পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰত আৰু পোলেণ্ডৰ মাজত অসামৰিক বিমান পৰিবহণৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে বুজাবুজি চুক্তিৰ স্বাক্ষৰৰ বাবে অনুমোদন জনাইছে। দুয়োখন দেশৰ চৰকাৰৰ অনুমোদন সাপেক্ষে এই চুক্তিখন স্বাক্ষৰ কৰা হ’ব। বুজাবুজি চুক্তিখনৰ ম্যাদ ৫ বছৰ হ’ব।
|
এই বুজাবুজি চুক্তিখনৰ উদ্দেশ্য হৈছে-অসামৰিক বিমান পৰিবহণ খণ্ডত সহযোগিতাৰে পাৰস্পৰিক সুবিধাৰ বিষয়সমূহক স্বীকৃতি দিয়া, বিশেষকৈ ভাৰতত আঞ্চলিক বিমান যোগাযোগ ব্যৱস্থা উন্নত কৰা। তদুপৰি, দুয়ো পক্ষই পৰিৱেশ পৰীক্ষণ অথবা অনুমোদন, বিমানৰ নমুনা নিৰীক্ষণ আৰু অনুমোদন, বিমানৰ ৰক্ষণাবেক্ষণ সুবিধা অনুমোদন, ৰক্ষণাবেক্ষণ কৰা কর্মীসকলৰ অনুমোদন আৰু বিমানকর্মীৰ অনুমোদনৰ ক্ষেত্রত পাৰস্পৰিক সুবিধাবোৰ চিনাক্ত কৰা হ’ব।
পাৰস্পৰিক সহযোগিতাৰ ক্ষেত্রত উৎসাহ যোগাবলগীয়া এই বুজাবুজি চুক্তিৰ প্রধান ক্ষেত্রসমূহ হৈছেঃ
(ক) ভাৰত আৰু পোলেণ্ডৰ মাজত বিৰূপ প্রভাৱ পেলাব পৰা আইনী আৰু পদ্ধতিগত বিষয়সমূহৰ পর্যালোচনাৰ জৰিয়তে অসামৰিক বিমান পৰিবহণৰ বজাৰক সহায় কৰা।
(খ) বিমান পৰিবহণৰ ক্ষেত্রত সুৰক্ষা আৰু নিৰাপত্তা বৃদ্ধি কৰাৰ বাবে বিমানচালনা আইন, আঞ্চলিক বিমান চালনা, উৰাণ-যোগ্যতাৰ প্রয়োজনীয়তা তথা সুৰক্ষাজনিত গুণৰ ক্ষেত্ৰত মন্ত্রালয়সমূহৰ লগতে সংশ্লিষ্ট অসামৰিক বিমান পৰিবহণ কর্তৃপক্ষৰ মাজত তথ্য আৰু অভিজ্ঞতাৰ আদান প্রদান কৰা। আৰু/বা
(গ) সুৰক্ষা পর্যবেক্ষণ, উৰাণ-যোগ্যতা, বিমান চালনা, অনুজ্ঞাপত্ৰ, আইন আৰু প্রয়োগ ইত্যাদি বিষয়ক লৈ নিৰাপদ বিমান চালনাৰ বাবে প্রশিক্ষণমুলক কার্যসূচীৰ ব্যৱস্থা কৰা, সহযোগিতা অথবা যৌথভাবে উন্নয়ন কৰা। আৰু/বা
(ঘ) অসামৰিক বিমান পৰিবহণৰ ক্ষেত্রত সংশ্লিষ্ট পক্ষৰ প্রতিনিধিসকলৰ অংশগ্রহণৰ জৰিয়তে সুৰক্ষিত বিমান চালনাৰ বাবে বিমান পৰিবহন সংস্থাসমূহৰ মাজত আলোচনা, যৌথ সন্মিলনৰ আয়োজন কৰা আৰু বৃত্তিগত সন্মিলন, কর্মশালা, আলোচনা আৰু এনে ধৰণৰ কাম কৰা।
(ঙ) দুয়োপক্ষৰ মন্ত্রালয় আৰু সংশ্লিষ্ট বিমান পৰিবহণ বিভাগত মাজত তথ্য, জ্ঞান, দক্ষতা আৰু অভিজ্ঞতাৰ আদান প্রদানৰ বাবে নিয়মীয়াকৈ আলোচনা অথবা বৈঠক অনুষ্ঠিত কৰা আৰু দুই পক্ষৰ পাৰস্পৰিক স্বার্থ আৰু উন্নয়নৰ লগতে সংশ্লিষ্ট সুৰক্ষিত অসামৰিক বিমান পৰিচালনাগত উন্নয়ন সাধন কৰা।
(চ) সুৰক্ষিত বিমান চলাচল আৰু পাৰস্পৰিক স্বার্থজড়িত বিষয়ক লৈ গবেষণা আৰু অধ্যয়নৰ বাবে সহযোগিতা আগবঢ়োৱা।
(ছ) ওপৰত উল্লেখিত যিকোনো সহযোগিতামুলক বিষয়।
*********
AKT/VBA/SH/DB