্ৰুনেই দাৰুছালাম আৰু ছিংগাপুৰ ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিদায়ী বিবৃতি (০৩-০৫ ছেপ্টেম্বৰ ২০২৪)

ব্ৰুনেই দাৰুছালাম আৰু ছিংগাপুৰ ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিদায়ী বিবৃতি (০৩-০৫ ছেপ্টেম্বৰ ২০২৪)


আজি মই প্ৰথমবাৰৰ বাবে ব্ৰুনেই দাৰুছালামলৈ দ্বিপাক্ষিক ভ্ৰমণ আৰম্ভ কৰিছোঁ। আমি আমাৰ কূটনৈতিক সম্পৰ্কৰ ৪০ বছৰ উদযাপন কৰাৰ সময়তে আমাৰ ঐতিহাসিক সম্পৰ্কক নতুন মাত্ৰালৈ আগুৱাই নিয়াৰ বাবে মহামান্য চুলতান হাজী হাছানাল বোলকিয়া আৰু ৰাজপৰিয়ালৰ অন্যান্য সন্মানীয় সদস্যসকলৰ সৈতে মোৰ বৈঠকৰ বাবে অপেক্ষা কৰি আছোঁ।

 

​ব্ৰুনেইৰ পৰা মই ৪ ছেপ্টেম্বৰত ছিংগাপুৰলৈ যাত্ৰা কৰিম। ৰাষ্ট্ৰপতি থাৰ্মান শ্বানমুগাৰত্নম, প্ৰধানমন্ত্ৰী লৰেন্স ৱাং, জ্যেষ্ঠ মন্ত্ৰী লি ছিয়েন লুং আৰু এমেৰিটাছ জ্যেষ্ঠ মন্ত্ৰী গোহ চোক টঙক সাক্ষাৎ কৰাৰ সুযোগৰ বাবে অপেক্ষা কৰি আছোঁ। ছিংগাপুৰৰ স্পন্দনশীল ব্যৱসায়িক সম্প্ৰদায়ৰ নেতাসকলকো মই সাক্ষাৎ কৰিম৷

 

মই ছিংগাপুৰৰ লগত, বিশেষকৈ উন্নত উৎপাদন, ডিজিটেলাইজেচন আৰু বহনক্ষম উন্নয়নৰ নতুন আৰু উদীয়মান ক্ষেত্ৰসমূহত কৌশলগত অংশীদাৰিত্ব গভীৰ কৰাৰ বিষয়ে আলোচনাৰ বাবে আগ্ৰহী।

দুয়োখন দেশেই পূবলৈ চোৱা নীতি আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ গুৰুত্বপূৰ্ণ অংশীদাৰ। মই নিশ্চিত যে মোৰ এই ভ্ৰমণে ব্ৰুনেই, ছিংগাপুৰ আৰু বৃহত্তৰ এছিয়ান অঞ্চলৰ সৈতে আমাৰ অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰিব।

 

***

MJPS/ST/KD