পি এম ইণ্ডিয়া

মাননীয় ৰাষ্ট্ৰপতি পুটিন,
বন্ধুবৰ্গ,
নমস্কাৰ,
ডোব্ৰে ভিয়েচাৰ!
সমগ্ৰ বিশ্বত য’ত প্ৰথমে সূর্যোদয় হয়, য’ত আমাৰ ৰাছিয়া বন্ধুসকলৰ অদম্য সংগ্রামী স্বভাৱৰ জৰিয়তে বিজয় সমগ্ৰ বিশ্বৰ বাবে প্রেৰণাৰ কাৰণ হৈ পৰে, য’ত একবিংশ শতিকাৰ মানৱজাতিৰ উন্নয়নৰ নতুন কাহিনী লিপিবদ্ধ হয়, তেনে এটা বিশেষ স্থান-ভ্লাডিভষ্টকলৈ আহি মই মই অতিশয় আনন্দিত অনুভৱ কৰিছো আৰু এইটো সম্ভৱ হৈছে মোৰ প্রিয় বন্ধু ৰাষ্ট্ৰপতি পুটিনে মোক আমন্ত্ৰণ জনোৱাৰ কাৰণে। সেইবাবে মই মোৰ বন্ধু ৰাষ্ট্ৰপতি পুটিনক আন্তৰিক ধন্যবাদ জনাইছো৷ ভ্লাদিভোস্তকলৈ প্ৰথম ভাৰতীয় প্ৰধানমন্ত্রী হিচাপে ভ্ৰমণ কৰাৰ সুযোগ কৰি দিয়াৰ বাবেও তেওঁক বহুত ধন্যবাদ জনাইছো৷
ৰাষ্ট্ৰপতি পুটিন আৰ মই কাকতালীয়াভাৱে বিংশতিতম ভাৰত-ৰাছিয়া বার্ষিক সন্মিলনত অংশগ্ৰহণ কৰিছো। ২০০১ চনত ৰাছিয়াত প্ৰথম ভাৰত-ৰাছিয়া বার্ষিক সন্মিলন আয়োজন কৰা হৈছিল। সেই সময়ত মোৰ বন্ধু পুটিন আছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি। ভাৰতৰ প্ৰতিনিধি দলৰ নেতৃত্বত আছিল তদানিন্তন প্ৰধানমন্ত্রী অটল বিহাৰী বাজপেয়ী৷ গুজৰাটৰ মুখ্যমন্ত্রী হিচাপে ময়ো সেই প্ৰতিনিধি দলত আছিলো৷ ৰাষ্ট্ৰপতি পুটিন আৰু মোৰ এই
ৰাজনৈতিক যাত্রাপথত দুখন দেশৰ বন্ধুত্ব আৰু সহযোগিতাৰ সম্পর্ক বৃদ্ধি পাইছে। এই সময়ছোৱাত আমাৰ উভয় দেশৰ বিশেষ কৌশলগত অংশীদাৰিত্বৰ সম্পর্ক কেৱল কৌশলগত বিষয়তেই সীমিত হৈ থকা নাই, বৰঞ্চ সেয়া জনগণৰ উন্নয়নত আৰু তেওঁলোকৰ প্ৰত্যক্ষ সুযোগ সুবিধাৰ সৈতে সম্পৃক্ত হৈ আছে। ৰাষ্ট্ৰপতি পুটিন আৰু মই দুয়ো দেশৰ বিশ্বাস তথা অংশীদাৰিত্বৰ জৰিয়তে এই সম্পর্কক সহযোগিতাৰে নতুন শিখৰলৈ উন্নীত কৰিছো। ইয়াৰ ফলত পৰিমানগত আৰু গুনগত দিশত বিভিন্ন পৰিৱর্তন আহিছে। আমি সহযোগিতাৰ বিষয়টো চৰকাৰী স্তৰৰ বাহিৰেও জনগণ আৰু বেচৰকাৰী উদ্যোগৰ মাজলৈ সম্প্ৰসাৰিত কৰিছো৷ আজি আমি বিভিন্ন বাণিজ্যিক চুক্তি সম্পাদন কৰিছো৷
আজি প্ৰতিৰক্ষাৰ দৰে কৌশলগত ক্ষেত্রত স্বাক্ষৰিত চুক্তিৰ ফলত ৰাছিয়া যন্ত্রাংশৰ স্পেয়াৰ পাৰ্টবোৰৰ বাবে ভাৰতত যৌথ উদ্যোগ গঢ় লৈ উঠিব। ক্রেতা-বিক্রেতাৰ সীমিত সম্পর্কৰ গণ্ডীৰ পৰা বাহিৰ হৈ আহি এই চুক্তি আৰু এইবছৰৰ আৰম্ভণিতে এ কে ২০৩ৰ যৌথ প্ৰচেষ্টাৰ জৰিয়তে আমাৰ প্ৰতিৰক্ষা সহযোগিতা আৰু অধিক শক্তিশালী হৈছে। ৰাছিয়াৰ সহযোগিতাত ভাৰতত পাৰমাণৱিক কেন্দ্ৰ গঢ়ি তোলাৰ প্ৰচেষ্টাই এই ক্ষেত্রত আন এক সহযোগিতাৰ উদাহৰণ৷ আমি এতিয়া এই সম্পর্ক ভাৰতৰ ৰাজ্যসমূহৰ ৰাজধানী আৰু ৰাছিয়াৰ ৰাজধানীৰ পৰা দূৰৱর্তী অঞ্চললৈ লৈ গৈছো৷ ইয়াৰ বাবে আচৰিত প্ৰয়োজন নাই। কাৰণ মই দীর্ঘদিন ধৰি গুজৰাটৰ মুখ্যমন্ত্রী আছিলো আৰু ৰাষ্ট্ৰপতি পুটিনো ৰাছিয়াৰ বিভিন্ন অঞ্চলৰ ক্ষমতা তথা সম্ভাৱনাৰ কথা জানে। সেয়েহে স্বাভাবিকতে তেওঁ ইষ্টাৰ্ন ইক’নমিক ফ’ৰামৰ কথা ভাবিছে আৰু ভাৰতৰ দৰে বৈচিত্ৰপূর্ণ দেশক ইয়াৰ অংশীদাৰ কৰাৰ গুৰুত্ব উপলব্ধি কৰিছে। এইটো নিশ্চিতভাৱে প্ৰশংসনীয় প্ৰচেষ্টা।
তেওঁৰ আমন্ত্ৰণ লাভ কৰি আমি অতি গুৰুত্বসহকাৰে প্ৰস্তুতি আৰম্ভ কৰিলো। সেই কাৰণে ভ্লাদিভষ্টকত ভাৰতৰ বাণিজ্য মন্ত্রী, চাৰিখন ৰাজ্যৰ মুখ্যমন্ত্রী আৰু ১৫০ জনতকৈও অধিক ব্যৱসায়ী আহিছে৷ সূদূৰ প্রাচ্যৰ বিশেষ দূত তথা এই অঞ্চলৰ ১১ জন গভর্নৰৰ সৈতে হোৱা সাক্ষাৎ অতি ফলপ্ৰসূ হৈছে। ৰাজ্য আৰু অঞ্চলসমূহৰ মাজত সম্পর্কৰ নতুন এক কাঠামো গঢ়ি উঠিছে। কয়লা, হীৰা, খনিজ পদার্থ, ৰেয়াৰ আর্থ, কৃষি, কাঠ, মণ্ড আৰু কাগজ তথা পর্যটনৰ দৰে ক্ষেত্রত নতুন নতুন সম্ভাৱনা পৰিলক্ষিত হৈছে। চেন্নাই আৰু ভ্লাদিভষ্টকৰ মাজত সমুদ্ৰ পথৰ প্ৰস্তাৱ কৰা হৈছে। তদুপৰি, আমি আমাৰ দ্বিপাক্ষিক সম্পর্কত আৰু অধিক বৈচিত্ৰময় কৰি ইয়াক নতুন মাত্রা দিছো। অহা ৫ বছৰত সূদূৰ প্রাচ্য আৰু সুমেৰুত হাইড্র’কার্বন আৰু এলপিজিৰ অনুসন্ধানৰ ক্ষেত্ৰত নতুন পৰিকল্পনা কৰা হৈছে। মহাকাশৰ ক্ষেত্রত আমাৰ দীর্ঘদিনীয়া সম্পর্কই নতুন মাত্রা লাভ কৰিছে। মহাকাশলৈ মানুহ পঠোৱাত ক্ষেত্ৰত ভাৰতীয় প্ৰচেষ্টা-গগনায়ন প্ৰকল্পত ভাৰতীয় মহাকাশচাৰীসকলে ৰাছিয়াত প্ৰশিক্ষণ গ্ৰহণ কৰিব৷ পাৰস্পৰিক বিনিয়োগৰ সম্পূৰ্ণ সুবিধা ল’বলৈ আমি বিনিয়োগ সুৰক্ষা সম্পৰ্কীয় চুক্তিও শীঘ্ৰে স্বাক্ষৰ কৰাৰ দিশে আমি অগ্ৰসৰ হৈছো৷ ভাৰতৰ ‘ৰাছিয়া প্লাছ ডেস্ক’ আৰু মুম্বাইত ৰাছিয়াৰ ‘ফাৰ ইষ্ট ইনভেষ্টমেণ্ট এণ্ড এক্সপ’র্ট এজেন্সিয়ে পাৰস্পৰিক বিনিয়োগত সহযোগিতাৰ লক্ষৰে কাম কৰিব।
বন্ধুসকল,
আমাৰ কৌশলগত অংশীদাৰিত্বত আৰু নতুন নতুন সংযোজন হ’বলৈ গৈ আছে। আমাৰ তিনিটা বাহিনীৰ ‘ইন্দ্ৰ-২০১৯’ অনুশীলন আমাৰ ক্ৰমৱর্ধমান আস্থা আৰু বিশ্বাসৰ প্ৰতীক। যেতিয়াই প্ৰয়োজন হৈছে ভাৰত আৰু ৰাছিয়াই তেতিয়াই কান্ধত কান্ধ মিলাই কাম কৰিছে। সুমেৰু-কুমেৰুৰ দৰে দুর্গম স্থানতো এই কাম হৈছে৷ আমাৰ সহযোগিতা আৰু সমন্বয়ে এই ক্ষেত্ৰত অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। সেয়েহে আমি ব্রিকছ, এছচিঅকে ধৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাত সহযোগিতা আগবঢ়াই আহিছো৷ আজি আমি মুক্তভাৱে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় তথা আঞ্চলিক বিষয়ৰ সন্দৰ্ভত আলোচনা কৰিছো। ভাৰতে মুক্ত, নিৰাপদ, ঐক্যবদ্ধ, শান্তিপূর্ণ, গণতান্ত্রিক আফগানিস্তান প্ৰত্যক্ষ কৰিব বিচাৰে৷ আমি দুয়োখন দেশেই যিকোনো দেশৰ আভ্যন্তৰীণ বিষয়ত তৃতীয় পক্ষৰ হস্তক্ষেপৰ বিৰোধিতা কৰো। আমি ভাৰতৰ ইন্দো-প্ৰশান্তমহাসাগৰীয় অঞ্চলৰ মুক্ত তথা সমন্বিত ধাৰণা লৈ আলোচনা কৰিছো। চাইবাৰ নিৰাপত্তা, সন্ত্রাসবাদবিৰোধী, জলবায়ু সুৰক্ষাৰ দৰে বিষয়ত ভাৰত আৰু ৰাছিয়াৰ মাজত সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত আমি সহমতত উপনীত হৈছো৷ অহা বছৰ ব্যাঘ্ৰ সংৰক্ষণৰ বিষয়ত এক উচ্চ পর্যায়ৰ বৈঠকৰ বিষয়তো আমি সহমত প্ৰকাশ কৰিছো৷
পুনৰবাৰ মই মোৰ বন্ধু ৰাষ্ট্ৰপতি পুটিনক মোক জনোৱা নিমন্ত্ৰণ আৰু অভ্যর্থনাৰ বাবে কৃতজ্ঞতা জনাইছো। কাইলৈ ইষ্টাৰ্ন ইক’নমিক ফ’ৰামত মই মোৰ অন্য বন্ধুসকলৰ সৈতে অংশগ্ৰহণ কৰিম৷ অহা বছৰত বার্ষিক বৈঠকত ৰাষ্ট্ৰপতি পুটিনৰ ভাৰত ভ্ৰমণক লৈ মই অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিম৷ ২০২০ চনত ৰাছিয়াই এছচিঅ’ আৰু ব্রিকছৰ নেতৃত্ব প্ৰদান কৰিব৷ মোৰ বিশ্বাস ৰাষ্ট্ৰপতি পুটিনৰ তত্ত্বাৱধানত এই সংগঠনসমূহে সফলতাৰে কাম কৰিব৷ ভাৰত তথা মই ইয়াৰ বাবে সকলোধৰণৰ সাহায্য আগবঢ়াম৷
বহুত বহুত ধন্যবাদ।
স্পাইছিবা বালচোই !!
*****
VRRK/KP/DB