Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতৰ ভূমিত নেতাজীৰ প্ৰথম তিৰংগা পতাকা উত্তোলনৰ ৭৫তম বর্ষপূর্তি উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্রীৰ ভাষণৰ অসমীয়া

ভাৰতৰ ভূমিত নেতাজীৰ প্ৰথম তিৰংগা পতাকা উত্তোলনৰ ৭৫তম বর্ষপূর্তি উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্রীৰ ভাষণৰ অসমীয়া

ভাৰতৰ ভূমিত নেতাজীৰ প্ৰথম তিৰংগা পতাকা উত্তোলনৰ ৭৫তম বর্ষপূর্তি উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্রীৰ ভাষণৰ অসমীয়া

ভাৰতৰ ভূমিত নেতাজীৰ প্ৰথম তিৰংগা পতাকা উত্তোলনৰ ৭৫তম বর্ষপূর্তি উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্রীৰ ভাষণৰ অসমীয়া


 

ভাৰতমাতাৰ জয়

বন্দেমাতৰম্

বন্দেমাতৰম্

বন্দেমাতৰম্

আপোনালোক সকলোকে মোৰ অনুৰোধ ৭৫ বছৰৰ পূৰ্বে আজিৰ দিনটোতে নেতাজী ইয়ালৈ আহিছিল, তেওঁৰ স্মৃতিত প্ৰত্যেকে নিজৰ নিজৰ ফোন উলিয়াই একেলগে ফ্লাছ লাইট জ্বলাই নেতাজীক সন্মান  জনাওক৷ প্ৰত্যেকেই জ্বলাওক৷ এইবাৰ মোৰ সৈতে কওক

নেতাজী জিন্দাবাদ

নেতাজী জিন্দাবাদ

নেতাজী জিন্দাবাদ

সুভাষ বাবু জিন্দাবাদ

সুভাষ বাবু জিন্দাবাদ

সুভাষ বাবু জিন্দাবাদ

বন্দেমাতৰম্

বন্দেমাতৰম্

বন্দেমাতৰম্

বহুত বহুত ধন্যবাদ৷

মঞ্চত উপস্থিত সন্মানীয় বিশিষ্ট ব্যক্তিসকল, আজি বিশেষভাৱে আমন্ত্রিত সুভাষবাবুৰ পৰিয়ালৰ সদস্যবৃন্দ তথা বিপুল হাৰত ইয়ালৈ অহা মোৰ প্রিয় ভাইভনীসকল৷

স্বাধীনতাৰ বাবে নিজৰ জীৱন বাজি লগাই জঁপিয়াই পৰা অসংখ্য দেশভক্তৰ ত্যাগ আৰু পৰাক্ৰমে পবিত্ৰ এই ভূমিক মই শত শত প্ৰণাম জনাইছো৷ আন্দামান আৰু নিকোবৰ দ্বীপসমূহত ভাৰতৰ প্রাকৃতিক সৌন্দর্য্যৰ প্ৰতীক আৰু এইবোৰ ভাৰতীয়সকলৰ বাবে তীর্থসম। এই ভূমিৰ গুৰুত্ব সম্পৰ্কে ইয়াৰ ভৌগোলিক অৱস্থানৰ সমান্তৰালভাৱে ইয়াৰ অতীতৰ সোনালী ইতিহাসত নিহিত। এই দ্বীপসমূহে আমাৰ স্বাধীনতা সংগ্রামীসকলৰ শৌর্য আৰু সংকল্পৰ প্ৰতীক।

বন্ধুসকল, দেশৰ ইতিহাস, বর্তমান আৰু ভৱিষ্যতৰ বাবে গুৰুত্বপূর্ণ। বৰ্তমান এই দ্বীপসমূহক দেশৰ উন্নয়ন গাঁথাৰ গুৰুত্বপূর্ণ অংগ কৰি তোলাৰ বাবে আমাৰ চৰকাৰ দায়বদ্ধ। সেইবাবেই আজি আন্দামানৰ বিভিন্ন প্রান্তত কেইবা হাজাৰ কোটি টকা বিনিয়োগেৰে নির্মিত অথবা নির্মীয়মান বিভিন্ন সেৱাৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰা হৈছে। এই প্ৰকল্পসমূহে শিক্ষা, স্বাস্থ্য, যোগাযোগ ব্যৱস্থা, পর্যটন, উদ্যোগ স্থাপন আৰু কর্মসংস্থাপনৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব৷ এইবোৰৰ বাবে ভাইভনীসকল, আপোনালোক সকলোকে বহুত বহুত শুভেচ্ছা জনাইছো৷

বন্ধুসকল, দেশৰ স্বাধীনতাৰ সংকল্পৰে সৈতে জড়িত দুই গুৰুত্বপূর্ণ স্মাৰক দর্শনৰ সুযোগ মোৰ হৈছে৷ প্ৰথমে চেলুলাৰ জে আৰু তাৰপাছত তালৈ গৈ য ৭৫ বছৰৰ পূৰ্বে নেতাজীয়ে সুভাষচন্দ্ৰ বসুৱে দেশৰ স্বাধীনতা ঘোষণা কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল৷

বন্ধুসকল, চেলুলাৰ জেল কেম্পাছত ভৰি থলেই এক ভিন্ন অনুভূতি মনমগজুত দোলা দিয়ে৷ সেই লোকসকল নাজানো কোন ধাতুৰে নিৰ্মিত হৈছিল, যিসকলে হাঁহি হাঁহি সকলো যাতনা সহ্য কৰিছিল৷ সেই কাৰাগাৰৰ বাৰান্দা আৰু কৰিডৰত খোজ কাঢ়িলে এনে ভাৱ হয়, ভাৰত মাতৃৰ বীৰ পুত্ৰসকলে সমুদ্রৰ ঢৌত নিজৰ তেজ ঘামৰ জৰিয়তে ভাৰত মাতৃৰ জয়ধ্বনি লিখিছিল৷ তেওঁলোকে প্ৰতি মুহূর্তত তিল তিলকৈ নিজৰ জীৱনক জ্বলাই স্বাধীনতাৰ পোহৰ বিলাইছিল৷

বীৰ ছাভাৰকাৰকলৈ যিমান কথা শুনিছো আৰু পঢ়িছো, এটা এটা ঘটনা মোৰ কল্পনাত দৃশ্যমান, জীৱন্ত হৈ উঠিছিল। সেই কুঠৰীসমূহ, ত ছাভাৰকাৰ, বাবা মান সিংহ, মহাবীৰ সিংহ, ইন্দ্ৰভূষণ ৰায়ৰ দৰে শত সহস্ৰ মহান স্বাধীনতা সংগ্রামীৰ ওপৰত দিনৰ পাছত দিন অত্যাচাৰ কৰিছিল৷ যত তেওঁলোকে ইমান বছৰ ধৰি অত্যাচাৰ সহ্য কৰিছিল, এইবোৰৰ মূল্য আজি মোৰ বাবে কোনো মন্দিৰতকৈও কম নহয়। বৰেন্দ্ৰ কুমাৰ ঘোষ, উল্লাসকৰ দত্ত, পৃথ্বী সিংহ, আজাদ, ত্রৈলোক্যনাথ চক্ৰৱর্তী, ভাই পৰমানন্দএনে বহুত স্বাধীনতা আন্দোলনৰ নেতাই এই চেলুলাৰ জেলক গৌৰৱান্বিত কৰিছিল৷ তেওঁলোকৰ অনুগামী আৰু অসংখ্য অখ্যাত  নায়কৰ বীৰগাথাক এই কৃতজ্ঞ ৰাষ্ট্ৰই কোনোদিনেই পাহৰিব নোৱাৰে৷

মোৰ সৈতে কওক

শ্বহীদসকলঅমৰ হওক

শ্বহীদসকলঅমৰ হওক

বন্ধুসকল, স্বাধীনতা সংগ্রামীসকলৰ প্ৰসংগ উত্থাপন হলেই নেতাজী সুভাষ চদ্ৰ বসুৰ স্মৃতিয়ে আমাক গৌৰৱেৰে ভৰাই তোলে, নতুন প্রাণশক্তি সঞ্চাৰ কৰে৷ আজাদ হিন্দ চৰকাৰৰ প্ৰথম প্ৰধানমন্ত্রী সুভাষ চন্দ্ৰ বসুৱে আন্দামানৰ এই ভূমিক ভাৰতৰ স্বাধীনতা সংগ্রামৰ সংকল্প ভূমিলৈ ৰূপান্তৰিত কৰিলে৷  নেতাজীৰ আহ্বানত আন্দামানৰ বহুত বীৰে দেশৰ স্বাধীনতাৰ বাবে নিজকে সমর্পণ কৰিছিল৷ তাৰপাছতেই ইয়াত আজাদ হিন্দ ফৌজ স্বাধীন ভাৰতৰ ত্রিৰংগা পতাকা উত্তোলন কৰে৷ ৩০ ডিচেম্বৰ, ১৯৪২ৰ সেই ঐতিহাসিক ঘটনাৰ আজি ৭৫সংখ্যক বর্ষপূর্তি। আজি সেই ঘটনাৰ স্মৃতিত ইয়াত ১৫০ ফুট উচ্চ জাতীয় পতাকা উত্তোলন কৰি আমি এই দিনটোক দেশবাসীৰ স্মৃতিক চিৰভাস্বৰ কৰি ৰখাৰ চেষ্টা চলাইছিল৷ মোৰ পৰম সৌভাগ্য যে আজাদ হিন্দ ফৌজৰ ৭৫সংখ্যক বর্ষপূর্তি উপলক্ষে লালকিল্লাৰ প্রাচীৰৰ পৰা জাতীয় পতাকা উত্তোলন কৰিব পাৰিছো৷

ভাইভনীসকল, ইতিহাসৰ সেই গৌৰৱময় মুহূর্তত চৰকাৰৰ পক্ষৰ পৰা মুদ্রা আৰু ডাক টিকট প্ৰকাশ কৰা হৈছে। কেৱল ইমানেই নহয়, আন্দামানৰ বিভিন্ন প্রান্তত নেতাজীসহ স্বাধীনতা সংগ্রামৰ নেতৃবৰ্গই  স্মৃতি অম্লান কৰাৰ বাবে চৰকাৰে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইয়াত মই যেতিয়া আপোনালোকৰ সৈতে কথা কও, এই মুহূর্তত দিল্লীত এটি ঘোষণাৰ জৰিয়তে বিজ্ঞপ্তি জাৰি কৰা হৈছে৷ মই অতি গৌৰৱেৰে এটা ঘোষণা কৰিব বিচাৰিছো৷ এতিয়াৰে পৰা ৰজ দ্বীপক নেতাজী সুভাষচন্দ্ৰ বসু দ্বীপ, নীল দ্বীপক শ্বহীদ দ্বীপ আৰু হেভলক দ্বীপক স্বৰাজ দ্বীপ হিচাপে নামকৰণ কৰা হৈছে৷

ভাইভনীসকল, নেতাজীয়ে নিজে ভাৰতৰ এই দ্বীপপুঞ্জত স্বাধীন দেশত পতাকা উৰুৱাই দেশক ব্রিটিছৰ শাসনৰ কৱলৰ পৰা মুক্ত ঘোষণা কৰিছিল৷ সেইদিনা তেওঁ এই স্থানতে মুৰ তুলি এখন বিশাল জনসভাত দেশবাসীক সম্বোধন কৰিছিল৷ এয়া এতিয়া নেতাজী ষ্টেডিয়ামে পৰিণত হৈছে৷ তেতিয়া তেওঁ কৈছিল যে এই অঞ্চল দখলৰ জৰিয়তে অন্তৱর্তী চৰকাৰৰ ৰাষ্ট্রীয় অস্মিতা এতিয়া সত্য আৰু বাস্তব ৰূপ লৈছে। সেই ঘোষণাৰ চাৰি বছৰ পাছতে ভাৰতমাতাই দাসত্বৰ বন্ধনৰ পৰা মুক্ত হৈছিল৷

বন্ধুসকল, দাসত্বৰ সুদীর্ঘ সময়ছোৱাত ভাৰতৰ ঐক্যক লৈ যি সন্দেহজনক পৰিৱেশ গঢ়ি উঠিছিল, সেয়া আছিল মানসিকতাৰ প্ৰশ্ন, সংস্কাৰৰ নহয়। সুভাষবাবুয়েও এইটো মানি লৈছিল যে আমি প্রাচীন কালৰ পৰাই এক, হয়, দাসত্বৰ সময়ত আমাক ছিন্নভিন্ন কৰাৰ প্ৰচেষ্টা অৱশ্যেই হৈছিল৷ নেতাজীৰ দৃঢ় বিশ্বাস আছিল যে এক ৰাষ্ট্ৰ হিচাপে পৰিচয়ক জোৰ দিলে সেই মানসিকতাৰ পৰিৱর্তন সম্ভৱ৷ আজি মই অতিশয় আনন্দিত যে আজি আমি সকলোৱে এক ভাৰত শ্রেষ্ঠ ভাৰতৰ পথত নেতাজীৰ চিন্তাধাৰাৰ অনুৰূপ পথত আগুৱাই যোৱাৰ চেষ্টা কৰিছো৷

বন্ধুসকল, বহুতবাৰ কোনো কোনোৱে অজানিতে মেইনলেণ্ডআৰুআইলেণ্ডৰ মাজত বিভাজন আনে৷ মোৰ প্রিয় ভাইভনীসকল, মোৰ বাবে সমগ্ৰ ভাৰত আৰু ইয়াৰ প্ৰতিটো কণাই মেইনলেণ্ড৷ মোৰ বাবে দিল্লী, মুম্বাই অথবা চেন্নাই যিমান মেইনলেণ্ড, পোর্ট ব্লেয়াৰো সিমানেই মেইনলেণ্ড৷ সেইবাবে আমাৰ চৰকাৰে সেই অঞ্চলসমূহৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়নত অধিক গুৰুত্ব প্ৰদান কৰিছে, যিবোৰ কোনো কাৰণত পিছপৰি আছে। দেশৰ ভূপ্রাকৃতিক আৰু আবেগজনিত ঐক্যক আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্রত আমাৰ লক্ষ্য অটল।

ভাইভনীসকল, সংহতিৰ এই ভাৱনা আৰু অধিক শক্তিশালী হৈ উঠে যেতিয়াই আমি আমাৰ ইতিহাসৰ নায়কসকলক স্মৰণ কৰো৷ মই বাৰম্বাৰ কৈ আহিছো যে দেশে নিজৰ প্ৰকৃত নায়কসকলক, নিজৰ ইতিহাসক সন্মানৰ সৈতে সমাদৰ কৰিব নাজানে, সেই দেশ কেতিয়াও উন্নতি কৰিব নোৱাৰিব৷ কোনো দেশে যিমান বেছি নিজৰ ইতিহাস আৰু ঐতিহ্যক চম্ভালি ৰাখিব পাৰে, সংৰক্ষণ কৰিব পাৰে, তাৰ উন্নয়নত সিমানেই সমৃদ্ধিশালী হয়৷

বিগত চাৰে চাৰি বছৰত কেন্দ্রীয় চৰকাৰে দেশৰ সমৃদ্ধিশালী ইতিহাসৰ প্ৰতিটো সৰু সৰু অংশক তুলি ধৰাৰ চেষ্টা কৰিছে। কেৱল ঘটনা হিচাপে নহয়, ইতিহাসক গহনাৰ দৰে সংৰক্ষিত কৰি মানুহক প্রেৰণা যোগোৱাৰ চেষ্টা কৰিছে। ইতিহাস আমাৰ অতীত আৰু ইয়াতে আছে ভৱিষ্যতৰ অনুভৱ৷ ইতিহাস শৌর্য, পৰাক্ৰম আৰু দুখৰ সংমিশ্ৰণ। আকৌ ইতিহাস শৌর্য আৰু পৰাক্ৰমৰ বাবে প্রেৰণাস্বৰূপ। ইতিহাসে আমাৰ প্ৰযত্নৰ পৰশপাথৰ, আকৌ পৰিশ্ৰমৰ প্ৰতিবিম্বও। ইতিহাসে আমাক সতর্ক থাকিবলৈ শিকায়। ইতিহাসে সময়ত আবদ্ধ, আকৌ ইতিহাস নতুন সংকল্পৰ প্রাণশক্তিও। ইতিহাসে আমাক নতুন আশা, নতুন স্বপ্ন দেখাৰ সাহস যোগায়, আকৌ ইতিহাসে আমাক ভবিষ্যতৰ বাবে নিজক সমর্পণ কৰাৰো সাহস যোগায়।

বন্ধুসকল, এই চিন্তাধাৰাৰেই পৰাই চৰকাৰে বহু বছৰ ধৰে অসম্পূৰ্ণ হৈ থকা আৰক্ষী স্মৃতিসৌধৰ সপোন বাস্তবায়িত কৰিছে। বাবাচাহেব আম্বেদকাৰৰ পঞ্চতীর্থ নির্মাণ কৰা হৈছে৷ ৰাষ্ট্রীয় একতা আৰু কৃষক আন্দোলনৰ প্ৰণেতা চর্দাৰ বল্লভভাই পেটেলক সন্মান জনাবলৈ তেওঁৰ অবয়বৰ বিশ্বৰ সর্বোচ্চ মূর্তি নিৰ্মাণ কৰি আমি ইয়াৰ নাম দিছো ষ্টেচু অৱ ইউনিটিবাঐক্যৰ মূর্তি৷ এই ঐক্যৰ মূর্তি আজি সমগ্ৰ বিশ্বত দেশৰ গৌৰৱৰ প্ৰতীক। এই সসকলো স্মাৰক কেৱল ইতিহাসৰ সংৰক্ষণ নহয়, আমাৰ দেশক ঐক্যবদ্ধ কৰি তোলাৰ বাবে প্ৰকৃতাৰ্থত বীৰৰ প্ৰতি আমাৰ বিনম্ৰ শ্ৰদ্ধা৷

কেৱল ইমানেই নহয়, আমি নেতাজী সুভাষচন্দ্ৰ বসু আৰু চর্দাৰ পেটেলৰ নামত ৰাষ্ট্রীয় পুৰস্কাৰো আৰম্ভ কৰিছো৷ আজি মই ইয়াত নেতাজী সুভাষ চন্দ্ৰ বসুডিম্ ইউনিভাৰ্চিটী প্ৰকল্পও ঘোষণা কৰিছো৷

ভাইভনীসকল, এই সকলো মহাপুৰুষৰ প্রেৰণাত আমি যিনতুন ভাৰতনির্মাণৰ সংকল্প লৈছো, তাৰ স্বভাৱগত মূল তত্ত্বৰ বিকাশ, আমাৰ সম্পদ আৰু সংস্কৃতিৰ বিকাশ সুনিশ্চিত কৰা হৈছে৷ দেশৰ প্ৰতিটো প্রান্তৰ প্ৰতিগৰাকী লোকৰ বিকাশ অর্থাৎ সবকা বিকাশ। যেতিয়া আমি সম্পদ উন্নয়নৰ কথা কও, তেতিয়া উদ্যোগ বিকাশত ই এক অতি গুৰুত্বপূর্ণ পর্যায়।

চৰকাৰে ইয়াৰ পৰিৱেশ আৰু পৰিস্থিতিৰ অনুকূল ঔদ্যোগীকৰণৰ বাবে দায়বদ্ধ। সৌৰশক্তি, এলএনজিৰ পৰা বিদ্যুৎ উৎপাদন, বৈদ্যুতিক গাড়ীক ইয়াৰ যানবাহনৰ মাধ্যম কৰি তোলাৰ জৰিয়তে আমি পৰিৱেশৰ ভাৰসাম্য বজাই ৰাখিব বিচাৰো৷

বন্ধুসকল, এই অঞ্চলৰ ঔদ্যোগীকৰণৰ বাবে চৰকাৰে এটা ডাঙৰ আঁচনি প্ৰস্তুত কৰিছে। আপোনালোকৰ সন্মুখত, এই ঐতিহাসিক মুহূর্তত আজি সেই ঘোষণা কৰিবলৈ ওলাইছো৷ এই আঁচনিৰ নামলাক্ষাদ্বীপ আৰু আন্দামাননিকোবৰ আইলেণ্ড ঔদ্যোগিক বিকাশ আঁচনি ইয়াৰ জৰিয়তে এই অঞ্চলত যিসকলে পৰিৱেশ অনুকূল উদ্যোগ স্থাপন কৰিব, তেওঁলোকক চৰকাৰে সাহায্য আগবঢ়াব, বহুত ক্ষেত্রত ৰেহাই দিব৷ এই আঁচনি জৰিয়তে অনাগত দিনত এইবোৰ অঞ্চলত বহু উদ্যোগ স্থাপন , সেইবোৰ ইয়াৰ নৱ প্ৰজন্মৰ যুৱকযুৱতীসকলে কর্মসংস্থান লাভ কৰিব৷

এই আঁচনিৰ জৰিয়তে পর্যটন, খাদ্য প্ৰস্তুতকৰণ আৰু তথ্যপ্ৰযুক্তিভিত্তিক বিভিন্নউদ্যোগ প্ৰতিষ্ঠান উপকৃত ব৷ আজি ইয়াত ষ্ট্ৰার্টআপৰ বাবেও এক নীতিপুস্তিকাৰ উন্মোচন কৰা হৈছে৷ এই সকলো প্ৰচেষ্টাৰ জৰিয়তে এই অঞ্চলৰ যুৱসম্প্ৰদায় নিশ্চিতভাবে উপকৃত ব৷ ইয়াৰ চিনাকী, ইয়াৰ সংস্কৃতিক সংৰক্ষণ কৰি পর্যটনকো বিকশিত কৰাৰ চেষ্টা চলি আছে। আজি পর্যটনভিত্তিক আন্তঃগাঁথনি উন্নয়নত বহুত ডাঙৰ ডাঙৰ প্ৰকল্পৰ উদ্বোধন অথবা আধাৰশিলা স্থাপন কৰা হৈছে৷ হেভেলক বন্দৰত নির্মীয়মান যাত্রী টার্মিনেল, ‘মেৰিনা য়াৰ্ড সম্প্ৰসাৰণ, এইবোৰৰ জৰিয়তে সমুদ্ৰ আৰু উপকূলৱর্তী পর্যটনৰ সম্ভাৱনা বৃদ্ধি পাব৷ ইয়াত এতিয়া ২০টি য়াৰ্ডক সম্প্ৰসাৰণ কৰি তাক ১০০ য়াৰ্ড কৰাৰ ব্যৱস্থা কৰা হৈছে৷

বন্ধুসকল, উদ্যোগ আৰু পর্যটনৰ উন্নয়ন তেতিয়াহে সম্ভৱ হয়, যেতিয়া যোগাযোগ ব্যৱস্থা উন্নত হয়। ইয়াৰ যোগাযোগ ব্যৱস্থা উন্নত কৰিবলৈ চলিত বৰ্ষত চাৰিখন জাহাজ ইয়াৰ পৰিবহণ ব্যৱস্থাত অন্তৰ্ভূক্ত কৰা হৈছে৷ তদুপৰি, মেক ইন ইণ্ডিয়াকর্মসূচিৰ জৰিয়তে কোচি জাহাজঘাটত দ্রুত নির্মীয়মান চাৰিখন জাহাজকো ইয়াৰ পৰিবহণ ব্যৱস্থাত অন্তৰ্ভূক্ত চিন্তাচৰ্চা চলি আছে। আমি চেষ্টা কৰিছো যাতে দ্বীপসমূহ যিমানদূৰ সম্ভৱ আত্মনির্ভৰ হৈ উঠে৷ ইয়াৰ ডাঙৰ জাহাজসমূহৰ ৰক্ষণাবেক্ষণৰ বাবে দেশৰ ডাঙৰ বন্দৰসমূহৰ পঠিয়াব লাগে৷ এতিয়া পোর্ট ব্লেয়াৰ বন্দৰকো ৰক্ষণাবেক্ষণেৰে সক্ষম কৰি তোলা হৈছে৷

বন্ধুসকল, মোক জনোৱা মতে চাথমৰ পৰা বোম্বুফ্লেট যাবলৈ আগতে বহু সময় লাগিছিল৷ এতিয়া তাত এখন সেঁতু নির্মাণৰ প্ৰকল্পত অনুমোদন জনোৱা হৈছে৷ আজি যিসকল স্থানীয় প্ৰতিনিধিৰ সৈতে মোৰ বৈঠক হৈছে, তাঁত তেওঁলোকে পথ যোগাযোগৰ প্ৰসংগ উত্থাপন কৰিছে৷ মোক জনোৱা মতে ইয়াৰ গ্রামীণ এলেকাত পথ মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ সমস্যা আছে। মই মাননীয় লেফটেনেণ্ট গর্ভনৰক অনুৰোধ জনাইছো যে পথ সমূহৰ চৰজমিন পৰ্যালোচনা কৰি দুসপ্তাহেৰ ভিতৰত কেন্দ্রীয় চৰকাৰৰ ওচৰলৈ প্ৰতিবেদন পঠাওক৷ এই প্ৰতিবেদন অধ্যয়নৰ পাছত কেন্দ্রীয় চৰকাৰে যথাসম্ভৱ সহযোগিতাৰ হাত আগবঢ়াব৷

তদুপৰি, বিমান যোগাযোগ ব্যৱস্থা আৰু অধিক সুদৃঢ় কৰিবলৈ বীৰ ছাভাৰকাৰ বিমানবন্দৰত এটি নতুন টার্মিনেল ভৱন নিৰ্মাণ কৰা হৈছে। এই টার্মিনেল অতি শীঘ্ৰে সেৱাৰ বাবে সাজু হৈ উঠিব৷ চেন্নাই আৰু কলকাতালৈকে যাতায়াতৰ ক্ষেত্রত ভাড়াৰ উপৰি চার্টার্ড বিমান আৰম্ভ কৰা ব৷

বন্ধুসকল, জলপথ, বিমানপথ আত পথ পৰিবহণৰ সমান্তৰালভাৱে আইৱেও বৰ্তমান প্ৰধান প্ৰয়োজন। সেই কথাৰ প্ৰতি লক্ষ্য ৰাখি ফোন আৰু ইণ্টাৰনেট যোগাযোগ ব্যৱস্থাও উন্নত কৰা হৈছে৷ চেন্নাইৰ পৰা সমুদ্রৰ তলেৰে স্থাপন কৰা অপটিকেল ফাইবাৰৰ জৰিয়তে এতিয়া পোর্ট ব্লেয়াৰতো দিল্লী অথবা চেন্নাইৰ গতিত ইণ্টাৰনেট চলিব৷

কেৱল ইমানেই নহয়, ‘ছোয়ানঅথবাষ্টেট ৱাইড এৰিয়া নেটৱর্কো আজিৰ পৰা আৰম্ভ কৰা হৈছে৷ ইয়াৰ জৰিয়তে প্ৰথম পর্যায়ত জনসংখ্যাৰ হিচাপত ইয়াৰ ডাঙৰ দ্বীপসমূহক ১২টা স্থানত যুক্ত কৰা হৈছে৷ ফলত, জিলা আৰু ব্লকস্তৰৰ সকলো চৰকাৰী বিভাগত হাইস্পীড ইণ্টাৰনেট সেৱা আৰম্ভ হ আৰু চৰকাৰী সেৱাসমূহৰ অনলাইন ডেলিভাৰী সহজ ব৷ এই প্ৰক্রিয়া আন্দামান আৰু নিকোবৰকে ধৰি সকলো দ্বীপসমূহত ডিজিটেল ইণ্ডিয়াৰ শক্তি সুনিশ্চিত কৰিব৷

বন্ধুসকল, উদ্যোগ আৰু পর্যটনক বাদ দি নিজৰ পুৰণি ব্যৱসায়তো যাতে যুৱসম্প্ৰদায়ৰ কর্মসংস্থাপন হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি ১৯টা মৎস্য প্ৰজননকেন্দ্ৰ গঢ়ি তোলা হৈছে৷ এইবোৰৰ ভিতৰত ৯টাৰ কাম সম্পূর্ণ হৈছে আৰু ১০টাৰ কাম দ্রুতগতিত আগবাঢ়ি আছে। ইয়াৰ সমান্তৰালভাৱে, কৃষি, মীনপালন আৰু পশুপালনত অগ্ৰগতি সুনিশ্চিত কৰিবলৈ ২০০ কোটি টকা আবণ্টন কৰা হৈছে৷

ভাইভনীসকল, আজি ইয়াত খোৱাপানীৰ সমস্যা দূৰ কৰিবলৈ কেইবাটাও প্ৰকল্পৰ উদ্বোধন অথবা আধাৰশিলা স্থাপন কৰা হৈছে৷ অহা ২০ বছৰৰ ভিতৰত যাতে পোর্ট ব্লেয়াৰ তথা ইয়াৰ অন্তৰ্ভূক্ত অঞ্চলসমূহত খোৱাপানী সমস্যা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি ধনীকাৰী বান্ধৰ উচ্চতা বৃদ্ধি কৰা হৈছে৷ দ্বীপসমূহত বিদ্যুৎ উৎপাদন বৃদ্ধিৰ বাবে বিগত ছমাহে ইয়াত ৭ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম সৌৰশক্তি উৎপাদন প্ৰকল্পত অনুমোদন জনোৱা হৈছে৷ তদুপৰি, আজি যি এলএনজি বিদ্যুৎ প্লাণ্টৰ আধাৰশিলা স্থাপন কৰা হৈছে, ইয়াৰ জৰিয়তে অহা ২৫ বছৰ ধৰি এই এলেকাত বিদ্যুৎ সৰবৰাহ অব্যাহত ৰখাত সহায়ক হব৷

বন্ধুসকল, পেলনীয়া সামগ্ৰীৰ পৰা শক্তি উৎপাদনৰ ক্ষেত্ৰত পোর্ট ব্লেয়াৰে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। যি নতুন প্লাজমা গেছ প্ৰকল্প ইয়াত গঢ়ি লৈ উঠিব, সেয়া পৰিশোধিত খোৱা পানীৰ সমান্তৰালভাৱে স্বচ্ছ শক্তি আৰু পৰিৱেশঅনুকূল ইন্ধন উৎপাদনতো সক্ষম ব৷

ভাইভনীসকল, স্বচ্ছতাক লৈ আপোনালোকৰ সংকল্প প্ৰশংসনীয়, সেইবাবে মই নাগৰিকসকলক ধন্যবাদ জনাইছো৷ মই অতিশয় আনন্দিত যে ইয়াৰ জনসাধাৰণে সমগ্ৰ দ্বীপসমূহত মুকলি স্থানত মলত্যাগমুক্ত হিচাপে ঘোষণা কৰিছে৷ স্বচ্চতাই ইয়াৰ সৌন্দর্য বৃদ্ধিৰ লগতে জনস্বাস্থ্যও উন্নত কৰিছে৷

ভাইভনীসকল, দেশবাসীৰ স্বাস্থ্যক অগ্রাধিকাৰ দি আমি কেতবোৰ প্ৰচেষ্টা গ্ৰহণ কৰিছো আৰু তাৰ সুফল আপোনালোকে ইতিমধ্যে পাইছে৷ দুবছৰৰ পূৰ্বে পোর্ট ব্লেয়াৰতআন্দামান এণ্ড নিকোবৰ আইলেণ্ড ইনষ্টিটিউট অফ মেডিকেল চায়েন্সআৰম্ভ কৰা হৈছিল। ইয়াৰ জৰিয়তে ইতিমধ্যে ইয়াৰ আঢ়ৈ হাজাৰ দুখীয়া আৰু অৱসৰপ্রাপ্ত জ্যেষ্ঠ ব্যক্তিয়ে নিজৰ চিকিৎসা কৰিছে৷ তেনেদৰেআয়ুষ্মান ভাৰত যোজনা জৰিয়তেও ইয়াৰ বহু দৰিদ্ৰ  পৰিয়াল উপকৃত হৈছে৷ জটিল ৰোগ হলে পৰিয়ালে ৫ লাখ টকা ব্যয়েৰে দেশৰ যি কোনো হাস্পতালত বিনামূলীয়াকৈ চিকিৎসা কৰাব পাৰিব৷

বন্ধুসকল, দ্বীপপুঞ্জত স্বাস্থ্য সেৱা উন্নত কৰিবলৈ দুখন পিএছচি আৰু চিএছচিক আপগ্রেড কৰি জিলা হাস্পতালৰ মর্যাদা প্ৰদান কৰা হৈছে৷ তদুপৰি, আজি ইয়াত এখন আয়ুষ হাস্পতালৰো আধাৰশিলা স্থাপন কৰা হৈছে৷ এই সেৱাসমূহত ইয়াত উপলব্ধ হলে আপোনালোকে আৰু চিকিৎসাৰ বাবে দূৰদূৰণিলৈ যাব লগা নহয়৷

ভাইভনীসকল, স্বাস্থ্যৰ লগতে চৰকাৰে শিক্ষাত অগ্রাধিকাৰ দিছে৷ চাৰি বছৰৰ পূৰ্বে আমি ইয়াত নতুন ডিগ্রী কলেজ খুলিছিলো, ২০১৬ত আইন মহাবিদ্যালয়আৰম্ভ কৰিছো৷ আৰু এইবাৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ নামত আপোনালোকে পালে বিশ্ববিদ্যালয়। ডিগলীপুৰত পলিটেকনিক কলেজো আৰম্ভ কৰা হৈছে৷ কিছু সময়ৰ পূৰ্বে মই আপোনালোকৰ বাবে নিকোবৰত আইআইটি উদ্বোধন কৰি আহিলো৷

ভাইভনীসকল, সমগ্ৰ দেশত উন্নয়নৰ পঞ্চধাৰা, শিক্ষা, কর্মসংস্থাপন, স্বাস্থ্য, জলসিঞ্চন আৰু সকলোৰে অভাৱঅভিযোগ শুনাটো সুনিশ্চিত কৰিবলৈ চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ আজি যিমানবোৰ প্ৰকল্প উদ্বোধন অথবা আধাৰশিলা স্থাপন কৰা , এই সকলোৰ ইয়াৰ প্ৰতি চিন্তা কৰিয়েই কৰা হৈছে৷ ইয়াৰ সমান্তৰালভাৱে, আমাৰ শৌর্য আৰু আত্মবলিদানপূর্ণ গৌৰবময় ইতিহাস, আমাৰ সংস্কৃতি, আমাৰ বীৰসকলৰ সন্মান জনাবলৈও আমি সংকল্পবদ্ধ।

আকৌ এবাৰ এই ঐতিহাসিক মুহূর্তত, মানুহৰ জীৱন সহজ কৰি তোলা প্ৰকল্পসমূহৰ বাবে আপোনালোক সকলোকে বহুত বহুত আন্তৰিক শুভেচ্ছা জনাইছো৷

কাইলৈ ২০১৮ চনৰ অন্তিম দিন। পৰহিলৈ নতুন বছৰ আৰম্ভ হব৷ আপোনালোক সকলো আন্দামান, নিকোবৰ আৰু লাক্ষাদ্বীপবাসী জনতাক সমগ্ৰ দেশৰ বাবে নতুন উৎসাহ, উদ্দীপনা, নতুন প্রাণশক্তি লৈ, উন্নত স্বাস্থ্যৰে কাম কৰুনএই কামনাৰে আপোনালোৰ সকলোকে পুনৰ অনুৰোধ জনাও আকৌ এবাৰ নিজৰ মোবাইল ফোন হাতত লৈ, ফ্লাছ লাইট জ্বলাওক৷

সুভাষবাবুয়ে যত স্বৰাজৰ ভেটি স্থাপন কৰিছিল, তাৰ ৭৫সংখ্যক বৰ্ষপূর্তি উপলক্ষে সুশাসনৰ শক্তিশালী যাত্রা আৰম্ভ কৰাৰ সংকল্পৰে আগুৱাই আহিছো, সেইবাবেই অনুৰোধ, পুনৰবাৰ নিজৰ মোবাইলৰ ফ্লাছ লাইট জ্বলাই পূর্ণশক্তিৰে কওক

বন্দেমাতৰম্

বন্দেমাতৰম্

বন্দেমাতৰম্

বহুত বহুত ধন্যবাদ৷

***

AKT/SH/IG/MG/AK/DB