Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতৰ পাম তেল ক্ষেত্ৰ আৰু উৎপাদন বৃদ্ধিৰ পদক্ষেপত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰতৰ পাম তেল ক্ষেত্ৰ আৰু উৎপাদন বৃদ্ধিৰ বাবে গ্ৰহণ কৰা পদক্ষেপত অনুমোদন জনায়। এইবোৰৰ ভিতৰত-

 

  1. এনএমঅপি(তৈলবীজ আৰু পাম তেলৰ ৰাষ্ট্ৰীয় মিচন)ৰ অধীনত তেল পাম খেতিৰ ভূমি চিলিঙৰ সীমাত ৰেহাই দিয়া।

 

কেবিনেটে কর্প’ৰেট সংস্থাসমূহে যাতে পাম তেল উৎপাদনৰ প্ৰতি আৰু অধিক আগ্রহী হয়, তাৰবাবে তৈলবীজ আৰু পাম তেলৰ ৰাষ্ট্ৰীয় মিচনৰ অধীনত ২৫ হেক্টৰতকৈ অধিক ভূমিত প্রয়োজনীয় চৰকাৰী সাহায্যৰ সিদ্ধান্ত গ্রহণ কৰে। চৰকাৰৰ এই সিদ্ধান্তৰ পৰিপ্রেক্ষিতত ১০০ শতাংশ প্রত্যক্ষ বিদেশী বিনিয়োগৰ সুফল লাভ কৰিব। 

  1. এনএমঅপিৰ ক্ষুদ্ৰ অভিযান-II ৰ অধীনত ইয়াৰ সাহায্যৰ স্থিতিৰ সংশোধন।

 

কেবিনেটে লগতে পাম তেলৰ উৎপাদন বৃদ্ধিৰ কাম আৰু অধিক কৰাত উৎসাহ যোগাবলৈ সাহায্য প্ৰদানৰ বাবে নীতি-নিয়মৰো সংশোধন কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্রহণ কৰে।

এই পদক্ষেপৰ জৰিয়তে নিম্নোলিখিত ফলাফল আশা কৰা হৈছেঃ

 

  • চন পৰি থকা ভূমিত বৃহৎ হাৰত পাম তেলৰ পুলি ৰোপনৰ বাবে কৰ্প’ৰেট সংস্থাসমূহে উৎসাহিত হ’ব। এই এনএমঅ’অ’পিৰ অধীনত সকলো বাধা-নিষেধ ৰেহাই দিয়াৰ ফলত এই আঁচনিৰ লাভালাভ আদায় কৰি ব্যক্তিগত খণ্ডৰ উদ্যোগী/কৰ্প’ৰেট সংস্থা/যৌথ কোম্পানী সমূহে পাম তেলৰ পুলি ৰোপনৰ নামত বিনিয়োগ বৃদ্ধি কৰিব।
  • কৃষকসকলক বৃহৎ হাৰত পাম তেলৰ খেতি কৰাত উৎসাহিত কৰিব। ইয়াৰ ব্যয়ৰ ক্ষেত্ৰত কৰা সংশোধনে সকলোকে পাম তেলৰ খেতি কৰিবলৈ প্ৰণোদিত কৰিব।

 

কৃষি, সহযোগিতা আৰু কৃষক কল্যান বিভাগে সংশোধিত ব্যয়ৰ হিচাপত ৰাজ্য/সংস্থাক বাৰ্ষিক কাৰ্য পৰিকল্পনাক অনুমোদন জনাব। ব্যক্তিগত খণ্ডৰ উদ্যোগী/কৰ্প’ৰেট সংস্থা/যৌথ কোম্পানী সমূহক পাম তেলৰ পুলি ৰোপনৰ বাবে সংশ্লিষ্ট ৰাজ্যসমূহে আমন্ত্ৰণ জনাব।

 

বৰ্তমান ১২খন ৰাজ্যত এই আঁচনি ৰূপায়ণ কৰা হৈছে। সেইবোৰ হ’ল-অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু, মিজোৰাম. ওড়িশা, কেৰালা, তেলেংগানা, চত্তীশগড়, গুজৰাট, অৰুণাচলপ্ৰদেশ, নাগালেণ্ড আৰু অসম। এই ১২খন জিলাৰ ১৩৩খন জিলাত পাম তেলৰ খেতি কৰা হৈছে। এই সকলোবোৰো এনএমঅ’অ’পিৰ অধীনত সামৰি লোৱা হৈছে।

ইয়াৰ বাবে প্ৰয়োজনীয় ধন এনএমঅ’অ’পিৰ অধীনত কৰা হৈছে। সেইবাবে অতিৰিক্ত ধনৰ প্ৰয়োজন নাই।

 

দ্বাদশ পঞ্চ বাৰ্ষিক পৰিকল্পনাত এই পাম তেলৰ বাৰ্ষিক অগ্ৰগতি তলত উল্লেখ কৰা ধৰণঃ

 

নিৰ্ধাৰিত লক্ষ্য

 

সফলতা

ধন আবণ্টন

2012-13

 

ISOPOM & OPAE

 

49932

 

26300

 

22705.74

 

6412.62

 

2013-14

 

ISOPOM & OPAE

 

41347

23183

 

19776.19

 

11849.09

 

2014-15

 

NMOOP

 

28146

 

17143

 

7290.58

 

4112.47

 

2015-16

 

NMOOP

 

27337

 

14425

 

6683.80

 

3823.49

 

2016-17*

 

NMOOP

 

30061

 

9968

 

8038.68

 

4241.57

 

বছৰ
 
আঁচনিৰ নাম
 
পাম তেলৰ খেতি কৰা ভূমি বৃদ্ধি(হেক্টৰ হিচাপত)
 
মুঠ ধন (লাখৰ হিচাপত)
 

 

*২০১৬ৰ ডিচেম্বৰ পৰ্যন্ত।

 

বৰ্তমান পাম তেল উন্নয়ন আঁচনিখনৰ অধীনত ব্যক্তিগত কৃষকসকলৰ ভূমিত এই খেতি কৰা হৈছে। ব্যক্তিগত খণ্ডৰ উদ্যোগী/কৰ্প’ৰেট সংস্থা/যৌথ কোম্পানী সমূহক বৃহৎ হাৰত পাম তেলৰ খেতি কৰাৰ বাবে সাহায্য আগবঢ়োৱাৰ কোনো সূযোগ নাই। অৱশ্যে চন পৰি থকা ভূমিত পাম তেলৰ খেতি কৰাৰ বাবে ৰাজ্যসমূহে ব্যক্তিগত খণ্ডৰ উদ্যোগী/কৰ্প’ৰেট সংস্থা/যৌথ কোম্পানী সমূহক লীজত দিয়া বা বিক্ৰী কৰিব পাৰে। ইফালে, ২৫ হেক্টৰ ভূমিৰ বাবে এই আঁচনিৰ অধীনত বিত্তীয় সাহায্য আগবঢ়োৱা হয়। সেইবাবে এই ৰেহাইৰ ব্যৱস্থা কৰিব ব্যক্তিগত খণ্ডৰ উদ্যোগী/কৰ্প’ৰেট সংস্থা/যৌথ কোম্পানী সমূহক আকৰ্ষিত কৰাৰ লগতে ইয়াত ১০০% বিদেশী বিনিয়োগৰ সুবিধাতো ৰখা হৈছে। ইয়াৰ জৰিয়তে দেশত পাম তেলৰ খেতি মাটিৰ পৰিমাণ আৰু উৎপাদনো দ্ৰুত গতিত বৃদ্ধি পাব।

 

পটভূমিঃ

 

উল্লেখ্য যে ভোগ্য তেল ৰন্ধন কাৰ্যৰ এটি গুৰুত্বপূর্ণ উপাদান। ভাৰতত বর্তমান বছৰি ৯ মিলিয়ন মেট্রিক টন ভোগ্য তেল উৎপাদন হয়। কিন্তু ইয়াৰ বিপৰীতে বছৰি পাম তেলৰ চাহিদা ২৫ মিলিয়ন মেট্রিক টনতকৈও অধিক। চাহিদা আৰু যোগানৰ মাজত এই পাৰ্থক্য হ্ৰাস কৰাৰ বাবে ইমানদিনে আমদানিৰ ওপৰত জোৰ দি অহা হৈছে। পৰিসংখ্যা অনুসৰি, ২০১৫-১৬ বিত্তীয় বছৰত ভোগ্য তেল আমদানিৰ বাবদ হোৱা ব্যয়ৰ পৰিমাণ আছিল ৬৮ হাজাৰ কোটি টকা। আমদানিকৃত ভোগ্য তেলৰ ভিতৰত ৭০শতাংশই আছিল পাম তেল। অধিক উৎপাদনশীল গুণসম্পন্ন হোৱা কাৰণে প্রতি হেক্টৰ পাম তেলৰ উৎপাদনো তুলনামূলকভাৱে বহুত বেছি। সেইবাবে ভোগ্য তেলৰ ভিতৰত পাম তেলৰ উৎপাদন ব্যয়ো তুলনামুলকভাৱে বহুত কম। মালয়েছিয়া, ইণ্ডোনেছিয়া, নাইজেৰিয়া, থাইলেণ্ড আৰু কলম্বিয়া হ’ল বিশ্বৰ প্রধান প্রধান পাম তেল উৎপাদনকাৰী দেশবোৰৰ অন্যতম। সেয়েহে ১৯৮৬-৮৭ আৰু ২০১৪-১৫ চনৰ পৰা ভাৰতেও পাম তেল উৎপাদন বৃদ্ধিৰ অৰ্থে কেতবোৰ আঁচনি ৰূপায়ণ কৰি আহিছে। ২০১৬-১৭ বৰ্ষৰ শেষ ভাগত এনএমঅ’অ’পিৰ অধীনত দেশ পাম তেল খেতি কৰা ভূমিৰ পৰিমাণ ১.২৫ লাখ হেক্টৰলৈ বৃদ্ধিৰ লক্ষ্য ধাৰ্য কৰা হয়।

 

*****

AKT/VBA/SH/DB