পি এম ইণ্ডিয়া
মঙলবাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ বিলাসপুৰ ভ্ৰমণ কৰিব৷
বিলাসপুৰতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমচৰ আধাৰশিলা স্থাপন কৰিব৷ ৭৫০ খন বিচনাৰ সুবিধাৰে নিৰ্মাণ হ’বলগীয়া এই চিকিৎসালয়খনৰ নিৰ্মাণত ব্যয় কৰা হ’ব প্ৰায় ১৩৫০ কোটি টকা৷ স্বাস্থ্যসেৱাৰ উপৰিও এই চিকিৎসালয়খনে নাৰ্ছিং শিক্ষা তথা স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত মেডিকেল শিক্ষা আগবঢ়াব৷
ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে উনালৈ যাব আৰু তাতেই তেওঁ ভাৰতীয় তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব৷
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভ্ৰমণকালতেই কাংৰাৰ কাণ্ড্ৰোৰীত ষ্টীল অথৰিটি অৱ ইণ্ডিয়া লিমিটেড (SAIL) ৰ এটা তীখা সংসাধন গোট মুকলি কৰিব৷
ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে এখন ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰিব৷
AKT/NT/Rang
PM @narendramodi will visit Bilaspur in Himachal Pradesh today. He will lay the foundation stone for the All India Institute of Medical Sciences (AIIMS), at Bilaspur.
— PMO India (@PMOIndia) October 3, 2017
The 750 bed hospital will be built at a cost of approximately Rs. 1350 crore. In addition to healthcare, it will also provide medical education at the under-graduate and post-graduate level, besides nursing.
— PMO India (@PMOIndia) October 3, 2017
PM @narendramodi will lay the foundation stone for the Indian Institute of Information Technology (IIIT), at Una. PM will also inaugurate a Steel Processing Unit of Steel Authority of India Limited (SAIL), at Kandrori, Kangra. He will later address a public meeting.
— PMO India (@PMOIndia) October 3, 2017