পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰতৰ ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয় (এমএছএমই)ৰ অধীনস্থ সংস্থা নেচনেল স্মল ইণ্ডাষ্ট্ৰীজ কৰ্প’ৰেচন লিমিটেড (এনএছআইচি) আৰু ৰাছিয়াৰ জেএছচি–ৰাছিয়ান স্মল এণ্ড মিডিয়াম বিজনেছ কৰ্প’ৰেচন (আৰএছএমবি কৰ্প’ৰেচন)ৰ মাজত স্বাক্ষৰিত হোৱা এক বুজাবুজিৰ চুক্তিপত্ৰত সন্মতি প্ৰদান কৰিছে৷ এই সন্মতি পত্ৰত স্বাক্ষৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ অনাগত ভাৰত ভ্ৰমণৰ সময়ত সম্পন্ন কৰা হ’ব৷
এই বুজাবুজিৰ চুক্তিপত্ৰৰ প্ৰধান উদ্দেশ্য হ’ল দুয়োখন দেশৰ মাজক লঘূ আৰু মজলীয়া উদ্যোগসমূহৰ (এছএমই)মাজত সহযোগিতা বৃদ্ধি কৰা৷ ইয়াৰ জৰিয়তে দুয়োখন দেশৰ মাজত এমএছএমই খণ্ডত পৰস্পৰৰ শক্তি, বজাৰ, প্ৰযুক্তি, নিয়মাৱলীসমূহ বুজাৰ বাবে এক পৰিবেশ তথা পৰিকাঠামো প্ৰস্তুত হ’ব৷ ই দুয়োখন দেশৰ মাজত এমএছএমই খণ্ডত প্ৰযুক্তি হস্তান্তৰণ, যৌথ অভিযান আৰু ব্যৱসায়িক অংশীদাৰীত্বৰ ক্ষেত্ৰত বহনক্ষম ব্যৱসায়িক সহযোগিতাৰ পৰিবেশ সৃষ্টি কৰিব৷ তাৰোপৰি সামৰ্থ নিৰ্মাণ, উদ্যমিতা বিকাশৰ দ্ৰুত উৰ্বৰতা, উভয় দেশৰ বজাৰ অনাবৃতকৰণ, প্ৰদৰ্শনীত অংশগ্ৰহণ আদিও এই বুজাবুজিৰ চুক্তিপত্ৰৰ দ্বাৰা উৎসাহিত কৰা হ’ব৷
এই সহযোগিতাই ভাৰতীয় এমএছএমই খণ্ডৰ বাবে নতুন বজাৰ, যৌথ সহযোগিতা, প্ৰযুক্তি বিনিময় আদিৰ নতুন দুৱাৰ মুকলি কৰিব৷ এমএছএমই মন্ত্ৰায়লৰ অধীনৰ এনএছআইচিৰ এনেধৰণৰ সহযোগিতা পূৰ্বেও সম্পন্ন কৰাৰ অভিজ্ঞতা আছে আৰু সেইবাবে এই বুজাবুজিৰ চুক্তিপত্ৰত কাৰ্যসূচীসমূহৰ প্ৰণয়নৰ দিশত ই এক উপযুক্ত সংস্থা বুলি বিবেচিত হৈছে৷
******
NW/AKT/SH/MANN