(মাৰাঠী ভাষাত শুভেচ্ছা জ্ঞাপন)
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগৎ সিং কোশিয়াৰী জী, মোৰ কেবিনেট সতীৰ্থ ৰামদাস আঠৱালে জী, উপ মুখ্যমন্ত্ৰী শ্ৰী অজিত পাৱাৰ জী, মহাৰাষ্ট্ৰ চৰকাৰৰ অন্যান্য মন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাডনভিছ জী, মোৰ সংসদ সতীৰ্থ প্ৰকাশ জাভড়েকাৰ জী, আন-আন সাংসদ, বিধায়ক, পুনেৰ মেয়ৰ মুৰুলীধৰ মোহল জী, পিম্প্ৰি চিঞ্চৱাডৰ মেয়ৰ শ্ৰীমতী মাই ধৰে জী, ইয়াত উপস্থিত থকা আন সকলো গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল!
সম্প্ৰতি দেশখনে স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ‘আজাদী কা অমৃত মহোৎসৱ’ উদযাপন কৰি আছে। ভাৰতৰ স্বাধীনতাত পুনেৰ এক ঐতিহাসিক অৱদান আছে। লোকমান্য তিলক, চাপেকাৰ ভ্ৰাতৃ, গোপাল গণেশ আগৰকাৰ, সেনাপতি বাপত, গোপাল কৃষ্ণ দেশমুখ, আৰজি ভাণ্ডাৰকাৰ, মহাদেৱ গোবিন্দ ৰাণাদে জী- মই এই মাটিৰ সকলো স্বাধীনতা সংগ্ৰামীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।
আজি মহাৰাষ্ট্ৰৰ উন্নয়নৰ বাবে সমৰ্পিত ৰামভাউ মালগীৰ মৃত্যু বাৰ্ষিকীও। আজি মই বাবাচাহেব পুৰন্দৰে জীকো সন্মান সহকাৰে স্মৰণ কৰিছো। কিছু সময় পূৰ্বে মোৰ ছত্ৰপতি শিৱাজী মহাৰাজৰ বিশাল মূৰ্তি উদ্বোধনৰ সৌভাগ্য হৈছিল। ছত্ৰপতি শিৱাজী মহাৰাজ জীৰ এই মূৰ্তি, যি আমাৰ হৃদয়ত চিৰন্তন, যিয়ে যুৱ প্ৰজন্ম, ভৱিষ্যৎ প্ৰজন্মৰ মাজত দেশপ্ৰেমৰ উদ্দীপনা প্ৰোথিত কৰিব।
আজি পুনেৰ উন্নয়ন সম্পৰ্কীয় আন কেইবাটাও প্ৰকল্প উদ্বোধন কৰা হৈছে বা এইসমূহৰ আধাৰশিলা স্থাপন কৰা হৈছে। আপোনাসৱে পূৰ্বে পুনে মেট্ৰ’ৰ আধাৰশিলা স্থাপন কৰিবলৈ আমন্ত্ৰণ জনোৱা কাৰ্য্যত মই নিজকে সৌভাগ্যৱান অনুভৱ কৰো। আৰু এতিয়া আপোনাসৱে মোক এয়া উদ্বোধন কৰাৰ সুযোগ প্ৰদান কৰিছে। পূৰ্বে, আধাৰশিলা স্থাপন কৰোতে এয়া কেতিয়া উদ্বোধন কৰা হ’ব, সেয়া কোনেও নাজানিছিল।
বন্ধুসকল,
এই কাৰ্য্যসূচী গুৰুত্বপূৰ্ণ কিয়নো পৰিকল্পনাৰাজি যে সময়মতে সম্পূৰ্ণ কৰিব পাৰি, ই উক্ত বাৰ্তাও বহন কৰিছে। আজি মুলা-মুথা নদীক প্ৰদূষণ মুক্ত কৰিবলৈ ১১০০ কোটি টকাৰ প্ৰকল্পৰ কামো আৰম্ভ কৰা হৈছে। আজি পুনেতো ই-বাছ আছে। বেনাৰত ই-বাছৰ ডিপো উদ্বোধন কৰা হৈছে। মই ঊষা জীক এই সকলোৰে বাবে অভিনন্দন জনাইছো। আজি, পুনেয়ে আৰ কে লক্ষ্মণ জীলৈ উৎসৰ্গিত এক কলা বীথিকা সংগ্ৰহালয়ৰ ৰূপত আন এটা আশ্চৰ্য্যকৰ উপহাৰ লাভ কৰিছে। মই ঊষা জী আৰু তেওঁৰ গোটেই পৰিয়ালক অভিনন্দন জনাইছো কিয়নো মই তেওঁৰ সৈতে নিৰন্তৰভাৱে যোগাযোগ কৰি আছো। মই তেওঁৰ উৎসাহ, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমক অভিনন্দন জনাইছো। তেওঁ কামটো সম্পূৰ্ণ কৰিবলৈ দিনে-ৰাতিয়ে কাম কৰিছিল। ঊষা জী আৰু গোটেই পৰিয়ালটোলৈ মোৰ শুভেচ্ছা জনাইছো। আজি মই পুনেৰ জনসাধাৰণক এই সকলো সুবিধাৰ বাবে অভিনন্দন জনাইছো আৰু লগতে আমাৰ মেয়ৰ আৰু সমগ্ৰ টীম উভয়কে ক্ষীপ্ৰতাৰে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰে আগবাঢ়ি যোৱাৰ বাবে অভিনন্দন জনাইছো।
ভ্ৰাতৃ আৰু ভগ্নীসকল,
পুনে ইয়াৰ সাংস্কৃতিক, আধ্যাত্মিক আৰু দেশপ্ৰেমিক চেতনাৰ বাবে খ্যাত। আৰু একে সময়তে, পুনেয়ে শিক্ষা, গৱেষণা আৰু বিকাশ, তথ্য-প্ৰযুক্তি আৰু অট’ম’বাইলৰ ক্ষেত্ৰত নিৰন্তৰভাৱে নিজৰ পৰিচয় শক্তিশালী কৰি আহিছে। এনে পৰিস্থিতিত, আধুনিক সুবিধাৰাজি হৈছে পুনেৰ জনসাধাৰণৰ প্ৰয়োজনীয়তা। আৰু আমাৰ চৰকাৰে পুনেৰ জনসাধাৰণৰ এই প্ৰয়োজনীয়তাৰ কথা মনত ৰাখি অসংখ্য ক্ষেত্ৰত কাম কৰি আছে। মই ক্ষন্তেক পূৰ্বে গাৰৱেৰৰপৰা আনন্দ নগৰলৈ পুনে মেট্ৰ’ৰ জৰিয়তে ভ্ৰমণ কৰিছিলো। এই মেট্ৰ’ই পুনেত গতিশীলতা (mobility) সহজ কৰিব, প্ৰদূষণ আৰু যান-যঁটৰপৰা সকাহ দিব আৰু একে সময়তে পুনেৰ লোকসকলৰ ইজ অৱ লিভিঙৰ বৰ্ধন ঘটাব। ৫-৬ বছৰ পূৰ্বে, দেৱেন্দ্ৰ জী ইয়াৰ মুখ্যমন্ত্ৰী থাকোতে, তেওঁ এই প্ৰকল্পটোৰ বাবে মাজে-মাজে দিল্লীলৈ গৈছিল। অতি আগ্ৰহ আৰু উৎসাহেৰে তেওঁ এই প্ৰকল্পটো অনুসৰণ কৰিব। মই তেওঁৰ প্ৰচেষ্টাক প্ৰশংসা কৰিব খুজিছো।
বন্ধুসকল,
ক’ৰোনা মহামাৰীটোৰ মাজতো এই শাখাটো আজি সেৱাৰ বাবে সাজু। পুনে মেট্ৰ’ৰ পৰিচালনাৰ বাবে সৌৰ শক্তিও ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছে। ই প্ৰতি বছৰে প্ৰায় ২৫ হাজাৰ টন কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমন ৰোধ কৰিব। মই এই প্ৰকল্পটোৰ সৈতে জড়িত সকলো লোক, বিশেষকৈ সকলো শ্ৰমিকলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আপোনাসৱৰ অৱদান পুনেৰ পেছাদাৰী, ইয়াৰ শিক্ষাৰ্থীসকলৰ লগতে ইয়াৰ সাধাৰণ নাগৰিকসকলৰ বাবে যথেষ্ট সহায়ক হ’ব।
বন্ধুসকল,
আমাৰ দেশত কিমান ক্ষীপ্ৰতাৰে নগৰীকৰণ অব্যাহত আছে, সেয়া আপোনালোক সকলোৱে ভালদৰে জানে। ২০৩০ ৰ ভিতৰত আমাৰ নগৰীয়া জনসংখ্যাই ৬০ কোটি অতিক্ৰম কৰিব বুলি বিশ্বাস কৰা হয়। চহৰসমূহৰ বৰ্ধিত জনসংখ্যাই ইয়াৰ লগত কেৱল কেইবাটাও সুযোগেই নহয় প্ৰত্যাহ্বানো কঢ়িয়াই আনিছে। চহৰসমূহত কেৱল কিছু পৰিমাণেহে ফ্লাইঅ’ভাৰ নিৰ্মাণ কৰিব পাৰি। জনসংখ্যা বৃদ্ধি হোৱাৰ লগে-লগে, কিমানখন ফ্লাইঅ’ভাৰ নিৰ্মাণ কৰিব পাৰি? আপুনি ইয়াক ক’ত নিৰ্মাণ কৰিব? আপুনি কিমানটা পথ বহল কৰিব পাৰে? আপুনি এনে ক’ত কৰিব? এনে পৰিস্থিতিত, আমাৰ ওচৰত কেৱল এটাই বিকল্প আছে- সেয়া হৈছে গণ পৰিবহণ। আমি গণ পৰিবহণৰ প্ৰণালী অধিক গঢ়ি তোলাটো আৱশ্যকীয়। সেয়েহে আজি আমাৰ চৰকাৰে গণ পৰিবহণ, বিশেষকৈ মেট্ৰ’ সংযোগৰ মাধ্যমৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিছে।
২০১৪ লৈকে, দেশখনৰ কেৱল দিল্লী-এনচিআৰ অঞ্চলত মেট্ৰ’ৰ ব্যাপক সম্প্ৰসাৰণ কৰা হৈছিল। ই সেই সময়ত মাত্ৰ ১ বা ২ খন চহৰত উপলব্ধ হ’বলৈ আৰম্ভ কৰিছিল। কিন্তু আজি দেশখনৰ ২ ডজনৰো অধিক চহৰত মেট্ৰ’ কাৰ্য্যক্ষম হৈ পৰিছে নতুবা শীঘ্ৰেই আৰম্ভ হ’ব। মহাৰাষ্ট্ৰৰো ইয়াত অংশ আছে। মুম্বাইয়ে হওঁক, পুনে-পিম্প্ৰি চিঞ্চৱাডেই হওঁক, থানে বা নাগপুৰেই হওঁক, আজি মহাৰাষ্ট্ৰৰ মেট্ৰ’ নেটৱৰ্ক অতিশয় ক্ষীপ্ৰতাৰে সম্প্ৰসাৰিত হৈছে।
আজি এই উপলক্ষে মই পুনে আৰু সম্প্ৰতি মেট্ৰ’ চলি থকা প্ৰতিখন চহৰৰ লোকসকলক অনুৰোধ জনাব খুজিছো। মই সমাজৰ উচ্চ স্তৰলৈ এটা বিশেষ অনুৰোধ কৰিব খুজিছো যে আমি যিমানেই ডাঙৰ, ধনী বা প্ৰভাৱশালী নহওঁ কিয়, সমাজৰ প্ৰতিটো শ্ৰেণীয়ে মেট্ৰ’ ৰে’লৰ জৰিয়তে ভ্ৰমণৰ অভ্যাস গঢ়ি তুলিব লাগে। আপুনি মেট্ৰ’ৰ জৰিয়তে যিমানেই ভ্ৰমণ কৰিব, আপুনি আপোনাৰ চহৰখনক সিমানেই সহায় কৰিব।
ভ্ৰাতৃ আৰু ভগ্নীসকল,
একবিংশ শতিকাৰ ভাৰতত আমি আমাৰ চহৰসমূহৰ আধুনিকীকৰণ কৰিব লাগিব আৰু সেইসমূহত নতুন সুবিধা যোগ দিব লাগিব। ভৱিষ্যতৰ ভাৰতৰ চহৰৰ কথা মনত ৰাখি, আমাৰ চৰকাৰে একেলগে কেইবাটাও প্ৰকল্পৰ কাম অব্যাহত ৰাখিছে। আমাৰ চৰকাৰে প্ৰতিখন চহৰত অধিক সংখ্যক সেউজ পৰিবহণ, বৈদ্যুতিক বাছ, বৈদ্যুতিক গাড়ী, বৈদ্যুতিক দুচকীয়া বাহন আৰু স্মাৰ্ট গতিশীলতা নিশ্চিতকৰণৰ অৰ্থে চেষ্টা কৰি আছে; জনসাধাৰণে পৰিবহণ সুবিধাৰ বাবে কেৱল এখন কাৰ্ড ব্যৱহাৰ কৰি আছে; সুবিধাটো স্মাৰ্ট কৰিবলৈ প্ৰতিখন চহৰতে সংহত কমাণ্ড এণ্ড কনট্ৰল চেন্টাৰ আছে; চাৰ্কুলাৰ অৰ্থনীতিক সুদৃঢ় কৰিবলৈ প্ৰতিখন চহৰতে আধুনিক আৱৰ্জনা ব্যৱস্থাপনা প্ৰণালী আছে; পানীৰ উৎসৰ উন্নত সংৰক্ষণৰ লগতে প্ৰতিখন চহৰতে পৰ্য্যাপ্ত পানীৰ উপলব্ধতাৰ বাবে যথোচিত আধুনিক নৰ্দমা শোধন প্ৰকল্প আছে। চৰকাৰখনে লগতে ‘আৱৰ্জনাক সম্পদলৈ’ (Waste to Wealth) প্ৰণালী সৃষ্টি কৰিবলৈ প্ৰতিখন চহৰতে গোবৰ্ধন প্ৰকল্প ৰূপায়ণ হোৱাটো নিশ্চিত কৰিছে; জৈৱ গেছ প্ৰকল্প থকা; প্ৰতিখন চহৰে শক্তি দক্ষতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা আৰু প্ৰতিখন চহৰৰ পথসমূহ স্মাৰ্ট এলইডি বাল্বেৰে আলোকিত হোৱাটো নিশ্চিত কৰিছে। আমি এই দৃষ্টিৰে আগবাঢ়িছো।
চহৰসমূহত খোৱা পানী আৰু নিষ্কাশনৰ পৰিস্থিতিৰ অগ্ৰগতি সাধনৰ বাবে, আমি অম্ৰুত মিছন (AMRUT Mission) ৰ অধীনত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছো। এই আইনৰ অনুপস্থিতিৰ বাবে এসময়ত অসুবিধাত পৰা মধ্যবিত্ত পৰিয়ালসমূহক সহায় কৰিবলৈ আমি আৰইআৰএ ৰ দৰে আইনো যুগুত কৰিছিলো; যিয়ে পৰিশোধ কৰা সত্বেও ঘৰ পাবলৈ বহু বছৰ অপেক্ষা কৰিবলগীয়া হৈছিল। কাগজত দিয়া প্ৰতিশ্ৰুতিসমূহ কেতিয়াও পূৰণ কৰা হোৱা নাছিল। তেওঁলোকে ঘৰৰ বাহিৰে কেৱল প্ৰতিশ্ৰুতিহে লাভ কৰিছিল। সেয়েহে, কেইবাটাও প্ৰত্যাহ্বান আছিল। এক প্ৰকাৰে, আমাৰ মধ্য-বিত্ত পৰিয়ালসমূহে, যিসকলে সমগ্ৰ জীৱনৰ সঞ্চয়ৰে এটা ঘৰ নিৰ্মাণ কৰিব বিচাৰিছিল, ঘৰটো নিৰ্মাণ হোৱাৰ পূৰ্বেই প্ৰতাৰিত হোৱা বুলি অনুভৱ কৰিছিল। এই আৰইআৰএ আইনে মধ্যবিত্ত শ্ৰেণীৰ লোকসকলক সুৰক্ষা প্ৰদানৰ বাবে এক মহান কাম কৰি আছে, যিসকলে এটা ঘৰ নিৰ্মাণ কৰিব বিচাৰে। আমি চহৰসমূহত উন্নয়নৰ বাবে এক সুস্থ প্ৰতিযোগিতাৰো বিকাশ সাধন কৰি আছো যাতে পৰিষ্কাৰ-পৰিচ্ছন্নতা স্থানীয় সংস্থাসমূহৰ মুখ্য কেন্দ্ৰবিন্দু হৈ পৰে। নগৰ পৰিকল্পনাৰ সৈতে সম্পৰ্কীয় এই বিষয়সমূহকো এই বৰ্ষৰ বাজেটত যথেষ্ট মনোযোগ দিয়া হৈছে।
ভ্ৰাতৃ আৰু ভগ্নীসকল,
পুনেৰ পৰিচয় সেউজ ইন্ধনৰ কেন্দ্ৰ হিচাপেও বিকশিত কৰা হৈছে। আমি জৈৱ ইন্ধন, ইথানল, প্ৰদূষণৰপৰা পৰিত্ৰাণ পাবলৈ, খাৰুৱা তেলৰ ওপৰত বৈদেশিক নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ আৰু কৃষকৰ আয় বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। পুনেত বৃহৎ পৰিমাণে ইথানল ব্লেণ্ডিঙৰ ব্যৱস্থা স্থাপন কৰা হৈছে। ইয়াৰ জৰিয়তে, এই অঞ্চলৰ আশে-পাশে থকা কুঁহিয়াৰ খেতিয়কসকলো যথেষ্ট লাভান্বিত হ’ব। আজি, পৌৰ নিগমে পুনেক পৰিষ্কাৰ আৰু সুন্দৰ কৰি তুলিবলৈ কেইবাটাও প্ৰকল্প আৰম্ভ কৰিছে। পুনেক সঘন বান পানী আৰু প্ৰদূষণৰপৰা মুক্ত কৰিবলৈ শ-শ কোটি টকাৰ এই প্ৰকল্পসমূহ অতি উপযোগী হ’ব। কেন্দ্ৰীয় চৰকাৰখনে মুলা-মুথা নদীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সৌন্দৰ্য্যবৰ্ধনৰ বাবে পুনে পৌৰ নিগমক সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে। নদীসমূহ পুনৰুজ্জীৱিত হোৱা মাত্ৰেকে চহৰখনৰ লোকসকলেও এক বৃহৎ সকাহ, এক নতুন শক্তি লাভ কৰিব।
আৰু মই চহৰসমূহত বাস কৰা লোকসকলক তাৰিখ নিৰ্ধাৰণৰ পিছত বছৰত এবাৰ নদী উৎসৱ উদযাপন কৰিবলৈ অনুৰোধ কৰিম। আমি নদীখনৰ প্ৰতি শ্ৰদ্ধাৰ অনুভূতি জাগ্ৰত কৰা উচিত, নদীখনৰ গুৰুত্ব উপলব্ধি কৰা উচিত আৰু পৰিবেশৰ দৃষ্টিকোণৰপৰা প্ৰশিক্ষণ গ্ৰহণ কৰা উচিত। তেতিয়াহে আমি আমাৰ নদীসমূহৰ গুৰুত্ব বুজি পাম। তেতিয়াহে আমি প্ৰতিটো টোপাল পানীৰ গুৰুত্ব বুজি পাম।
বন্ধুসকল,
যিকোনো দেশতে আধুনিক আন্তঃগাঁথনিৰ বিকাশৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল গতি আৰু স্কেল। কিন্তু কেইবা দশক ধৰি, আমাৰ এনে ধৰণৰ ব্যৱস্থা আছিল যাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহ সম্পূৰ্ণ হ’বলৈ দীঘলীয়া সময়ৰ প্ৰয়োজন হৈছিল। এই মন্থৰ মনোভাৱে দেশখনৰ উন্নয়নকো প্ৰভাৱিত কৰি আহিছে। আজি ক্ষীপ্ৰতাৰে বিকশিত হোৱা ভাৰতত আমি গতিৰ লগতে স্কেলৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। সেয়েহে আমাৰ চৰকাৰে প্ৰধানমন্ত্ৰী-গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন প্ৰস্তুত কৰিছে। আমি দেখিছো যে প্ৰায়েই প্ৰকল্প ৰূপায়ণ পলম হোৱাৰ কাৰণ হৈছে বিভিন্ন বিভাগ, বিভিন্ন মন্ত্ৰালয় আৰু চৰকাৰসমূহৰ মাজত সমন্বয়ৰ অভাৱ। ফলস্বৰূপে, আনকি যেতিয়া এটা প্ৰকল্প বহু বছৰৰ পিছত সম্পূৰ্ণ হৈছিল, ই পুৰণি হৈ পৰিছিল আৰু ইয়াৰ প্ৰাসংগিকতা হেৰাই গৈছিল।
প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনে এই সকলো অসংগতি আঁতৰাবলৈ কাম কৰিব। যেতিয়া এক একত্ৰিত মনোযোগেৰে কাম কৰা হয় আৰু প্ৰতিজন অংশীদাৰৰ ওচৰত পৰ্য্যাপ্ত তথ্য থাকে, তেতিয়া আমাৰ প্ৰকল্পসমূহো সময়মতে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা অধিক হ’ব। ফলস্বৰূপে, জনসাধাৰণৰ সমস্যা হ্ৰাস হ’ব, দেশখনৰ ধন ৰাহি হ’ব আৰু জনসাধাৰণেও সোনকালে ব্যৱস্থাসমূহ লাভ কৰিব।
ভ্ৰাতৃ আৰু ভগ্নীসকল,
মই আনন্দিত যে আধুনিকতাৰ লগতে পুনেৰ ইতিহাস আৰু পৰম্পৰাৰ সৈতে মহাৰাষ্ট্ৰৰ গৌৰৱক নগৰ পৰিকল্পনাত সমানেই স্থান দিয়া হৈছে। এই ভূমি সন্ত দ্ন্যানেশ্বৰ আৰু সন্ত তুকাৰামৰ দৰে অনুপ্ৰেৰণাদায়ক সাধুসকলৰ। মোৰ মাত্ৰ কেইমাহমান পূৰ্বে শ্ৰীশান্ত দ্ন্যানেশ্বৰ মহাৰাজ পালখি মাৰ্গ আৰু সন্ত তুকাৰাম মহাৰাজ পালখি মাৰ্গৰ আধাৰশিলা স্থাপনৰ সৌভাগ্য হৈছিল। ইয়াৰ ইতিহাসক গৌৰৱান্বিত কৰি আধুনিকতাৰ এই বিকাশ যাত্ৰা এনেদৰেই অব্যাহত থাকক। এই ইচ্ছাৰে পুনেৰ সকলো লোককে আকৌ এবাৰ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো!
বহু-বহু ধন্যবাদ!
***
DS/VK/AK/SB
On landing in Pune, PM @narendramodi unveiled a statue of Chhatrapati Shivaji Maharaj. pic.twitter.com/0zKyhORNRI
— PMO India (@PMOIndia) March 6, 2022
Ensuring convenient and comfortable travel for the people of Pune.
— PMO India (@PMOIndia) March 6, 2022
PM @narendramodi inaugurated the Pune Metro and travelled on board with his young friends. pic.twitter.com/154a2mJk8f
A boost to urban infra Pune. Watch. https://t.co/9X3mvgEpYm
— Narendra Modi (@narendramodi) March 6, 2022
मुझे छत्रपति शिवाजी महाराज जी की भव्य प्रतिमा का लोकार्पण करने का सौभाग्य मिला है।
— PMO India (@PMOIndia) March 6, 2022
हम सभी के हृदय में बसने वाले शिवाजी महाराज जी की ये प्रतिमा, युवा पीढ़ी में राष्ट्रभक्ति की प्रेरणा जगाएगी: PM @narendramodi
ये मेरा सौभाग्य है कि पुणे मेट्रो के शिलान्यास के लिए आपने मुझे बुलाया था और अब लोकार्पण का भी आपने मुझे अवसर दिया है।
— PMO India (@PMOIndia) March 6, 2022
इसमें ये संदेश भी है कि समय पर योजनाओं को पूरा किया जा सकता है: PM @narendramodi
पुणे ने एजुकेशन, रिसर्च एंड डेवलपमेंट, आईटी और ऑटोमोबिल के क्षेत्र में भी अपनी पहचान निरंतर मजबूत की है।
— PMO India (@PMOIndia) March 6, 2022
ऐसे में आधुनिक सुविधाएं, पुणे के लोगों की जरूरत हैं और हमारी सरकार पुणेवासियों की इसी आवश्यकता को ध्यान में रखते हुए काम कर रही है: PM @narendramodi
2014 तक देश के सिर्फ दिल्ली-NCR में ही मेट्रो का एक व्यापक विस्तार हुआ था।
— PMO India (@PMOIndia) March 6, 2022
बाकि इक्का-दुक्का शहरों में मेट्रो पहुंचनी शुरु ही हुई थी।
आज देश के 2 दर्जन से अधिक शहरों में मेट्रो या तो ऑपरेशनल हो चुकी है या फिर जल्द चालू होने वाली है: PM @narendramodi
हमारी सरकार का प्रयास है कि हर शहर में ज्यादा से ज्यादा ग्रीन ट्रांसपोर्ट हो, इलेक्ट्रिक बसें हों, इलेक्ट्रिक कारें हों, इलेक्ट्रिक दोपहिया वाहन हों।
— PMO India (@PMOIndia) March 6, 2022
हर शहर में स्मार्ट मोबिलिटी हो, लोग ट्रांसपोर्ट सुविधाओं के लिए एक ही कार्ड का इस्तेमाल करें: PM @narendramodi
हर शहर में सुविधा को स्मार्ट बनाने वाले Integrated Command & Control Center हो।
— PMO India (@PMOIndia) March 6, 2022
हर शहर में सर्कुलर इकॉनमी को मजबूत बनाने वाला आधुनिक वेस्ट मैनेजमेंट सिस्टम हो।
हर शहर को वॉटर प्लस बनाने वाले पर्याप्त आधुनिक सीवेज treatment plant हों, जल स्रोतों के संरक्षण का बेहतर इंतजाम हो: PM
किसी भी देश में आधुनिक इंफ्रास्ट्रक्चर के विकास के लिए जो चीज सबसे जरूरी है वो है स्पीड और स्केल।
— PMO India (@PMOIndia) March 6, 2022
लेकिन दशकों तक हमारे यहां ऐसी व्यवस्थाएं रहीं कि अहम परियोजनाओं को पूरा होने में काफी देर हो जाती थी।
ये सुस्त रवैया, देश के विकास को भी प्रभावित करता रहा है: PM @narendramodi
आज के तेजी से बढ़ते हुए भारत में हमें स्पीड पर भी ध्यान देना होगा और स्केल पर भी।
— PMO India (@PMOIndia) March 6, 2022
इसलिए ही हमारी सरकार ने पीएम-गतिशक्ति नेशनल मास्टर प्लान बनाया है: PM @narendramodi