পি এম ইণ্ডিয়া

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আবেলি মালদ্বীপৰ বিদেশমন্ত্ৰী ড০ মোহমেদ আচিম আৰু ৰাষ্ট্ৰপতিৰ বিশেষ প্ৰতিনিধিবৰ্গক সাক্ষাৎ কৰে।
তেওঁলোকে সাগৰীয় চুবুৰীয়া দেশ হিচাপে উমৈহতীয়া সংস্কৃতি, ঐতিহ্যৰ কথা সুঁৱৰি ভাৰত মহাসাগৰত থকা দুয়োখন দেশৰ আগ্ৰহ তথা সহযোগিতাৰ বিষয়ে আলোচনা কৰে। ‘ইণ্ডিয়া ফাৰ্ষ্ট’ নীতি মানি চলি ভাৰতৰ সৈতে মালদ্বীপে ঘনিষ্ঠ সম্পৰ্ক ৰখাৰ কথা ড০ আচিম তথা ৰাষ্ট্ৰপতিৰ বিশেষ প্ৰতিনিধিবৰ্গই উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে সদায়ে মালদ্বীপৰ বিশ্বাসী সহচৰ হৈ থাকি দেশখনৰ প্ৰগতি আৰু সুৰক্ষাৰ খবৰ ৰাখিব।
বিশেষ প্ৰতিনিধিবৰ্গই প্ৰধানমন্ত্ৰীক মালদ্বীপলৈ ৰাষ্ট্ৰপতি য়ামিনে আমন্ত্ৰণ জনোৱাৰ কথাও ব্যক্ত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তাৰবাবে ধন্যবাদ জনাই কয় যে উচিত সময়ত তেওঁ নিশ্চয় মালদ্বীপ ভ্ৰমণ কৰিব।
বিশেষ প্ৰতিনিধিবৰ্গই প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতি আব্দুল্লা য়ামিনৰ তৰফৰপৰা শুভেচ্ছা জ্ঞাপন কৰে আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে তাৰবাবে ধন্যবাদ জনায়।
*******
AKT/HS/PRK
Prime Minister receives Dr. Mohamed Asim, Minister of Foreign Affairs & Special Envoy of the President of the Republic of Maldives. https://t.co/HZArSeQp1e
— PMO India (@PMOIndia) January 11, 2018
via NMApp pic.twitter.com/HuXO8WMhtU