Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মাতা বৈষ্ণো দেৱী ভৱনত পদপিষ্ট হৈ প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শো


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাতা বৈষ্ণো দেৱী ভৱনত পদপিষ্ট হৈ প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷

টুইটাৰযোগে এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “মাতা বৈষ্ণো দেৱী ভৱনত পদপিষ্ট হৈ প্ৰাণ হেৰুওৱা ঘটনাত অতিশয় দুঃখিত হৈছো৷ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছো৷ আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো৷ মই জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট জেনেৰেল শ্ৰী মনোজ সিনহা জী,  মন্ত্ৰী ড০ জিতেন্দ্ৰ সিংজী আৰু নিত্যানন্দ ৰায় জীৰ সৈতে কথা পতাৰ লগতে পৰিস্থিতিৰ বুজ লৈছো৷”

 

***

DS/VJ/DB