Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত আৰু ডেনমাৰ্কৰ মাজত সামুদ্ৰিক বিষয়ত বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন 


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু ডেনমাৰ্কৰ মাজত সামুদ্ৰিক বিষয়ত বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে৷ বুজাবুজিৰ চুক্তিখন ডেনমাৰ্কৰ ডব্লিউআইপিৰ আগন্তুক(জানুৱাৰী,২০১৯)ভাৰত ভ্ৰমণৰ সময়ছোৱাত স্বাক্ষৰিত হ’ব৷

 উপযোগিতাঃ বুজাবুজিৰ চুক্তিখনে উভয় দেশৰ দ্বিপাক্ষিক সহযোগিতাৰ কেইবাটাও দিশ মুকলি কৰিব৷

ভাৰত আৰু ডেনমাৰ্কৰ সামুদ্ৰিক খণ্ডৰ মাজত ক্ৰ’ছ-ব’ৰ্ডাৰ সহযোগিতা আৰু বিনিয়োগৰ সুবিধা উপলব্ধ হ’ব৷

  • উভয় দেশে বিশেষজ্ঞ, তথ্য, পৰিসংখ্যাৰ আদান-প্ৰদানৰ জৰিয়তে পাৰস্পৰিক সক্ষমতা বৃদ্ধি কৰিব পাৰিব৷ সেউজ সামুদ্ৰিক প্ৰযুক্তি আৰু জাহা নিৰ্মাণৰ ক্ষেত্ৰত তথা সামুদ্ৰিক প্ৰশিক্ষণ আৰু শিক্ষাৰ ক্ষেত্ৰতো দুয়োখন দেশ উপকৃত হ’ব৷
  • মাৰ্চেণ্ট ছিপিং আৰু সামুদ্ৰিক পৰিবহণ সম্পৰ্কীয় বিষয়ত গৱেষণা আৰু সহযোগিতা অধিক উন্নত কৰা৷
  • ইয়ে  দ্বিপাক্ষিক আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উভয় দেশৰ পাৰস্পৰিক লাভালাভৰ বিষয়ত সহযোগিতা অধিক শক্তিশালী কৰিব৷

AKT/MS