Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত ৰত্ন শ্ৰী কৰ্পূৰী ঠাকুৰৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰত ৰত্ন বঁটা বিজয়ী শ্ৰী কৰ্পূৰী ঠাকুৰক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে সমাজৰ নিপীড়িত, বঞ্চিত আৰু দুৰ্বল শ্ৰেণীৰ উত্থান কৰ্পূৰী ঠাকুৰৰ ৰাজনীতিৰ মূল বিষয় আছিল। তেওঁ উল্লেখ কৰে যে জননায়ক কৰ্পূৰী ঠাকুৰক তেওঁৰ সৰলতা আৰু জনসেৱাৰ প্ৰতি আজীৱন সমৰ্পণৰ বাবে সদায় স্মৰণ আৰু অনুকৰণ কৰা হ’ব।

 প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত কয়;

 

‘বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভাৰত ৰত্ন জননায়ক কৰ্পূৰী ঠাকুৰজীক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। সমাজৰ নিপীড়িত, বঞ্চিত আৰু দুৰ্বল শ্ৰেণীৰ উত্থান তেওঁৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু আছিল। ৰাজহুৱা সেৱাৰ প্ৰতি তেওঁৰ সৰলতা আৰু সমৰ্পণৰ বাবে তেওঁক সদায় স্মৰণ আৰু অনুকৰণ কৰা হ’ব’।

*****

MJPS/ST/MK