Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মহাৰাষ্ট্রৰ ধুলে একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ

মহাৰাষ্ট্রৰ ধুলে একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ

মহাৰাষ্ট্রৰ ধুলে একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ

মহাৰাষ্ট্রৰ ধুলে একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ


মঞ্চত উপস্থিত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল বিদ্যাসাগৰ মহোদয়, মুখ্যমন্ত্রী শ্রী দেবেন্দ্ৰ ফাড়নবীছ. মোৰ মন্ত্রী পৰিষদৰ সহযোগী নীতিন জী, জয় কুমাৰ ৰাৱালজী তথা অন্যান্য সন্মানীয় ব্যক্তিসকলৰ লগতে মোক আশীর্বাদ প্ৰদানৰ বাবে বিপুল হাৰত ইয়ালৈ অহা মোৰ মৰমৰ ভাই-ভনীসকল৷ মোক জনোৱা মতে ইমান গৰমত আপোনালোকে ২–৩ ঘন্টা ধৰি অপেক্ষা কৰি আছে৷ মই আপোনালোকৰ এই তপস্যাক প্ৰণাম জনাইছো৷

 

বন্ধুসকল, আজি এনে এক সময়ত আপোনালোকৰ মাজলৈ আহিছো, যিসময়ত পুলৱামাত আমাৰ জোৱানসকলৰ ওপৰত সন্ত্রাসবাদীৰ আক্ৰমণক লৈ দেশবাসী ক্ষোভত ফাটি পৰিছে। এফালৰ পৰা দেশবাসীৰ ক্ষোভ আৰু আনফালে সকলোৰে চকুত চকুপানী। মহাৰাষ্ট্রৰ ভূমিয়ে কেইবাগৰাকী সু-সন্তানক হেৰুৱাইছে। খান্দেশৰ ভূমিত থিয় হৈ মই দেশৰ সকলো পৰাক্ৰমী বীৰ সন্তানৰ লগতে তেওঁলোকৰ জন্মদাত্রী প্ৰতিগৰাকী মাতৃক আন্তৰিক শ্ৰদ্ধা জনাইছো।

 

বন্ধুসকল, আমাৰ সৈনিকসকলে সদায় নিঃস্বার্থভাৱে দেশৰ সেৱা কৰি আহিছে৷ তেওঁলোকে মুখেৰে একো নকয়৷ কিন্তু নীৰৱে কাম কৰি যায়৷ যিসকলে নিজৰ সর্বস্ব উৎসর্গা কৰিছে, তেওঁলোকৰ পৰিয়ালৰ ওচৰত আমি সকলো সদায়ে থাকিম৷ এখন দেশ হিচাপে আমাৰ কাম এতিয়াৰে পৰাই আৰম্ভ হয়। চৰকাৰ প্ৰশাসনৰ যি দায়িত্ব আছে, তাতকৈও একোজন নাগৰিক হিচাপে আমাৰ দায়িত্ব বহুত বেছি৷

 

বন্ধুসকল, এয়া সংযম, সংবেদনশীলতা আৰু শোকৰ সময়। কিন্তু প্ৰতিটো পৰিয়ালক মই আশ্বস্ত কৰিছো যে পৰিয়ালসমূহে তেওঁলোকৰ আপোনজনক হেৰুৱাইছে, আপোনালোকৰ প্ৰতিটোপান চকুপানীৰ উত্তৰ আমি দিম৷ ভাৰতত যি নতুন ৰীতি-নীতি লৈ আগুৱাই গৈছে, বিশ্ববাসীয়ে এতিয়া সেয়া অনুভৱ কৰিব৷

 

আমাৰ সাহসী নিৰাপত্তা কর্মীসকলে আক্ৰমণকাৰীসকলক নিশ্চিন্তে শুবলৈ নিদিয়ে৷ ভাৰতে কাকো আমনি কৰিব নিবিচাৰে৷ কিন্তু মই স্পষ্টভাবে কৈছো, ভাৰতক যদি কোনোবাই আমনি কৰে আমি তেওঁলোকক ৰেহাই নিদিও৷ আমাৰ নিৰাপত্তা বাহিনীসমূহে পূৰ্বতেও এইটো কৰি দেখুৱাইছে আৰু এতিয়াও উত্তৰ নিদিয়াকৈ নেৰে৷

 

ভাই-ভনীসকল, দেশৰ নিৰাপত্তাৰ পৰা আৰম্ভ কৰি সাধাৰণ জনতাৰ জীৱনযাত্রাৰ মান আৰু অধিক সহজ কৰি তোলাৰ লক্ষ্যৰে আপোনালোকৰ এই চৰকাৰে নিৰন্তৰ কাম কৰি আহিছে। আজি ধুলে অঞ্চলৰ উন্নয়নৰ সৈতে জড়িত কেইবা হাজাৰ কোটি টকাৰ প্ৰকল্প ইয়াত উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হৈছে৷ ধুলে চহৰত খোৱাপানী আৰু অনাময় প্ৰকল্পক বাদ দি সমীপৰ্তী অঞ্চলৰ কৃষকসকলৰ লগতে যোগাযোগ ব্যৱস্থাৰ উন্নয়নমূলক কেতবোৰ প্ৰকল্পৰ বাবে মই আপোনালোকক বহুত বহুত শুভেচ্ছা জনাইছো৷

 

ভাই-ভনীসকল, ধুলেৰ ভৌগোলিক অৱস্থিতি এনেকুৱা যে এখন দেশৰ এক গুৰুত্বপূর্ণ শিল্প নগৰী হৈ উঠিব পাৰে৷ এই চহৰ কেইবাটাও ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থল। আমি এই যোগাযোগ ব্যৱস্থা আৰুও উন্নত কৰি তুলিবলৈ এই চহৰত দুটা নতুন ৰে’ল লাইনৰ আধাৰশিলা স্থাপন কৰিছো৷ ইফালে, এটা ৰে’ল লাইনৰ প্ৰশস্তিকৰণ আৰু বৈদ্যুতিকীকৰণৰ কামো সম্পন্ন হৈছে৷ তদুপৰি, আজি ইয়াৰে পৰা তিনিখন নতুন ৰে’ল উদ্বোধনী উপলক্ষে সেউজ পতাকা দেখুৱালো৷

ইয়ালৈ যিসকল আহিছে, তেওঁলোকৰ প্ৰত্যেকেই কিবা নহয় কিবা ধৰণে ছুৰাট চহৰৰ সৈতে সম্পর্ক আছে। আপোনালোকে নিয়মিত ছুৰাটলৈ অহা-যোৱা কৰে৷ আজিৰ পৰা ২৫ বছৰ পূৰ্বে ছুৰাট কেনে আছিল সেই কথা ভাৱক৷ এই ২৫-৩০ বছৰত ছুৰাটত যি উন্নয়ন হৈছে, মই আজি ধুলেবাসীক প্ৰতিশ্রুতি দিও যে ৩০ বছৰ পাছত ধুলেও তেনেকৈয়ে এখন অত্যাধুনিক চহৰ হৈ উঠিব৷ আপোনালোকে মোৰ এই কথাটো লিখি ৰাখক৷ আজি মই যিসকল বীজ ৰোপণ কৰিছে, সেইবোৰৰ ইমানেই শক্তি যে ৩০ বছৰৰ পাছত এইবোৰ বটবৃক্ষত পৰিণত হ’ব, তেতিয়া ধুলে ছুৰাটৰ সৈতে প্ৰতিযোগিতাত অৱতীর্ণ হ’ব৷

ধুলেবাসীয়ে নিজৰ ওপৰত বিশ্বাস ৰাখক, ধুলে আগুৱাই যাব পাৰে, ছুৰাটৰ পৰাও অত্যাধুনিক হৈ উঠিব পাৰে–আপোনালোকে যদি সংকল্প লৈ আগুৱাই যায়, আৰু অহা ৩০ বছৰ ধৰি সেই পৰিকল্পনা অনুসৰি কাম কৰে, তেতিয়াই আপোনালোকে যদি এইটো বিচাৰে, তেতিয়া হ’লে মইও আপোনালোকৰ সৈতে কান্ধত কান্ধ মিলাই আগুৱাই যাব পাৰে৷

 

বন্ধুসকল, আজি ধুলেৰ পৰা নর্দানালৈ ৰে’ল লাইনত প্ৰথম পর্যায়ৰ কাম আৰম্ভ হৈছে। ভৱিষ্যতে এই ৰে’ল লাইনে মনৱাড়ৰ সৈতে ইন্দোৰক জড়িত কৰিব। মনৱাড়–ইন্দোৰ ৰে’ল লাইন আৰম্ভ হ’লে ইন্দোৰ আৰু মুম্বাইৰ সমান্তৰালকৈ গোটেই দেশ উপকৃত হ’ব৷ 

বন্ধুসকল, আজি ইয়াৰ পৰা মনৱাড়ৰ সৈতে জলগাঁওক সংযোগ কৰাৰ উদ্দেশ্যে এখন নতুন ৰে’ল লাইনৰো আধাৰশিলা স্থাপন কৰা হৈছে। এইটো সম্পূর্ণ হ’লে জনগণৰ যিমান সুবিধা হ’ব, সিমানেই নবীন প্ৰজন্মইও কর্মসংস্থাপন লাভ কৰিব।

 

বন্ধুসকল, প্রায় এক দশক পূৰ্বে উধনা–জলগাঁও ৰে’ল লাইন স্থাপনৰ লক্ষ্যৰে ফাইল মুকলি কৰাৰ কাম আৰম্ভ হৈছিল। কিন্তু আমি দায়িত্ব লোৱাৰ পাছত এয়া সম্পূর্ণ কৰাৰ লগতে ইতিমধ্যে এইটো দ্বৈত লাইন আৰু বিদ্যুতিকীকৰণৰ কাম সম্পন্ন কৰিলো৷ আজি এই লাইন দেশবাসীৰ উদ্দেশ্যে উচৰ্গা কৰাৰ সৌভাগ্য মোৰ হৈছে।

 

বন্ধুসকল, এই ৰে’লপথ আৰম্ভ কৰাৰ আজি উধনা–নন্দুৰবাৰ আৰু উধনা–পালছিগামী দুখন নতুন ৰে’ল আৰম্ভ কৰাৰ মোৰ সৌভাগ্য হৈছে। এই সময়ত প্ৰযুক্তিৰ মাধ্যমত উধনাৰ বন্ধুসকল এই অনুষ্ঠানৰ সৈতে সংযোগ হৈছে। মই ধুলেৰ ভূমিৰ পৰা সেই বন্ধুসকলো বহুত বহুত শুভেচ্ছা জনাইছো। তাতো এনেধৰণেই বিশাল সমাৱেশৰ মাজত বহি বৃহৎ স্ক্রিনত আপোনালোকে এই অনুষ্ঠান দেখিছে। আমাৰ ৰে’ল ৰাজ্যমন্ত্রী শ্রী ৰাজেন গোহাঁইজী তাত উপস্থিত আছে। তদুপৰি, ভুছাৱালৰ পৰা বান্দ্রালৈকে খান্দেশ এক্সপ্রেছ ট্রেইনৰ জৰিয়তে মুম্বাই আৰু ছুৰাটৰ সৈতে ধুলেৰ যোগাযোগ আৰু অধিক শক্তিশালী হ’ব৷

 

ভাই-ভনীসকল, ইয়াৰ এটি গুৰুত্বপূর্ণ বিষয় হ’ল পানী। তাপী নদীৰ জলধাৰা ধুলেৰ কাষেৰে বৈ গৈছে। অথচ এই চহৰৰ লোকসকলে দীর্ঘদিন ধৰি খোৱাপানীৰ সমস্যাত ভুগিছে। আমি আজি আপোনালোকৰ খোৱাপানী আৰু জলসিঞ্চনৰ পানীৰ সমস্যা দূৰ কৰিবলৈ আমৰুট যোজনাৰ জৰিয়তে এটি প্ৰকল্প আৰম্ভ কৰিছো। তদুপৰি, এই চহৰত নির্মীয়মান অনাময় ব্যৱস্থা চহৰক পৰিচ্ছন্ন কৰি ৰাখিবলৈ সহায়ক হ’ব।

ভাই-ভনীসকল, ধুলেকে ধৰি মহাৰাষ্ট্ৰ তথা দেশৰ বহুত অঞ্চলত জলসিঞ্চনৰ সুবিধা উন্নয়নৰ বাবে প্ৰধানমন্ত্রী কৃষি সিঞ্চায় যোজনাৰ কাম আৰম্ভ কৰা হৈছে। এই প্ৰকল্পটো দীর্ঘদিন ধৰি অসম্পূৰ্ণ হৈ থকা ৯৯টা জলসিঞ্চনৰ প্ৰকল্পৰ সমন্বয়ত গঢ়ি তোলা হৈছে। ইয়াৰে ভিতৰত ২৬টা প্ৰকল্পই মহাৰাষ্ট্রৰ। 

ভাই-ভনীসকল, আজি যি ল’ৱাৰ পাঞ্জাৰা জলসিঞ্চন প্ৰকল্পটোৰ উদ্বোধন কৰা হৈছে, সেইটো এই ২৬টা প্ৰকল্পৰই অন্যতম। ৩৫ বছৰ পূৰ্বে এই প্ৰকল্পৰ কাম আৰম্ভ হৈছিল আৰু তেতিয়া ইয়াৰ বাজেট আছিল মাত্ৰ ২১ কোটি টকা। কিন্তু আজি এই অসম্পূৰ্ণ প্ৰকল্পটো শেষ কৰিবলৈ খৰচ হৈছে ৫০০ কোটিতকৈও অধিক টকা।

 

বন্ধুসকল, মহাৰাষ্ট্রত পানীৰ অভাৱৰ ফলত খৰাঙৰ প্ৰকোপৰ পৰা কৃষকসকলক মুক্তি দিয়াৰ বাবে কেন্দ্রীয় চৰকাৰে যথাসম্ভৱ চেষ্টা কৰি আহিছে৷ মাৰাঠৱাড়া, বীৰ আৰু মহাৰাষ্ট্রৰ অন্যান্য খৰাং প্ৰভাৱিত এলেকাৰ বাবেও বিশেষ গুৰুত্ব প্ৰদান কৰি ৯১টা প্ৰকল্পত অনুমোদন জনাইছে৷ প্রায় ১৪হাজাৰ কোটি টকা ব্যয়সাপেক্ষ নির্মীয়মান এই প্ৰকল্পসমূহ নির্দিষ্ট সময়ৰ ভিতৰত সম্পূর্ণ কৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এই প্ৰকল্প সম্পূর্ণ হ’লে প্রায় চাৰে চাৰি লাখ হেক্টৰতকৈও অধিক  ভূমিক জলসিঞ্চনৰ আওঁতালৈ আনিব পৰা যাব।

 

ভাই-ভনীসকল, জলসিঞ্চন আৰু ৰে’ল সম্পৰ্কীয় এই প্ৰকল্পসমূহ বাস্তবায়িত কৰিবলৈ আপোনালোকৰ নির্বাচিত সাংসদ তথা মোৰ মন্ত্রী পৰিষদৰ সহযোগী ডঃ সুভাষ ভামৰেজীৰ বহুত ডাঙৰ অৱদান আছে। তেওঁৰ সৈতে মোৰ যেতিয়াই সাক্ষাৎ হয়, তেওঁ এই খৰাংপীড়িত এলেকাৰ বাবে দুশ্চিন্তা ব্যক্ত কৰে। সুলৱাড়ে – জামফল – কানুলি জলসিঞ্চন প্ৰকল্পৰ বাবে তেওঁ নিৰন্তৰ চেষ্টা কৰি আহিছে৷

এই প্ৰকল্পক লৈ বিগত দুই দশক ধৰি কেৱল আলাপ-আলোচনা চলি আছিল। অবশেষত আজি ২ হাজাৰ ৪০০ কোটিতকৈও অধিক টকা ব্যয়সাপেজ্ঞ এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। এই প্ৰকল্পৰ জৰিয়তে তাপী নৈৰ পানী বহু গাঁৱৰ জলসিঞ্চনৰ কামত লাগিব আৰু হাজাৰ হাজাৰ কৃষক উপকৃত হ’ব৷

 

বন্ধুসকল, কৃষকসকলৰ জলসিঞ্চন প্ৰকল্পৰ অধীনলৈ অনা অথবা কোনো অঞ্চলক খৰাং বা বৃষ্টিপাতৰ প্ৰকোপৰ পৰা ৰক্ষা কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে স্বচ্ছ দৃষ্টি আৰু সততাৰে কৃষকসকলৰ হিতাৰ্থে কাম কৰি আহিছে।

 

ভাই-ভনীসকল, কৃষক আৰু পশুপালকসকলৰ সবলীকৰণৰ বাবে এইবাৰৰ বাজেটটো কেন্দ্রীয় চৰকাৰে এটি ডাঙৰ প্ৰকল্প ঘোষণা কৰিছে। সেইটো হ’ল প্ৰধানমন্ত্রী কিষাণ সন্মাননিধি। ইয়াৰ জৰিয়তে যিসকল কৃষকৰ ৫ একৰ অথবা তাতকৈও কম ভূমি আছে, তেওঁলোকক তিনিটা কিস্তিত বছৰি মুঠ ৬ হাজাৰ টকাকৈ অনুদান আগবঢ়োৱা হ’ব। এইদৰে অহা ১০ বছৰত কেন্দ্রীয় চৰকাৰে পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টত মুঠ চাৰে সাত লাখ কোটি টকা জমা কৰিব। এই টকাৰে তেওঁলোকে যথাসময়ত বীজ, সাৰ আৰু নিজৰ অসুখ-বিসুখৰ ক্ষেত্রত ঔষধ কিনিব পাৰিব। আৰু মহাজনৰ পৰা উচ্চ সুদত ঋণ লোৱাৰ প্ৰয়োজন নহ’ব। ইয়াৰ জৰিয়তে দেশৰ প্রায় ১২ কোটি কৃষক, পশুপালক, দুগ্ধ উৎপাদকসকল উপকৃত হ’ব।

 

বন্ধুসকল, গাঁৱৰ পৰা আৰম্ভ কৰি আমাৰ দেশৰ দুখীয়া লোকসকলৰ ৰন্ধনঘৰ ধোঁৱাৰ প্ৰকোপৰ ইতিহাস দীর্ঘদিনীয়া। আজি য’ত এই সভা হৈছে, সেই ভূমি গোমাতাৰ ভূমি। মহান স্বাধীনতা সংগ্রামী ৰামেশ্বৰম প্ৰসাদজীয়ে নিজৰ ১৪ একৰ ভূমি গো সেৱাৰ বাবে উচৰ্গা কৰিছিল৷ ধুলেৰ এই ঐতিহ্যক আজি নতুনকৈ শক্তি যোগোৱা হৈছে। কেন্দ্রীয় চৰকাৰৰ চলিত বাজেটত গোমাতাৰ সেৱা আৰু সংৰক্ষণৰ বাবে কামধেনু আয়োগ গঠনৰ সিদ্ধান্ত লোৱা হৈছে। এই আয়োগে আমাৰ পশুধনক সমৃদ্ধ কৰি গাঁৱৰ সবলীকৰণত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব। 

 

বন্ধুসকল, ‘সবকা সাথ, সবকা বিকাশ’ মন্ত্ৰক সাৰোগত কৰি আমাৰ কেন্দ্রীয় চৰকাৰ আৰু মহাৰাষ্ট্ৰ চৰকাৰে দুখীয়া, শোষিত, বঞ্চিত, পিছপৰা শ্ৰেণীৰ লোক, জনজাতি, মহিলা আৰু নতুন প্ৰজন্মৰ সকলোকে সবল কৰাৰ চেষ্টা কৰিছে। বিশ্বৰ বৃহত্তম স্বাস্থ্য বীমা আঁচনি আয়ুষ্মান ভাৰত প্ৰকল্পই আজি সমগ্ৰ দেশৰ ১২ লাখ দুখীয়া মানুহক অতি জটিল ৰোগৰ পৰা মুক্তি দিছে। ইতিমধ্যে এই ৰাজ্যৰ ৭০ হাজাৰতকৈও অধিক তথা আপোনালোকৰ ধুলেৰ ১,৮০০তকৈও অধিক লোকে এই আঁচনিৰ জৰিয়তে বিনামূল্যে জটিল ৰোগৰ চিকিৎসা কৰিবলৈ সক্ষম হৈছে।

 

প্ৰতি বছৰ ৫ লাখ টকালৈকে ব্যয়সাধ্য চিকিৎসা বিনামূল্যে সুনিশ্চিত কৰাৰ লক্ষ্যৰে এই আঁচনিয়ে কোটি কোটি দুখীয়া, বঞ্চিত আৰু জনজাতীয় লোকৰ মনত আশাৰ সঞ্চাৰ কৰিছে। আজি এই মঞ্চত উপস্থিতি হোৱাৰ পূৰ্বে আয়ুষ্মান ভাৰত যোজনাৰ দ্বাৰা উপকৃত বহু স্থানীয় লোকৰ সৈতে কথা-বতৰা হোৱাৰ সুযোগ হয়। আগতে কেনেধৰণৰ চিকিৎসা পাইছিল, কিদৰে জটিল ৰোগৰ ক্ষেত্রত অসহায় হৈ মৃত্যুৰ বাবে অপেক্ষা কৰিব লাগিছিল, টকাৰ অভাৱত চিকিৎসা কৰাব পৰা নাছিল–সেই সকলো কথা তেওঁলোকে কৈছে। আয়ুষ্মান ভাৰত যোজনাই তেওঁলোকৰ জীৱন ৰক্ষা কৰিছে। আজি তেওঁলোকৰ নতুন স্বপ্নৰে ভৱিষ্যতৰ সুদিনৰ অপেক্ষা কৰিছে। তেওঁলোকৰ সৈতে কথা পাতি মোৰ যথেষ্ট ভাল লাগিছে। তেওঁলোকৰ আশীর্বাদে মোক শক্তি যোগাইছে। মই এই দেশৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে যথাসাধ্য কাম কৰাৰ প্রেৰণা পাইছো। 

 

ভাই-ভনীসকল, মই পুনৰবাৰ আপোনালোক সকলোকে এই উন্নয়ন প্ৰকল্পসমূহৰ বাবে বহুত বহুত শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰিছো৷

 
আপোনালোকে মুঠি মাৰি হাত ওপৰ কৰি পূর্ণশক্তিৰে মোৰ সৈতে কওঁক– 

ভাৰত মাতা কী জয়

 

আপোনালোকৰ আৱাজ যাতে খান দেশৰ সকলোৱে শুনিব পাৰে–

 

ভাৰত মাতা কী জয় 

ভাৰত মাতা কী জয় 

ভাৰত মাতা কী জয় 

বহুত বহুত ধন্যবাদ।

*****

অতুল কুমাৰ তিৱাৰী/বন্দনা যাদৱ/মমতা/দিগন্ত বৈৰাগী