Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত-মালদ্বীপৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৬০ বছৰীয়া জয়ন্তী উপলক্ষে স্মাৰক ডাকটিকট মুকলি

ভাৰত-মালদ্বীপৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৬০ বছৰীয়া জয়ন্তী উপলক্ষে স্মাৰক ডাকটিকট মুকলি


ভাৰত-মালদ্বীপৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৬০ বছৰীয়া জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মালদ্বীপ গণৰাজ্যৰ মহামহিম ৰাষ্ট্ৰপতি   ড° মহম্মদ মুইজ্জুৱে  স্মাৰক ডাকটিকট মুকলি কৰে।

 

দুয়োখন দেশৰ মাজত  যুগ যুগ ধৰি চলি অহা দ্বিপাক্ষিক সম্পৰ্কক প্ৰতিফলিত কৰা স্মাৰক  ডাকটিকটসমূহত কেৰালাৰ বেইপুৰৰ ঐতিহাসিক হাতেৰে নিৰ্মিত বৃহৎ কাঠৰ নাও ধো উৰু আৰু মালদ্বীপৰ পৰম্পৰাগত মাছ ধৰা নাও – ভাধু ধোনীৰ ছবি অংকন কৰা হৈছে। যুগ যুগ ধৰি ভাৰত মহাসাগৰৰ বাণিজ্যৰ অংশ হৈ আহিছে এই নাওসমূহ। মালদ্বীপৰ পৰম্পৰাগত মাছ ধৰা নাও – ভাধু ধোনি – ৰিফ আৰু উপকূলীয় এলেকাত মাছ ধৰাৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াত মালদ্বীপৰ চহকী সামুদ্ৰিক ঐতিহ্য আৰু দ্বীপৰ জীৱন তথা সাগৰৰ মাজৰ ঘনিষ্ঠ বন্ধন চিত্ৰিত কৰা হৈছে।

১৯৬৫ চনত স্বাধীনতা লাভ কৰাৰ পিছত মালদ্বীপৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থাপন কৰা প্ৰথম দেশসমূহৰ ভিতৰত ভাৰত অন্যতম ।

 

****

MJPS/VJ/DM