পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি ভাৰত আৰু ফ্ৰান্সৰ মাজত নতুন আৰু নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে৷ ২০১৮ৰ ৩ অক্টোবৰত নতুন দিল্লীত এই চুক্তিখন স্বাক্ষৰিত হৈছিল৷ তিনিটা ভাষা ক্ৰমে হিন্দী, ইংৰাজী আৰু ফ্ৰান্সত চুক্তিখন স্বাৰক্ষিত হৈছে৷
বুজাবুজিৰ চুক্তিখনৰ লক্ষ্য হ’ল সৌৰ শক্তিৰদ্বাৰা চালিত বেটাৰীযুক্ত ই-বাহনৰ চাৰ্জিং ষ্টেচন উপলব্ধ কৰোৱাৰ পাইলট প্ৰজেক্ট সন্দৰ্ভত ভৱিষ্যতে হ’বলগীয়া সহযোগ সম্বন্ধীয় দিহা-পৰামৰ্শ যুগুত কৰা৷ সৌৰ শক্তিৰ ব্যৱহাৰ অধিক প্ৰসাৰ কৰিবলৈ ভাৰত চৰকাৰে গ্ৰহণ কৰা অভিলাসী আঁচনিক গতি প্ৰদানৰ প্ৰতি লক্ষ্য ৰাখি এই চুক্তি স্বাক্ষৰিত হৈছে৷
বুজাবুজিৰ চুক্তিখনে ভাৰত আৰু ফ্ৰান্সৰ মাজত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰিব৷
***
AKT/SH/MS