পি এম ইণ্ডিয়া
মহামহিম ৰজা আব্দুল্লা
ৰাজকুমাৰ,
দুয়োখন দেশৰ প্ৰতিনিধিবৰ্গ
ব্যৱসায়িক জগতৰ কৰ্ণধাৰসকল,
নমস্কাৰ।
বন্ধুসকল,
পৃথিৱীত বহুতো দেশৰ সীমাৰ মিল থাকে, বহুতো দেশৰ বজাৰৰো সংগতি দেখা যায়। কিন্তু ভাৰত আৰু জৰ্ডানৰ মাজৰ সম্পৰ্ক হৈছে ঐতিহাসিক বিশ্বাস আৰু ভৱিষ্যতৰ অৰ্থনৈতিক সুযোগৰ সংমিশ্ৰণ।
কালি মহামহিম ৰজাৰ সৈতে হোৱা মোৰ কথোপকথনৰ মূল দিশ এইটোৱেই আছিল। আমি ভূগোলক কেনেদৰে সুযোগ আৰু সুযোগক বিকাশলৈ ৰূপান্তৰিত কৰিব পাৰি সেই বিষয়ে বিশদভাৱে আলোচনা কৰিছিলো।
মহামহিম,
আপোনাৰ নেতৃত্বত জৰ্ডান এখন সেঁতু হৈ পৰিছে যিয়ে বিভিন্ন অঞ্চলৰ মাজত সহযোগিতা আৰু সমন্বয় বৃদ্ধি কৰাত যথেষ্ট সহায় কৰিছে। কালিৰ আমাৰ বৈঠকত আপুনি ভাৰতীয় প্ৰতিষ্ঠানসমূহে জৰ্ডানৰ জৰিয়তে কেনেদৰে আমেৰিকা, কানাডা আৰু অন্যান্য দেশৰ বজাৰত প্ৰৱেশ কৰিব পাৰে সেই বিষয়ে ব্যাখ্যা কৰিছে। মই ইয়ালৈ অহা ভাৰতীয় প্ৰতিষ্ঠানসমূহক এই সুযোগসমূহৰ সম্পূৰ্ণ সুবিধা লবলৈ অনুৰোধ জনাইছো।
বন্ধুসকল,
ভাৰত বৰ্তমান জৰ্ডানৰ তৃতীয় বৃহৎ বাণিজ্যিক অংশীদাৰ। মই জানো যে ব্যৱসায়িক জগতত সংখ্যাই গুৰুত্বপূৰ্ণ। কিন্তু ইয়াত আমি কেৱল সংখ্যা গণনা কৰিবলৈ অহা নাই, বৰং আমি এক দীৰ্ঘম্যাদী সম্পৰ্ক গঢ়ি তুলিবলৈ আহিছো।
এটা সময় আছিল যেতিয়া পেট্ৰাৰ জৰিয়তে গুজৰাটৰ পৰা ইউৰোপলৈ বাণিজ্য চলিছিল। আমাৰ ভৱিষ্যতৰ সমৃদ্ধিৰ বাবে আমি সেই সংযোগবোৰ পুনৰুজ্জীৱিত কৰিব লাগিব। আৰু এয়া সম্পন্ন কৰাত আপোনালোক সকলোৰে এক গুৰুত্বপূৰ্ণ অৱদান থাকিব।
বন্ধুসকল,
আপোনালোক সকলোৱে জানে যে ভাৰত দ্ৰুতগতিৰে তৃতীয় বৃহৎ অৰ্থনীতি হোৱাৰ দিশত আগবাঢ়িছে। ভাৰতৰ বিকাশৰ হাৰ ৮ শতাংশতকৈ অধিক। এই বৃদ্ধিৰ হাৰ উৎপাদনশীলতা-চালিত প্ৰশাসন আৰু উদ্ভাৱন-চালিত নীতিৰ ফলাফল।
আজি জৰ্ডানৰ প্ৰতিজন ব্যৱসায়ী আৰু বিনিয়োগকাৰীৰ বাবে ভাৰতত সুযোগৰ নতুন দুৱাৰ মুকলি হৈছে। আপুনি ভাৰতৰ দ্ৰুত বিকাশত সহযোগী হোৱাৰ লগতে আপোনাৰ বিনিয়োগৰ জৰিয়তে উপকৃতও হব পাৰে।
বন্ধুসকল,
আজি বিশ্বক নতুন বিকাশৰ ইঞ্জিনৰ প্ৰয়োজন। বিশ্বক এক বিশ্বস্ত যোগান শৃংখলৰ প্ৰয়োজন। ভাৰত আৰু জৰ্ডানে একেলগে বিশ্বৰ প্ৰয়োজনীয়তা পূৰণ কৰাত এক ডাঙৰ ভূমিকা পালন কৰিব পাৰে।
মই আপোনালোকৰ সৈতে পাৰস্পৰিক সহযোগিতাৰ কেইটামান গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ বিষয়ে আলোচনা কৰিব বিচাৰো। যিবোৰ ক্ষেত্ৰত দৃষ্টি, কাৰ্য্যকৰীতা আৰু দ্ৰুতি এই তিনিওটা বিদ্যমান।
প্ৰথমতে, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু তথ্য প্ৰযুক্তি। ইয়াত ভাৰতৰ অভিজ্ঞতা জৰ্ডানৰ বাবেও যথেষ্ট লাভদায়ক হ’ব পাৰে। ভাৰতে ডিজিটেল প্ৰযুক্তিক অন্তৰ্ভুক্তি আৰু দক্ষতাৰ এক আদৰ্শ হিচাপে গঢ়ি তুলিছে। ইউ. পি. আই., আধাৰ, ডিজিলকাৰৰ দৰে আমাৰ পৰিকাঠামো আজি আন্তৰ্জাতিক মানসম্পন্ন হৈ উঠিছে। মহামহিম আৰু মই এই পৰিকাঠামোবোৰক জৰ্ডানৰ ব্যৱস্থাৰ সৈতে সংযোগ কৰাৰ বিষয়ে আলোচনা কৰিছো। আমি দুয়োখন দেশে ফিনটেক, স্বাস্থ্য-প্ৰযুক্তি, কৃষি-প্ৰযুক্তিৰ দৰে বহুতো খণ্ডত আমাৰ ষ্টাৰ্টআপসমূহক পোনপটীয়াকৈ সংযোগ কৰিব পাৰোঁ। আমি এক অংশীদাৰী পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰিব পাৰোঁ, য’ত আমি ধাৰণাসমূহক মূলধনৰ সৈতে সংযোগ কৰিব পাৰোঁ আৰু উদ্ভাৱনৰ পৰিসৰ বৃদ্ধি কৰিব পাৰোঁ।
বন্ধুসকল,
ভেষজ আৰু চিকিৎসা সঁজুলিৰ ক্ষেত্ৰতো বহুতো সম্ভাৱনা আছে। আজি স্বাস্থ্যসেৱা কেৱল এটা খণ্ডই নহয়, ই এক কৌশলগত অগ্ৰাধিকাৰ।
ভাৰতীয় প্ৰতিষ্ঠানসমূহে জৰ্ডানত ঔষধ, চিকিৎসা সঁজুলি প্ৰস্তুত কৰিলে জৰ্ডানৰ জনসাধাৰণ উপকৃত হ’ব। পশ্চিম এছিয়া আৰু আফ্ৰিকাৰ বাবে জৰ্ডান এক নিৰ্ভৰযোগ্য কেন্দ্ৰ হ’ব পাৰে। ই জেনেৰিক হওক, প্ৰতিষেধক হওক, আয়ুৰ্বেদ হওক বা সুস্থতা হওক, ভাৰতে বিশ্বাস কঢ়িয়াই আনে আৰু জৰ্ডানে ইয়াৰ পৰিসৰ বৃদ্ধি কৰে।
বন্ধুসকল,
এতিয়া পৰৱৰ্তী খণ্ডটো হৈছে কৃষি। শুষ্ক জলবায়ু কৃষিৰ ক্ষেত্ৰত ভাৰতৰ যথেষ্ট অভিজ্ঞতা আছে। আমাৰ অভিজ্ঞতাই জৰ্ডানত এক প্ৰকৃত পৰিৱৰ্তন আনিব পাৰে। আমি নিখুঁত কৃষি আৰু ক্ষুদ্ৰ জলসিঞ্চনৰ দৰে সমাধানৰ ওপৰত কাম কৰিব পাৰোঁ। শীতল শৃংখল, খাদ্য উদ্যান আৰু সংৰক্ষণৰ সুবিধা নিৰ্মাণৰ বাবেও আমি একেলগে কাম কৰিব পাৰোঁ। যেনেকৈ আমি সাৰৰ ক্ষেত্ৰত যৌথ উদ্যোগ চলাই আছো, ঠিক তেনেদৰেই আমি আন ক্ষেত্ৰতো আগবাঢ়ি যাব পাৰো।
বন্ধুসকল,
দ্ৰুত বিকাশৰ বাবে আন্তঃগাঁথনি আৰু নিৰ্মাণ অতি গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰসমূহত আমাৰ সহযোগিতাই আমাক গতি আৰু পৰিসৰ দুয়োটা প্ৰদান কৰিব।
মহামহিম ৰজাই জৰ্ডানত ৰে’লপথ আৰু পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে এক দৃষ্টিভংগী প্ৰকাশ কৰিছে। মই তেওঁলোকক আশ্বস্ত কৰিব বিচাৰো যে আমাৰ প্ৰতিষ্ঠানসমূহ তেওঁলোকৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰিবলৈ সক্ষম আৰু আগ্ৰহী।
কালি আমাৰ বৈঠকত মহামহিম ৰজাই ছিৰিয়াত আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ প্ৰয়োজনীয়তাৰ বিষয়েও কৈছিল। ভাৰত আৰু জৰ্ডানৰ প্ৰতিষ্ঠানসমূহে এই প্ৰয়োজনীয়তা পূৰণৰ বাবে একেলগে কাম কৰিব পাৰে।
বন্ধুসকল,
সেউজ বিকাশ অবিহনে আজিৰ বিশ্ব আগবাঢ়ি যাব নোৱাৰে। পৰিষ্কাৰ শক্তি এতিয়া কেৱল এটা বিকল্প নহয়, ই এক প্ৰয়োজনীয়তাত পৰিণত হৈছে। ভাৰতে সৌৰ, বায়ু, সেউজ হাইড্ৰ’জেন, শক্তি সংৰক্ষণৰ ক্ষেত্ৰত এক বৃহৎ বিনিয়োগকাৰী হিচাপে কাম কৰি আছে। জৰ্ডানৰো এক বিশাল সম্ভাৱনা আছে, যাক আমি মুকলি কৰিব পাৰোঁ।
যান বাহন আৰু গতিশীলতাৰ ক্ষেত্ৰতো একেই কথা খাটে। ভাৰত আজি সুলভ মূল্যৰ বৈদ্যুতিক বাহন, দুচকীয়া বাহন আৰু চি এন জি গতিশীলতা সমাধানৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষ দেশসমূহৰ ভিতৰত অন্যতম। এই ক্ষেত্ৰতো আমি অধিক পৰিমাণে একেলগে কাম কৰা উচিত।
বন্ধুসকল,
ভাৰত আৰু জৰ্ডান দুয়োখন দেশে নিজৰ সংস্কৃতি আৰু ঐতিহ্যৰ বাবে অতি গৌৰৱবোধ কৰে। দুয়োখন দেশত ঐতিহ্য আৰু সাংস্কৃতিক পৰ্যটনৰো যথেষ্ট সম্ভাৱনা আছে। মই ভাবো যে দুয়োখন দেশৰ বিনিয়োগকাৰীয়ে এই দিশত আগবাঢ়িব লাগে।
ভাৰতত বহুতো চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়। প্ৰয়োজনীয় অনুপ্ৰেৰণাৰ ব্যৱস্থাও কৰিব পাৰি যাতে এই ছবিসমূহৰ দৃশ্যগ্ৰহণ জৰ্ডানত হয় আৰু ইয়াত যুটীয়া চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হয়। ভাৰতত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী ৱেভছ সন্মিলনত জৰ্ডানৰ পৰা এক বৃহৎ প্ৰতিনিধি দল আহিব বুলি আমি আশা কৰিছো।
বন্ধুসকল,
ভূগোল জৰ্ডানৰ শক্তি আৰু ভাৰতৰ দক্ষতাৰ লগতে পৰিসৰো আছে। দুয়োখন দেশৰে শক্তি একত্ৰিত হ’লে দুয়োখন দেশৰ যুৱক-যুৱতীসকলে নতুন সুযোগ লাভ কৰিব।
দুয়োখন দেশৰ চৰকাৰৰ দৃষ্টিভংগী অতি স্পষ্ট। এতিয়া ব্যৱসায়িক জগতৰ আপোনালোক সকলো সহকৰ্মীয়ে আপোনালোকৰ কল্পনা, উদ্ভাৱন আৰু উদ্যমিতাৰ জৰিয়তে ইয়াক বাস্তৱ ৰূপ দিব লাগিব।
অৱশেষত, মই আপোনালোকক পুনৰ কওঁ।
আহক। আহক আমি একেলগে উদ্ভাৱন কৰিবলৈ আৰু একেলগে প্ৰগতিৰ পথেৰে আগুৱাই যাবলৈ একেলগে বিনিয়োগ কৰো।
মহামহিম
মই আকৌ এবাৰ আপোনাক, জৰ্ডান চৰকাৰক আৰু এই অনুষ্ঠানত উপস্থিত থকা সকলো গণ্যমান্য ব্যক্তিক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।
‘ শুক্ৰাণ’
বহুত বহুত ধন্যবাদ।
***
MJPS/ST/DD
My remarks during the India-Jordan Business Meet. https://t.co/GFuG7MD98U
— Narendra Modi (@narendramodi) December 16, 2025
भारत और जॉर्डन के संबंध ऐसे है, जहाँ ऐतिहासिक विश्वास और भविष्य के आर्थिक अवसर एक साथ मिलते हैं: PM @narendramodi
— PMO India (@PMOIndia) December 16, 2025
भारत की growth rate 8 percent से ऊपर है।
— PMO India (@PMOIndia) December 16, 2025
ये growth number, productivity-driven governance और Innovation driven policies का नतीजा है: PM @narendramodi
भारत को dry climate में खेती का बहुत अनुभव है।
— PMO India (@PMOIndia) December 16, 2025
हमारा ये experience, जॉर्डन में real difference ला सकता है।
हम Precision farming और micro-irrigation जैसे solutions पर काम कर सकते हैं।
Cold chains, food parks और storage facilities बनाने में भी हम मिलकर काम कर सकते हैं: PM
आज healthcare सिर्फ एक sector नहीं है, बल्कि एक strategic priority है।
— PMO India (@PMOIndia) December 16, 2025
जॉर्डन में भारतीय कंपनियां मेडिसन बनाएं, मेडिकल डिवाइस बनाएं... इससे जॉर्डन के लोगों को तो फायदा होगा ही... West Asia और Africa के लिए भी जॉर्डन एक reliable hub बन सकता है: PM @narendramodi
भारत ने डिजिटल टेक्नॉलॉजी को inclusion और efficiency का model बनाया है।
— PMO India (@PMOIndia) December 16, 2025
हमारे UPI, Aadhaar, डिजिलॉकर जैसे frameworks आज global benchmarks बन रहे हैं।
His Majesty और मैंने इन frameworks को Jordan के सिस्टम्स से जोड़ने पर चर्चा की है: PM @narendramodi
Addressed the India-Jordan Business Forum. The presence of His Majesty King Abdullah II and His Royal Highness Crown Prince Al-Hussein bin Abdullah II made the programme even more special. Highlighted areas where India and Jordan can deepen trade, business and investment… pic.twitter.com/MsXjayDTy8
— Narendra Modi (@narendramodi) December 16, 2025