পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি ভাৰত আৰু আফগানিস্তানৰ মাজত মানৱ সম্পদ উন্নয়ন ক্ষেত্ৰত বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে৷ বুজাবুজিৰ চুক্তিখনে আফগানিস্তানৰ শিক্ষাৰ্থী আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ ফেকাল্টীক ‘স্বয়ম’ পাঠ্যক্ৰমৰ ব্যৱহাৰ আৰু পঞ্জীয়নৰ সুবিধা আগবঢ়াব৷ তদুপৰি, ইয়াৰ ফলত আফগানিস্তানত বিকশিত পাঠ্যক্ৰমসমূহ ‘স্বয়ম’ ৱেবছাইটত আপলোড কৰিব পৰা যাব৷ আফগানিস্তানৰ শিক্ষাৰ্থী আৰু ফেকাল্টীক ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰিব৷
এই বুজাবুজি চুক্তিৰ মাধ্যমেৰে ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় ডিজিটেল লাইব্ৰেৰী অৱ ইণ্ডিয়া, ভাৰ্ছুৱেল লেব, স্পোকেন টিউট’ৰিয়েল আদিৰ দৰে শিক্ষাৰ সৈতে জড়িত আন গুৰুত্বপূৰ্ণ বিষয়ত সহায় কৰাৰ লগতে প্ৰযুক্তি ভাগ-বতৰা কৰিব পাৰিব৷ ইয়ে ভাৰত আৰু আফগানিস্তান বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানৰ মাজত যুটীয়া স্নাতকোত্তৰ ডিগ্ৰী মুকলিৰো প্ৰস্তাৱ ৰাখিছে৷ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে পাঠক্ৰম উন্নয়ন আৰু শিক্ষকমণ্ডলীৰ সক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত আফগানিস্তানক সহযোগ কৰিব৷
এই বুজাবুজিৰ মাধ্যমেৰে উভয় দেশে শৈক্ষিক যোগ্যতাক পাৰস্পৰিক মান্যতা প্ৰদান কৰিবলৈ এক চুক্তিত স্বাক্ষৰ কৰে৷ চুক্তিখন দুয়োখন দেশৰ শিক্ষা খণ্ডৰ বাবে এক উল্লেখনীয় মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব৷
পটভূমিঃ
ভাৰত আৰু আফগানিস্তানৰ মাজত শিক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত এক শক্তিশালী কূটনৈতিক সম্পৰ্ক আছে৷ ইয়াক অধিক মজবুত কৰিবলৈ উভয় ৰাষ্ট্ৰই এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি মানৱ সম্পদ উন্নয়ন ক্ষেত্ৰত সহোযোগিতাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷
*****
AKT/SH/MS