Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মন কি বাতৰ ১৩৬ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূলপাঠ (২৬.০৭.২০২৬)


মোৰ মৰমৰ দেশবাসী, নমস্কাৰ।

আমাৰ জীৱনত এনেকুৱা কিছুমান তাৰিখ আছে যিবোৰ মনত ৰাখিবলৈ কেলেণ্ডাৰৰ প্ৰয়োজন নাই। আজি ২৬ জুলাই তেনে এটা তাৰিখ। আজি ‘কাৰ্গিল বিজয় দিৱস’। এই দিনটোৱে আমাক গৌৰৱেৰে ভৰাই তোলে। আমাৰ সাহসী সৈনিকসকলৰ অবিশ্বাস্য সাহসৰ কথা মনত পেলাই দিয়ে। কাৰ্গিলৰ ওখ শৃংগ, কঠিন বতৰ, শত্ৰুৰ প্ৰত্যাহ্বান— আমাৰ সৈন্যই এনে প্ৰতিটো পৰিস্থিতিৰ সন্মুখীন হৈছিল যদিও তেওঁলোকৰ সাহস যিকোনো প্ৰত্যাহ্বানতকৈ অধিক আছিল। ভাৰত মাতৃক ৰক্ষা কৰিবলৈ তেওঁলোকে সকলো ত্যাগ কৰিছিল। আজি ‘কাৰ্গিল বিজয় দিৱস’ত সকলো বীৰ শ্বহীদ আৰু বীৰ জোৱানক শ্ৰদ্ধাৰে প্ৰণাম জনাইছোঁ।

বন্ধুসকল,

আজিৰ ভাৰতে কেৱল নিজৰ বীৰসকলক স্মৰণ কৰাই নহয় তেওঁলোকৰ কাহিনীও নতুন প্ৰজন্মলৈ আগবঢ়াই লৈ যায়। এই মনোভাবেৰে এইবাৰ এক বিশেষ “শৌৰ্য বিজয় যাত্ৰা”ৰ আয়োজন কৰা হৈছে। দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধৰ পৰা ১৪ জুলাইৰ পৰা আৰম্ভ হোৱা এই মটৰ চাইকেল যাত্ৰা ড্ৰাছৰ কাৰ্গিল যুদ্ধ স্মাৰকত উপস্থিত হ’ব।

ইয়াৰ বাৰ্তা হৈছে “ৱান ৰাইড, ৱান নেচন, ৱান চেলুট।” এই যাত্ৰাই আমাক সোঁৱৰাই দিয়ে যে দেশৰ বাবে যি ত্যাগ সেয়া কেতিয়াও পাহৰিব নোৱাৰি।

বন্ধুসকল,

আজি ভাৰতে কেৱল সৈনিকৰ সাহসেই নহয়, প্ৰযুক্তিগত সামৰ্থ্যকো অহৰহ শক্তিশালী কৰি আছে। কিছুদিন পূৰ্বে আই এন এছ মহেন্দ্ৰগিৰীক ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছিল। এই আধুনিক যুদ্ধজাহাজখন ভাৰততে আৰ্হি প্ৰস্তুত আৰু নিৰ্মাণ কৰা হৈছিল। ইয়াৰ ৭৫ শতাংশতকৈ অধিক সামগ্ৰী থলুৱা। ই আত্মনিৰ্ভৰ ভাৰতৰ ক্ৰমবৰ্ধমান শক্তিৰ প্ৰতীক। এই মাহত ডি আৰ ডি অ’ই পিনাকা লং ৰেঞ্জ গাইডেড ৰকেটৰো সফলতাৰে পৰীক্ষা কৰে। এই সফলতা আমাৰ বিজ্ঞানী আৰু অভিযন্তাসকলৰ সামূহিক কঠোৰ পৰিশ্ৰমৰ ফল। মাত্ৰ দুই-তিনিদিন পূৰ্বে ডি আৰ ডি অ’ই কুছা মিছাইলৰো সফলতাৰে পৰীক্ষণ সম্পন্ন কৰিছিল।

বন্ধুসকল,

আজি প্ৰতিৰক্ষা উৎপাদনেই হওক, প্ৰতিৰক্ষা ৰপ্তানিয়ে হওক বা বন্ধু দেশৰ সৈতে ৰাজনৈতিক সহযোগিতাই হওক, ভাৰতে অহৰহ নতুন শিখৰত উপনীত হৈছে। চলিত মাহৰ আৰম্ভণিতে মই ইণ্ডোনেছিয়াত আছিলোঁ, য’ত ব্ৰাহ্মছ আৰু অস্ত্ৰ মিছাইলৰ বাবে এখন বৃহৎ চুক্তি স্বাক্ষৰিত হৈছিল। ভাৰতৰ প্ৰতিৰক্ষা সঁজুলি আৰু প্ৰযুক্তিৰ ওপৰত বিশ্বৰ আস্থা বাঢ়িছে। এই কাৰ্গিল বিজয় দিৱসৰ দিনা আহক আমি আমাৰ অমৰ শ্বহীদসকলক শ্ৰদ্ধা জনাই নিৰাপদ, সক্ষম আৰু স্বাৱলম্বী ভাৰত গঢ়াৰ সংকল্প শক্তিশালী কৰোঁ।

মোৰ প্ৰিয় দেশবাসীসকল,

মন কি বাতৰ আগৰ খণ্ডটোত ‘বৰষুণ ধৰক’ অভিযানৰ বিষয়ে আলোচনা কৰিছিলোঁ। বৰষুণৰ প্ৰতিটো টোপাল পানী বচাবলৈ এই অভিযানক গণ আন্দোলন হিচাপে গঢ়ি তুলিবলৈ আপোনালোকক আহ্বান জনালোঁ। ‘বৰষুণ ধৰক’ বাৰ্তাটো অতি সহজ : য’তেই যেতিয়াই বৰষুণ পৰিব, পৰিলে তেতিয়াই পানী জমা কৰক। সেয়ে ৪ জুলাইৰ পৰা সমগ্ৰ দেশতে এক বিশেষ অভিযান আৰম্ভ কৰা হৈছে। এই পদক্ষেপৰ অধীনত বৰষুণৰ পানী সংগ্ৰহ, ভূগৰ্ভস্থ পানী পুনৰ সংৰক্ষণ, পুৰণি পানীৰ উৎস পুনৰুজ্জীৱিত কৰা, গছপুলি ৰোপণক নতুন গতি প্ৰদান কৰা হৈছে। গাঁও বা চহৰ, পঞ্চায়ত বা সামাজিক সংগঠন সকলোতে ৰাইজে উৎসাহেৰে অংশগ্ৰহণ কৰাত মই অতিশয় আনন্দিত হৈছোঁ।

কোনো কোনো ঠাইত পুৰণি পুখুৰীবোৰৰ আৱৰ্জনা আঁতৰ কৰা হৈছে, আন কোনো ঠাইত কুঁৱা আৰু নলীনাদবোৰ পুনৰুজ্জীৱিত কৰা হৈছে। বন্ধ হৈ যোৱা নলীনাদ এতিয়া ভূগৰ্ভস্থ পানী পুনৰ ভৰ্তি কৰাৰ মাধ্যমত পৰিণত হৈছে।

বন্ধুসকল,

মধ্যপ্ৰদেশৰ সিধি জিলাত প্ৰায় ১৫০০ পুখুৰী নিৰ্মাণ কৰা হৈছে। নৰসিংহপুৰত অমৃত সৰোৱৰৰ সংস্কাৰ কৰা হৈছে। মহাৰাষ্ট্ৰৰ নাচিকে বৃহৎ পৰিমাণৰ পানী জমা কৰাৰ ক্ষমতা গঢ়ি তুলিছে। অন্ধ্ৰপ্ৰদেশৰ নন্দিয়ালত সকলো গাঁও পঞ্চায়ত এই অভিযানৰ লগত জড়িত হৈ আছে, পুৰণি পুখুৰীবোৰ পুনৰ ব্যৱহাৰৰ বাবে অনা হৈছে। আমাৰ চহৰবোৰো পিছ পৰি থকা নাই। ছত্তীশগড়ৰ কোৰবা, ওড়িশাৰ ভুৱনেশ্বৰ আৰু অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰত এই অভিযানে উৎসাহজনক ফলাফল দেখুৱাইছে। আহক আমি পানীৰ প্ৰতিটো টোপাল বচাবলৈ আমাৰ ওচৰৰ পুখুৰী, কুঁৱা বা নলীনাদৰ দায়িত্ব লওঁ। আজি সঞ্চয় হোৱা প্ৰতিটো টোপাল পানী উত্তৰ প্ৰজন্মৰ ভৱিষ্যতৰ বাবে সৰ্ববৃহৎ সম্পদ।

মোৰ প্ৰিয় দেশবাসীসকল,

মাত্ৰ কেইদিনমানৰ আগতে গ্লাছগোত আৰম্ভ হৈছিল কমনৱেলথ গেমছ। দেশৰ প্ৰতিজন নাগৰিকে ভাৰতীয় দলটোক অহৰহ শুভেচ্ছা জনাই আহিছে। সকলো খেলুৱৈ আৰু এথলীটে ভাল প্ৰদৰ্শন কৰি ৰাইজৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।

বন্ধুসকল,

আমাৰ যুৱক-যুৱতীসকলে শেহতীয়াকৈ ক্ৰীড়াৰ ক্ষেত্ৰত বহু উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰিছে। পি ভি সিন্ধু বেডমিণ্টনত জাপান অ’পেনৰ খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়। তেওঁৰ এই সাফল্যত সমগ্ৰ দেশ গৌৰৱান্বিত। লণ্ডনৰ লৰ্ডছ ষ্টেডিয়ামত ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱেও প্ৰথমখন টেষ্ট মেচত জয়লাভ কৰে। এয়া এক ঐতিহাসিক জয়। এই খেলখনত আমাৰ দলটোৱে ২৭০ ৰানৰ বিশাল ব্যৱধানত জয়লাভ কৰে। কিন্তু সেয়াই সকলো নহয়। লৰ্ডছৰ দীৰ্ঘ ইতিহাসত মহিলা দলৰ বাবে এইখনেই আছিল প্ৰথমখন টেষ্ট মেচ। ১৯৮৩ চনত ভাৰতে এই খেলপথাৰতে প্ৰথমবাৰৰ বাবে ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল। এতিয়া আমাৰ নাৰী শক্তিয়ে ইয়াত দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে।

বন্ধুসকল,

কিছুমান সৰু সৰু প্ৰচেষ্টাত বহু ডাঙৰ সম্ভাৱনা লুকাই থাকে। কেৰালাৰ এৰ্নাকুলামৰ দক্ষিণ চিট্টুৰত একেধৰণৰ ক্ৰীড়া পদক্ষেপৰ বিষয়ে জানিব পাৰিলোঁ। তাতে এখন স্কুলত সংস্কৃত ক্লাব আছে। অভিলাষ নামৰ শিক্ষকজনে সংস্কৃতক এক অনন্য ৰূপত জনপ্ৰিয় কৰি তুলিছে। এই প্ৰকল্পৰ নাম ‘অক্ষৰকাণ্ডুক’। ইয়াত সংস্কৃত আখৰবোৰ ফুটবলত ব্যৱহৃত শব্দৰ সৈতে সংযোগ কৰি সহজভাৱে ব্যাখ্যা কৰা হৈছে। ইয়াৰ ফলত শিক্ষণ পদ্ধতি আনন্দদায়ক হৈ পৰে আৰু লগতে ক্ৰীড়াৰ প্ৰতি মানুহৰ একাত্মতাও বৃদ্ধি পায়।

মোৰ প্ৰিয় দেশবাসীসকল,

যোৱা দেওবাৰে বিক্ৰম-১ৰ সফল উৎক্ষেপণে প্ৰতিজন নাগৰিকক গৌৰৱান্বিত কৰি তুলিলে। ভাৰতীয় মহাকাশ খণ্ডৰ বাবে আমি সকলোৱে এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ পৰিলোঁ। ব্যক্তিগত খণ্ডই নিৰ্মাণ কৰা ভাৰতৰ এয়া প্ৰথমটো ৰকেট। আমাৰ যুৱ উদ্ভাৱকসকলে কল্পনাতীত কিবা এটা সাধন কৰিলে। এইক্ষেত্ৰত তেওঁলোকে অবিশ্বাস্য দক্ষতা, আবেগ আৰু ধৈৰ্য প্ৰদৰ্শন কৰিছিল। দীৰ্ঘদিন ধৰি আমাৰ মহাকাশ খণ্ড ব্যক্তিগত খণ্ডৰ বাবে বন্ধ হৈ আছিল  আৰু এই খণ্ডৰ প্ৰতি আগ্ৰহী বহু যুৱক-যুৱতীক নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগৰ পৰা বঞ্চিত কৰা হৈছিল। যুৱক-যুৱতীসকলৰ স্বাৰ্থ মনত ৰাখি আমি মহাকাশ খণ্ডটো ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিলোঁ। আজি ইয়াৰ ফল বিশ্বই দেখিবলৈ পাইছে।

বন্ধুসকল,

আমাৰ যুৱ সহকৰ্মীসকলেও বিজ্ঞানৰ ক্ষেত্ৰত ভাৰতক গৌৰৱান্বিত কৰি তুলিছে। বিজ্ঞান অলিম্পিয়াড বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা। ইয়াত বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই মাহত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞান, আৰু গণিত অলিম্পিয়াড অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাসমূহত ভাৰতীয় দলটোৱে ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন আগবঢ়ায়। আমাৰ পাঁচোজন ছাত্ৰই পদাৰ্থ বিজ্ঞান অলিম্পিয়াডত স্বৰ্ণপদক লাভ কৰিছিল, আৰু ভাৰতে প্ৰথম স্থান দখল কৰিছিল।

বিগত দশকত অনুষ্ঠিত হোৱা প্ৰতিখন পদাৰ্থ বিজ্ঞান অলিম্পিয়াডতে আমাৰ দেশৰ ছাত্ৰ-ছাত্ৰীয়ে হয় স্বৰ্ণ নহয় ৰূপৰ পদক লাভ কৰিছে। ৰসায়ন বিজ্ঞানৰ অলিম্পিয়াডতো আমাৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে স্বৰ্ণপদক লাভ কৰে। এইটোৱেই আছিল এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। আমাৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে জীৱবিজ্ঞান অলিম্পিয়াডত এটা স্বৰ্ণপদককে ধৰি অন্যান্য পদক লাভ কৰিছিল। গণিত অলিম্পিয়াডত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে দুটা স্বৰ্ণ আৰু চাৰিটা ৰূপৰ পদক লাভ কৰে। আমাৰ দেশৰ যুৱক-যুৱতীসকলক লৈ মই অতিশয় গৌৰৱান্বিত। ভাৰতত অলিম্পিয়াড আৰু হেকাথনৰ সংস্কৃতি ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাটো দেখি আনন্দদায়ক। মোৰ বিশ্বাস যে অধিকসংখ্যক যুৱক-যুৱতীয়ে এনে মঞ্চৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব আৰু ভাৰতৰ গৌৰৱৰ ধ্বজাও উত্তোলন কৰিব।

মোৰ প্ৰিয় দেশবাসীসকল,

যেতিয়া আপোনাৰ দক্ষতা আৰু আবেগ দুয়োটা থাকে তেতিয়া প্ৰতিটো পথ সহজ হৈ পৰে। আজিৰ দিনত পৰম্পৰাগত কাশ্মীৰী মেট “ৱগু” তৈয়াৰৰ প্ৰচেষ্টাত ইয়াৰ প্ৰতিফলন ঘটিছে। ইয়াক নল আৰু ধানখেৰৰ পৰা তৈয়াৰ কৰা হয়। এই মেট তৈয়াৰৰ পৰম্পৰা শতিকা পুৰণি। প্ৰথমে কাশ্মীৰৰ জলাশয় অঞ্চলৰ পৰা ঘাঁহ আৰু নল চপোৱা হয়। ৰ’দত শুকুৱাই লোৱাৰ পিছত সেইবোৰ গোটোৱা হয় আৰু তাৰ পিছত হাতেৰে বোৱা প্ৰক্ৰিয়া আৰম্ভ হয়।

এটা মেট তৈয়াৰ কৰিবলৈ দুজন শিল্পীক প্ৰায় চাৰিদিন সময় লাগে। এই মেটখন অনন্য আৰু পৰিৱেশ অনুকূল। ইয়াৰ এটা উল্লেখযোগ্য সুবিধা হ’ল ই গ্ৰীষ্মকালত শীতলতা আৰু শীতকালত উষ্ণতা প্ৰদান কৰে। পূৰ্বে কাশ্মীৰৰ প্ৰতিখন ঘৰতে ই এক সাধাৰণ বৈশিষ্ট্য আছিল যদিও শেহতীয়া বছৰবোৰত ইয়াৰ ব্যৱহাৰ হ্ৰাস পাইছিল। শ্ৰীনগৰৰ গুলাম হুছেইন আৰু তেওঁৰ কন্যা তঞ্জিলাই নতুন উদ্যমেৰে “ৱগু” শিল্পৰ পৰম্পৰাক নতুন জীৱন দিবলৈ আগবাঢ়িল। গুলাম হুছেইন এটা ভদ্ৰ পৰিয়ালৰ। এই প্ৰচেষ্টাত তেওঁ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও “ৱগু” সংৰক্ষণৰ বাবে তেওঁৰ সংকল্প অদম্য আছিল। অলপদিনৰ পিছতে বহু লোকে তেওঁৰ এই প্ৰচেষ্টাত যোগ দিলে। গুলাম হুছেইনে এই দক্ষতাক অপৰিসীমভাৱে নিখুঁত কৰাৰ চেষ্টা কৰিছিল। তেওঁৰ এই অভিযানত স্থানীয় চৰকাৰৰ সহায়ো লাভ কৰিছিল। আজি দ্ৰুতগতিত জনপ্ৰিয়তা অৰ্জন কৰি “ৱগু” দেশৰ আন আন প্ৰান্ততো প্ৰৱেশ কৰিছে। এই প্ৰচেষ্টাত জড়িত সকলোকে লৈ মই অতি গৌৰৱান্বিত। আজি আমি সকলোৱে স্থানীয় সামগ্ৰীৰ ওপৰত গুৰুত্ব দিওঁ। আমি “ভোকেল ফৰ লোকেল”ৰ মন্ত্ৰ অনুসৰণ কৰিছো। এনে পৰিস্থিতিত কাশ্মীৰৰ “ৱগু”ক আপোনাৰ ঘৰৰ অংশ হিচাপে ঠাই দিয়াৰ কথা চিন্তা কৰক।

বন্ধুসকল,

আমাৰ দেশত চাহ কেৱল এবিধ পানীয় নহয়—ই একতাৰো প্ৰতীক। দিনটো আৰম্ভ কৰাই হওক, বন্ধু-বান্ধৱীক লগ পোৱাই হওক, পৰিয়ালৰ সৈতে কিছু সময় কটোৱাই হওক, চাহ প্ৰতিটো অনুষ্ঠানৰ অংশ হৈ পৰে। চাহৰ লগত মোৰ সম্পৰ্ক আপোনালোকে ভালকৈ জানো।

কিন্তু আজি মই যি চাহৰ কথা কৈছো, সেই চাহে সোৱাদ দিয়াই নহয়, বহু ভগ্নীৰ জীৱনত আত্মনিৰ্ভৰশীলতাৰ এক নতুন ভাবো সোমাই দিছে। উত্তৰ প্ৰদেশৰ বিজনোৰ জিলাৰ লখিৱালা গাঁৱৰ এটা আত্মসহায়ক গোটৰ সৈতে জড়িত মহিলাসকলে “বিদুৰ প্ৰেৰণা স্বদেশী হাৰ্বেল টী” সৃষ্টি কৰিছে। ইয়াত লেমনগ্ৰাছ, গিলয়, লিক’ৰাইচ, তুলসী, কেঁচা হালধি, ডালচেনি, ইলাচি, চফগুটিৰ দৰে প্ৰাকৃতিক উপাদান থাকে। ইয়াৰ অনন্য সোৱাদ আৰু গুণৰ বাবে এই চাহে অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। এই বনৌষধি চাহে প্ৰয়াগৰাজৰ মহাকুম্ভ আৰু দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় খাদ্য মহোৎসৱত ব্যাপক প্ৰশংসা লাভ কৰিছে। বিদেশৰ পৰা অহা দৰ্শনাৰ্থীসকলেও ইয়াৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে।

বন্ধুসকল,

আটাইতকৈ প্ৰেৰণাদায়ক দিশটো হ’ল ইয়াৰ আৰম্ভণি। এই সমগ্ৰ প্ৰচেষ্টা আৰম্ভ হৈছিল মাত্ৰ এক লাখ টকাৰে। আজি এই ব্ৰেণ্ডটোৱে সমগ্ৰ দেশৰ প্ৰধান প্ৰতিষ্ঠানসমূহত স্থান লাভ কৰিছে। এই পদক্ষেপে আমাক দেখুৱাইছে যে যেতিয়া স্থানীয় জ্ঞান, প্ৰকৃতি আৰু নাৰীৰ আত্মবিশ্বাস একত্ৰিত হয়, তেতিয়া এটা সৰু প্ৰচেষ্টাও এটা ডাঙৰ পৰিৱৰ্তনৰ আৰম্ভণি হ’ব পাৰে।

মোৰ প্ৰিয় দেশবাসীসকল,

আজি সমগ্ৰ দেশৰ মানুহে ‘এক পেড় মা কে নাম’ অভিযানৰ জৰিয়তে প্ৰকৃতিৰ প্ৰতি নিজৰ দায়িত্ব পালন কৰি আছে। সমাজে যেতিয়া এই মনোভাৱৰ সৈতে সংযোগ স্থাপন কৰে, তেতিয়া বহুতো সুন্দৰ আৰু প্ৰেৰণাদায়ক উদাহৰণৰ উন্মেষ ঘটে। বন্ধুসকল, জনসাধাৰণৰ অংশগ্ৰহণৰ আচৰিত শক্তি আহমেদাবাদত প্ৰদৰ্শিত হৈছে। এঘণ্টাৰ ভিতৰতে ভাদাজ অঞ্চলত ৩ লাখ ৫০ হাজাৰৰো অধিক গছপুলি ৰোপণ কৰা হয়, য’ত ২৫ হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, এনচিচিৰ কেডেট, স্বেচ্ছাসেৱক, সাধাৰণ নাগৰিক সকলোৱে এই অভিযানত অংশগ্ৰহণ কৰে। আগন্তুক বছৰবোৰত এই গছপুলিবোৰে এখন ঘন নগৰীয়া অৰণ্য গঠন কৰিব। এই প্ৰচেষ্টাক গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ কৰা হৈছে।

বন্ধুসকল,

‘এক পেড় মা কে নাম’ অভিযানৰ অধীনত উত্তৰ প্ৰদেশতো আন এটা উল্লেখযোগ্য সংকল্পৰ সাক্ষী হৈ পৰিছে। তাত একেদিনাই অৰ্থাৎ ১২ জুলাইত ৩৫ কোটিতকৈ অধিক গছ পুলি ৰোপণ কৰা হৈছিল। উত্তৰ প্ৰদেশৰ এজন সাংসদ হিচাপে এয়া মোৰ বাবে বিশেষ গৌৰৱৰ বিষয়।

মোৰ প্ৰিয় দেশবাসীসকল,

গছবোৰ কেৱল মানুহৰ বাবেই নহয়; ইয়াৰ উপৰি ই অগণন জীৱৰ বাসস্থান। প্ৰায় ৬০ বছৰৰ পাছত পুনৰ গুজৰাটৰ গিৰ বনাঞ্চলত বাহ সাজিছে ভাৰতীয় ধনেশ পক্ষীয়ে। এয়া বছৰ বছৰ ধৰি গিৰত সংৰক্ষণ আৰু পুনৰুদ্ধাৰ প্ৰচেষ্টাৰ ফল। ধনেশ পক্ষীক বনাঞ্চলৰ কৃষক বুলি কোৱা হয়। ইহঁতে ফল-মূল খাই দূৰ-দূৰণিলৈ বীজ বিয়পাই দিয়ে, যাৰ পৰা হাবিত নতুন গছ গজি উঠে। এইদৰে এটা চৰায়ে পুনৰ হাবিখন সেউজীয়া কৰি তোলাত সহায় কৰে। মই আপোনালোক সকলোকে অনুৰোধ কৰিম যে আপোনালোকৰ জীৱনৰ কোনো বিশেষ অনুষ্ঠানক প্ৰকৃতিৰ সৈতে সংযোগ কৰক। মাৰ নামত এজোপা গছ ৰোপণ কৰক। আজি ৰোপণ কৰা সৰু গছ এজোপা সেউজীয়া, বিশুদ্ধ বতাহ আৰু উত্তৰ প্ৰজন্মৰ বাবে এক সুন্দৰ ভৱিষ্যতৰ উত্তৰাধিকাৰ হ’ব পাৰে।

মোৰ প্ৰিয় দেশবাসীসকল,

আমি সকলোৱে জানো যে প্লাষ্টিক প্ৰদূষণে বিশ্ব পৰিৱেশৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। একক ব্যৱহাৰ্য প্লাষ্টিকৰ আৱৰ্জনাই বছৰ বছৰ ধৰি প্ৰকৃতিৰ ক্ষতি কৰি থাকে, গতিকে প্লাষ্টিকৰ সঠিক নিষ্কাশন অতি গুৰুত্বপূৰ্ণ। বন্ধুসকল, বিহাৰৰ সীতামাৰ্হীত ‘ৱেষ্ট টু ৱেলথ’ (আৱৰ্জনাৰ পৰা সম্পদলৈ)ৰ এক আচৰিত নিদৰ্শনে আত্মপ্ৰকাশ কৰিছে। ইয়াত আৱৰ্জনা পুনঃব্যৱহাৰ কৰি আকৰ্ষণীয় বেঞ্চ নিৰ্মাণ কৰা হৈছে। প্ৰায় ৪০ কিলোগ্ৰাম একক ব্যৱহাৰ্য প্লাষ্টিক ব্যৱহাৰ কৰি এখন বেঞ্চ তৈয়াৰ কৰা হয়। এই বেঞ্চবোৰ শক্তিশালী, দীৰ্ঘস্থায়ী, আৰামদায়ক, আৰু পৰিৱেশ-অনুকূল। চৰকাৰী বিদ্যালয়, উদ্যান, ৰাজহুৱা স্থানত এই বেঞ্চবোৰ স্থাপন কৰা হয়।

ইয়াৰ ফলত পৰিৱেশ সুৰক্ষাৰ প্ৰতিও জনসচেতনতা বৃদ্ধি পাইছে। এই প্ৰচেষ্টাত স্থানীয় গোটৰ লগতে জিলা প্ৰশাসনেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ ফলত স্থানীয় পৰ্যায়তো কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে। সীতামাৰ্হীৰ এই প্ৰচেষ্টাই আমাক কয় যে ৰিডিউছ, ৰিইউছ আৰু ৰিচাইকল (হ্ৰাস, পুনৰ ব্যৱহাৰ আৰু পুনৰ সংশোধন) আজি কেৱল এটা শ্লোগান নহয় বৰঞ্চ আমাৰ জীৱনৰ এটা অংশ হৈ পৰিছে।

বন্ধুসকল,

আপোনালোকৰ হয়তো মনত আছে যে যোৱাবাৰ ‘মন কি বাত’ত মই ‘গণেশ উৎসৱ’ৰ কথা কৈছিলো। নিজৰ মাটিৰ পৰা নিৰ্মিত গণেশক পূজা কৰিবলৈ আহ্বান জনাইছিলোঁ।

পি অ’ পি বা আমদানিকৃত গণেশ মূৰ্তিৰ পৰিৱৰ্তে আমি আমাৰ থলুৱা মাটিৰ পৰা তৈয়াৰী গণেশ মূৰ্তি স্থাপন কৰা উচিত। বহুতে মোলৈ মেছেজ পঠিয়াইছে আৰু এই বিষয়ত নিজৰ নিজৰ মতামত শ্বেয়াৰ কৰিছে। মোৰ অনুৰোধৰ প্ৰতি ৰাইজে সঁহাৰি জনাইছে। স্থানীয় মাটিৰ পৰা তৈয়াৰী গণেশ মূৰ্তি স্থাপনৰ সংকল্প লৈছে। মানুহে লিখিছে যে এই বিষয়টো ইতিমধ্যে ‘মন কি বাত’ত আলোচনা হৈছিল আৰু ই তেওঁলোকক সঠিক সময়ত সঠিক পদক্ষেপ লোৱাত সহায় কৰিছিল। মোৰ অনুৰোধ আকৌ এবাৰ দোহাৰিছো : এই গণেশ পূজাত, থলুৱা মাটিৰ পৰা তৈয়াৰী গণেশৰ মূৰ্তি আপোনালোকৰ ঘৰত স্থাপন কৰি তেওঁক পূজা কৰক। এই প্ৰচেষ্টাও প্ৰকৃতিৰ পূজাৰ এটা প্ৰকাৰ হ’ব।

মোৰ প্ৰিয় দেশবাসীসকল,

এতিয়া মই আপোনালোকক এনে এজন ব্যক্তিৰ বিষয়ে ক’ম যাৰ বিষয়ে আপোনালোকে শুনিলে বহুত গৌৰৱ অনুভৱ কৰিব। যিজন ব্যক্তিয়ে বিজ্ঞান আৰু উদ্ভাৱনৰ ক্ষেত্ৰত প্ৰচুৰ পৰিমাণে কাম কৰি আছে, বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে, তথাপি নিজৰ শিপাৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে, সুযোগ পালেই নিজৰ মাটিক সন্মান জনাবলৈ কেতিয়াও পাহৰা নাই—সেইজন ব্যক্তি হৈছে মণিপুৰৰ ড° ৰোনাল্ডো লাইশ্ৰম। তেওঁৰ নাম ৰোনাল্ডো, কিন্তু পেছাত তেওঁ এজন জ্যোতিৰ্পদাৰ্থবিজ্ঞানী। তেওঁ জাপানত কাম কৰে আৰু নতুন তাৰকাৰাজ্যৰ এটা বৃহৎ থূপ আৱিষ্কাৰ কৰা দলটোৰ অংশ আছিল।

তেওঁ কি কৰিলে সেয়া জানিলে আপোনালোক আশ্চৰ্যচকিত হৈ পৰিব। দৰাচলতে তেওঁ এই সমগ্ৰ তৰাৰ থূপটোক মণিপুৰৰ এটি সুন্দৰ বিল লোকটক প্ৰ’ট’-ক্লাষ্টাৰ নামেৰে নামকৰণ কৰিছিল। লোকটক হৈছে মিঠা পানীৰ বৃহৎ হ্ৰদ। লোকটক হ্ৰদৰ ভাসমান জলজ উদ্ভিদবোৰে এক অনন্য প্ৰাকৃতিক দৃশ্যৰ সৃষ্টি কৰে। এনে লাগে যেন সৰু সৰু দ্বীপবোৰ বিশাল সাগৰত ওপঙি আছে। একেদৰে এই নতুন তাৰকাৰাজ্যবোৰেও বিশ্বব্ৰহ্মাণ্ডত এক বিশাল আকৃতি গঠন কৰে। আজি মণিপুৰৰ লোককথা কেৱল ৰাষ্ট্ৰীয় মানচিত্ৰতে নহয়, বিশাল বিশ্বব্ৰহ্মাণ্ডতো জিলিকি উঠিছে। এই কৃতিত্ব প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয়। ই আমাৰ যুৱ বন্ধুসকলক শিকাইছে যে তেওঁলোকে নিজৰ পৰম্পৰাৰ সৈতে সংযুক্ত হৈ থাকি নতুন উচ্চতাত উপনীত হ’ব পাৰে। এই শিপাবোৰে তৰাবোৰকো আলোকিত কৰিব পাৰে।

মোৰ প্ৰিয় দেশবাসীসকল,

কেইদিনমানৰ পাছত ৭ আগষ্টত আমাৰ দেশত ‘ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস’ উদযাপন কৰা হ’ব। এই উপলক্ষে আমি আমাৰ শিপিনী ভাই-ভনীসকলৰ দক্ষতা আৰু সৃষ্টিশীলতাক উদযাপন কৰিম। এই বন্ধুসকলে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা পৰম্পৰাক আগুৱাই লৈ গৈছে।

বন্ধুসকল,

হাতৰ তাঁতশালত নিৰ্মিত প্ৰতিখন কাপোৰে এটা অঞ্চল, এটা সম্প্ৰদায় আৰু ইয়াৰ লগত জড়িত অগণন মানুহৰ কাহিনী পোহৰলৈ আনে। এইসকল লোকেই ভাৰতৰ সাংস্কৃতিক ঐতিহ্যক গৌৰৱেৰে সংৰক্ষণ কৰে। এই দিনটোত হস্তশিল্পক উৎসাহিত কৰি আমাৰ সতীৰ্থ শিপিনীসকলক সন্মান জনাবলৈ আহ্বান জনালোঁ। ভোকেল ফৰ লোকেল মনোভাৱ আৰু অধিক শক্তিশালী কৰোঁ আহক।

বন্ধুসকল,

আজি দেশত যিদৰে হস্ততাঁতক প্ৰচাৰ কৰা হৈছে, তাৰ ফলত বহুসংখ্যক লোকৰ জীৱন উন্নত হৈছে। পোচামপাল্লীৰ পৰা পাটনা আৰু কুঠামপল্লীৰ পৰা কুচ্চলৈকে ইয়াৰ অসংখ্য উদাহৰণ পোৱা যায়। আজি বহুতো ব্যক্তি আৰু গোট আছে যিয়ে আমাৰ গৌৰৱময় হস্ততাঁত পৰম্পৰাক নতুন শক্তি আৰু পৰিচয় দিছে। কোনোবাই পোচামপল্লী ইকাটৰ সুন্দৰ পৰম্পৰাক আগুৱাই লৈ গৈছে, আন কোনোবা মহিলা শিপিনীক আকৰ্ষিত কৰি উলৰ সামগ্ৰী সৃষ্টি কৰিছে। কিছুমানে কেৰালাৰ পৰম্পৰাগত কাছাভু শিল্পকলা সংৰক্ষণ কৰি ৰাখিছে। ইয়াৰ দ্বাৰা আমাৰ মাতৃ-ভগ্নীসকলেও কৰ্মসংস্থাপন লাভ কৰিছে।

বন্ধুসকল,

মই বিশেষভাৱে উল্লেখ কৰিব বিচৰা আন এটা বিষয় হ’ল খাদী। আমি সকলোৱে জানো যে খাদী মহাত্মা গান্ধীৰ অতি প্ৰিয় আছিল। যোৱা কেইবছৰমানৰ পৰা খাদী খুবেই জনপ্ৰিয় হৈ পৰিছে। যোৱা ১২ বছৰত ইয়াৰ বিক্ৰী ছয়গুণ বৃদ্ধি পাইছে। এই বিক্ৰীৰ পৰিসংখ্যা এতিয়া ৮,০০০ কোটি টকাৰ ওচৰত উপনীত হৈছে। আগন্তুক উৎসৱসমূহত আপোনালোক সকলোকে কিছু খাদী সামগ্ৰী, কিছু হস্ততাঁত সামগ্ৰী বা কোনো হস্তশিল্পৰ সামগ্ৰী ক্ৰয় কৰিবলৈ অনুৰোধ জনালোঁ।

মোৰ প্ৰিয় দেশবাসীসকল,

ভাৰতত কিমান ভিন্ন বাদ্যযন্ত্ৰ আছে বুলি সোধা হ’লে আপোনালোক বিমোৰত পৰিব। কাৰণ আমাৰ ইমানবোৰ বাদ্যযন্ত্ৰ আৰু ইয়াৰ লগত জড়িত পৰম্পৰা আছে। তেনে এবিধ বাদ্যযন্ত্ৰ হ’ল ত্ৰিপুৰাৰ ‘চংপ্ৰেং’। তাত থকা জনজাতীয় জনগোষ্ঠীৰ মাজত ই অতি জনপ্ৰিয়। বাঁহেৰে নিৰ্মিত এই বাদ্যযন্ত্ৰৰ তিনিডাল তাঁৰ আছে। ইয়াৰ দ্বাৰা উৎপন্ন হোৱা সুৰটো অতি সুৰীয়া, সৰোদৰ সুৰৰ দৰেই। কিছু কাৰণত যুৱক-যুৱতীসকলৰ মাজত ইয়াৰ জনপ্ৰিয়তা হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল। সুৰজ কুমাৰ দেৱবৰ্মাই ইয়াক পুনৰুজ্জীৱিত কৰাৰ সংকল্প ল’লে। আজি তেওঁৰ এই প্ৰচেষ্টাই ফল দিছে। তেওঁ চংপ্ৰেঙৰ লগতে অন্যান্য পৰম্পৰাগত বাদ্যযন্ত্ৰও পৰিবেশন কৰি আহিছে। তেওঁ কোকবৰোক লোকগীত, বাউল গীত, বাংলা লোকসংগীত ভাল পায়। এতিয়া, মই আপোনালোকক এটা চুটি ক্লিপ বজাই শুনাব বিচাৰিছোঁ। এই সংগীত আপুনি কেতিয়াও পাহৰিব নোৱাৰে।

#(সংগীত)#

বন্ধুসকল,

শুনি ভাল লাগিল নিশ্চয়। দেৱবৰ্মাজীক লৈ মই অতি গৌৰৱান্বিত। পৰম্পৰাগত সংগীতক জনপ্ৰিয় কৰাৰ বাবে তেওঁৰ প্ৰচেষ্টা অতিশয় প্ৰশংসনীয়। আপোনাৰ চৌপাশৰ পৰম্পৰাগত বাদ্যযন্ত্ৰৰ বিষয়ে তথ্য ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছোঁ। আপোনালোকৰ এই প্ৰচেষ্টাই নিশ্চয় আনকো পৰম্পৰাগত ভাৰতীয় সংগীতৰ সৈতে সংযোগ কৰিব।

মোৰ প্ৰিয় দেশবাসীসকল,

কাইলৈ ​​২৭ জুলাইত ভাৰত ৰত্ন ড° এ.পি.জে. আব্দুল কালামজীৰ মৃত্যু বাৰ্ষিকী। ড° কালামৰ ব্যক্তিত্বৰ বহু প্ৰেৰণাদায়ক দিশ আছিল যদিও শিক্ষকৰ ভূমিকা তেওঁৰ হৃদয়ৰ আটাইতকৈ ওচৰ চপা। তেওঁ শিশু আৰু যুৱক-যুৱতীসকলক ডাঙৰ সপোন দেখিবলৈ অনুপ্ৰাণিত কৰিছিল। কাকতলীয়াকৈ এই সপ্তাহত আমি ‘গুৰু পূৰ্ণিমা’ৰ পবিত্ৰ উৎসৱ পালন কৰিম। আমাৰ পিতৃ-মাতৃ আমাৰ প্ৰথম গুৰু। স্কুলৰ শিক্ষকে আমাক বৰ্ণমালা শিকায়। গুৰু পূৰ্ণিমা এনে সকলো গুৰুৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ এক অনুষ্ঠান। দেশৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী আৰু বয়োজ্যেষ্ঠলৈ শ্ৰদ্ধাৰে প্ৰণাম জনাইছোঁ। ১৫ আগষ্ট প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ দিন। ‘ভাৰত মাতা’ৰ স্বাধীনতাৰ বাবে নিজৰ সকলোখিনি উৎসৰ্গা কৰা অগণন বীৰক স্মৰণ কৰাৰ দিন। তেওঁলোকৰ ত্যাগ আৰু ভক্তিৰ বাবেই আজি আমি ত্ৰিৰংগাখন আমাৰ হাতত লৈছো; এই ত্ৰিৰংগাই আমাৰ সংবিধানৰ আদৰ্শক মূৰ্ত কৰি তুলিছে।

বন্ধুসকল,

যোৱা কেইবছৰমানৰ পৰা ‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযানে সমগ্ৰ দেশখনক এক উল্লেখযোগ্য মনোভাৱেৰে একত্ৰিত কৰিছে।  ত্ৰিৰংগা উদযাপন প্ৰতিখন ঘৰতে আৰু প্ৰতিটো গলিতে দেখা গৈছিল।  এইবাৰো আমি অতি উৎসাহেৰে ‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযান আগুৱাই নিব লাগিব। পৰম শ্ৰদ্ধাৰে আমি আমাৰ ঘৰত ত্ৰিৰংগা প্ৰদৰ্শন কৰিব লাগিব।

বন্ধুসকল,

প্ৰতি বছৰে ১৫ আগষ্টৰ আগতে আপোনালোকে মোলৈ বহুতো ধাৰণা আৰু পৰামৰ্শ প্ৰেৰণ কৰে। এইবাৰো মাইগভ (MyGov)ত আপোনাৰ মতামত শ্বেয়াৰ কৰক। আপোনালোকৰ পৰামৰ্শৰ বাবে মই আগ্ৰহী।

বন্ধুসকল,

আজিৰ ‘মন কি বাত’ৰ বাবে এয়াই যথেষ্ট। অহা মাহত আমি আমাৰ দেশবাসীৰ বহু নতুন কৃতিত্ব আৰু প্ৰেৰণাদায়ক প্ৰচেষ্টাৰে পুনৰ মিলিত হ’ম। তেতিয়ালৈকে আপোনালোকৰ পৰা বিদায় মাগিছোঁ।

বহুত বহুত ধন্যবাদ, নমস্কাৰ।

 

*****

 

MJPS/ST/VK/KD