পি এম ইণ্ডিয়া
মালদ্বীপৰ উন্নয়নত ভাৰত এক গুৰুত্বপূর্ণ অংশীদাৰ। ভাৰতে মালদ্বীপত বহু গুৰুত্বপূর্ণ প্ৰথম শ্রেণীৰ প্ৰতিষ্ঠান স্থাপন কৰিছে। বর্তমান ভাৰতে মালদ্বীপক ১০০ মিলিয়ন মার্কিন ডলাৰ ঋণ সাহায্য আগবঢ়াইছে। ইয়াৰ ভিতৰত দীর্ঘম্যাদী ঋণৰ উপৰি আছে ৰিভলভিং ঋণৰ সুযোগ৷
মালদ্বীপৰ ৰাজধানী মালে আটাইটকৈ জনপ্রিয় চহৰ তথা কুলহুদুফুশি হ’ল সেই দেশৰ তৃতীয় জনবসতিপূর্ণ চহৰ। বাণিজ্য আৰু পর্যটনৰ সুবিধার্থে ভাৰতৰ কোচিৰ পৰা দুয়োখন দেশৰ মাজত জাহাজ চলাচলৰ সুবিধা আছে। কোচিৰ পৰা মালেৰ দূৰত্ব ৭০৮ কিলোমিটাৰ আৰু কুলহুদুফুশিৰ দূৰত্ব ৫০৯ কিলোমিটাৰ। কুলহুদুফুশি, মালদ্বীপৰ উত্তৰাঞ্চলৰ ব–দ্বীপ এলেকাত অবস্থিত, যিটো ভাৰতীয়সকলৰ বাবে ভাল পর্যটন কেন্দ্ৰ হৈ উঠাৰ সম্ভাৱনা আছে৷ তাত পর্যটকৰ থকাৰ বাবে বহুতো ৰিজৰ্টো আছে। মালেৰ পৰা তালৈ যোৱাৰ বাবে সমুদ্ৰপথ আৰু বিমান যোগাযোগৰ ব্যৱস্থাও আছে। অন্যহাতে, কোচিৰ সৈতে সমুদ্ৰপথৰ এই যোগাযোগ ব্যৱস্থা গঢ় লৈ উঠিলে স্থানটি ভাৰতীয় পর্যটকৰ বাবে অন্যতম গন্তব্যস্থল হিচাপে পৰিগণিত হ’ব। মালদ্বীপৰ বহু নাগৰিকে দক্ষিণ ভাৰত, বিশেষকৈ কেৰালালৈ শিক্ষা গ্ৰহণৰ বাবে আহে৷
সেয়েহে বাণিজ্য আৰু যাত্রী পৰিবহণৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত আৰু মালদ্বীপৰ মাজত এই চুক্তি স্বাক্ষৰ কৰা হৈছে৷ জাহাজ চলাচলৰ ফলত দুয়োখন দেশৰ মানুহৰ মাজত যোগাযোগ গঢ় লৈ উঠিব আৰু বাণিজ্যিক সম্পর্ক সুদৃঢ় হ’ব৷
*****
AKT/PK/SH/DB