Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতীয় দূতাৱাসসমূহৰ শীৰ্ষ বিষয়া আৰু উচ্চায়ুক্তসকলৰ সৈতে ভিচি যোগে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া ৫ বজাত ভাৰতীয় দূতাৱাসসমূহৰ শীৰ্ষ বিষয়া আৰু উচ্চায়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ যোগেদি এক বৈঠকত মিলিত হয়৷ প্ৰথমবাৰলৈ অনুষ্ঠিত কৰা এইধৰণৰ ভাৰতীয় দূতাৱাসৰ বৈঠকৰ জৰিয়তে সমগ্ৰ বিশ্বতে দেখা দিয়া ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে ভাৰতৰ বিশ্বজনীন পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰা হয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে অসাধাৰণ সমাধানৰ বাবে অসাধাৰণ সময়ৰ আৱশ্যক আৰু ইয়াৰ ফলশ্ৰুতিতেই বিশ্বৰ অধিকাংশই নিজকে কোৱাৰেণ্টাইন কৰিছে৷ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ এই পদক্ষেপ গ্ৰহণ কৰাটো অপৰিহাৰ্য আছিল কিন্তু ইয়াৰ এক ব্যাপক প্ৰভাৱো আছে৷ সমগ্ৰ বিশ্বজনীন ব্যৱস্থাসমূহ স্তব্ধ হৈ যোৱাৰ বাবে আন্তৰ্জাতিক পৰিবহণ ব্যৱস্থা, বিত্তীয় বজাৰ আৰু বিশ্বৰ অৰ্থনীতিত ই বাৰুকৈয়ে প্ৰভাৱ পেলাইছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ মাজৰ সময়ছোৱাৰ পৰাই এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল যাতে সংক্ৰমণ প্ৰতিৰোধ কৰি ব্যাপক প্ৰাদুৰ্ভাৱ ৰোধ কৰিব পাৰি৷ এই পদক্ষেপসমূহৰ ভিতৰত ভাৰতে বিশ্বৰ সবাতোকৈ বৃহৎ কোৱাৰেণ্টাইন আৰু লক্-ডাউনৰ কাৰ্যসূচী প্ৰণয়ন কৰিছে৷

বিদেশৰ পৰা ভাৰতীয়সকলক এই সংকটৰ মুহূৰ্তত উদ্ধাৰ কৰাৰ বাবে দূতাৱাসৰ মুৰব্বীসকলক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে৷ লগতে তেওঁ পাঁচটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈও আহ্বান জনায়ঃ

১. নিজৰ লগতে দল আৰু পৰিয়ালৰ স্বাস্থ্য আৰু সুৰক্ষাৰ নিশ্চিতি;

২. আন্তৰ্জাতিক ভ্ৰমণ নিষেধ কৰাৰ ফলত বিদেশৰ বিভিন্ন স্থানত আৱদ্ধ হৈ থকা ভাৰতীয়সকলক সাক্ষাৎ কৰা৷ তেওঁ ভাৰতীয় দূতাৱাসৰ মুৰব্বীসকলক বিদেশত আৱদ্ধ হৈ ৰোৱা ভাৰতীয়সকলক সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনায়৷ তাৰোপৰি সেই দেশৰ চৰকাৰৰ সৈতে বিদেশত ভাৰতীয়সকলে সন্মুখীন হোৱা সমস্যাসমূহ যেনে আশ্ৰয় আদিৰ ব্যৱস্থা সমাধান কৰিবলৈও আহ্বান তেওঁ জনায়;

৩. ক’ভিড-১৯ৰ বিৰুদ্ধে ভাৰতৰ যুদ্ধৰ বাবে আৱশ্যক হ’ব পৰা সেই দেশসমূহে গ্ৰহণ কৰা উন্নত পদক্ষেপ, উদ্ভাৱন, বৈজ্ঞানিক সিদ্ধি আদিৰ বিষয়ে সজাগ হৈ থকা আৰু চিনাক্ত কৰা৷ তেওঁ দূতাৱাসৰ মুৰব্বীসকলক নতুনকৈ গঠন কৰা পিএম কেয়াৰ পুঁজিৰ বাবে বিদেশতো প্ৰচাৰ কৰিবলৈ পৰামৰ্শ দিয়ে;

৪. যিহেতু এই সংকটে অৰ্থনীতিকো প্ৰভাৱিত কৰিছে সেয়ে প্ৰধানমন্ত্ৰীয়ে দূতাৱাসৰ মুৰব্বীক বিদেশৰ সহযোগীৰ সমন্বয়ত অত্যাৱশ্যকীয় যোগান, লজিষ্টিক শৃংখলা আদিৰো নিশ্চিতিৰ বাবে গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়;

৫. ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত পৰিৱৰ্তিত আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি আৰু অৰ্থনৈতিক পৰিস্থিতিৰ প্ৰতি নিৰৱচ্ছিন্নভাৱে লক্ষ্য ৰখা৷

বৈঠকত বেইজিং, ৱাশ্বিংটন ডিচি, তেহৰাণ, ৰোম, বাৰ্লিন, কাঠমাণ্ডু, আবু ধাবি, কাবুল, মালে আৰু ছিউলৰ দূতাৱাসৰ মুৰব্বীয়ে প্ৰধানমন্ত্ৰীৰ সন্মুখত নিজৰ নিজৰ দৃষ্টিভংগী প্ৰস্তুত কৰে৷ তেওঁলোকে সেই দেশসমূহত ভাৰতে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বাবে লাভ কৰা প্ৰশংসাৰ প্ৰতিক্ৰিয়াও বিনিময় কৰে৷

বিদেশত শিক্ষাৰ্থী আৰু কৰ্মীসকলৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপসমূহ দূতাৱাসৰ মুৰব্বীসকলে আলোকপাত কৰে৷ তেওঁলোকে ভাৰতে এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ অন্তঃৱৰ্তী প্ৰয়াসত সহায়ক হোৱাকৈ ঔষধ, চিকিৎসা সামগ্ৰী, প্ৰযুক্তি, গৱেষণা আৰু অন্যান্য পদক্ষেপসমূহৰ চিনাক্তকৰণৰ প্ৰতিবেদনো দাখিল কৰে৷ দূতাৱাসৰ মুৰব্বীসকলে অন্য দেশৰ পৰা লাভ কৰা শিক্ষাসমূহ তথা তেওঁলোকৰ উন্নত পদক্ষেপসমূহৰ বিষয়েও প্ৰতিবেদন দাখিল কৰে৷ ক’ভিড-১৯ক প্ৰতিহত কৰিবলৈ ভাৰতে ছাৰ্ক দেশসমূহৰ সহযোগিতাত গঠন কৰা বিশেষ পুঁজিৰ সহায়ত সদস্য ৰাষ্ট্ৰসমূহে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে দূতাৱাসৰ মুৰব্বীসকলে বৈঠকত বৰ্ণনা কৰে৷ দূতাৱাসৰ মুৰব্বীসকলে তেওঁলোকৰ কামৰ বাবে প্ৰধানমন্ত্ৰীৰ পৰা উৎসাহিত হোৱা বুলিও প্ৰকাশ কৰে৷

বৈঠকত সামৰণিত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ দূতাৱাসসমূহ ঘৰৰ পৰা দূৰৈত থাকিলেও ক’ভিড-১৯ৰ বিৰুদ্ধে ভাৰতে ঘোষণা কৰা যুদ্ধত তেওঁলোকো সমানেই সহযোগী বুলি মন্তব্য কৰে৷ তেওঁ কয় যে প্ৰত্যেকজন ভাৰতীয়ৰ ঐক্যৱদ্ধতা আৰু সজাগতাই দেশৰ ভৱিষ্যত সুৰক্ষিত কৰাত সহায় কৰিব৷

****

VRRK/KP/MANN