পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক অনুষ্ঠিত কেবিনেট বৈঠকত বেংক অৱ বৰোদাৰ বিজয়া, ডেনা আৰু বেংক অৱ বৰোদা একত্ৰীকৰণ কৰি বেংক অৱ বৰোদা বেংকক গ্ৰহীতা বেংক হিচাপে আৰু বিজয়া বেংক আৰু ডেনা বেংকক হস্তান্তৰিত বেংক হিচাপে অনুমোদন জনাইছে৷
এয়াই হৈছে প্ৰথমবাৰলৈ ভাৰতৰ তিনটা বেংকক একত্ৰীকৰণ কৰাৰ সিদ্ধান্ত আৰু একত্ৰীকৃত এই বেংকটো ভাৰতৰ দ্বিতীয় বৃহত্তম ৰাষ্ট্রীয়কৃত বেংক হিচাপে পৰিণত হ’ব৷ এই একত্ৰীকৰণৰ ফলত বিশ্বজোৰা প্ৰতিযোগিতাৰ ক্ষেত্রত এক শক্তিশালী বেংক গঢ় লৈ উঠিব৷ বিভিন্ন ধৰণৰ আর্থিক কাম-কাজ, বিস্তৃত নেটৱর্কৰ ব্যৱহাৰ, কম পৰিমাণৰ টকা জমাকে ধৰি অন্যান্য কামৰ বাবে গুৰুত্বপূর্ণভাবে একটি সুসংহত প্ৰতিষ্ঠান হিচাপে গঢ়ি উঠাৰ সম্ভাৱনা আছে৷
ইয়াৰফলত তিনিটা বেংকৰ গ্রাহক, বজাৰৰ পৰিধি, কর্মদক্ষতা আৰু বিভিন্ন ধৰণৰ আঁচনি আৰু সেৱাৰ সৃষ্টি হ’ব৷ তদুপৰি, গ্রাহকসকলৰ সুবিধাও বৃদ্ধি পাব৷
২০১৯ চনৰ ১ এপ্রিলৰ পৰা বেংক এই একত্ৰীকৰণৰ প্ৰস্তাৱ কার্যকৰী হ’ব৷ এই আঁচনিৰ আৰম্ভণি হস্তান্তৰিত বেংকৰ সকলো ব্যৱসায়, সম্পত্তি, অধিকাৰ, দলিল-দস্তাবেজ, অনুজ্ঞাপত্ৰ, দাবি, অনুমোদন, অন্যান্য সুযোগ-সুবিধা সকলো সম্পত্তি, সকলো দেনা, সকলো দায়িত্ব আৰু দায়বদ্ধতা গ্রাহক বেংকৰ ওপৰত অৰ্পন কৰা হ’ব৷ হস্তান্তৰিত বেংকৰ সকলো স্থায়ী আৰু নিয়মীয়া বিষয়া আৰু কর্মী গ্ৰহীতা বেংকৰ বিষয়া আৰু কর্মী হিচাপে গণ্য হ’ব৷ হস্তান্তৰিত বেংকৰ কর্মী আৰু বিষয়াসকলে কোনোধৰণে, গ্ৰহীতা বেংকত সমান দৰমহা তথা অন্যান্য সুযোগ-সুবিধা লাভ কৰিব৷ হস্তান্তৰিত বেংকৰ পৰিচালন পৰিষদ সলনি হোৱা সকলো কর্মী আৰু বিষয়াৰ স্বার্থ সুৰক্ষিত ৰখাৰ বাবে প্ৰচেষ্টা হাতত ল’ব৷ হস্তান্তৰিত বেংকৰ শ্বেয়াৰ হ’ল্ডাৰসকলৰ বাবে মান্য শ্বেয়াৰ বিনিময় অনুপাত অনুসৰি শ্বেয়াৰ প্ৰদানৰ ব্যৱস্থা কৰিব গ্ৰহীতা বেংকে৷ সেয়েহে শ্বেয়াৰ বিনিময় অনুপাতৰ বিষয়ত গ্ৰহীতা আৰু হস্তান্তৰিত বেংকৰ শ্বেয়াৰ হ’ল্ডাৰসকলৰ কোনো অভিযোগ থাকিলে এটি বিশেষজ্ঞ কমিটি গঠন কৰি, তাৰ নিষ্পত্তি কৰিব লাগিব৷
ক্ৰমৱর্ধমান ঋণৰ চাহিদা পুৰণ কৰিবলৈ, প্ৰতিকূল পৰিস্থিতি মোকাবিলা কৰা আৰু সহায়সম্পদ সংগ্ৰহৰ ক্ষেত্রত একত্ৰীকৃত এই বেংকটো আগৰ তুলনাত অধিক সুবিধাজনক হ’ব৷ অন্যহাতে, সামগ্ৰী আৰু সেৱাৰ বিভিন্নতা, প্ৰযুক্তিৰ ব্যৱহাৰকে ধৰি কর্মদক্ষতাৰ ফলত একত্ৰীকৃত বেংকটোৰ লাভৰ পৰিমাণ বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে৷
***
AKT/SH/DB