পি এম ইণ্ডিয়া
মধ্যপ্ৰদেশৰ জবলপুৰত সংঘটিত নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰীয়ে এই শোকাৱহ দুৰ্ঘটনাত আপোনজনক হেৰুওৱা সকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায়। স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্তসকলক সহায় কৰা বুলিও তেওঁ উল্লেখ কৰে।
শ্ৰী মোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰাণ হেৰুওৱাসকলৰ নিকট আত্মীয়ক ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰে ।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:
“মধ্যপ্ৰদেশৰ জবলপুৰত নাও দুৰ্ঘটনাত বহুতে প্ৰাণ হেৰুৱাৰ কথাটো অত্যন্ত যন্ত্ৰণাদায়ক। এই কৰুণ দুৰ্ঘটনাত যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো। স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্তসকলক সহায় কৰি আছে।”
পিএমএনআৰএফৰ পৰা প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী লোকৰ নিকট আত্মীয়ক ২ লাখ টকা আৰু আহতসকলক ৫০,০০০ টকাৰ সাহায্য দিয়া হ’ব”।
The loss of lives due to the capsizing of a boat in Jabalpur, Madhya Pradesh, is extremely painful. I extend my condolences to those who have lost their loved ones in this tragic mishap. Praying for the speedy recovery of the injured. The local administration is assisting those…
— PMO India (@PMOIndia) May 1, 2026
****
MJPS/PRK/DM