পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰত আৰু বলিভিয়াৰ মাজত পৰম্পৰাগত পদ্ধতিৰ ঔষধ আৰু হোমিঅ’পেথীৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে স্বাক্ষৰিত বুজাবুজি চুক্তিত অনুমোদন জনায়৷ ২০১৯ৰ মাৰ্চ মাহত বলিভিয়াত এই চুক্তিখন স্বাক্ষৰ কৰা হয়৷
প্ৰভাৱঃ
এই বুজাবুজি চুক্তিখনে দুয়োখন দেশৰ মাজত পৰম্পৰাগত পদ্ধতিৰ ঔষধ আৰু হোমিঅ’পেথীৰ ক্ষেত্ৰত পৰিকাঠামোগত সহযোগিতাৰে পৰস্পৰ উপকৃত হ’ব৷ এই চুক্তিয়ে বলিভিয়াত পৰম্পৰাগত পদ্ধতিৰ ঔষধ আৰু হোমিঅ’পেথীৰ প্ৰচাৰ আৰু প্ৰসাৰত অগ্ৰণী ভূমিকা পালন কৰাৰ লগতে আয়ুষ (আয়ুৰ্বেদ, যোগ, উনানী, সিদ্ধা আৰু হোমিঅ’পেথী) পদ্ধতিৰ গুৰু্ত্বও বৃদ্ধি কৰিব৷ এই বুজাবুজি চুক্তিৰ অধীনত প্ৰশিক্ষাৰ্থী আৰু সামূহিক গৱেষণাৰত বৈজ্ঞানিকৰ প্ৰশিক্ষণৰ বাবে বিশেষজ্ঞৰ বিনিময়ত সহায় কৰিব, যাৰফলত ঔষধৰ উন্নয়নত নতুনত্ব অনাৰ লগতে পৰম্পৰাগত পদ্ধতিৰ ঔষধ গ্ৰহণৰ অভ্যাস বৃদ্ধি পাব৷
******
AKT/SH/DB