পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ভাৰত আৰু ফ্ৰান্সৰ মাজত শৈক্ষিক অৰ্হতাৰ পাৰস্পৰিক স্বীকৃতি তথা দুয়োখন দেশৰ শৈক্ষিক প্ৰতিষ্ঠানৰদ্বাৰা স্বীকৃত পাঠ্যক্ৰমৰ সময়সীমাৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। চৰকাৰী ভ্ৰমণসূচী লৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ ভাৰত আগমণৰ সময়ত এই চুক্তি স্বাক্ষৰিত হ’ব বুলি আশা কৰা হৈছে।
এই চুক্তি স্বাক্ষৰিত হ’লে ভাৰত আৰু ফ্ৰান্সৰ মাজত শৈক্ষিক ক্ষেত্ৰৰ সহযোগিতা গভীৰতৰ হোৱাৰ লগতে দুয়োখন দেশৰ ছাত্ৰৰ মাজত গতিশীলতা বৃদ্ধি পাব। ইয়াৰ ফলত ছাত্ৰসকলৰ বাবে দুয়োখন দেশত উপলব্ধ সম্ভাৱনীয়তা তথা সুবিধাসমূহ গ্ৰহণ কৰাৰ বাট মুকলি হ’ব আৰু উদ্ভাৱনীমূলক সহযোগিতা আৰু গৱেষণাৰদ্বাৰা উচ্চশিক্ষাৰ প্ৰসাৰ হ’ব যাৰ ফলত ভাৰতৰ শিক্ষা ব্যৱস্থাৰ মান উন্নত হ’ব।
*****
AKT/VBA/PRK