পি এম ইণ্ডিয়া
উত্তৰ-পূৱত স্মাৰ্ট প্ৰশাসনৰ এই নতুন অধ্যায়ৰ অংশ হ’বলৈ পাই মই অতিকৈআনন্দিত। গেংটক, নামচি, পাছিঘাট, ইটানগৰ আৰু আগৰতলাতইন্টিগ্ৰেটেড কামাণ্ড এণ্ড কন্ট্ৰ’ল চেন্টাৰৰ সূচনা হৈছে এক অভিনন্দনযোগ্যপদক্ষেপ।
উত্তৰ-পূৱৰ চহৰবোৰৰ আছে দক্ষতাসম্পন্ন মানৱ সম্পদৰ ক্ষেত্ৰত সমগ্ৰঅঞ্চলৰ উন্নয়নৰ কেন্দ্ৰ হিচাপে উদ্ভাসিত হোৱাৰ সম্ভাৱনীয়তা আছে।স্মাৰ্ট চিটি অভিযানে চহৰবোৰক নিজৰ ক্ষমতা আৰু সমস্যাবোৰ চিহ্নিতকৰাত যথেষ্ট সহায় কৰিছে। এই অভিযানে অনুঘটকৰ দৰে জনমত গ্ৰহণৰমাধ্যমেৰে সমস্যাবোৰৰ স্মাৰ্ট সমাধানসূত্ৰ লাভ কৰাত যথেষ্ট সহায় কৰে।
স্মাৰ্ট চিটি কামাণ্ড এণ্ড কন্ট্ৰ’ল চেন্টাৰে ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰিবিভিন্নধৰণৰ সেৱা যোগসূত্ৰক একত্ৰিত কৰে।আৰক্ষী প্ৰশাসন, পৰিবহণ, বিদ্যুৎ, জল, স্বাস্থ্যসেৱা আৰু নিৰাপত্তা ব্যৱস্থা সংক্ৰান্তীয় দপ্তৰসমূহৰ মাজত‘ৰিয়েল টাইম’ বা তাৎক্ষণিক যোগাযোগ স্থাপন কৰাৰ ক্ষেত্ৰত সহায় কৰে এই কেন্দ্ৰসমূহে।
মই বিশ্বাস কৰো যে সঠিক ব্যৱস্থা স্থাপন কৰা হ’লে, প্ৰশাসকসকলে আৰু অধিক সপ্ৰতিভভাৱে চহৰৰ ওপৰত নজৰ ৰাখিব পৰাৰ লগতে সঠিক সময়ত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব।সমগ্ৰ ভাৰততে ইন্টিগ্ৰেটেড কামাণ্ড এণ্ড কন্ট্ৰ’ল চেন্টাৰ স্থাপনৰ কামলৈ গতিআহিছে। ১ মাৰ্চ, ২০১৯-ৰ প্ৰাপ্ত তথ্যানুযায়ী, দেশ জুৰি ১৫খন স্মাৰ্ট চিটিতএই কেন্দ্ৰসমূহে ইতিমধ্যেই কাম কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ উপৰিও আৰু ৫০ টা কেন্দ্ৰ কামো আগবাঢ়িছে।
মোক জানোৱা হৈছে যে, অক্টোবৰ, ২০১৯-ৰ ভিতৰত উত্তৰ-পূৱ ভাৰততপ্ৰথম স্মাৰ্ট কামাণ্ড এণ্ড কন্ট্ৰ’ল চেন্টাৰটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ পৰিব।এই ব্যৱস্থাৰ এক মূল উপাদান হ’ল নাগৰিকসকলৰ সুৰক্ষাত ব্যৱহৃত চিচিটিভি তদাৰকী ব্যৱস্থা। এই ব্যৱস্থাটোৱে অপৰাধ দমনত সহায় কৰিব।
ইন্টেলিজেন্ট ট্ৰেফিক নিয়ন্ত্ৰণ ব্যৱস্থাৰ সহায়েৰে যান বাহনৰ চলাচল সহজ হৈ পৰিব।গোটা আৱৰ্জনা নিয়ন্ত্ৰণৰ ব্যৱস্থাটোৱে চহৰসমূহৰ পৰিচ্ছন্নতা বৃদ্ধি কৰিব। স্মাৰ্ট ষ্ট্ৰীট লাইটিং ব্যৱস্থাই ৰাস্তাঘাটবোৰক আৰু অধিক নিৰাপদ আৰু নাগৰিক অনুকূল কৰি তুলিব। এলইডি ব্যৱস্থাত ৰূপান্তৰৰ মাধ্যমেৰে বিদ্যুত ৰাহি কৰিব পৰাও যাব।
স্মাৰ্ট চহৰবোৰত গুৰুত্বপূৰ্ণ নাগৰিক তথ্য অৱগত কৰাৰো সুবিধা থাকিব।ডিজিটেল ভাৰত অভিযানৰ এক গুৰুত্বপূৰ্ণ অংগ হ’ল দেশৰ প্ৰ্তিগৰাকী লোকৰ ওচৰলৈ ডিজিটেল মাধ্যমৰ সুবিধা প্ৰেৰণ কৰা। ৰাজহুৱা ৱাই-ফাই ব্যৱস্থাৰে নাগৰিকক বিনামূল্যে ইন্টাৰনেট সেৱাৰ সুবিধা প্ৰদান কৰা, এই সকলোবোৰ ব্যৱস্থা প্ৰদান কৰিব পাৰিব এই সুন্দৰ ব্যৱস্থাৰ মাজেৰে।
উত্তৰ-পূৱ ভাৰত পৰিৱেশৰ দিশেৰে যথেষ্ট স্পৰ্শকাতৰ। সেইবাবে পৰিৱেশৰ ওপৰত তদাৰকী ব্যৱস্থা আৰু আপদ নিয়ন্ত্ৰণৰ ব্যৱস্থাসমূহে নাগৰিক আৰু চৰকাৰক সঠিক সময়ৰ ভিতৰত তথ্য প্ৰেৰণ কৰিব। ই নাগৰিক জীৱনৰ সৰ্বাত্মক মান উন্নয়ন ঘটোৱাত সহায় কৰিব।
ইন্টিগ্ৰেটেড কামাণ্ড এণ্ড কন্ট্ৰ’ল চেন্টাৰৰ বিভিন্ন সুবিধাৰ ৰূপায়ণ আৰুব্যৱহাৰ বৃদ্ধি হ’লে, চহৰবোৰত নাগৰিকৰ জীৱন-যাপন আৰু মসৃণ হৈ পৰিব।মোক জনোৱা হৈছে যে, উত্তৰ-পূৱত ১০খন স্মাৰ্ট চহৰত মুঠ ১৫ হাজাৰকোটি টকা ব্যয়েৰে ৫০০টাতকৈও অধিক প্ৰকল্প ৰূপায়ন হোৱাৰ পথত আছে। এনেধৰণৰ ৫৯ টা প্ৰকল্পৰ কামত ইতিমধ্যেই ধন আবণ্টনো দিয়া হৈছে।
ছিকিমৰ নামচাই চহৰত সুসংহত জল সৰবৰাহ প্ৰকল্প, পথত এলইডিলাইট আৰু ফুটপাথৰ কাজ আৰম্ভ হৈ গৈছে বুলি জানিবলৈ পাই মই নথৈ আনন্দিত হৈছো। আমাৰ পাহাৰীয়া চহৰবোৰত পানী হৈছে এক গুৰুতৰ সমস্যা। আৰু এই সমস্যাই ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিববলৈ লৈছে। গেংটকত ইতিমধ্যেই বৰষুণৰ পানী সংৰক্ষণৰ কাম আৰম্ভ কৰা হৈছে। ইয়াতেই বহুখলপীয়া বাহন পাৰ্কিং ব্যৱস্থা ৰূপায়ণৰ কামো আৰম্ভ হৈছে। ইয়াতযান-জঁট হ্ৰাস কৰাৰ বাবে স্মাৰ্ট পাৰ্কিংৰ সুবিধাও আছে।
ভৌগলিক অৱস্থানৰ দিশেৰে আগৰতলা এক বান অধ্যুষিত এলেকা। ইয়াৰ বাবে স্মাৰ্ট চিটি অভিযানৰ আওতাত আগৰতলা প্ৰশাসনে এই সমস্যাসমাধানৰ বাবে বিভিন্ন প্ৰকল্প গ্ৰহণ কৰিছে।স্মাৰ্ট বাট-পথ আৰু ইন্টেলিজেন্ট যান-বাহন চলাচল আৰু পৰিবহণ নিয়ন্ত্ৰণ ব্যৱস্থা ৰূপায়ণৰ মাধ্যমেৰে ইটানগৰ চহৰৰ মাজেৰে পথৰ যোগসূত্ৰ উন্নত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। পাছিঘাট চহৰখন নিজা আবাসগৃহ, শক্তিনিয়ন্ত্ৰণ আৰু ব্যৱসায়-বাণিজ্য ক্ষেত্ৰত উন্নতি সাধনৰ বাবে স্মাৰ্ট চিটিৰ বিভিন্নপ্ৰকল্প গ্ৰহণ কৰা হৈছে।
ইয়াৰ বাবে প্ৰত্যেকখন চহৰে নিজ নিজ সমস্যা চিহ্নিত কৰিছে আৰু এই সমস্যাসমূহৰ সমাধানসূত্ৰ লাভ কৰাৰ দিশে আগবাঢ়িছে। মই আনন্দেৰে লক্ষ্য কৰিছো যে উত্তৰ-পূৱ ভাৰতৰ আৰু পাঁচখন চহৰ ক্ৰমে গুৱাহাটী, আইজল, কহিমা, ইম্ফল আৰু শ্বিলংকো এই একে দিশেৰে আগুৱাই নিয়াৰ কাম আৰম্ভ কৰা হৈছে।
স্মাৰ্ট চিটি অভিযানৰ আওতাত প্ৰকল্প ৰূপায়ণৰ কামলৈ ক্ষীপ্ৰতা অনা হৈছে।মোৰ দৃঢ় বিশ্বাস যে, আমি উত্তৰ-পূৱৰ চহৰকেইখনৰ নাগৰিকসকলক স্বাচ্ছন্দ্য প্ৰদানৰ দিশে ক্ষীপ্ৰতাৰে আগুৱাই লৈ গৈছো। ইয়াৰ ফলত এই অঞ্চলৰ লোকৰ জীৱন-যাপনৰ মান উন্নয়ন আৰু অৰ্থনৈতিক বিকাশ ঘটিব।
*****
AKT/ VJ/RD
I am happy to be part of this new beginning for Smart Governance in the North East.
— PMO India (@PMOIndia) March 7, 2019
The launch of Integrated Command and Control Centres in Gangtok, Namchi, Pasighat, Itanagar and Agartala is a welcome step: PM @narendramodi
The urban centres of the North East, with their pool of skilled human resource, have the potential to emerge as growth hubs for the entire region: PM @narendramodi
— PMO India (@PMOIndia) March 7, 2019
The Smart City Mission enables cities to identify their potential and challenges.
— PMO India (@PMOIndia) March 7, 2019
It catalyses smart solutions for the challenges, through public consultation: PM @narendramodi
Smart City Command and Control Centres use digital technology to integrate different service networks.
— PMO India (@PMOIndia) March 7, 2019
They enable real-time collaboration among departments such as Police, Transport, Power, Water, Sanitation, and Public Safety utilities: PM @narendramodi
The implementation of Integrated Command and Control Centres is gathering pace across India.
— PMO India (@PMOIndia) March 7, 2019
As on the First of March 2019, these Centres have already been operationalized in fifteen Smart Cities. Work is in progress at fifty other Centres: PM @narendramodi
1The North-East is an environmentally sensitive region.
— PMO India (@PMOIndia) March 7, 2019
The Environmental Monitoring System and Disaster Management modules will give real time information to Citizens and Government. It will help improve the overall quality of life of citizens: PM @narendramodi