Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মালদ্বীপত যোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বক্তব্য প্ৰদান


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালদ্বীপত যোৱাৰ পূৰ্বে প্ৰদান কৰা বক্তব্য তলত উল্লেখ কৰা হল৷

‘‘মই আমাৰ নিচেই ওচৰ চুবুৰীয়া মালদ্বীপ গণৰাজ্যৰ ৰাজধানী মালে ভ্ৰমণ কৰিবলৈ ওলাইছো৷ মালদ্বীপৰ নতুনকৈ নিৰ্বাচিত ৰাষ্ট্ৰপতি এইচ ই ইব্ৰাহিম মহম্মদ ছলিহৰ ঐতিহাসিক বিজয় উৎসৱত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মই মালদ্বীপলৈ ওলাইছো৷

শেহতীয়া নিৰ্বাচনত তেওঁৰ বিজয়ক মই অভিনন্দন জনাইছো৷ ইয়াৰ দ্বাৰা মালদ্বীপ গণৰাজ্যৰ জনসাধাৰণক উন্নত ভৱিষ্যত প্ৰদানৰ বাবে গণতান্ত্ৰিক তথা নতুন নিয়ম সূচনাই তেওঁলোকৰ প্ৰত্যাশাক নিৰ্দেশায়িত কৰিছে৷

ভাৰত আৰু মালদ্বীপে দুয়োখন দেশৰ জনসাধাৰণৰ শান্তি উন্নতিৰ বাবে শক্তিশালী সহযোগিতাৰ পোষণ কৰে৷ মোৰ চৰকাৰৰ সামূহিক বিকাশৰ দৃষ্টিভংগী ‘‘সবকা সাথ, সবকা বিকাশ’’ আমাৰ চুবুৰীয়া দেশলৈও সম্প্ৰসাৰিত হৈছে৷ আমি ভাৰতত মালদ্বীপ গণৰাজ্যক গণতান্ত্ৰিকভাৱে এখন উন্নত দেশ হিচাপে চাবলৈ বিচাৰো৷

মই শ্ৰীমান ছলিহৰ নতুন মালদ্বীপিয়ান চৰকাৰলৈ মোৰ চৰকাৰে তেওঁলোকৰ উন্নয়নৰ বিষয়সমূহ বিশেষকৈ আন্তঃগাঁথনি, স্বাস্থ্যসেৱা, যোগাযোগ আৰু মানৱ সম্পদ বিকাশ আদিক অগ্ৰাধিকাৰ দি সহযোগিতাৰে কাম কৰাৰ বাবে সদিচ্ছা প্ৰেৰণ কৰিছো৷

মই নিশ্চিত যে মোৰ এই ভ্ৰমণৰ দ্বাৰা দুয়োখন দেশৰ মাজত সহযোগিতাৰ এক সুদৃঢ় বান্ধোন স্থাপিত হব৷’’   

***

AKT/SH/MANN