Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতৰ ৭.৮ % জিডিপি বৃদ্ধিৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাসিকত ভাৰতৰ জিডিপি বৃদ্ধিৰ বিৰল কৃতিত্ব বুলি অভিহিত কৰিছে। শ্ৰী মোদীয়ে কয় যে তেলৰ মূল্যৰ আঘাত, যোগান শৃংখলাত ব্যাঘাত আৰু বিশ্বব্যাপী অনিশ্চয়তা স্বত্বেও এই সাফল্যই ভাৰতৰ জনসাধাৰণৰ সামূহিক শক্তি আৰু স্থিতিস্থাপকতা প্ৰতিফলিত কৰে।

শ্ৰী মোদীয়ে এক্স-ত পোষ্ট কৰিছেঃ

বিত্তীয় বৰ্ষ ২০২৬-২৭ৰ প্ৰথম ত্ৰিমাসিকত ভাৰতৰ দৃষ্টান্তমূলক ৭.৮% জিডিপি বৃদ্ধি হৈছে এক গুৰুত্বপূৰ্ণ কৃতিত্ব।

আমাৰ জনসাধাৰণৰ সামূহিক শক্তিয়ে বিশ্বৰ অনিশ্চয়তাৰ মাজত তেলৰ মূল্যৰ আঘাত আৰু যোগান শৃংখলৰ সমস্যা স্বত্বেও ভাৰতে এনে বিকাশ সুনিশ্চিত কৰিছে।

ধ্বংসকাৰীসকল ধ্বংস হ’ল আৰু ভাৰত প্রস্ফুটিত হ’ল…..আকৌ এবাৰ !

*****

MJPS/SS/VJ/MK