Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘ভাৰত ত্যাগ’ আন্দোলনৰ ৭৫তম বর্ষপূর্তি উদযাপনৰ প্রাকমুহূৰ্তত লোকসভাৰ বিশেষ আলোচনা সভাত প্রধানমন্ত্রীৰ ভাষণৰ ইংৰাজী সংস্কৰণৰ অসমীয়া অনুবাদ


আদৰণীয় অধ্যক্ষ মহোদয়া, মই আপোনাৰ লগতে সংসদৰ সকলো মাননীয় সদস্যৰ প্রতি কৃতজ্ঞতা জনাইছো আৰু আজি সকলোৱে আগষ্ট বিপ্লৱক লৈ গৌৰৱ অনুভৱ কৰো আৰু আমি সৌভাগ্যবান যে আজি এই পবিত্র সংসদত উপস্থিত থাকি সেই বীৰ স্বাধীনতা সংগ্রামীসকলক স্মৰণ কৰাৰ সুযোগ পাইছো। আমাৰ মাজত আজিও এনে বহু লোক আছে, যিসকলৰ স্মৃতিত আগষ্ট বিপ্লৱৰ ৯ আগষ্টৰ দিনটো জলজল পটপটকৈ মনত আছে। বাকীসকলৰ ক্ষেত্রতো এই বিপ্লৱক স্মৰণ কৰা, এনে গুৰুত্বপূর্ণ ঘটনাক বাৰম্বাৰ স্মৰণ কৰাৰ প্রয়োজন আছে। ভাল ঘটনা বাৰে বাৰে স্মৰণ কৰিলে জীৱনত এক নতুন উদ্দীপনা জাগি উঠে, ৰাষ্ট্র জীৱনকো নতুন শক্তি যোগায়। তেনেদৰেই আমাৰ নৱ প্রজন্মক এই ধৰণৰ উদ্দীপনা জগাই তোলাটো আমাৰেই কর্তব্য। প্রজন্মৰ পৰা প্রজন্ম ধৰি ইতিহাসৰ এক সোনালী পৃষ্ঠাক, তৎকালীন পৰিৱেশক, আমাৰ মহাপুৰুষসকলৰ আত্মবলিদানক, কর্তব্যক, সামর্থ্যক, ভৱিষ্যৎ প্রজন্মৰ ওচৰলৈ নিয়াৰ দায়িত্ব প্রত্যেকৰে আছে।

 

আগষ্ট বিপ্লৱৰ ২৫সংখ্যক বর্ষপূর্তি, ৫০সংখ্যক বর্ষপূর্তিত সকলো দেশবাসীয়ে সেই ঘটনাসমূহত স্মৰণ কৰি আহিছে। আজি ৭৫তম বর্ষপূর্তি, মই ইয়াক অত্যন্ত গুৰুত্বপূর্ণ বুলি গণ্য কৰো। সেইবাবে মই অধ্যক্ষ মহোদয়াৰ ওচৰত কৃতজ্ঞ যে আমি এনেকৈ উদযাপনৰ সুযোগ পাইছোঁ।

 

দেশৰ স্বাধীনতা আন্দোলনত ৯ আগষ্টত আৰম্ভ হোৱা এই আন্দোলনে ইমান তীব্র আৰু ব্যাপক ৰূপ ধাৰণ কৰিছিল যে ইংৰাজসকলে সেয়া কল্পনাও কৰা নাছিল।

 

মহাত্মা গান্ধীকে ধৰি সকলো অগ্রজ নেতাক ইংৰাজে জেলত ভৰ্তি কৰিলে, বহু নতুন যুৱকে নেতৃত্বৰ দায়িত্ব কান্ধ পাতি লৈ আগুৱাই আহিল, লালবাহাদুৰ শাস্ত্রী, ৰাম মনোহৰ লোহিয়া, জয়প্রকাশ নাৰায়ণৰ দৰে বহু নতুন নেতাই সেই শূন্যতা পূৰণ কৰি আন্দোলনক আগুৱাই নিলে। ইতিহাসৰ সেই ঘটনাসমূহৰ পৰা আমি কেনেদৰে জনমানসত এক নতুন প্রেৰণা, নতুন সামর্থ্য, নতুন সংকল্প, নতুন কর্তব্যবোধ জগাই তুলিব পাৰো–সেই প্রচেষ্টা প্রতিনিয়ত চলাই থাকিব লাগিব।

 

১৯৪৭ চনত আমাৰ দেশ স্বাধীন হৈছিল। ১৮৫৭ৰ পৰা ১৯৪৭লৈকে ভাৰতৰ স্বাধীনতা আন্দোলনৰ নানা পর্যায়ত আমি বহু পৰাক্রমৰ কথা জানো, বহুজনে আত্মাবলিদান দিলে, বহু উত্থান-পতনো হ’ল। কিন্তু ’৪৭ৰ স্বাধীনতাৰ পূৰ্বে ’৪২ৰ ঘটনাক্রমৰ তীব্রতা আৰু ব্যাপকতাৰ প্রভাৱ অপৰিসীম। সেই ব্যাপক গণআন্দোলন, গণসংঘর্ষৰ পাছত স্বাধীনতাৰ বাবে কেৱল অপেক্ষা আছিল। ১৮৫৭ৰ স্বাধীনতা সংগ্রামৰ সময়তে প্রথম দেশৰ প্রতিটো প্রান্তত স্বাধীনতাৰ শংখধ্বনি বাজি উঠিছিল। তাৰপাছত মহাত্মা গান্ধী বিদেশৰ পৰা ঘুৰি আহে। লোকমান্য তিলকৰ পূর্ণ স্বৰাজৰ সেই বিখ্যাত ঘোষণা– ‘স্বাধীনতা আমাৰ জন্মগত অধিকাৰ’, ১৯৩০ চনত মহাত্মা গান্ধীৰ নেতৃত্বত দাণ্ডি যাত্ৰা, নেতাজী সুভাষ চন্দ্র বসুৰ নেতৃত্বত আজাদ হিন্দ ফৌজ গঠন, ভগৎ সিং, সুখদেৱ, ৰাজগুৰু, চন্দ্রশেখৰ আজাদ, চাফেকৰ ভাইৰ দৰে অসংখ্য নবীন বীৰৰ আত্মবলিদান–এই সকলো মিলিয়েই ভাৰতৰ স্বাধীনতাৰ আন্দোলন গঢ় লৈছিল। ১৯৪২ চনৰ আন্দোলনত অংশগ্রহণকাৰীয়ে ভাবিছিল ‘এতিয়া নহ’লে আৰু কেতিয়াও নহয়’। সেইবাবে দেশৰ প্রায় প্রত্যেকজন ব্যক্তিয়ে এই আন্দোলনত জঁপিয়াই পৰিছিল। এটা সময়ত বোধ হৈছিল স্বাধীনতা আন্দোলন বুজি অভিজাত সম্প্রদায়ৰ দ্বাৰা পৰিচালিত হৈছিল। কিন্তু বিয়াল্লিশৰ বিপ্লৱত দেশৰ এনে কোনো স্থান বাকী নাছিল, এনে কোনো শ্ৰেণী বাকী নাছিল, এনে কোনো সামাজিক অৱস্থা বাকী নাছিল, যিসকলে ইয়াত ভাগ লোৱা নাছিল আৰু তেওঁলোকে গান্ধীজীৰ আহ্বান অবিহনেই আন্দোলনত জঁপিয়াই পৰিছিল। সেই আন্দোলন, যাৰ অন্তিম স্বৰ আছিল ‘ভাৰত ত্যাগ’। আটাইতকৈ ডাঙৰ কথা আছিল নিজৰ চৰিত্র আৰু চিন্তাধাৰাৰ বিৰুদ্ধে গৈ মহাত্মা গান্ধীৰ সৈতে হুংকাৰ দিছিল ‘কৰিম অথবা মৰিম! সেই আন্দোলনৰ সফলতাত তেওঁলোকৰ মুখত উচ্চাৰিত হৈছিল, ‘আজিৰ পৰা আপোনালোক প্রত্যেকেই নিজকে স্বাধীন মহিলা অথবা পুৰুষ ভাবক আৰু স্বাধীন মানুহৰ দৰেই কাম কৰা উচিৎ। মই পূর্ণ স্বাধীনতাৰ নোপোৱালৈকে ক্ষান্ত নহ’ও। আমি কৰিম, নহ’লে মৰিম’! এই বক্তব্যৰ জৰিয়তে বাপুজীক স্পষ্ট কৰি দিয়ে যে তেওঁ অহিংসাৰ পথ ত্যাগ কৰিব। কিন্তু সেই পৰিস্থিতিত জনসাধাৰণৰ প্রত্যাশাৰ চাপ এটাই আছিল যে বাপুজীয়েও তেওঁলোকৰ প্রত্যাশাৰ অনুকূল শব্দ প্রয়োগ কৰিব লগা হৈছিল।

 

সেই সময়ত গাঁৱে গাঁৱে কৃষক, মজদুৰ, শিক্ষক আৰু ছাত্রসকলো এই আন্দোলনত জঁপিয়াই পৰিছিল। বাপুজী উদ্বুদ্ধ হৈ কৈছিল ইংৰাজসকলৰ হিংসাৰ বলি হৈ কোনো ভাৰতীয় শ্বহীদ হ’লে তেওঁৰ শৰীৰত এখনি পোষ্টাৰ লগাই দিয়া হ’ব, ‘কৰিম অথবা মৰিম– আৰু এয়াই স্বাধীনতা আন্দোলনত শ্বহীদৰ ক্ষেত্ৰত হৈছিল।! এইদৰেই বাপুজীয়ে সেই আন্দোলনক নতুন উচ্চতা প্রদান কৰে। তাৰেই পৰিণাম স্বৰূপে ভাৰত মাতা পৰাধীনতাৰ শিকলিৰ বান্দোন মুক্ত হয়। দেশে সেই মুক্তিৰ বাবে ছটফট কৰিছিল। নেতাৰ পৰা নাগৰিক কাৰো ভাৱনাত একো পাৰ্থক্য নাছিল মই লক্ষ্য কৰিছো দেশে যেতিয়া থিয় হয়, সমূহৰ সম্মিলিত শক্তি মহীয়ান হৈ উঠে, লক্ষ্য নির্ধাৰিত হয় আৰু সেই লক্ষ্য পূৰণৰ বাবে মানুহে কৃতসংকল্প হৈ বীৰদর্পে আগুৱাই যায়। ১৯৪২ৰ পৰা ১৯৪৭চনৰ মাজত এই সম্মিলিত শক্তিবোৰে শৃঙ্খলা ভাঙি পেলায় আৰু ভাৰত মাতাই স্বাধীন হয়। সেই সময়ত ৰামবৃক্ষ বেণীপুৰীয়ে এখন গ্ৰন্থত লিখিছিল, সেয়া হৈছে ‘শিকলি আৰু বেৰ’ তেওঁ তাত লিখিছে যে ‘সমগ্ৰ দেশতে এক অদ্ভুত পৰিৱেশ গঢ়ি উঠিছে। প্রত্যেক ব্যক্তি নেতা হৈ উঠে আৰু দেশৰ প্রত্যেক গাওঁ আৰু চহৰৰ প্রতিটো চৌ-মাথা ‘কৰিব অথবা মৰিব’ আন্দোলনলৈ পৰিণত হয়। সমগ্ৰ দেশত বিপ্লৱৰ জুঁইত জঁপিয়াই পৰে। বিপ্লৱৰ এই জুঁই সমগ্ৰ দেশতে উমি উমি জ্বলি উঠে। বোম্বাইয়ে পথ দেখুৱালে। অহা-যোৱাৰ সকলো পথৰুদ্ধ হৈ গ’ল। কর্ট কাছাৰীত খাও খাও মুৰ্তি। ভাৰতীয়সকলৰ বীৰত্ব আৰু ব্রিটিছ চৰকাৰৰ নৃশংসতাৰ বাতৰি সর্বত্ৰে বিয়পি পৰিল। সাধাৰণ মানুহে গান্ধীজীৰ ‘কৰিম অথবা মৰিব’ মন্ত্রক হৃদয়ত স্থান দিলে”।

সেই সময়ৰ কথা বৰ্ণনা কৰা এই গ্ৰন্থখনি পঢ়িলে গম পোৱা যায় কেনে এক পৰিস্থিতি সৃষ্টি হৈছিল আৰু ব্রিটিছ শাসকসকলৰ সূত্রপাত ভাৰততে হৈ ইয়াতে সমাপ্তি ঘটিছিল। ভাৰতৰ স্বাধীনতা কেৱল ভাৰতৰেই স্বাধীনতা নাছিল। ১৯৪২ৰ পাছত বিশ্বৰ যি ভূ-ভাগত আফ্রিকা আৰু এছিয়াৰ নানা দেশত ঔপনিবেশিক শাসন আছিল–সর্বত্রে স্বাধীনতা আন্দোলনৰ প্রেৰণা হৈ পৰে ভাৰতৰ আগষ্ট বিপ্লৱ। সেইবাবে ভাৰতৰ স্বাধীনতাৰ স্পৃহাই সেইবোৰ দেশৰ মানুহক উদ্বুদ্ধ কৰি স্বাধীনতা সংগ্রামী কৰি তোলে। যিকোনো ভাৰতীয়ই তাক লৈ গৌৰৱ কৰিব পাৰে। ভাৰত স্বাধীন হোৱাৰ লগে লগে তেওঁলোকৰ স্বাধীনতাৰ আন্দোলন ইমান তীব্র হৈ উঠে যে এখনৰ পাছত এখন দেশত ঔপনিবেশিক শাসন এৰি নিজ দেশলৈ ঘুৰি যাবলৈ বাধ্য হয়। এখনৰ পাছত এখন দেশে স্বাধীন হয়। কেই বছৰমানৰ ভিতৰতে বিশ্বৰ প্রায়বোৰ দেশ স্বাধীন হৈ পৰে। ই আমাৰ বাবেও শিক্ষাৰ বিষয় হৈ উঠে, যেতিয়া আমি সকলোৱে মিলি শপত লৈ সম্পূর্ণ সামর্থ্যৰে নির্ধাৰিত লক্ষ্য প্রাপ্তিৰ বাবে একত্ৰিত হও, এই দেশৰ শক্তি তেতিয়া ইমানেই বৃদ্ধি পায় যে আমি দেশকে যিকোনো সংকটৰ পৰা মুক্ত কৰিব পাৰো, দেশক নতুন লক্ষ্যৰ বাবে প্রস্তুত কৰিব পাৰো, ইতিহাস সাক্ষী আৰু সেইবাবেই সেই সময় এই আন্দোলনৰ নেতৃত্বপ্রদানকাৰী বাপুজীৰ ব্যক্তিত্ব সম্পর্কে বিশিষ্ট কবি মোহনলাল দ্বিবেদী এটি কবিতা বাপুজীৰ নামত উৎসর্গা কৰিছিল। ইয়াত তেওঁ লিখিছিল:

‘চল পড়ে যিধৰ দো ডগ, মগ মেঁ

চল পড়ে কোটি পগ উচি ঔৰ

গড় গই যিধৰ ভী এক দৃষ্টি

গড় গয়ে কোটি দৃগ উচি ঔৰ’

 অর্থাৎ যি পথেৰে গান্ধীজীৰ ভৰি দুখন আগুৱাইছে, নিজে নিজেই কোটি কোটি খোজ সেই পথ লৈছে। যিফালে গান্ধীজীয়ে দৃষ্টি দিছে, কোটি কোটি লোকে তালৈকে চাইছে। আজি ২০১৭চনতো আমিৰ স্বীকাৰ কৰিবই লাগিব যে দেশত গান্ধীজীৰ দৰে ব্যক্তিত্বসম্পন্ন কোনো নেতা আমাৰ মাজত নাই, কিন্তু ১২৫ কোটি ভাৰতীয়ই বিশ্বাস কৰে যে আমি সকলোৱে মিলি সেই স্বাধীনতা সংগ্রামীসকলৰ সপোন বাস্তবায়িত কৰিব পাৰিম। ১৯৪২ চনৰ আন্তর্জাতিক প্ৰেক্ষাপটো ভাৰতৰ স্বাধীনতাৰ অনুকূল আছিল। আৰু আজি আমি যেতিয়া ২০১৭ চনত ‘ভাৰত ত্যাগ’ আন্দোলনৰ ৭৫সংখ্যক বর্ষপূৰ্তি পালন কৰিছো, সেই সময়তো বিশ্বত ভাৰতৰ স্বাধীনতা সংগ্রামীসকলৰ কল্পনাৰ ভাৰত গঢ়াৰ, দাৰিদ্র্যমুক্ত দেশ গঢ়াৰ অনুকূল পৰিৱেশ গঢ়ি উঠিছে। আমাৰ সকলোকে ৰাজনীতিৰ ঊর্ধ্বে উঠি এই অনুকূল পৰিৱেশৰ সুযোগ লৈ সাফল্যৰ পথত আগুৱাব লাগিব। মই ভাবো দলতকৈ দেশৰ স্বার্থ ডাঙৰ, ৰাজনীতিতকৈ ৰাষ্ট্রনীতি ডাঙৰ। আমাৰ ওপৰত ১২৫ কোটি ভাৰতীয়ৰ আশা আছে, এই ভাৱনা মনত লৈ আমি সকলোৱে মিলি আগুৱাই গ’লে, মিলাপ্ৰীতিৰে কাম কৰিলে, এই সমস্যাসমূহৰ সমাধানত সফল হোৱাটো নিশ্চিত। এই কথা আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰো যে দুর্নীতি নামৰ ঘুণপোক আমি দেশৰ পৰা নিঃশেষ কৰিছো। ৰাজনৈতিক দুর্নীতি, সামাজিক দুর্নীতি অথবা ব্যক্তিগত দুর্নীতি; কাল কি হৈছে, কেতিয়া কি কৰিছে এই বিবাদৰ বাবে আমি ভৱিষ্যতত বহু সময় পাম, কিন্তু আজি এই পবিত্র ক্ষণত আহক আমি মিলিতভাবে শপত গ্রহণ কৰো যে আমাৰ সন্মউকত যিমান সমস্যা আছে, দাৰিদ্ৰতা, অপুষ্টি, নিৰক্ষৰতা ইত্যাদিবোৰ আমি সমাধান কৰিমেই। মহাত্মা গান্ধীৰ ‘গ্রাম স্বৰাজ’ৰ সপোন ভাঙি থান বান হৈ গৈছে, গাঁৱৰ মানুহবোৰে কেনেকৈ দলে দলে গাওঁ এৰি আহি চহৰত বসবাস কৰিব ধৰিছে? গান্ধীজীৰ সপোনৰ সেই গাঁৱক আমি পুনৰ নিজৰ মনত পুনর্জীৱিত কৰি নোৱাৰে নে? গাঁৱৰ দুখীয়া, কৃষক, দলিত প্রজন্ম, শোষিত আৰ বঞ্চিতসকলৰ জীৱনৰ মান উন্নয়নৰ বাবে আমি কিবা এটা কৰিব নোৱাৰো নে? এই প্রশ্নৰ বিপৰীতে আমি পৰস্পৰৰ ওপৰত দোষাৰোপ কৰা স্বভাৱ এৰি হাতে হাত ধৰি মিলাপ্ৰীতিৰে কাম কৰিব নোৱাৰো নে? আমি সকলোৱেইতো সেই ১২৫ কোটি মানুহৰ দ্বাৰা নির্বাচিত জনপ্রতিনিদি। আমাৰ পৰস্পৰক সহায়ৰ হাত আগবঢ়াই দেশবাসীৰ উন্নয়নৰ স্বার্থত, দেশৰ উন্নয়নৰ স্বার্থত কাম কৰাৰ এয়াই উপযুক্ত সময়। এই দেশত আমাৰ সকলোৰে অজানিতে কেতিয়াবা অধিকাৰবোধ প্রবল হৈ উঠিছে আৰু কর্তব্যবোধ লুপ্ত হ’ব ধৰিছে। ৰাষ্ট্র জীৱনত, সমাজ জীৱনত অধিকাৰ ভাবৰ এই গুৰুত্বক অক্ষুণ্ন ৰাখি আমি নিজৰ কামত, জনমানসত কর্তব্য বোধক জগাই তুলিব নোৱাৰে নে? সমাজ জীৱনত বহু সমস্যাৰ মূলতে হৈছে আমাৰ অনিয়ন্ত্রিত জীৱন শৈলী। দুর্ভাগ্যবশতঃ আমি নিজেই এনে কিছু আচৰণ কৰো, যিবোৰ ভুল, কিন্তু আমি সেই ভুলৰ সম্পর্কে অজ্ঞাত। আমি প্ৰায়েই ‘লাল সংকেত’ অৱজ্ঞা কৰি গাড়ী চলাও। য’তে-ত’তে থু-পেলাও, তাকলৈ আমি কোনো অপৰাধবোধ নকৰো। হাস্পতালত ডাক্তৰে দিয়া ঔষুধ সেৱন কৰি সুস্থ নহ’লে তাৰ বাবে সকলো সময়তে ডাক্তৰ দায়ী নহয়, সকলো মৃত্যু ডাক্তৰৰ দোষ অথবা হাস্পাতালৰ গাফিলতিত নহয়। কিন্তু সেই মৃত লোকজনৰ আত্মীয়ই গৈ হাস্পাতাল জ্বলাই, ডাক্তৰক মাৰধৰ কৰে। কোনো কাৰণত পথ দুর্ঘটনা হ’লে কেইজনমান মিলি চালকক পিটি পিটি মাৰি পেলায়। আইন মানি চলা নাগৰিকে কেতিয়াও এনে কৰা অনুচিত। অথচ আমি নিজেই এনে ধৰণৰ বহু কু-স্বভাৱৰ বশৱৰ্তী হৈছো।

 

শৌচালয় আৰু পৰিচ্ছন্নতা মজাৰ কথা নহয়। মা-ভনীসকলৰ সমস্যা অনুভৱ কৰিলেই বুজিব যেতিয়া ঘৰত শৌচালয় নাছিল, তেওঁলোকে শৌচ লাগিলেও বাধা দি ৰাখি ৰাতিৰ অন্ধকাৰৰ বাবে অপেক্ষা কৰিব লাগিছিস। সেইবাবে আমি শৌচালয় নির্মাণক অগ্রাধিকাৰ দিছো। কিন্তু তাতোকৈ ডাঙৰ কাম হ’ল সমাজৰ মানসিকতাৰ পৰিৱর্তন, সজাগতা বৃদ্ধি কৰা। এই কাম আইন প্রণয়ন কৰিলেও নহয়। আইনে নিয়ম ৰক্ষাত সহায় কৰিব পাৰে, কিন্তু মানুহৰ মনত কর্তব্যবোধ জাগ্রত কৰিব পাৰিলে অধিক ইতিবাচক ফল পোৱা যাব। আমি দেশৰ মা-ভনীসকলক ঘৰ বন্দী কৰি, লেখা-পঢ়া শিখিবলৈ নিদি সমাজৰ বোজা বনাই ৰাখিছো।

 

তেওঁলোকক শিক্ষিক কৰি তুলিব পাৰিলে আমাৰ দেশ অধিক শক্তিশালী হৈ পৰিব। স্বাধীনতা সংগ্রামৰ সময়ত মহাত্মা গান্ধীয়ে মা-ভনীসকলৰ অংশগ্রহণক গুৰুত্ব দিছিল, আৰু বহু ঠাইত একাংশ মহিলাই এই আন্দোলনত জঁপিয়াই পৰিছিল। তেওঁলোকৰ কৰ্তব্যবোধ জাগ্ৰত হ’লে, দেশৰ উন্নতিত কোনো কাৰকে বাধা দিব নোৱাৰে।

 

এই কথা সত্য যে ১৮৫৭ৰ পৰা ১৯৪২ৰ মাজত স্বাধীনতা আন্দোলনৰ বিভিন্ন পর্যায়ত বহু উত্থান-পতন হৈছে, বহু প পৰিৱ্তন হৈছে, কেতিয়াবা হিংসা, কেতিয়াবা অহিংসাত প্ৰধান্য দিয়া হৈছে। সকলোতে আমাৰ দেশৰ জনতাৰ অংশগ্ৰহনে এই আন্দোলন কেতিয়াও থমকি ৰোৱা নাছিল। ১৯৪২ চনত ই তীব্ৰ ৰূপ ধাৰণ কৰি ১৯৪৭চনত দেশে স্বাধীনতা অৰ্জন কৰে।

 

আমাৰ সমাজ জীৱনতো তেনেকৈয়ে যোৱা ১০০-২০০ বছৰৰ ইতিহাস ধীৰগতিত আগুৱাই গৈছে। প্রায় সমগ্ৰ পৃথিৱীতে এই অৱস্থা আছিল। কিন্তু যোৱা ৩০-৪০ বছৰত সমগ্ৰ পৃথিৱী ইয়াৰ দ্রুত পৰিৱর্তন আহে, সমাজ জীৱনত প্রযুক্তিৰ ব্যৱহাৰ বৈপ্লৱিক মাত্রাত বৃদ্ধি পায়। প্রযুক্তিৰ ব্যৱহাৰত সমগ্ৰ পৃথিৱীতে অকল্পনীয় গতিত সকলোৰে পৰিৱৰ্তন হয়।

 

‘ভাৰত ত্যাগ’ আন্দোলনৰ ৭৫ বছৰৰ পৰা স্বাধীনতা আন্দোলনৰ ৭৫ বছৰৰ মাজৰ সময়খিনি ১৯৪২ ৰ পৰা ১৯৪৭ৰ মাজৰ সময়ৰ দৰে উন্নয়ন সাধন হ’ব লাগিব। এই সময়ছোৱাত আমাৰ দায়িত্ব পালনৰ সময় হৈ উঠিব। আমি যদি ভাৰতক সেই উচ্চতালৈ নিব পাৰো, তেতিয়া হ’লে বিশ্বৰ বহু দেশকে আমি সহায় কৰিব পাৰিম, মানৱতাৰ উন্নয়নত নেতৃত্ব দিব পাৰিম, প্রযুক্তিৰ ব্যৱহাৰত নেতৃত্ব দিব পাৰিম। সেইবাবে সম্মিলিত ইচ্ছাশক্তিক জাগ্রত কৰিব লাগিব, দেশক সংকল্পৱদ্ধ কৰি তুলিব লাগিব, দেশৰ মানুহৰ কাষত থিয় দিব লাগিব, তেওঁলোকৰ সৈতে একেলগে আগুৱাই যাব লাগিব। সেইবাবে এই পাঁচ বছৰত আমি যদি কিছু উন্নয়নমুলক কাম কৰিব পাৰো, তেনেহ’লে মোৰ বিশ্বাস আমি বহু গুৰুত্বপূর্ণ কাম কৰিব পাৰিম।

 

আমি শেহতীয়াকৈ দেখিছো, জিএছটি’ৰ ক্ষেত্রত; মই বাৰে বাৰে কৈছো যে এয়া মোৰ কোনো ৰাজনৈতিক বিবৃতি নহয়, এটা আমাৰ দৃঢ় বিশ্বাস যে জিএছটি কোনো নির্দিষ্ট চৰকাৰৰ সাফল্য নহয়। কোনো ৰাজনৈতিক দলৰ সাফল্য নহয়। ৰাজনীতি নির্বিশেষে এই সংসদ ভৱনত উপস্থিত সকলো সাংসৰ ইচ্ছাশক্তিৰ পৰিণাম এই জিএছটি। দেশৰ সকলো ৰাজ্যৰ শাসক আৰু বিৰোধী পক্ষৰ সকলো বিধায়কৰ ইচ্ছাশক্তিৰ পৰিণাম এই জিএছটি। দেশৰ সাধাৰণ ব্যবসায়ীসকলৰ সহযোগিতাত গঢ়ি উঠিছে এই একক কৰ ব্যৱস্থা। যি দেশৰ ৰাজনৈতিক নেতৃত্ব নিজৰ ৰাজনৈতিক মতভেদ ভুলতে দেশৰ স্বার্থত এনেকৈ গুৰুত্বপূর্ণ সিদ্ধান্ত ল’ব পাৰে, নিজৰ দায়িত্বপালন কৰিব পাৰে, সেইদেশৰ ফালে বিশ্ববাসীয়ে সমীহ কৰিবলৈ বাধ্য। জিএছটি বিশ্ববাসীৰ ওচৰত এক আশ্চর্যজনক কৰ ব্যৱস্থা, এই দেশৰ জনসংখ্যা, আকাৰ আৰু ভৌগোলিক বিশালতা তথা বৈচিত্ৰপূৰ্ণ হোৱা সত্ত্বেও আমি যেতিয়া এনে গুৰুত্বপূর্ণ সিদ্ধান্ত ল’ব পাৰিছো, ১২৫ কোটি মানুহৰ জনপ্রতিনিধি ৰূপে আমি একেলগে বহি দেশেৰ স্বার্থত এনেকৈয়ে বহু সিদ্ধান্তই ল’ব পাৰিম। ১২৫ কোটি দেশবাসীৰ সৈতে ২০২২ চনৰ ভিতৰত নতুন ভাৰতৰ সপোন বাস্তবায়িত কৰাৰ শপত ল’লে, মোৰ বিশ্বাস, আমি ফলাফল নিশ্চয় পাম।

 

মহাত্মা গান্ধীৰ আহ্বান আছিল– ‘কৰিম অথবা মৰিম। ২০১৭ৰ পৰা ২০২২চনৰ ভিতৰত আমি শপত ল’ব লাগিব যে আমাৰ দেশৰ পৰা দুর্নীতি নিৰ্মূল কৰিম আৰু সেয়া কৰিহে এৰিম। আমি সকলোৱে মিলি দেশৰ নবীন প্রজন্মৰ স্বৰোজগাৰৰ সুযোগ প্ৰদান কৰিহে এৰিম। আমি সকলোৱে মিলি দেশৰ পৰা অপুষ্টি সমস্যা দূৰ কৰিহে এৰিম। আমি সকলোৱে মিলি মহিলাসকলক আগুৱাই যোৱাৰ পথত সকলো শৃঙ্খলমুক্ত কৰিম আৰু কৰিহে এৰিম। আমি সকলোৱে মিলি দেশৰ পৰা নিৰক্ষৰতা দূৰ কৰিহে এৰমি। আৰু বহু বিষয় আছে; সেয়েহে যেনেকৈ সেইসময়ৰ মন্ত্র আছিল ‘কৰিম অথবা মৰিম’ আৰু আজি পৰা ২০২২ চনৰ ভিতৰত আমাৰ মূলমন্ত্র হোৱা উচিৎ ‘কৰিম আৰু কৰিহে ক্ষান্ত হ’ম’। এই সংকল্পলৈ আমি আগুৱাই যাম। এই সংকল্প কোনো দলীয় নহয়, কোনো চৰকাৰৰ নহয়; এই সংকল্পক ১২৫ কোটি ভাৰতীয়ৰ সংকল্পত পৰিণত কৰিবলৈ, ১২৫ কোটি জনতাৰ প্রতিনিধি হিচাবে আমাৰ মিলিত সংকল্পৰ ভূমিকা অপৰিহাৰ্য। মোৰ বিশ্বাস সংকল্পৰ পৰা সিদ্ধি পাঁচ বছৰত পৰিণত হ’ব ২০১৭ ৰ পৰা ২০২২ ৰ ভিতৰত। আহক, আমি সকলোৱে আজি আগষ্ট বিপ্লৱৰ সেই মহাপুৰুষসকলক স্মৰণ কৰি, তেওঁলোকৰ ত্যাগ, তপস্যা, আত্মবলিদান’ক স্মৰণ কৰি, তেওঁলোকৰ পুণ্য স্মৃতিৰ পৰা আশীর্বাদ গ্রহণ কৰো। কিছু বিষয়ত সহমত হৈ দেশক নেতৃত্ব দি, দেশক সমস্যামুক্ত কৰক। স্বপ্ন, সামর্থ্য, শক্তি আৰু লক্ষ্য পুৰণৰ বাবে আগুৱাই যাও! এই আশা লৈ পুনৰবাৰ অধ্যক্ষ মহোদয়াক কৃতজ্ঞতা জনোৱাৰ লগতে স্বাধীনতা সংগ্রামীসকলকো প্রণিপাত জনাইছো। 

*******

AKT/AK/MG/IG/DB