পি এম ইণ্ডিয়া

মোৰ মৰমৰ ভাই-ভনীসকল,
এইটো এক ডাঙৰ সংযোগ যে যোৱা বছৰৰ জানুৱাৰীৰ আৰম্ভণিতে বিজ্ঞান কংগ্রেছৰ অনুষ্ঠান উপলক্ষে আপোনালোকৰ মাজলৈ আহিছিলো আৰু কালি পঞ্জাৱত এই বছৰৰ বিজ্ঞান কংগ্রেছৰ উদ্বোধন কৰি আজি ইয়ালৈ আহিছো৷ আপোনালোকৰ মাজলৈ আহিলে সঁচাকৈয়ে মোৰ খুব আনন্দ লাগে। এইখন দেশ এনে এক স্থানত অৱস্থিত, য’ত প্রত্যেক প্রান্তত বৈচিত্ৰতা মাজত ঐক্য অনুভূত হয়। ইয়াৰ মহিলাসকলেও স্বাধীনতা আন্দোলনক ক্ষুৰধাৰ কৰি তুলিছিল, লক্ষ্য নির্ধাৰণ কৰিছিল। স্বাধীনতা আন্দোলনত জঁপিয়াই পৰি আত্মবলিদান দিয়া সেই ভগ্নীসকল তথা তেওঁলোকৰ সহযোগী প্রতিগৰাকী বীৰ সৈনিকক শিৰ নত কৰি প্রণাম জনাইছো৷
বন্ধুসকল, ইয়াৰ মইৰাঙত অবিভক্ত ভাৰতৰ প্রথম অন্তৰ্ৱতী চৰকাৰ গঠন হৈছিল। আমাৰ উত্তৰ-পূব ভাৰতৰ নাগৰিকসকলে তেতিয়া আজাদ হিন্দ ফৌজৰ প্ৰতি সহযোগিতাৰ হাত আগবঢ়াইছিল। তেতিয়া মণিপুৰীত এটা কথা প্রচলিত আছিল–‘নোন পোক থোং হঙানি’ অর্থাৎ স্বাধীনতাৰ পথ পূর্বৰ দুৱাৰেই খুলিব৷ আজাদ হিন্দ ফৌজে যেতিয়া সেই দুৱাৰ এবাৰ খুলি দিলে, তেতিয়া শত্রুৱে আৰু সেই দুৱাৰ বন্ধ কৰিব নোৱাৰে৷
বন্ধুসকল, যিখন মণিপুৰ তথা উত্তৰ-পূবে ভাৰতত নেতাজীক দেশৰ স্বাধীনতাৰ ‘সিংহদ্বাৰ’ হিচাপে তুলিছিল, আমি এতিয়া এই অঞ্চলক ‘নতুন ভাৰত’ৰ উন্নয়ন গাঁথাৰ মুখ্য অংশ হিচাপে গঢ় দিব বিচাৰো৷ য’ৰ পৰা দেশৰ স্বাধীনতাৰ প্রথম কিৰণ দেখা গৈছিল, তাৰপৰাই নতুন ভাৰতৰ শক্তিশালী ছবি আপোনালোক সকলোৱে নিজৰ চকুৰে স্পষ্ট ৰূপত দেখিবলৈ পাইছে৷
বন্ধুসকল, এই ভাৱনাৰে কিছু সময়ৰ পূৰ্বে ইয়াত প্রায় ১,৫০০ কোটিতকৈও অধিক টকা বিনিয়োগৰ এক ডজন প্রকল্পৰ উদ্বোধন অথবা আধাৰশিলা স্থাপন কৰা হৈছে। সেইবাবে মই মণিপুৰৰ ভাই-ভনীসকলক শুভেচ্ছা জনাইছো। এই প্রকল্পসমূহে আপোনালোকৰ জীৱনক আৰু অধিক সহজ কৰি তুলিব। এইবোৰৰ জৰিয়তে আপোনালোকৰ ল’ৰা-ছোৱালীৰ পঢ়া-শুনা, যুৱ-সম্প্রদায়ৰ কর্মসংস্থাপন, জ্যেষ্ঠ লোকসকলৰ ঔষধ, কৃষকসকলৰ জলসিঞ্চন ব্যৱস্থাৰ সেৱাৰে শক্তিশালী হৈ পৰিব৷
বন্ধুসকল, আপোনালোকে সাক্ষী যে পূর্বৰ চৰকাৰসমূহে মণিপুৰ তথা উত্তৰ-পূর্বাঞ্চলত কি কি কৰিছে। তেওঁলোকৰ এই মনোভাৱে দিল্লীক আপোনালোকৰ পৰা দূৰলৈ লৈ গৈছিল। প্রথমবাৰ মাননীয় অটলবিহাৰী বাজপেয়ীৰ নেতৃত্বাধীন চৰকাৰে এই গুৰুত্বপূর্ণ অঞ্চলক উন্নয়নৰ পথলৈ অনাৰ সূত্রপাত কৰিছিল৷ তেওঁ সেই প্ৰচেষ্টাক বর্তমান কেন্দ্রীয় চৰকাৰে আগুৱাই নিছে। আমি দিল্লীক আপোনালোকৰ দুৱাৰমুখত উপস্থিত কৰোৱাৰ চেষ্টা কৰিছো৷ এতিয়া আৰু পূৰ্বৰ দৰে কেন্দ্রীয় মন্ত্রী অথবা বিষয়াসকলে প্রকল্পৰ ফিটা কাটি সেই দিনাই দিল্লীলৈ ঘূৰি নাযায়। তেওঁলোকে ইয়ালৈ আহি চৰজমিন তদাৰক কৰিব৷ আপোনালোকৰ মাজৰ পৰা আপোনালোকৰ কথা শুনিব, পৰামর্শ আগবঢ়াব, আপোনালোকৰ সমস্যা বুজিব৷
মই নিজেই যোৱা চাৰে চাৰি বছৰত প্রায় ৩০ বাৰ উত্তৰ-পূব ভাৰত ভ্ৰমণ কৰিছো৷ আমাৰ বিষয়াসকলৰ পৰা প্ৰতিবেদনৰ বাবে অপেক্ষা কৰিবলগীয়া হোৱা নাই। পোনপটীয়াভাৱে আপোনালোকৰ পৰা সকলো তথ্য পোৱা যায়। পূৰ্বৰ চৰকাৰসমূহৰ সৈতে বর্তমান চৰকাৰৰ এয়াই পার্থক্য। এনে নিৰন্তৰ প্রচেষ্টাৰ জৰিয়তে আমি এই অঞ্চলৰ বিচ্ছিন্নতাবাদক প্রতিহত কৰি একতাৰ জৰীৰে বান্ধিবলৈ সক্ষম হৈছো৷
আজি উত্তৰ-পূব ভাৰত পৰিৱর্তনৰ পোহৰেৰে উদ্ভাসিত হৈ উঠিছে। ৩০ৰ পৰা ৪০ বছৰ ধৰি অসমাপ্ত হৈ থকা, আটকি থকা প্রকল্পসমূহ এতিয়া অগ্রাধিকাৰভিত্তিত সম্পূর্ণ কৰা হৈছে৷ দেশৰ যি ১৮ হাজাৰ গাঁও অভিলেখপূৰ্ণ সময়ত বৈদ্যুতিকীকৰণৰ জৰিয়তে অন্ধকাৰৰ পৰা মুক্তি প্রদান কৰাটো সম্ভৱ হৈছে, ইয়াৰে ভিতৰত অন্তিম গাঁওখন হ’ল মণিপুৰৰ এই লেইশাং জিলাৰ কাংপোকপি গাঁও। ভাৰতৰ প্রতিখন গাঁৱত বিদ্যুৎ যোগান অভিযানৰ কথা উত্থাপন হ’লেই এতিয়া লেইশাং আৰু মণিপুৰৰ নাম অৱশ্যে মনলৈ আহিব৷
ভাই-ভনীসকল,
আজি মণিপুৰে ১২৫ কোটি টকা বিনিয়োগেৰে নির্মিত ইণ্টিগ্রেটেড চেক পোষ্ট উপহাৰ পাইছে। এয়া কেৱল এটা চেক পোষ্টেই নহয়। কেইবা ডজন সেৱা প্রদানৰ কেন্দ্র। ভাৰত-ম্যানমাৰ সীমান্ত চেকপোষ্টত যাত্রী আৰু বাণিজ্যক উন্নত সেৱা প্রদান কৰিব। ইয়াৰ সমান্তৰালভাৱে, কাষ্টম্ছ ক্লিয়েৰেন্স, বিদেশী মুদ্রা বিনিময়, অভিবাসন সংক্রান্ত ৰেহাইপত্র, এটিএম, বিশ্রাম গৃহ ইত্যাদি সেৱা থাকিব। ইয়াত দেশৰ স্বাধীন ভূখণ্ডৰ প্রতীকস্বৰূপ স্মাৰক নির্মাণ কৰা হৈছে। তাৰ সিফালে জাতীয় পতাকা উত্তোলনৰ ব্যৱস্থা কৰা হৈছে৷
বন্ধুসকল, আজি ইয়াত যিমানবোৰ প্রকল্পৰ উদ্বোধন কৰা হৈছে, সেইবোৰে উন্নয়নৰ প্রতি আমাৰ চৰকাৰৰ দায়বদ্ধতাকে প্ৰতিপন্ন কৰাৰ লগতে পূর্বৰ চৰকাৰসমূহৰ কর্ম-সংস্কৃতিৰ মাজৰ পার্থক্যও অনুভূত হয়৷
ভাই-ভনীসকল,
দোলাইথাবি বান্ধৰ ফাইল ১৯৮৭ চনত খোলা হৈছিল। ১৯৯২ চনত ১৯ কোটি টকা বিনিয়োগেৰে নির্মাণ কার্য আৰম্ভ হৈছে। কিন্তু তাৰপাছত সকলো বাদ পৰে। ২০০৪ চনত ইয়াক বিশেষ অর্থনৈতিক পৰিকল্পনাৰ অংশ কৰা হয় কিন্তু তাৰপাছত পুনৰ ১০ বছৰ অসম্পূৰ্ণ হৈ থাকে। ২০১৪ চনত আমি দায়িত্ব লোৱাৰ পাছত সমগ্ৰ দেশত এইধৰণৰ প্রায় ১০০টা প্রকল্পৰ সমীক্ষা কৰো৷ তাৰপাছত এই প্রকল্পৰ কাম পুনৰ আৰম্ভ কৰা হয়। ১৯ কোটি টকাৰ এই প্রকল্প বাস্তবায়িত কৰিবলৈ খৰচ হয় ৫০০ কোটি টকা। সময়ৰ কাম সময়ত নকৰিলে আমি ‘ক্রিমিনেল নেগলিজেন্স’ বুলি ভাবি লওঁ৷ দেৰি হোৱাৰ ফলত দেশৰ কিমান টকা অধিক খৰচ হ’ল। এই টকা ভাৰতৰ নাগৰিকৰ, আপোনালোকৰ। তেওঁলোকে নষ্ট হ’বলৈ দিলে৷
বন্ধুসকল, এই প্রকল্প আগেয়ে সম্পূর্ণ হোৱা হ’লে ইয়াৰ হাজাৰ হাজাৰ কৃষকে এটোপাল পানীৰ বাবে হাহাকাৰ কৰিব লগা নহ’লহেতেন। এইদৰে ইয়াৰ যুৱসম্প্রদায়ৰ কর্মসংস্থান প্রদানকাৰী থংঘল সুৰ বা ইকো টুৰিজম কমপ্লেক্সও ২০১১ চনতে আৰম্ভ কৰা হৈছিল। ৰাজ্যখনত আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ পাচতে সেই কামত গতি আহে আৰু আজি আপোনালোকৰ সেবাৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিল। তপুলৰ সুসংহত পর্যটনস্থলী প্রকল্পৰ ক্ষেত্রতো একে ঘটনাই ঘটিছে। ২০০৯ চনত আৰম্ভ হ’লেও আমাৰ চৰকাৰ আহিহে ইয়াৰ কাম সম্পূর্ণ কৰিছে৷
বন্ধুসকল, কৃষক হওক অথবা যুৱক-যুৱতীয়েই হওক, বিগত চৰকাৰসমূহৰ কর্মসংস্কৃতি লেহেমীয়া গতিৰ ফলত সকলোৰে ব্যাপক ক্ষতি হৈছে। আমি চৰকাৰ ব্যৱস্থাৰ এই স্থবিৰতা দূৰ কৰি দ্রুত আৰু সময়াসাপেক্ষ কাম কৰাৰ কর্ম-সংস্কৃতি আৰম্ভ কৰাৰ সৎ প্রচেষ্টা গ্ৰহণ কৰিছো। একেই ব্যৱস্থা, একেই বিষয়া, একেই কর্মচাৰী, একেই দপ্তৰ, একেই ফাইল – কেৱল কর্মসংস্কৃতিৰ পৰিৱর্তনৰ জৰিয়তে এই সাফল্য আহিছে৷
বন্ধুসকল, ২০১৪ চনত প্রধানমন্ত্রী হোৱাৰ পাচত মোৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল যে দশক-দশক ধৰি পৰি থকা অসম্পূর্ণ প্রকল্পসমূহ সম্পূর্ণ কৰা। আধাৰশিলাৰ জৰিয়তে ভোটৰ ৰাজনীতিৰ অতীতক পাহৰি যোৱাটো ইমান সহজ নহয়। আপোনালোকে শুনিলে আচৰিত হ’ব, ১০০ কোটিৰ প্রকল্প সম্পূর্ণ কৰিবলৈ তেতিয়া ২০০-২৫০ কোটি টকা খৰচ হৈছিল। এই লোকচান মই মানি ল’ব পৰা নাছিলো। সেইবাবে মই প্রধানমন্ত্রী কার্যালয়ত এটা ব্যৱস্থা গঢ়ি তুলিলো, যথাসম্ভৱ উন্নত প্রযুক্তি ব্যৱহাৰ কৰিলো, ইয়াৰ নাম ৰাখিলো ‘প্রগতি’৷ ‘প্রগতি’ৰ বৈঠকত মই কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে যুক্ত হও। প্রতিটো প্রকল্পক লৈ নিজে প্রশ্নোত্তৰৰ জৰিয়তে তদাৰকী কৰো। ক’ত ক’ত কি কি সমস্যা আছে সেয়া বজাৰ চেষ্টা কৰো। তাৰপাছত সকলোৱে মিলি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সেই সমস্যাবোৰ সমাধানৰ চেষ্টা কৰো। বিষয়াসকলক উৎসাহিত কৰো, বুজাই-বঢ়াই, তেওঁলোকক সম্পূর্ণ সহযোগিতাৰ আশ্বাস দিও৷
বন্ধুসকল, আমাৰ ধাৰাবাহিক বৈঠক চলি থাকে, এতিয়ালৈকে ১২ লাখ কোটি টকাৰ প্রকল্প এইদৰে কালৰ গহ্বৰ পৰা তুলি আনি বাস্তবায়িত কৰাৰ পথত আমি দ্রুতগতিত আগুৱাই গৈছো৷ ফাইলত থকা যিবোৰ প্রকল্পৰ আধাৰশিলাও চুৰি হৈছে, সেইবোৰো বিচাৰি বিচাৰি আৰম্ভ কৰিছো৷ এইদৰে সংশ্লিষ্ট প্রত্যেক বিভাগৰ প্রত্যেক বিষয়াৰে মিলি কাম কৰিলে, কেন্দ্র আৰু ৰাজ্য মিলি কাম কৰিলে, ৰাজ্যৰ সমস্যা কেন্দ্রই বুজিব পাৰিব; এইধৰণৰ এক উত্তৰ যুক্তৰাষ্ট্রীয় সংস্কৃতি আমি গঢ়ি তুলিছো৷
বন্ধুসকল, আমি যে সংকল্প গ্রহণ কৰো, তাকে সিদ্ধ কৰাৰ বাবে প্রাণপনে পৰিশ্রম কৰো। আমি জানো যে কোনো প্রকল্প বাস্তবায়িত কৰাত দেৰি হ’লে আটাইতকৈ বেচি ক্ষতি হয় দেশৰ ভৱিষ্যৎ প্রজন্মৰ। যিসকলে সপোন দেখে কোনোবাই কিবা এটা কৰিব বিচাৰে, তেওঁলোকৰ ক্ষতি হয়। যিসকল দুখীয়ালোকে কষ্টত দিন কটায়, তেওঁলোকেও কষ্ট ভুগিব লগা হয়। সাধাৰণ মানুহৰ ক্ষতি হয়। মই আপোনালোকক কেইটামান উদাহৰণ দিব বিচাৰিছো৷
ছাওমবাঙত আজি মণিপুৰৰ খাদ্য সুৰক্ষাৰ বাবে গুৰুত্বপূর্ণ এফচিআইৰ একটি গুদামঘৰ উদ্বোধন কৰা হৈছে। এই প্রকল্পৰ কাম আৰম্ভ হৈছিল ২০১৬ৰ ডিচেম্বৰত আৰু আজি উদ্বোধন কৰা হৈছে। নির্দিষ্ট সময়ত সম্পূর্ণ হোৱা হ’লে আমাৰ অতিৰিক্ত খৰচ নহ’লহেতেন আৰু মণিপুৰৰ প্রয়োজন অনুসৰি ১০ হাজাৰ মেট্রিক টন অতিৰিক্ত শস্য সংৰক্ষণৰ ব্যৱস্থাৰে নির্মাণ হ’লহেতেন। মণিপুৰৰ সংৰক্ষণ ক্ষমতা দুগুণ কৰাৰ বাবে বহু প্রকল্পৰ কাম চলিছে। সেইবোৰো দ্রুতগতিত সম্পূর্ণ হ’ব৷
তেনেদৰেই উখৰুল আৰু পার্শ্বৱর্তী অঞ্চলসমূহৰ কেইবাহাজাৰ পৰিয়ালৰ খোৱাপানীৰ সমস্যা সমাধানৰ প্রয়োজন দেখি ২০১৫ৰ নৱেম্বৰত এই বাফাৰ ৱাটাৰ ৰিজার্ভাৰ প্রকল্পৰ সূচনা হৈছে। আজি সেয়াও উদ্বোধনো কৰা হৈছে। এই প্রকল্পৰ জৰিয়তে ২০৩৫ চন পর্যন্ত ইয়াৰ প্রয়োজন পুৰোৱাৰ স্থায়ী সমাধান হৈছে৷
চুৰাচান্দপুৰ, জোন থ্রি প্রকল্পৰ কামো ২০১৪ চনত আৰম্ভ হৈছে। আৰু আজি চাৰি বছৰৰ মাজত উদ্বোধনো কৰা হৈছে৷ ইয়াৰ জৰিয়তে ২০৩০-৩১ চনলৈকে এই অঞ্চলৰ হাজাৰ হাজাৰ পৰিয়ালৰ খোৱাপানীৰ প্রয়োজন পুৰাব। লুম্বইয়েৰ স্কুলৰ ছাত্র-ছাত্রীসকল তথা পার্শ্বৱর্তী অঞ্চলৰ হাজাৰ হাজাৰ পৰিয়ালৰ তৃষ্ণা নিবাৰণৰ প্রকল্পৰ কামো আৰম্ভ হৈছিল ২০১৫ চনত। তিনি বছৰৰ ভিতৰত আজি সেইটোও উদ্বোধন হৈছে৷
ভাই-ভনীসকল, চৰকাৰৰ কর্ম-সংস্কৃতি পৰিৱর্তনৰ ফলত আমাৰ চৰকাৰে উত্তৰ-পূব ভাৰতৰ সকলো ৰাজ্যই এনেদৰেই বহু প্রকল্পৰ কাম নির্ধাৰিত সময়ৰ পূৰ্বেই সম্পূর্ণ হৈছে অথবা দ্রুতগতি সম্পূর্ণ হোৱাৰ পথত। কাইলৈ ইয়াত খবাম লামখাইৰ পৰা হন্নাচাং হেগাংলৈকে পথ নির্মাণ, ইম্ফলত সংক্রামক ৰোগ চিকিৎসা কেন্দ্র, নতুন সামূহিক স্বাস্থ্য কেন্দ্র আৰু ক্ষুদ্ৰ ক্ৰীড়া চৌহদৰ কাম আৰম্ভ হ’ব৷
বন্ধুসকল, কেন্দ্রীয় চৰকাৰে হওক অথবা মণিপুৰত বীৰেন সিংহৰ চৰকাৰেই হওক আমাৰ মূলমন্ত্র হ’ল – ‘সবকা সাথ, সবকা বিকাশ’৷ কোনো ব্যক্তি অথবা ক্ষেত্র যেন বাকি নাথাকে, তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে৷
পাহাৰেই হওক অথবা পিছপৰা গাওঁ, ৰাজ্য চৰকাৰৰ জন-অংশীদাৰিত্বক চৰকাৰী প্রকল্পৰ অংশ কৰি তোলাৰ প্রচেষ্টা অতি প্রশংসনীয়। ফলস্বৰূপে, আজি মণিপুৰত হৰতাল আৰু অৱৰোধেৰ দিনবোৰৰ পৰা বাহিৰ হৈ আহি আশা-আকাংক্ষা পুৰণ কৰা আৰম্ভ কৰিছে৷
বন্ধুসকল, উন্নয়নৰ বাবে শান্তি আৰু উন্নত আইন ব্যৱস্থাৰ প্রয়োজনতো থাকেই, যোগাযোগ ব্যৱস্থাৰ উন্নয়নো সিমানেই প্রয়োজন। সেইবাবে আমি যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ জৰিয়তে ৰূপান্তৰণ–এই লক্ষ্যৰে কাম কৰিছো। বিগত চাৰে চাৰি বছৰত সমগ্ৰ উত্তৰ-পূর্বাঞ্চলত প্রায় আঢ়ৈ হাজাৰ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্রসাৰিত হৈছে। ইয়াৰ ভিতৰত মণিপুৰতে ৩০০ কিলোমিটাৰ পথ সম্প্রসাৰিত হৈছে। মণিপুৰৰ ৰাজ্য চৰকাৰৰ সৈতে যুটীয়াভাবে প্রায় ২ হাজাৰ কোটি টকা বিনিয়োগেৰে সেঁতু নির্মাণ প্রকল্পৰ কাম আগবাঢ়িছে৷
বন্ধুসকল, আমি ৰে’লপথৰ জৰিয়তে উত্তৰ-পূর্বাঞ্চলৰ সকলো ৰাজ্যৰ ৰাজধানীক সংযোগ কৰাৰ কাম চলাই আছো। প্রায় ৫০ হাজাৰ কোটি টকাৰ বিনিময়ত ১৫টা ৰে’ল লাইনৰ কাম চলি আছে। মণিপুৰতো জিৰিবামৰ পৰা টুপুল-ইম্ফলৰ মাজত নতুন ৰে’ল লাইন স্থাপন কৰা হৈছে৷ দেশৰ কাৰিকৰী দক্ষতাৰ উদাহৰণ জিৰিবাম-ইম্ফল সেঁতুয়ে উত্তৰ-পূর্বাঞ্চলৰ উন্নয়নত বহুত ডাঙৰ ভূমিকা পালন কৰিব৷
বন্ধুসকল, ৰাইপথ আৰু ৰে’লপথৰ সমান্তৰালভাৱে বিমান সেৱাও উন্নত কৰা হৈছে। ইম্ফল থেকে জিৰিবাম, জমেঙ্গালাঙ্গ এবং মোৰেৰ মতো প্রান্তিক অঞ্চলকে হেলিকপ্টাৰ পৰিষেবাৰ জৰিয়তে যুক্ত কৰা হৈছে। উড়ান যোজনাৰ জৰিয়তে পাঁচটা হেলিপেড নিৰ্মাণ কৰা হৈছে। ইম্ফল আন্তর্জাতিক বিমানবন্দৰ সম্প্ৰসাৰিত কৰা হৈছে। কাইলৈ ইয়াত এয়াৰ কার্গো টার্মিনেলো আৰম্ভ হ’ব। মণিপুৰত হাইৱে, ৰে’লৱে, এয়াৰৱেৰ লগতে আইৱে আৰু ইনফৰমেশন ৱেও গঢ়ি তোলাৰ কাম চলিছে। মণিপুৰৰ সকলো পর্যটন কেন্দ্রক ডিজিটেল ব্র’ডবেণ্ড আইৱেৰ জৰিয়তে সংযোগ কৰা হ’ব। ইয়াৰ জৰিয়তে জনগণে পোনপটীয়াভাৱে বিভিন্ন সামাজিক প্রকল্পৰ দ্বাৰা উপকৃত হ’ব। ইয়াৰ বাবে কেইবা কোটি টকা বিনিয়োগ কৰা হৈছে৷
ভাই-ভনীসকল,
যোগাযোগ ব্যৱস্থাৰ সমান্তৰালভাৱে, বিদ্যুৎ ব্যৱস্থাকো উন্নত কৰা হৈছে। আজি ৪০০ কেভিৰ শিলচৰ-ইম্ফল লাইন দেশবাসীৰ নামত উৎসর্গা কৰা হৈছে। ৭০০ কোটিতকৈ অধিক ধন বিনিয়োগেৰে নির্মীয়মান এই লাইনে লোডশ্বেডিঙৰ সমস্যা দূৰ কৰিব৷
বন্ধুসকল, আজি মণিপুৰৰ জনতাই জীৱনৰ প্রতিটো ক্ষেত্রত উন্নয়নৰ পথত আগুৱাই গৈছে। ‘স্বচ্ছ ভাৰত’ অভিযানত অংশ লৈ মণিপুৰে দ্রুতগতি নিজৰ ৰাজ্যক মুকলি স্থানত মলত্যাগ মুক্ত বুলি ঘোষণা কৰিছে। চন্দেল জিলাত দেশৰ শতাধিক ৰূপান্তৰশীল জিলাৰ অন্তৰ্ভূক্ত হোৱা সত্ত্বেও সকলো মাপকাঠিতে যথেষ্ট উন্নতি কৰিছে৷
ভাই-ভনীসকল, মণিপুৰৰ যুৱক-যুৱতীসকলৰ উচ্চশিক্ষা আৰু বৃত্তিমুলক শিক্ষাৰ বাবে যাতে দেশৰ অন্যান্য অঞ্চললৈ যাবলগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি আজি শিক্ষা, দক্ষতা আৰু ক্রীড়া সংক্রান্তীয় কেতবোৰ প্রকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। তদুপৰি, কাৰিকৰী মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন সম্পৰ্কীয় প্রকল্পৰ বাবে ধনৰ অনুমোদন কৰা হৈছে৷
বন্ধুসকল, মহিলা সবলীকৰণৰ ক্ষেত্রত মণিপুৰ যথেষ্ট আগবাঢ়িছে। আমাৰ চৰকাৰে তেওঁলোকৰ সবলীকৰণক ত্বৰান্বিত কৰিবলৈ তিনিখন নতুন বজাৰ নির্মাণৰ কাম আৰম্ভ কৰিব। তদুপৰি, চৰকাৰে এই ৰাজ্যৰ প্রায় ৫ লাখ ভগ্নীৰ জন ধন একাউণ্ট খুলিছে। মুদ্রা যোজনাৰ জৰিয়তে এই ৰাজ্যৰ প্রায় ২৫ হাজাৰ ক্ষুদ্র ব্যৱসায়ীয়ে বেংকৰ পৰা ঋণ লাভ কৰিছে। ইয়াৰ ভিতৰত ১ লাখ ভগ্নীক উজ্জ্বলা যোজনাৰ জৰিয়তে বিনামূলীয়া ৰন্ধন গেছৰ চৌকা প্রদান কৰা হৈছে৷
বন্ধুসকল, দেশৰ মহিলা শক্তিৰ প্রতীক মেৰী কমেৰ জন্মভূমি আৰু কর্মভূমি মণিপুৰৰ ক্রীড়া ক্ষেত্রত সাফল্যৰ সম্ভাৱনা উজ্জ্বল কৰিছে। ভাৰতক ক্রীড়াক্ষেত্রত সৰ্বশক্তিমান কৰি তুলিবলৈ উত্তৰ-পূব ভাৰতে দৃষ্টান্ত স্থাপন কৰাৰ দিশত অগ্ৰসৰ হৈছে। বিগত চাৰি বছৰত সকলো আন্তর্জাতিক ক্রীড়াত উত্তৰ-পূর্বাঞ্চলৰ খেলুৱৈসকলে দেশৰ নাম উজ্জ্বল কৰিছে। সেইবাবে আমি মণিপুৰৰ ৰাষ্ট্ৰীয় ক্রীড়া বিশ্ববিদ্যালয়ক আৰও বিস্তৃত কৰাৰ চেষ্টা কৰিছো। আজি যিবোৰ প্রকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে, সেইবোৰৰ ভিতৰত হকী ষ্টেডিয়ামত ফ্লাড লাইট আৰু ফুটবল ষ্টেডিয়ামত এষ্ট্ৰোটার্ফ লগোৱাৰ প্রকল্পও আছে। তদুপৰি, আমি প্রশিক্ষণ আৰু নির্বাচন প্রক্রিয়াক আৰু স্বচ্ছ কৰি তুলিছো। ফলত কমনৱেলথ গেমছ, এছিয়ান গেমছ, পেৰা এছিয়ান গেমছ, যুৱ অলিম্পিক আৰু অন্যান্য আন্তর্জাতিক ক্রীড়াত দেশৰ সাফল্য অভূতপূর্ব হাৰত বৃদ্ধি পাইছে৷
ভাই-ভনীসকল, দুর্নীতি ক্রীড়াক্ষেত্রত হওক অথবা অন্যান্য চৰকাৰী প্রকল্পতে হওক, দেশ আৰু ইয়াক মানি নলয়৷ সেইবাবে আমাৰ চৰকাৰে এনে ব্যক্তিসকলক আইনৰ কাঠগড়াত নিছে যাৰ সম্পর্কে পূৰ্বতে কোনেও ভাবিবই পৰা নাছিল। আপোনালোকেও বুজিব পাৰিছে, যিসকলে দেশক প্ৰৱঞ্চনা কৰিছে, যিসকলে দুর্নীতিকে চৰকাৰী নীতিলৈ পৰিৱৰ্তন কৰিছিল, তেওঁলোক আজি আদালতৰ সম্মুখীন হ’বলগীয়া হৈছে। দেশৰ সৎ কৰদাতাসকলৰ ধন নিজৰ পকেট গৰম কৰা ব্যক্তিসকলক আমি যথাস্থানত পঠিয়ালেহে শান্তি পাম, এই আশ্বাস মই আপোনালোকক দিছো।
উন্নয়নযুক্ত, দুর্নীতিমুক্ত নতুন ভাৰতৰ সংকল্প লৈ আপোনালোকৰ আশীর্বাদক সম্বল কৰি আমি জয়ী হ’ম। মই পুনৰবাৰ আপোনালোকক আজি উদ্বোধন কৰা আৰু আধাৰশিলা স্থাপন কৰা প্রকল্পসমূহৰ বাবে শুভেচ্ছা জনাইছো। “পুম না মাকপু অমুক্কা হন্না খ্রুমজাৰি।”
ভাৰত মাতাৰ জয়… ভাৰত মাতাৰ জয়… ভাৰত মাতাৰ জয়।
বহুত বহুত ধন্যবাদ৷
****
অতুল কুমাৰ তিৱাৰী/কাঞ্চন পাতিয়াল/মমতা/দিগন্ত
जिस मणिपुर को, जिस नॉर्थ ईस्ट को नेताजी ने भारत की आज़ादी का गेटवे बताया था, उसको अब New India की विकास गाथा का द्वार बनाने में हम जुटे हुए हैं।
— PMO India (@PMOIndia) January 4, 2019
जहां से देश को आज़ादी की रोशनी दिखी थी, वहीं से नए भारत की सशक्त तस्वीर आप सभी की आंखों में स्पष्ट दिखाई दे रही है: PM
आप सभी साक्षी रहे हैं कि नॉर्थ-ईस्ट के साथ बीते दशकों में पहले की सरकारों ने क्या किया।
— PMO India (@PMOIndia) January 4, 2019
उनके रवैये ने दिल्ली को आपसे और दूर कर दिया था।
पहली बार अटल जी की सरकार के समय, देश के इस अहम क्षेत्र को विकास के रास्ते पर ले जाने की पहल हुई थी।
हम दिल्ली को आपके दरवाजे तक ले आए हैं: PM
मैं खुद बीते साढ़े चार साल में करीब 30 बार नॉर्थ ईस्ट आ चुका हूं।
— PMO India (@PMOIndia) January 4, 2019
आपसे मिलता हूं, बातें करता हूं तो एक अलग ही सुख मिलता है, अनुभव मिलता है।
मुझे अफसर से रिपोर्ट नहीं मांगनी पड़ती, सीधे आप लोगों से मिलती है।
ये फर्क है पहले और आज में: PM
ऐसे निरंतर प्रयासों की वजह से अलगाव को हमने लगाव में बदल दिया है।
— PMO India (@PMOIndia) January 4, 2019
आज इन्हीं कोशिशों की वजह से पूरा नॉर्थ ईस्ट परिवर्तन के एक बड़े दौर से गुजर रहा है।
तीस-चालीस साल से अटके हुए प्रोजेक्ट्स पूरे किए जा रहे हैं।
आपके जीवन को आसान बनाने की कोशिश की जा रही है: PM
देश के जिन 18 हज़ार गांवों को रिकॉर्ड समय में अंधेरे से मुक्ति मिली है, उनमें सबसे आखिरी गांव कांगपोकपी जिले का लेइशांग है।
— PMO India (@PMOIndia) January 4, 2019
जब भी भारत के हर गांव तक बिजली पहुंचाने के अभियान की बात आएगी तो, लेइशांग और मणिपुर का नाम भी आएगा: PM
आज मणिपुर को 125 करोड़ रुपए से अधिक की लागत से बने इंटीग्रेटेड चेकपोस्ट का भी उपहार मिला है।
— PMO India (@PMOIndia) January 4, 2019
ये सिर्फ एक चेक पोस्ट नहीं है दर्जनों सुविधाओँ का केंद्र भी है।
भारत म्यांमार सीमा पर स्थित ये चेकपोस्ट यात्री और व्यापार की सुविधा देगा: PM
दोलाईथाबी बराज की फाइल 1987 में चली थी
— PMO India (@PMOIndia) January 4, 2019
निर्माण का काम 1992 में 19 करोड़ की लागत से शुरु हुआ था
2004 में इसको स्पेशल इक्नॉमिक पैकेज का हिस्सा बनाया गया, लेकिन फिर लटक गया
2014 में इस प्रोजेक्ट पर काम शुरु हुआ और ये प्रोजेक्ट 500 करोड़ रुपए खर्च करने के बाद अब बनकर तैयार है: PM
हम जो संकल्प लेते हैं, उसे सिद्ध करने के लिए जी-जान से मेहनत करते हैं, परिश्रम करते हैं।
— PMO India (@PMOIndia) January 4, 2019
हमें ऐहसास है कि योजनाओं में देरी से सबसे ज्यादा नुकसान देश के गरीब का, सामान्य मानवी का होता है।
मैं आपको कुछ और उदाहरण देना चाहता हूं: PM
मणिपुर की खाद्य सुरक्षा के लिए महत्वपूर्ण Sawombung के FCI गोडाउन का लोकार्पण आज किया गया। 2016 में इस पर काम शुरु हुआ और हमने इसका काम पूरा करके दिखाया है।
— PMO India (@PMOIndia) January 4, 2019
समय पर पूरा होने से ज्यादा खर्च से बचे और अनाज स्टोर करने के लिए 10 हज़ार MT अतिरिक्त व्यवस्था का निर्माण भी हो गया: PM
उखरुल और उसके आसपास के हज़ारों परिवारों की पानी की ज़रूरतों को देखते हुए Buffer Water Reservoir पर काम 2015 में शुरु हुआ।
— PMO India (@PMOIndia) January 4, 2019
ये तैयार भी हो गया है और आज इसका लोकार्पण किया गया। ये प्रोजेक्ट 2035 तक की ज़रूरतों को पूरा करने वाला है: PM
चुराचांदपुर, जोन-थ्री प्रोजेक्ट पर भी 2014 में काम शुरु हुआ और 4 वर्ष बाद आज लोकार्पण भी हो गया है।
— PMO India (@PMOIndia) January 4, 2019
इससे 2031 तक यहां की आबादी की पानी की ज़रूरतें पूरी होंगी: PM
Go To Hills और Go To Village के तहत यहां की राज्य सरकार दूर दराज़ के इलाकों तक पहुंच रही है।
— PMO India (@PMOIndia) January 4, 2019
जनभागीदारी को सरकारी योजनाओं का हिस्सा बनाने के ये प्रयास सराहनीय हैं।
यही कारण है कि आज मणिपुर बंद और ब्लॉकेड के दौर से बाहर निकलकर आशाओं और आकांक्षाओं को पूरा करने में जुटा है: PM
कनेक्टिविटी के साथ-साथ यहां की बिजली व्यवस्था को भी सशक्त किया जा रहा है।
— PMO India (@PMOIndia) January 4, 2019
आज ही 400 केवी की सिल्चर इम्फाल लाइऩ को भी राष्ट्र को समर्पित किया है।
7 सौ करोड़ रुपए से अधिक की लागत से बनी ये लाइन पावर कट की समस्या को दूर करेगी: PM
मणिपुर हर पैमाने पर आज विकास के रास्ते पर चल रहा है।
— PMO India (@PMOIndia) January 4, 2019
स्वच्छ भारत अभियान में भी मणिपुर ने खुद को खुले में शौच से मुक्त कर दिया है।
चंदेल जिला जो देश के 100 से अधिक Aspirational Districts में है, वहां भी तमाम पैरामीटर्स में बहुत अधिक सुधार देखा गया है: PM
आज शिक्षा, स्किल और स्पोर्ट्स से जुड़े प्रोजेक्ट्स का शिलान्यास किया गया है।
— PMO India (@PMOIndia) January 4, 2019
धनमंजूरी विश्वविद्यालय में इंफ्रास्ट्रक्चर से जुड़े प्रोजेक्ट हों, राजकीय इंजीनियरिंग कालेज से जुड़े प्रोजेक्ट हों, ये सभी युवा साथियों को सुविधा देने वाले हैं: PM