পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু জিম্বাৱয়েৰ মাজত ভূবিদ্যা, খনি আৰু খনিজাত সামগ্ৰীৰ ক্ষেত্ৰত পুৰ্বে স্বাক্ষৰিত বুজাবুজিৰ চুক্তিপত্ৰত অনুমোদন প্ৰদান কৰে৷ এই বুজাবুজিৰ চুক্তিপত্ৰ ৩ নৱেম্বৰ ২০১৮ তাৰিখে জিম্বাৱয়েৰ হাৰাৰেত স্বাক্ষৰিত হৈছিল৷
উল্লেখযোগ্য বৈশিষ্টঃ
এই বুজাবুজিৰ চুক্তিপত্ৰৰ উদ্দেশ্য হ’ল সম্পদ, আইন আৰু নীতি, সন্মিলনৰ সংস্থা আদিৰ তথ্য বিনিময় কৰি খনি ক্ষেত্ৰত দুয়ো পক্ষৰ মাজত কৌশলৰ বিকাশ, প্ৰযুক্তিৰ বিনিময়, মূল্য সংযোজনৰ উত্তৰণ আৰু বিনিয়োগৰ অৱকাশ বৃদ্ধি কৰা৷ এই ব্যৱস্থাসমূহে তথ্য প্ৰস্তুতি, আৱণ্টন আৰু উদ্ভাৱনৰ ক্ষেত্ৰত যথেষ্ট সহায় আগবঢ়াব৷
লাভসমূহঃ
এই বুজাবুজিৰ চুক্তিপত্ৰৰ দ্বাৰা ভাৰত আৰু জিম্বাৱয়েৰ মাজত নিৰ্ধাৰিত ক্ষেত্ৰত আনুষ্ঠানিক ব্যৱস্থাপনা প্ৰদান কৰাত সহায়ক হ’ব৷
***
AKT/SH/MANN