পি এম ইণ্ডিয়া

নমস্কাৰ,
ভাৰতীয় উদ্যোগ মহাসংঘৰ ১২৫সংখ্যক বৰ্ষপূর্তি উদযাপন সফলতাৰে উদযাপনৰ বাবে আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছো৷ এই ১২৫ বছৰীয়া যাত্রা অত্যন্ত দীর্ঘযাত্রা। কেইবাটাও পর্যায় পাৰ কৰি বহুত উত্থান–পতন সন্মুখীন হৈ ১২৫ বছৰ ধৰি এনে এক সংস্থা পৰিচালনা কৰাটো বহুত ডাঙ কথা৷ ইয়াত সময়ে সময়ে পৰিৱর্তন আহিছে, ব্যৱস্থা সদলি হৈছে। প্ৰথমে মই যিসকলে এই ১২৫ বছৰে ভাৰতীয় উদ্যোগ মহাসংঘক শক্তিশালী কৰাৰ ক্ষেত্রত অৱদান আগবঢ়াইছে, অতীতৰ প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিক অভিন্দন জনাইছো৷ তেওঁলোকক ভিতৰত যিসকল আজি আমাৰ মাজত নাই, তেওঁলোকক প্ৰতি শ্ৰদ্ধা জনাইছো আৰু ভৱিষ্যতে যিসকলে এই উদ্যোগ চম্ভালিব তেওঁলোকক বহুত শুভেচ্ছা জনাইছো৷
ক’ৰোনা সংক্ৰমণৰ এই সময়ছোৱাত এই ৰাষ্ট্ৰীয় অনলাইন ইভেণ্টবোৰ ক্ৰমে নতুন বাস্তৱত পৰিণত হৈ পৰিছে। সেয়েহে এজন মানুহৰ আটাইতকৈ ডাঙৰ শক্তি হ’ল যে তেওঁ সকলো অসুবিধাৰ পৰা মুক্তিৰ পথ গঢ়ি তোলে। আজিও আমি যেনেকৈ এফালে এই ভাইৰাছৰ বিৰুদ্ধে যুঁজ কৰাৰ বাবে কঠোৰ পদক্ষেপ ল’ব লাগিব, আনফালে, আমাৰ দেশৰ অর্থনীতিও সুস্থিৰ কৰিব লাগিব, গতিশীল কৰিব লাগিব৷ এফালে আমাৰ দেশবাসীৰ জীৱন ৰক্ষা কৰিব লাগিব আৰু আনফালে আমাৰ দেশৰ অর্থনীতিকে সুস্থিৰ কৰিব লাগিব, গতি বৃদ্ধি কৰিব লাগিব৷ এই পৰিস্থিতিত, আপোনালোকে অর্থনৈতিক বৃদ্ধি ঘূৰাই পোৱাৰ কথা ক’বলৈ আৰম্ভ কৰিছে৷ তাৰবাবে নিশ্চিতভাৱে আপোনালোকে সকলো, ভাৰতীয় উদ্যোগজগতৰ লোকসকলে ইয়াৰ বাবে অভিনন্দনৰ পাত্ৰ৷ উন্নয়ন বৃদ্ধি ঘূৰাই পোৱাৰ জৰিয়তে আমি এইটো কও যে হয় আমি অৱশ্যে আমাৰ অর্থনৈতিক বৃদ্ধি ঘূৰাই পাম৷ আপোনালোকৰ কোনো কোনোৱে ভাবিব পাৰে, এই সংকটৰ সময়ত আমি কিদৰে ইমান আত্মবিশ্বাসেৰে এই কথা ক’ব পাৰিলো?
আমাৰ এই আত্মবিশ্বাসৰ বহু কাৰণ আছে৷ আমাৰ ভাৰতৰ সামর্থ্য আৰু সংকট ব্যৱস্থাপনাত আস্থা আছে। আমাৰ ভাৰতৰ প্ৰতিভা আৰু প্ৰযুক্তিত ভৰসা আছে। আমাৰ ভাৰতৰ উদ্ভাৱন আৰু বুদ্ধিমত্তাত ইণ্টিলিকেশ্যন অফ ইণ্ডিয়াত বিশ্বাস আছে। আমাৰ ভাৰতৰ কৃষক, অতিক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগীসকলৰ ওপৰত বিশ্বাস আছে। তদুপৰি, আমাৰ উদ্যোগজগতৰ সকলো মুৰব্বীসকলৰ ওপৰত ভৰসা আছে। সেই বাবেই মই কৈছো হয়৷ আমি আমাৰ বিকাশ ঘূৰাই পাম৷ ভাৰতে ইয়াৰ অর্থনৈতিক বিকাশ ঘূৰাই পাব৷
বন্ধুসকল, ক’ৰোনাই আমাৰ গতি যিমামেই কম নকৰক কিয়, আজি দেশৰ আটাইতকৈ ডাঙৰ সত্য হ’ল, ভাৰতে লকডাউন অতিক্ৰম কৰি আনলক প্ৰথম পৰ্যায়ত প্ৰৱেশ কৰিছে। আনলক প্ৰথম পৰ্যায়ত দেশৰ অর্থনীতিৰ এক বৃহৎ অংশ ইতিমধ্যে উন্মুক্ত হৈছে৷ তদুপৰিস ৮ জুনৰ পাছত আৰু কেইবাটাও অংশ খোলা হ’ব৷ অর্থাৎ ইতিমধ্যে অর্থনৈতিক বিকাশ ঘূৰাই পোৱা প্ৰক্রিয়াৰ সূত্ৰপাত হৈছে৷
আজি আমি এই সকলোবোৰ কৰিবলৈ সক্ষম হৈছো, কাৰণ যেতিয়া ক’ৰোনা ভাইৰাছ বিশ্বত দ্রুত গতিত বিয়পিছিল তেতিয়া ভাৰতে সঠিক সময়ত, সঠিক পদক্ষেপ গ্ৰহণ কৰিছিল। বিশ্বৰ সকলো দেশৰ সৈতে তুলনা কৰিলে আজি আমি বুজিব পাৰো ভাৰতত লকডাউনৰ প্ৰভাৱ কিমান ব্যাপক আৰু বিস্তৃত হৈছে৷ এই লকডাউনে ভাৰতে ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে কেৱল মৌলিক উপাদান আৰু সৰঞ্জামৰ ব্যৱস্থাই কৰা নাই, নিজৰ মানৱসম্পদো সংৰক্ষণ কৰিছে। এনে পৰিস্থিতিত এতিয়া প্ৰশ্ন হয় ইয়াৰপাছত কি হ’ব? উদ্যোগৰ মুৰব্বী হিচাপে এই প্ৰশ্ন অৱশ্যে আপোনালোকৰ মনলৈ আহিব যে চৰকাৰ এতিয়া কি কৰিব? আত্মনির্ভৰ ভাৰত অভিযান সম্পর্কেও আপোনালোকৰ মনত কেতবোৰ প্ৰশ্ন আহিব৷ এয়া অতি স্বাভাৱিক৷
বন্ধুসকল, ক’ৰোনাৰ বিৰুদ্ধে যুঁজত দুর্বল হৈ পৰা অর্থনীতিক আকৌ শক্তিশালী কৰি তোলাটোৱেই আমাৰ সর্বোচ্চ অগ্রাধিকাৰ৷ সেইবাবে দ্রুতগতিত যিবোৰ সিদ্ধান্ত গ্ৰহণ কৰা প্ৰয়োজন, চৰকাৰে এতিয়া সেই সিদ্ধান্তবোৰ লৈছে৷ ইয়াৰ সমান্তৰালভাৱে এনে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যি দেশৰ উন্নয়নত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব৷
বন্ধুসকল, প্ৰধানমন্ত্রী গৰীব কল্যাণ যোজনা দ্রুতগতিত দুখীয়া লোকসকলক উপকৃত কৰিছে। এই আঁচনিৰ জৰিয়তে প্রায় ৭৪ কোটি হিতাধিকাৰীক ৰেচন প্ৰদান কৰা হৈছে৷ প্ৰবাসী শ্ৰমিকসকলকো বিনামূল্যে ৰেচন প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে৷ তদুপৰি, এতিয়ালৈকে ৫৩ হাজাৰ কোটি টকাতকৈও অধিক আর্থিক সাহায্য প্ৰদান কৰা হৈছে৷ মহিলা, দিব্যাংগ, বৃদ্ধ–বৃদ্ধা, শ্ৰমিকসকল ইয়াৰ দ্বাৰা লাভবান হৈছে৷ লকডাউনৰ সময়ত চৰকাৰে দুখীয়া লোকসকলক বিনামূল্যে ৮কোটিতকৈও অধিক ৰন্ধন গেছ চিলিণ্ডাৰ যোগান ধৰিছে। কেৱল ইমানে নহয় বেচৰকাৰী খণ্ডৰ প্রায় ৫০ লাখ কর্মচাৰীৰ ইপিএফ একাউণ্টত ২৪ শতাংশ কিস্তিৰ টকাও চৰকাৰ দিছে। ইতিমধ্যে, তেওঁলোকৰ ইপিএফ একাউণ্টত প্রায় ৮০০ কোটি টকা জমা কৰা হৈছে৷
বন্ধুসকল, ভাৰতক পুনৰবাৰ দ্রুত উন্নয়নৰ পথলৈ ঘূৰাই আনিবলৈ, আত্মনির্ভৰ ভাৰত গঢ় দিবলৈ পাঁচটা বিষয় অতি জৰুৰী৷ সেইকেইটা হ’ল– ইচ্ছাশক্তি, অন্তর্ভুক্তিকৰণ, বিনিয়োগ, আন্তঃগাঁথনি আৰু উদ্ভাৱন। শেহতীয়াকৈ যিবোৰ সাহসী পদক্ষেপ লোৱা হৈছে, সেইবোৰ আপোনালোকে জানে৷ এই সিদ্ধান্তসমূহৰ উপৰি আমি সকলো ক্ষেত্রৰ ভৱিষ্যৎ প্ৰস্তুত কৰিছো৷ সেয়েহে আজি ভাৰতে এক নতুন উন্নয়নভিত্তিক ভৱিষ্যতৰ লক্ষ্যৰে ডাঙৰ উড়ানৰ বাবে প্ৰস্তুত৷ বন্ধুসকল, আমাৰ বাবে সংস্কাৰ কোনো ৰেণ্ডম সিদ্ধান্ত নহয়। আমাৰ বাবে সংস্কাৰ নিয়মীয়া, সুপৰিকল্পিত, সংহত, আন্তঃসংযোগ আৰু ভৱিষ্যৎদর্শী পদ্ধতি।
আমাৰ বাবে সংস্কাৰৰ অর্থ হ’ল সিদ্ধান্ত গ্ৰহণৰ সাহস কৰা, আৰু সেই সিদ্ধান্তসমূহ যুক্তিসন্মত পৰিণতিৰ দিশে লৈ যোৱা৷ আইবিচিয়েই হওক, বেংক একত্ৰিকৰণেই হওক, জিএছটিয়েই হওক, ফেচলেচ ইনকাম টেক্স এছেচমেণ্টৰ ব্যৱস্থাই হওক, আমি সদায় ব্যৱস্থাসমূহত চৰকাৰৰ দখল কম কৰা, ব্যক্তিগত প্ৰতিষ্ঠানৰ বাবে উৎসাহব্যঞ্জক বাস্তুব্যৱস্থা গঢ়ি তোলাৰ ওপৰত জোৰ দিছো৷ ইয়াৰ ফলত চৰকাৰে আজি এনে কেতবোৰ নীতিগত সংস্কাৰো কৰিছে, যিবোৰৰ আশা দেশে এৰি দিছিল। যদি মই কৃষি ক্ষেত্রৰ কথা কও তেতিয়াহ’লে আমাৰ দেশত স্বাধীনতাৰ পাছত যিবোৰ নিয়ম–নীতি প্ৰস্তুত কৰা হৈছে, সেইবোৰৰ সাহায্যত কৃষকৰ মধ্যভোগীৰ হাতত এৰি দিয়া হৈছিল। কৃষকে ক’ত ফচল বিক্ৰী কৰিব পাৰে আৰু ক’ত নোৱাৰে সেইবোৰ বহুত কঠিন আৰু জটিল বিষয় আছিল৷ কৃষকসকলৰ সৈতে দশকৰ পাছত দশক ধৰি হোৱা এই অন্যায়ৰ পৰা তেওঁলোকক মুক্তি দিয়াৰ ইচ্ছাশক্তি আমাৰ চৰকাৰে দেখুৱাইছে৷
এপিএমচি আইন পৰিৱর্তনৰ পাছত এতিয়া কৃষকসকলেও তেওঁলোকৰ অধিকাৰ পাব৷ কৃষকসকলে এতিয়া য’তে ইচ্ছা যেতিয়া–তেতিয়াই ফচল বিক্ৰী কৰিব পাৰিব৷ এতিয়া যিকোনো কৃষকে তেওঁৰ পছন্দমতে দেশৰ যিকোনো ৰাজ্যলৈ নি ফচল বিক্রী কৰিব পাৰিব৷ ইয়াৰ সমান্তৰালভাৱে ৱেৰৰহাউচসমূহত মজুত ৰখা ফচল কিম্বা কৃষিসামগ্ৰী এতিয়া ইলেক্ট্ৰনিক ট্রেডিঙৰ জৰিয়তেও বিক্রী কৰিব পাৰে৷ আপোনালোকে কল্পনা কৰিব পাৰে, ইয়াৰ ফলত কৃষি–ব্যৱসায়ৰ ক্ষেত্রত কিমান নতুন পথ মুকলি হ’ব ধৰিছে! বন্ধুসকল, এইদৰেই আমাৰ শ্ৰমিকসকলৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক ৰোজগাৰৰ সুযোগ বৃদ্ধিৰ বাবে শ্ৰম আইন সংস্কাৰ কৰা হৈছে৷
যিবোৰ নন–ষ্ট্ৰেটেজিক খণ্ডত বেচৰকাৰী খণ্ডৰ অনুমতি নাছিল, সেইবোৰ খোলা দিয়া হৈছে৷ আপোনালোকে হয়তো এইটোও লক্ষ্য কৰিছে যে ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’ৰ পথত আগুৱাই আমি এটাৰ পাছত এটা সিদ্ধান্ত লৈছো, দীর্ঘদিন ধৰি এইবোৰ সিদ্ধান্ত গ্ৰহণৰে দাবি উত্থাপন হৈছিল। বন্ধুসকল, বিশ্বৰ তৃতীয় বৃহত্তম দেশ, যাৰ ওচৰত কয়লাৰ ভাণ্ডাৰ আছে, কয়লা ৰিজার্ভ আছে, যাৰ ওচৰত সাহসী আৰ উদ্যমী বাণিজ্য জগতৰ মুৰব্বীসকল আছে, কিন্তু তাৰপাছতো সেই দেশত বিদেশৰ পৰা কয়লা আমদানি কৰিবলগীয়া হৈছিল৷ ইয়াৰ কাৰণ কি আছিল? কেতিয়াবা চৰকাৰ প্ৰতিবন্ধকতা আছিল, কেতিয়াবা নীতিগত প্ৰতিবন্ধকতা সৃষ্টি কৰিছে। কিন্তু এতিয়া কয়লা খণ্ডত এইবোৰ বান্ধোনৰ পৰা মুক্ত কৰাৰ কাম আৰম্ভ কৰা হৈছে৷ এতিয়া কয়লা খণ্ডত বাণিজ্যিকভাৱে খননৰ অনুমতি দিয়া হৈছে৷ আংশিকভাৱে অন্বেষণ কৰিবলৈ ব্লক্সবোৰ আৱণ্টনৰ অনুমতি দিয়া হৈছে৷ সেইদৰে অন্যান্য খনিজ খননতো এতিয়া কোম্পানীসমূহে অন্বেষণৰ লগতে খননৰ কামো কৰিব পাৰিব৷ এই সিদ্ধান্তসমূহ কিমান সুদূৰ প্ৰসাৰী ফল আনিবলৈ সক্ষম হ’ব, সেয়া এই বিষয়ে জনাসকলে খুব ভালদৰে বুজিব পাৰিছে৷
বন্ধুসকল, চৰকাৰ যি লক্ষ্যৰে আগুৱাই গৈছে, এই ক্ষেত্ৰত আমাৰ খনন ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি শক্তি উৎপাদন ক্ষেত্ৰ বা গৱেষণা আৰু প্ৰযুক্তি, প্ৰতিটো ক্ষেত্রৰ উদ্যোগে কাম কৰাৰ সুযোগ পাব আৰু নবীন প্ৰজন্মৰ বাবেও নতুন নতুন উদ্যোগ আৰু কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব লাগিব৷ এইবোৰৰ পৰা আগুৱাই গৈ এতিয়া দেশৰ কৌশলগত ক্ষেত্ৰসমূহতো ব্যক্তিগত বিনিয়োগকাৰীসকলৰ অংশীদাৰিত্ব এক বাস্তৱতাত পৰিণত হৈছে৷ আপোনালোকে যদি মহাকাশ গৱেষণা ক্ষেত্রত বিনিয়োগ কৰিব বিচাৰে, পাৰমানৱিক শক্তি খণ্ডত নতুন নতুন সুযোগ অন্বেষণ কৰিব বিচাৰে–সকলো ধৰণৰ সম্ভাৱনা আপোনালোকৰ বাবে উন্মুক্ত হৈছে৷
বন্ধুসকল, আপোনালোকে এইটো ভালদৰেই জানে অতিক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগৰ লাখ লাখ ইউনিট আমাৰ দেশৰ বাবে অর্থনৈতিক ইঞ্জিনৰ দৰে হৈ উঠিছে। দেশৰ জিডিপিত ইয়াৰ বহুত ডাঙৰ অৱদান আছে, এই অৱদান প্রায় ৩০ শতাংশ। অতিক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগৰ সংজ্ঞা স্পষ্ট কৰাৰ যি দাবী দীর্ঘদিন ধৰি উদ্যোগজগতৰ পৰা উঠি আহিছিল, সেয়া বাস্তবায়িত হৈছে৷ ইয়াৰ ফলত অতিক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগবোৰ কোনো দুশ্চিন্তা অবিহনে উন্নতি কৰিব পাৰিব আৰু তেওঁলোকক অতিক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগৰ ষ্টেটাছ বজাই ৰখাৰ বাবে অন্য কোনো পথত চলাৰ প্ৰয়োজন নাই। দেশৰ অতিক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগসমূহত কর্মৰত কোটি কোটি ভাই–ভনীসকলে যাতে লাভৱান হয় সেইবাবে ২০০ কোটি টকালৈকে চৰকাৰী ক্ৰয়ৰ ক্ষেত্রত গ্ল’বেল টেণ্ডাৰৰ প্ৰচলন সমাপ্ত কৰি দিয়া হৈছে৷ ইয়াৰ ফলত আমাৰ ক্ষুদ্ৰ উদ্যোগসমূহৰ পৰা অধিক সুযোগ বৃদ্ধি পাব৷ একেদৰে, আত্মনির্ভৰ ভাৰত পেকেজ অতিক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ খণ্ডৰ ইঞ্জিনেৰ বাবে ইন্ধনৰ দৰে কাম কৰিব৷
বন্ধুসকল, এই যে সিদ্ধান্তসমূহ, এইবোৰৰ প্রাসংগিকতা বুজি পোৱাৰ বাবে আজিৰ আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিক নিবিড়ভাৱে দেখা আৰু বুজি পোৱাটো অতি জৰুৰী৷ তেতিয়াহে অনুভৱ কৰিব, আজি বিশ্বৰ সকলো দেশে আগৰ তুলনাত অধিক পৰিমাণে পৰস্পৰৰ প্ৰতি লক্ষ্য কৰে৷ দেশসমূহৰ মাজত পাৰস্পৰিক সহযোগিতাৰ প্ৰয়োজন আগতকৈ অধিক হৈছে৷ কিন্তু ইয়াৰ সমান্তৰালভৱে এই চিন্থা–চৰ্চাও চলিছে যে পুৰণি চিন্তাধাৰা, পুৰণি ৰীতিনীতি, পুৰণই নীতিবোৰ কিমান কার্যকৰী কৰিব লাগিব! স্বাভাবিকতে এই সময়ত নতুনকৈ বহুত চিন্তাভাবনা চলিছে। এই সময়ছোৱাত ভাৰতৰ প্ৰতি বিশ্ববাসীৰ প্ৰত্যাশা অধিক বৃদ্ধি পাইছে। আজি বিশ্বত ভাৰতৰ প্ৰতি বিশ্বাস আৰু অধিক বৃদ্ধি পাইছে আৰু নতুন আশাৰ সঞ্চাৰ হৈছে৷ এতিয়া আপোনালোকেও লক্ষ্য কৰিছে, ক’ৰোনাৰ এই সংকটকালত যেতিয়া কোনো দেশে অন্য দেশৰ প্ৰতি সহায়ৰ হাত আগবঢ়াই দিয়াটো কঠিন হৈ পৰিছিল, তেতিয়া ভাৰত ১৫০খনতকৈও অধিক দেশলৈ ঔষধ আৰু চিকিৎসা সঁজুলি প্ৰেৰণ কৰি তেওঁলোকক সহায় কৰিছে। বন্ধুসকল, বিশ্বই এতিয়া বিশ্বস্ত আৰু নির্ভৰযোগ্য অংশীদাৰিত্বৰ সন্ধান কৰি আছে। সেই সম্ভাৱনা, শক্তি আৰু সামর্থ্য ভাৰতৰ আছে।
আজি সমগ্ৰ বিশ্বত ভাৰতৰ প্ৰতি যি আস্থা গঢ় লৈ উঠিছে আপোনালোক সকলোৱে, ভাৰতৰ উদ্যোগজগতে ইয়াৰ সম্পূর্ণ সদ্ব্যৱহাৰ কৰা উচিত৷ এয়া আপোনালোক সকলোৰে দায়িত্ব, কনফেডাৰেশ্যন অফ্ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীৰ দৰে সংগঠনসমূহৰ দায়িত্ব হ’ল ‘মেনুফেকচার্ড ইন ইণ্ডিয়া’ৰ সমান্তৰালভাৱে আস্থা, উৎকর্ষ আৰু প্ৰতিযোগিতামূলক সামগ্ৰী উৎপাদনৰ চিন্তাধাৰাক যুক্ত কৰিব লাগিব৷ আপোনালোকে দুখোজ আগুৱাই গ’লে চৰকাৰ চাৰি খোজ আগুৱাই আপোনালোকৰ সংগ দিব৷ প্ৰধানমন্ত্রী হিচাপে মই আপোনালোকক আশ্বাস দিও যে আমি আপোনালোকৰ কাষত আছো৷ ভাৰতীয় উদ্যোগজগতৰ বাবে এয়া ‘ৰাইজ টু দ্য অকেজন’ৰ দৰে৷ বিশ্বাস কৰক উন্নয়ন প্ৰক্রিয়া ঘূৰাই অনাটো ইমান কঠিন কামো নহয়। আটাইতকৈ ডাঙৰ কথাটো হ’ল এতিয়া আপোনালোকৰ সন্মুখত, ভাৰতীয় উদ্যোগৰ সন্মুখত এক স্পষ্ট আৰু পৰিস্কাৰ পথ আছে৷
আত্মনির্ভৰ ভাৰতৰ মানে হ’ল আমি আৰু অধিক শক্তিশালী হৈ বিশ্বক আঁকোৱালি লোৱা৷ আত্মনির্ভৰ ভাৰতে বিশ্ব অর্থনীতিৰ সৈতে সম্পূর্ণৰূপে সমন্বিত হ’ব লাগিব আৰু সহায়ো লাগিব৷ কিন্তু মনত ৰাখিব আত্মনির্ভৰ ভাৰতৰ অর্থ এইটো যে আমি কৌশলগত ক্ষেত্ৰসমূহতো কাৰো ওপৰত নির্ভৰ নকৰো৷ আমি ভাৰতত শক্তিশালী উদ্যোগ গঢ়ি তুলিব যিবোৰ উদ্যোগ হৈ উঠিব পাৰে আন্তঃৰাষ্ট্ৰীয় শক্তি। এই উদ্যোগ প্ৰভূত কর্মসংস্থাপন সৃষ্টি কৰিব৷ এইবোৰ আমাৰ জনগণক সবলীকৰণ বৃদ্ধিয়ে আমাৰ দেশৰ ভৱিষ্যৎকে সংজ্ঞায়িত কৰিব নতুন নতুন সমাধান বিচাৰ কৰিব৷ আমাৰ এতিয়া এনে এক শক্তিশালী স্থানীয় যোগান শৃংখল গঢ়ি তোলাৰ বাবে বিনিয়োগ কৰিব লাগিব, যি আন্তঃৰাষ্ট্ৰীয় যোগান শৃংখল ভাৰতৰ অংশীদাৰিত্বক শক্তিশালী কৰিব৷ এই অভিযানত মই ভাৰতীয় উদ্যোগ মহাসংঘসমূহকো নতুন ভূমিকা পালন কৰিব লাগিব৷ এতিয়া আপোনালোক ‘চেম্পিয়ছ অফ্ ইণ্ডিজিনিয়াছ ইন্সপিৰেশন্স’ হিচাপে আগুৱাই আহিব লাগিব৷ আপোনালোকে দেশীয় উদ্যোগসমূহৰ পুনৰ জাগৰণক বাস্তবায়িত কৰিব লাগিব৷ পৰৱর্তী পর্যায়ৰ উন্নয়নক সহায় কৰিব লাগিব, সমর্থন জনাব লাগিব, আপোনালোক উদ্যোগজগতক, আমাৰ বজাৰৰ আন্তর্জাতিক প্ৰসাৰত সাহায্য কৰিব লাগিব৷
বন্ধুসকল, এতিয়া প্ৰয়োজন হ’ল দেশত এনেবোৰ সামগ্ৰী উৎপাদিত হওঁক যিবোৰ ‘মেড ইন ইণ্ডিয়া’ বুলি কোৱা যিবোৰ ‘মেড ফৰ দ্য ৱর্ল্ড’ বুলি কোৱা হ’ব৷ কিদৰে আমি দেশত আমদানি ন্যূনতম কৰিব পাৰো এই বিষয়ক লৈ কি নতুন লক্ষ্য স্থিৰ কৰা যাব পাৰে? আমাৰ সকলো ক্ষেত্রত উৎপাদনশীলতা বৃদ্ধিৰ বাবে নিজা লক্ষ্য স্থিৰ কৰিব লাগিব৷ এই বার্তা আমি আজি উদ্যোগজগতক দিব বিচাৰে আৰু দেশবাসীয়েও আপোনালোকেও ইয়াৰ পৰা ইয়াকে আশা কৰো৷
বন্ধুসকল, দেশত নির্মাণ উদ্যোগক ‘মেক ইন ইণ্ডিয়া’ক কর্মসংস্থাপনৰ ডাঙৰ মাধ্যম কৰি তোলাৰ বাবে আপোনালোকৰ দৰে সকলো উদ্যোগীৰ সংস্থাৰ সৈতে আলাপ আলোচনা কৰি কেতবোৰ অগ্রাধিকাৰ ক্ষেত্ৰ চিহ্নিত কৰা হৈছে৷ এইবোৰৰ ভিতৰত আচবাবপত্ৰ, এয়াৰ কণ্ডিশ্যনাৰ, চামৰা আৰু জুতা এই তিনিটা ক্ষেত্রত কামো আৰম্ভ হৈছে৷ কেৱল এয়াৰ কণ্ডিশ্যনৰৰ ক্ষেত্রতে আমি আমাৰ চাহিদাৰ ৩০ শতাংশতকৈও অধিক আমদানি কৰো৷ যিমান দ্রুতভাৱে সম্ভৱ আমাৰ এই আমদানিৰ পৰিমাণ কম কৰিব লাগিব৷ এইদৰে বিশ্বৰ দ্বিতীয় বৃহত্তম চামৰা উৎপাদনকাৰী হোৱা সত্ত্বেও আন্তঃৰাষ্ট্ৰীয় ৰপ্তানিৰ ক্ষেত্রত আমাৰ অংশীদাৰিত্ব নিচেই কম।
বন্ধুসকল, এনে বহুত ক্ষেত্ৰ আছে যিবোৰ আমি খুব ভালদৰে কাম কৰিব পাৰো৷ বিগত বছৰসমূহত আপোনালোকৰ দৰে সকলো বন্ধুৰ সহযোগিতাত দেশে বন্দে ভাৰতৰ দৰে আধুনিক ৰে’লসমূহ নির্মিত হৈছে৷ আমাৰ দেশে এতিয়া মেট্রো ৰে’লৰ ডবা ৰপ্তানি কৰিছে। সেইদৰে ম’বাইল ফোন নির্মাণৰ ক্ষেত্রত প্ৰতিৰক্ষা নির্মাণৰ দৰে বহুত ক্ষেত্রত আমদানিৰ ওপৰত আমাৰ নির্ভৰশীলতা কম কৰাৰ চেষ্টা চলিছে। মই অতি গৌৰৱেৰে কও যে মাত্ৰ তিনি মাহৰ ভিতৰতে আপোনালোকে ব্যক্তিগত সুৰক্ষা সঁজুলি পিপিইৰ হাজাৰ হাজাৰ কোটি টকাৰ উদ্যোগ গঢ় লৈ উঠিছে৷ তিনি মাহৰ আগলৈকে ভাৰতত এটাও ব্যক্তিগত সুৰক্ষা সঁজুলি উৎপাদন হোৱা নাছিল৷ আজি ভাৰতত এদিনতে ৩ লাখ পিপিই কিট নির্মিত হৈছে৷ এয়াই হ’ল আমাৰ উদ্যোগজগতৰ সামর্থ। এই সামর্থক ব্যৱহাৰ কৰি আপোনালোকে সকলো ক্ষেত্রত আগুৱাই যাব লাগিব৷ আমাৰ ভাৰতীয় উদ্যোগ মহাসংঘৰ সকলো সদস্য বন্ধুসকলৰ প্ৰতি অনুৰোধ জনাও যে দেশৰ গ্রামীণ অর্থনীতিত বিনিয়োগৰ লগতে কৃষকৰ সৈতে অংশীদাৰিত্বৰ পথ যিদৰে খোলা দিছে, আপোনালোকে তাৰ সদ্ব্যৱহাৰ কৰক৷ এতিয়াটো গাঁওসমূহতো স্থানীয় কৃষি উৎপাদনৰ ক্লাষ্টাৰসমূহ উন্নত কৰাৰ বাবে প্ৰয়োজনীয় পৰিকাঠামো গঢ়ি তোলা হৈছে৷ এই ক্ষেত্রত ভাৰতীয় উদ্যোগ মহাসংঘৰ সকলো সদস্যৰ বাবে যথেষ্ট সুযোগ আছে৷
Be it farm, fisheries, food processing, footwear or pharma, the gates of new opportunities are open for you in many sectors. I invite all of you for active participation in the rental scheme announced by the government to provide accommodation to the migrants in cities.
Friends,
Our government considers the private sector to be the partner of the country’s development journey. Your every need related to Atmanirbhar Bharat campaign will be taken care of. I am constantly in touch with you and all the stake-holders and this will continue. I request you to come up with a detailed study of every sector; build consensus; develop concepts and think big. We will together take up more structural reforms that will change the course of our country.
We will together build a self reliant India. Friends, come, take a pledge to make the country self-sufficient. Put your full strength to fulfil this resolve. Government stands with you and you must stand with the goals of the country. You will succeed, we will succeed, and the country will reach new heights and will become self-reliant. I once again congratulate CII on completing 125 years. Thanks a lot !!
******
VRRK/SH/IG/MG/DB
Addressing the #CIIAnnualSession2020. https://t.co/mdsgKAc8IU
— Narendra Modi (@narendramodi) June 2, 2020
ये भी इंसान की सबसे बड़ी ताकत होती है कि वो हर मुश्किल से बाहर निकलने का रास्ता बना ही लेता है।
— PMO India (@PMOIndia) June 2, 2020
आज भी हमें जहां एक तरफ इस Virus से लड़ने के लिए सख्त कदम उठाने हैं वहीं दूसरी तरफ Economy का भी ध्यान रखना है: PM @narendramodi
हमें एक तरफ देशवासियों का जीवन भी बचाना है तो दूसरी तरफ देश की अर्थव्यवस्था को भी Stabilize करना है, Speed Up करना है।
— PMO India (@PMOIndia) June 2, 2020
इस Situation में आपने “Getting Growth Back” की बात शुरू की है और निश्चित तौर पर इसके लिए आप सभी, भारतीय उद्योग जगत के लोग बधाई के पात्र हैं: PM @narendramodi
बल्कि मैं तो Getting Growth Back से आगे बढ़कर ये भी कहूंगा कि Yes ! We will definitely get our growth back.
— PMO India (@PMOIndia) June 2, 2020
आप लोगों में से कुछ लोग सोच सकते हैं कि संकट की इस घड़ी में, मैं इतने Confidence से ये कैसे बोल सकता हूं?
मेरे इस Confidence के कई कारण है: PM @narendramodi
मुझे भारत की Capabilities और Crisis Management पर भरोसा है।
— PMO India (@PMOIndia) June 2, 2020
मुझे भारत के Talent और Technology पर भरोसा है।
मुझे भारत के Innovation और Intellect पर भरोसा है।
मुझे भारत के Farmers, MSME’s, Entrepreneurs पर भरोसा है: PM @narendramodi
कोरोना ने हमारी Speed जितनी भी धीमी की हो, लेकिन आज देश की सबसे बड़ी सच्चाई यही है कि भारत, लॉकडाउन को पीछे छोड़कर Un-Lock Phase one में Enter कर चुका है।
— PMO India (@PMOIndia) June 2, 2020
Un-Lock Phase one में Economy का बहुत बड़ा हिस्सा खुल चुका है: PM @narendramodi
आज ये सब हम इसलिए कर पा रहे हैं, क्योंकि जब दुनिया में कोरोना वायरस पैर फैला रहा था, तो भारत ने सही समय पर, सही तरीके से सही कदम उठाए।
— PMO India (@PMOIndia) June 2, 2020
दुनिया के तमाम देशों से तुलना करें तो आज हमें पता चलता है कि भारत में lockdown का कितना व्यापक प्रभाव रहा है: PM @narendramodi
कोरोना के खिलाफ Economy को फिर से मजबूत करना, हमारी highest priorities में से एक है।
— PMO India (@PMOIndia) June 2, 2020
इसके लिए सरकार जो Decisions अभी तुरंत लिए जाने जरूरी हैं, वो ले रही है।
और साथ में ऐसे भी फैसले लिए गए हैं जो Long Run में देश की मदद करेंगे: PM @narendramodi
प्रधानमंत्री गरीब कल्याण योजना ने गरीबों को तुरंत लाभ देने में बहुत मदद की है।
— PMO India (@PMOIndia) June 2, 2020
इस योजना के तहत करीब 74 करोड़ Beneficiaries तक राशन पहुंचाया जा चुका है। प्रवासी श्रमिकों के लिए भी फ्री राशन पहुंचाया जा रहा है: PM @narendramodi
महिलाएं हों, दिव्यांग हों, बुजुर्ग हों, श्रमिक हों, हर किसी को इससे लाभ मिला है।
— PMO India (@PMOIndia) June 2, 2020
लॉकडाउन के दौरान सरकार ने गरीबों को 8 करोड़ से ज्यादा गैस सिलेंडर डिलिवर किए हैं- वो भी मुफ्त: PM @narendramodi
भारत को फिर से तेज़ विकास के पथ पर लाने के लिए, आत्मनिर्भर भारत बनाने के लिए 5 चीजें बहुत ज़रूरी हैं।
— PMO India (@PMOIndia) June 2, 2020
Intent, Inclusion, Investment, Infrastructure और Innovation.
हाल में जो Bold फैसले लिए गए हैं, उसमें भी आपको इन सभी की झलक मिल जाएगी: PM @narendramodi
हमारे लिए reforms कोई random या scattered decisions नहीं हैं।
— PMO India (@PMOIndia) June 2, 2020
हमारे लिए reforms systemic, planned, integrated, inter-connected और futuristic process है।
हमारे लिए reforms का मतलब है फैसले लेने का साहस करना, और उन्हें logical conclusion तक ले जाना: PM @narendramodi
सरकार आज ऐसे पॉलिसी reforms भी कर रही है जिनकी देश ने उम्मीद भी छोड़ दी थी।
— PMO India (@PMOIndia) June 2, 2020
अगर मैं Agriculture सेक्टर की बात करूं तो हमारे यहां आजादी के बाद जो नियम-कायदे बने, उसमें किसानों को
बिचौलियों के हाथों में छोड़ दिया गया था: PM @narendramodi
हमारे श्रमिकों के कल्याण को ध्यान में रखते हुए, रोजगार के अवसरों को बढ़ाने के लिए labour reforms भी किए जा रहे हैं।
— PMO India (@PMOIndia) June 2, 2020
जिन non-strategic sectors में प्राइवेट सेक्टर को इजाजत ही नहीं थी, उन्हें भी खोला गया है: PM @narendramodi
सरकार जिस दिशा में बढ़ रही है, उससे हमारा mining sector हो, energy sector हो, या research और technology हो, हर क्षेत्र में इंडस्ट्री को भी अवसर मिलेंगे, और youths के लिए भी नई opportunities खुलेंगी: PM @narendramodi
— PMO India (@PMOIndia) June 2, 2020
इस सबसे भी आगे बढ़कर, अब देश के strategic sectors में भी private players की भागीदारी एक Reality बन रही है।
— PMO India (@PMOIndia) June 2, 2020
आप चाहे space sector में निवेश करना चाहें, atomic energy में नयी opportunities को तलाशना चाहें, possibilities आपके लिए पूरी तरह से खुली हुई है: PM @narendramodi
MSMEs की Definition स्पष्ट करने की मांग लंबे समय से उद्योग जगत कर रहा था, वो पूरी हो चुकी है।
— PMO India (@PMOIndia) June 2, 2020
इससे MSMEs बिना किसी चिंता के Grow कर पाएंगे और उनको MSMEs का स्टेट्स बनाए रखने के लिए दूसरे रास्तों पर चलने की ज़रूरत नहीं रहेगी: PM @narendramodi
स्वभाविक है कि इस समय नए सिरे से मंथन चल रहा है।
— PMO India (@PMOIndia) June 2, 2020
और ऐसे समय में, भारत से दुनिया की अपेक्षा- Expectations और बढ़ीं हैं।
आज दुनिया का भारत पर विश्वास भी बढ़ा है और नई आशा का संचार भी हुआ है: PM @narendramodi
World is looking for a trusted, reliable partner.
— PMO India (@PMOIndia) June 2, 2020
भारत में potential है, strength है, ability है।
आज पूरे विश्व में भारत के प्रति जो Trust Develop हुआ है, उसका आप सभी को, भारत की Industry को पूरा फायदा उठाना चाहिए: PM @narendramodi
“Getting Growth Back” इतना मुश्किल भी नहीं है।
— PMO India (@PMOIndia) June 2, 2020
और सबसे बड़ी बात कि अब आपके पास, Indian Industries के पास, एक Clear Path है।
आत्मनिर्भर भारत का रास्ता: PM @narendramodi
आत्मनिर्भर भारत का मतलब है कि हम और ज्यादा strong होकर दुनिया को embrace करेंगे।
— PMO India (@PMOIndia) June 2, 2020
आत्मनिर्भर भारत world economy के साथ पूरी तरह integrated भी होगा और supportive भी: PM @narendramodi
हमें अब एक ऐसी Robust Local Supply Chain के निर्माण में Invest करना है, जो Global Supply Chain में भारत की हिस्सेदारी को Strengthen करे।
— PMO India (@PMOIndia) June 2, 2020
इस अभियान में, मैं CII जैसी दिग्गज संस्था को भी post-Corona नई भूमिका में आगे आना होगा: PM @narendramodi
अब जरूरत है कि देश में ऐसे Products बनें जो Made in India हों, Made for the World हों।
— PMO India (@PMOIndia) June 2, 2020
कैसे हम देश का आयात कम से कम करें, इसे लेकर क्या नए लक्ष्य तय किए जा सकते हैं?
हमें तमाम सेक्टर्स में productivity बढ़ाने के लिए अपने टार्गेट तय करने ही होंगे: PM @narendramodi
मैं बहुत गर्व से कहूंगा कि सिर्फ 3 महीने के भीतर ही Personal Protective Equipment -PPE की सैकड़ों करोड़ की इंडस्ट्री आपने ही खड़ी की है: PM @narendramodi
— PMO India (@PMOIndia) June 2, 2020
Rural Economy में Investment और किसानों के साथ Partnership का रास्ता खुलने का भी पूरा लाभ उठाएं।
— PMO India (@PMOIndia) June 2, 2020
अब तो गांव के पास ही लोकल एग्रो प्रोडक्ट्स के क्लस्टर्स के लिए ज़रूरी इंफ्रास्ट्रक्चर तैयार किया जा रहा है। इसमें CII के तमाम मेंबर्स के लिए बहुत Opportunities हैं: PM @narendramodi
हमारी सरकार प्राइवेट सेक्टर को देश की विकास यात्रा का Partner मानती है।
— PMO India (@PMOIndia) June 2, 2020
आत्मनिर्भर भारत अभियान से जुड़ी आपकी हर आवश्यकता का ध्यान रखा जाएगा।
आपसे, सभी स्टेकहोल्डर्स से मैं लगातार संवाद करता हूं और ये सिलसिला आगे भी जारी रहेगा: PM @narendramodi
देश को आत्मनिर्भर बनाने का संकल्प लें।
— PMO India (@PMOIndia) June 2, 2020
इस संकल्प को पूरा करने के लिए अपनी पूरी ताकत लगा दें।
सरकार आपके साथ खड़ी है, आप देश के लक्ष्यों के साथ खड़े होइए: PM @narendramodi