পি এম ইণ্ডিয়া
১৮ আৰু ১৯ জানুৱাৰী, ২০১৯ ৰ দুদিনীয়া ভ্ৰমণসূচী লৈ ভাৰতত উপস্থিত হৈছে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী লাৰ্ছ লোক্কে ৰাছমুছেন, উদ্দেশ্য ভাইব্ৰেণ্ট গুজৰাট ছামিট ২০১৯ ত অংশগ্ৰহণ কৰা, য’ত ডেনমাৰ্ক এখন সহযোগী দেশ হিচাপে অংশগ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী ৰাছমুছেনৰ লগতে ডেনমাৰ্কৰ ভালেমান আগশাৰীৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলো আহি উপস্থিত হৈছে ভাৰতত।
উল্লেখ্য যে ১৮ জানুৱাৰী, ২০১৯ তাৰিখে গান্ধীনগৰত চলি থকা ভাইব্ৰেণ্ট গুজৰাট ছামিটৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী ৰাছমুছেনৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী। ইয়াৰ পূ্ৰ্বেও দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ২০১৮ চনৰ এপ্ৰিল মাহত ষ্টকহ’মত আয়োজিত প্ৰথম ইণ্ডিয়া–নৰ্ডিক ছামিটত মিলিত হৈছিল।
এই বৈঠকতে দুয়োগৰাকী বিশ্ব নেতাই দুয়োখন দেশৰ মাজত স্থাপন হ’ব পৰা বিভিন্ন দ্বিপাক্ষিক সহযোগিতাৰ ক্ষেত্ৰ সমূহৰ বিষয়ে আলোচনা কৰে আৰু পাৰস্পৰিক লাভজনক বিষয়ত ভালেমান সমস্যা সন্দৰ্ভতো দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে নিজ নিজ দৃষ্টিভঙ্গী উপস্থাপন কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়েই দুয়োখন দেশৰ মাজতে একাধিক বাণিজ্য আৰু বিনিয়োগৰ পৰিসৰ পৰিবৰ্ধন কৰাৰ ব্যাপক সুযোগ–সুবিধাৰ বিষয়েও আলোচনা কৰে আৰু দুয়ো ঐক্যমতত মিলিত হয়।
উল্লেখ্য যে ভালেমান অত্যাধুনিক প্ৰযুক্তিৰ ক্ষেত্ৰত ডেনমাৰ্ক সম্প্ৰতি বিশ্বৰ আগশাৰীৰ দেশ হিচাপে পৰিগণিত হৈ আহিছে, যিবোৰ বিশেষকৈ ভাৰতৰ ক্ষেত্ৰত যথেষ্ট প্ৰাসঙ্গিক হৈ আছে। ইয়াতে উল্লেখ কৰিব পাৰি যে ডেনমাৰ্কৰ আছে দক্ষতা, ভাৰতত আছে প্ৰসাৰতাৰ সুযোগ, আৰু সম্প্ৰতি বিশ্বক লাগে নতুন প্ৰযুক্তি। খাদ্য সুৰক্ষা, জল ব্যৱস্থাপনা, জলবায়ু পৰিৱৰ্তন আৰু দীৰ্ঘম্যাদী উন্নয়নৰ দৰে বৈশ্বিক সমস্যাসমূহৰ সমাধান উলিয়াবৰ বাবে এক গৱেষণা মঞ্চ স্থাপন কৰাৰ বাবে ভাৰত আৰু ডেনমাৰ্কক উদ্বুদ্ধ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
এই বৈঠকতে, দুখনকৈ বুজাবুজি চুক্তিও হস্তান্তৰিত কৰা হয়, প্ৰথমখন হৈছে বিভিন্ন সামূদ্ৰিক সমস্যা সমাধানৰ বাবে ভাৰতীয় নৌ মন্ত্ৰালয় আৰু ডেনমাৰ্কৰ উদ্যোগ, বাণিজ্য আৰু বিত্তীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ মাজত হোৱা চুক্তি, আৰু দ্বিতীয়খন হৈছে গোৱাৰ পানাজীত এটা নগৰীয়া জীৱিকা পৰীক্ষাগাৰ বা আৰবান লিভিং লেব স্থাপনৰ বাবে ইমাজিন পানাজী স্মাৰ্ট চিটি ডেভেলপমেণ্ট লিমিটেড আৰু নতুন দিল্লীস্থ ডেনিছ এম্বেছীৰ মাজত।
উল্লেখ্য যে প্ৰায় ১৩০ টা ডেনিছ কোম্পানীয়ে ভাৰতৰ নৌ পৰিবহন, পুনঃনবীকৰণযোগ্য শক্তি, পৰিৱেশ আৰু খাদ্য সংসাধনৰ দৰে ক্ষেত্ৰসমূহত বিনিয়োগ কৰিছে আৰু স্মাৰ্ট আৰবান ডেভেলপমেণ্ট আৰু আৱৰ্জনাৰ পৰা শক্তিলৈ’ আদিৰ দৰে ক্ষেত্ৰতো বিনিয়োগৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে উৎসুক হৈ আছে। ইফালে গুজৰাটত ভালেসংখ্যক আগশাৰীৰ ডেনিছ কোম্পানীয়ে নৌ পৰিবহন আৰু পুনঃনবীকৰণযোগ্য শক্তিখণ্ডত জড়িত হৈ আছে।
প্ৰধানমন্ত্ৰী ৰাছমুছেনে তেওঁৰ এই ভ্ৰমণকালত নতুন দিল্লীত স্থাপন কৰা ডেনিছ কালছাৰেল ইনষ্টিটিউট আৰু ডেনিছ দূতাবাসৰ নতুন গৃহটো ১৯ জানুৱাৰীত আনুষ্ঠানিকভাৱে মুকলি কৰিব। ইয়াৰ পিছতেই তেওঁ এবাৰ আগ্ৰালৈও যাব।
*****
AKT/KP/RD
Had an excellent meeting with PM @larsloekke of Denmark.
— Narendra Modi (@narendramodi) January 18, 2019
Denmark is a valued friend and we discussed deepening cooperation in energy, trade, agriculture and other areas. pic.twitter.com/p3eP0jqUMW