Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতীৰাজাৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীৰাজাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁ চলচ্চিত্ৰ জগতৰ এগৰাকী মহীৰূহ আছিল যাৰ কৰ্মই তামিল চলচ্চিত্ৰৰ পট পৰিৱৰ্তন কৰিছিল।

শ্ৰী মোদীয়ে মন্তব্য কৰে যে তেওঁৰ গ্ৰাম্য জীৱনৰ চিত্ৰণ বিশেষভাৱে উল্লেখযোগ্য। প্ৰধানমন্ত্ৰীয়ে প্ৰাৰ্থনা জনাই কয় যে তেওঁ তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলৰ দুখৰ সমভাগী হৈছে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

” ভাৰতীৰাজাৰ মৃত্যু অতি দুখজনক। তেওঁ চলচ্চিত্ৰ জগতৰ এগৰাকী মহীৰূহ আছিল যাৰ কৰ্মই তামিল চলচ্চিত্ৰৰ পট পৰিৱৰ্তন কৰিছিল। বিশেষকৈ উল্লেখযোগ্য তেওঁৰ গ্ৰাম্য জীৱনৰ চিত্ৰণ। মই তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলৰ দুখৰ সমভাগী হৈছো। ওম শান্তি।”

***

MJPS/SS/PRK/HS