Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত আৰু মালদ্বীপৰ মাজত ভিছা ব্যৱস্থাপনাৰ সুবিধাৰ চুক্তিত কেবিনেটৰ পূৰ্বব্যাপী অনুমোদন


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ২০১৮ চনৰ ডিচেম্বৰ মাহত ভাৰত আৰু মালদ্বীপৰ মাজত হোৱা ভিছা ব্যৱস্থাপনাৰ সুবিধাৰ চুক্তিত পূৰ্বব্যাপী অনুমোদন প্ৰদান কৰিছে৷

এই স্বাক্ষৰিত ভিছা ব্যৱস্থাপনাৰ দ্বাৰা দুয়োখন দেশৰ মাজৰ জনসাধাৰণৰ ভ্ৰমণ, পৰ্যটন, চিকিৎসা, শিক্ষা, ব্যৱসায় আৰু নিয়োজনৰ ক্ষেত্ৰখন যথেষ্ট উপকৃত হ’ব৷ এই চুক্তি অনুসৰি পৰ্যটন, চিকিৎসা আৰু সীমিত ব্যৱসায়িক উদ্দেশ্যত ৯০ দিনৰ ভিছামুক্ত যাত্ৰা প্ৰদান কৰা হ’ব৷

পৃষ্ঠভূমিঃ

ভাৰত আৰু মালদ্বীপৰ মাজত পৰম্পৰাগত বন্ধুত্ব আছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৮ চনৰ নৱেম্বৰ মাহত মালদ্বীপৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ ছলিহৰ শপত গ্ৰহণ অনুষ্ঠানলৈ গৈছিল আৰু ইয়াৰ পিছতে মালদ্বীপৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ২০১৮ চনৰ ডিচেম্বৰ মাহত ভাৰত ভ্ৰমণ কৰে৷

 

 

******

AKT/MANN