পি এম ইণ্ডিয়া
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ পৌৰহিত্যত কেন্দ্রীয় কেবিনেটে ভাৰতত বিনিয়োগ সংক্রান্তীয় পৰিকাঠামো গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰত আৰু ছৌদি আৰৱৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰৰ প্ৰস্তাৱলৈ যাৱতীয় অনুমোদন জনাইছে।
এই বুজাবুজি চুক্তি স্বাক্ষৰৰ ফলত ভাৰতৰ পৰিকাঠামো ক্ষেত্রত উপযুক্ত বিনিয়োগৰ বাবে ছৌদি আৰৱৰ প্রতিষ্ঠানবোৰৰ সৈতে সংযোগ গঢ়ি তোলা সম্ভৱ হৈ উঠিব। ইয়াৰ ফলত দেশত পৰিকাঠামো সংক্রান্তী বিকাশলৈ ব্যাপক গতি আহিব, কর্মসংস্থানৰ সুযোগ সৃষ্টি হ’ব, শিল্পোদ্যোগ গঢ়ি উঠিব, যিয়ে দেশৰ অর্থনৈতিক সমৃদ্ধি আৰু মুঠ জনমুৰি আয়ৰ বৃদ্ধি কৰিব।
***
AKT/RD