Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মালয়ালা মনোৰমা নিউজ কনক্লেভ, ২০১৯-ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণ


শ্ৰীমান মেমন মেথিউ মহোদয়, শ্ৰীমান জেকব মেথিউ মহোদয়, শ্ৰীমান জয়ন্ত জেকব মেথিউ মহোদয়, শ্ৰীমান প্ৰকাশ জাওৰেকাৰ, ড০ শশী থাৰুৰ আৰু প্ৰিয় সুধীবৃন্দ নমস্কাৰম।

মালয়ালা মনোৰমা নিউজ কনক্লেভ, ২০১৯ ত উপস্থিত থাকি বক্তব্য প্ৰদান কৰিবলৈ পাই মোৰ সঁচায়ে আনন্দ লাগিছে। মই কেৰালাৰ পবিত্ৰ ভূমিক প্ৰণিপাত কৰাৰ লগতে এই ৰাজ্যৰ অনন্য সংস্কৃতিকো বন্দনা কৰিছো। এইখন আধ্যাত্মিক আৰু সামাজিক প্ৰজ্ঞাৰ ভূমিয়ে আমাৰ দেশক আদি শংকৰাচাৰ্য, মহাত্মা আয়াংকলি, শ্ৰী নাৰায়ণা গুৰু, সত্তাম্বি স্বামীগেল, পণ্ডিত কুৰুপ্পান, সন্ত কুৰিয়াকছ এলিয়াছ সাৱাৰা, সন্ত এলফনছো-ৰ দৰে অনেক সু-সন্তাক উপহাৰ দিছে। ব্যক্তিগত ভাৱেও এইখন কেৰালা মোৰ বিশেষ আকৰ্ষণৰ থলী। বিগত সময়ত মই অসংখ্যবাৰ কেৰালা ভ্ৰমণৰ সুযোগ লাভ কৰিছো। দেশৰ জনতাই মোক আকৌ এবাৰ গুৰু দায়িত্ব অৰ্পণ কৰাৰ পিচত এইবেলি প্ৰথমতে কৰা কামৰ ভিতৰত অন্যতম হিচাপে মই গুৰুভায়ুৰৰ শ্ৰীকৃষ্ণ মন্দিৰ দৰ্শন কৰিছিলো। বন্ধুসকল, মালয়ালা মনোৰমা নিউজ কনক্লেভ-ত মই ভাষণ দিবলৈ অহা কথাটোৱে এক উত্সুকতাৰ সৃষ্টি কৰিছে। ৰাজনৈতিক নেতাসকলে সাধাৰণতে নিজৰ ভাৱাদৰ্শৰে মিলা লোকৰ সমাৱেশতহে উপস্থিত থাকিবলৈ ভাল পাই বুলি মানুহৰ মাজত একধৰণৰ ধাৰণা থকা দেখা যায়। কাৰণ তেনে পৰিৱেশত বিশেষ স্বস্তি পোৱাৰ নিশ্চিত অৱকাশ থাকে। সঁচা কথা কবলৈ গলে ময়ো এনে অভিজ্ঞতা অৰ্জন নকৰা নহয়, নিশ্চয় কৰিছো। পিছে ইয়াৰ সমান্তৰালভাৱে অন্য ভাৱাদৰ্শৰ ব্যক্তি অথবা সংঠনসমূহৰ সৈতেও নিৰন্তৰ ভাৱে মত-বিনিময় কৰি থকা অতিকে প্ৰয়োজনীয় বুলি মই বিশ্বাস কৰো।

    আমি যে সকলো কথাতে একমত হবই লাগিব সেয়া জৰুৰী নহয়, জৰুৰী কথাটো হল আমি সকলো পক্ষই সকলো পক্ষৰে মতামত, যুক্তি সন্মান সহকৰে শুনিব লাগিব। এইখন মঞ্চত মই চাগৈ মোৰ মতাদৰ্শৰে মিলা তেনেই সীমিত সংখ্যক লোককহে লগপাম। কিন্তু এই সমাৱেশত এনে অসংখ্য চিন্তাশীল ব্যক্তি উপস্থিত আছে, যিসকল ব্যক্তিৰ ইতিবাচক সমালোচনালৈ মই সাগ্ৰহে অপেক্ষা কৰো।

    বন্ধুসকল, আমি সকলোৱে নিশ্চয়কৈ জানো যে, মালয়ালা মনোৰমা-ই এক শতিকাৰো ওপৰ কালে মালয়ালী সমাজক প্ৰবুব্ধ কৰি আহিছে। ইয়াৰ তথ্যান্বেষণে আক্ষৰিক অৰ্থতে কেৰালাৰ ৰাইজক অধিক জনাৰ অৱকাশ প্ৰদান কৰিছে। ভাৰতৰ স্বাধীনতা সংগ্ৰামক সমৰ্থন কৰিও ই এক উল্লেখনীয় ভূমিকা পালন কৰিছিল। যুৱ-প্ৰজন্মৰ বহুতক, বিশেষকৈ যিসকল যুৱক-যুৱতীয়ে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা আদিত অৱতীৰ্ণ হয়, তেওঁলোকে নিশ্চিতভাৱেই আপোনালোকৰ ইয়েৰবুক অধ্যয়ন কৰেই। সেয়েহে প্ৰজন্মৰ পিচত প্ৰজন্ম ধৰি আপোনালোকে এক পৰিচিতি লাভ কৰি আহিছে। এই সুযোগতে মই ইয়াৰ প্ৰতিগৰাকী সম্পাদক, সংবাদসেৱী আৰু এই গৌৰৱময় যাত্ৰাক বিভিন্ন ধৰণে সমৃদ্ধ কৰা প্ৰতিগৰাকী কৰ্মচাৰীক আভিনন্দন জ্ঞাপন কৰিছো।

     বন্ধুসকল, এই সমাৱেশৰ আয়োজকসকলে এক অতিকে চিত্তাকৰ্ষক বিষয়বস্তু নিৰ্বাচিত কৰিছে।––সেয়া হৈছে নৱ ভাৰতপিছে, আপোনালোকেও এতিয়া মোডীৰ ভাষাকে অওৰাৱলৈ ললে বুলি কোনোবাই সমালোচনা নকৰিলেই ৰক্ষা! অৱশ্যে, আপোনালোকে ইয়াৰ উচিত প্ৰত্যুত্তৰ যুগুতাই ৰাখিছে চাগৈ নহয় জানো! যিকি নহওক, আপোনালোকে যিহেতু মোৰ অন্তৰৰ অতিকে ওচৰৰ এটা প্ৰসংগকে নিৰ্বাচিত কৰিছে সেয়ে নৱ ভাৰত প্ৰসংগত মই মোৰ দৃষ্টিভংগী আপোনালোকৰ আগত দাঙি ধৰিব খুজিছো।

বন্ধুসকল, মই সদায়ে কৈ আহিছো—আমি সলনি হও বা নহও, আমি পৰিৱৰ্তনৰ বাবে সাজু হও বা নহও ভাৰত কিন্তু দ্ৰুতগতিৰে সলনি হৈছে, আৰু এই সলনি ভালৰ নিমিত্তেই হৈছে। ব্যক্তিগত আশা-আকাংক্ষা, সামূহিক প্ৰয়াস আৰু ৰাষ্ট্ৰীয় প্ৰগতিৰ প্ৰসংগক নৈতিক দায়িত্ব আৰু কৰ্তব্য হিচাপে গ্ৰহণ কৰাৰ মানসিকতা হৈছে নৱ ভাৰতৰ মূল আধাৰ।নৱ ভাৰতৰ অৰ্থই হৈছে অংশগ্ৰহণশীল গণতন্ত্ৰ, নাগৰিককেন্দ্ৰিক চৰকাৰ আৰু সদা সক্ৰিয় নাগৰিকমণ্ডলী। নৱ ভাৰত হৈছে সদা সচেষ্ট ৰাইজ আৰু সদা সচেষ্ট চৰকাৰৰ এক যুগ।

     সন্মানীয় অতিথিবৃন্দ, এক দীঘলীয়া সময় ধৰি এক ধৰণৰ নেতিবাচক মানসিকতাই গা কৰি উঠিছিল। ব্যক্তি-বিশেষৰ সৈতে আপোনাৰ সম্পৰ্ক কিমান গভীৰ তাৰ ওপৰতহে নিৰ্ভৰ  হৈছিল আপোনাৰ প্ৰৱেশৰ অধিকাৰ। প্ৰতিষ্ঠিত-ব্যক্তিমণ্ডলীৰে থকা ঘনিষ্ঠতাৰ ওপৰতহে নিৰ্ভৰ কৰিছিল আপোনাৰ সাফল্যৰ সম্ভাৱনামহানগৰী, নামজ্বলা প্ৰতিষ্ঠান কিম্বা পৰিয়ালৰ প্ৰতিষ্ঠাৰ দৰে প্ৰসংগই তেতিয়া গুৰুত্ব লভিছিল। লাইচেন্স-ৰাজ, পাৰ্মিট-ৰাজ-ৰ দৰে অৰ্থনৈতিক অপ-সংস্কৃতিয়ে আক্ষৰিক অৰ্থতে ব্যক্তিগত আশা-আকাংক্ষাৰ গতিৰুদ্ধ কৰিছিল। পিছে আজিৰ তাৰিখত ভালৰ পক্ষত পৰিস্থিতিৰ পৰিৱৰ্তন ঘটিছে। নৱ ভাৰত গঢ়াৰ হেপাহৰে উদ্বুদ্ধ এক উজ্জীৱিত গতিময়তাৰ শুভাৰম্ভ হৈছে। সম্ভাৱনাপূৰ্ণ হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে সৃষ্টিশীলতাৰ এক মহা-মঞ্চ গঢ়ি তুলিছে। তেওঁলোকে তেওঁলোকৰ উদ্যশীলতাৰ পৰিচয় দাঙি ধৰিছে। ক্ৰীড়াৰ ক্ষেত্ৰতো বহুতে সাফল্য আজুৰি অনাৰ নিদৰ্শন আমি প্ৰত্যক্ষ কৰিছো। ভাৰতে আজি এক নতুন প্ৰেক্ষাপটত প্ৰৱেশ কৰিছে, যি প্ৰেক্ষাপট হয়তু ইমান দিনে বিৰাজ কৰা নাছিল। সেয়া লাগিলে ষ্টাৰ্ট-আপ-য়েই হওক কিম্বা ক্ৰীড়াই হওক; কিহে এই উদ্দীপনাক অধিক শক্তি প্ৰদান কৰিছে? এয়া হৈছে সৰু সৰু গাঁও কিম্বা মফচলীয় চহৰৰ পৰা অহা প্ৰচণ্ড সাহসী যুৱক-যুৱতীৰ দল। তেওঁলোক কোনো প্ৰতিষ্ঠিত পৰিয়াল কিম্বা ধেৰ টকা-পইচা থকা পৰিয়ালৰ পৰা অহা নাই। কামৰ প্ৰতি উত্সৰ্গিত একোটা মন আৰু প্ৰচণ্ড আকাংক্ষাইহে কেৱল তেওঁলোকৰ সম্বল। তেওঁলোকে এই আশা আৰু আকাংক্ষাক উত্কৰ্ষলৈ ৰূপান্তৰিত কৰি ভাৰতক ঘৌৰৱান্বিত কৰি তুলিছে। মোৰ বাবে এয়াই হৈছে নৱ ভাৰতৰ উদ্দীপনা।এইখন ভাৰতত কাৰো উপাধি গুৰুত্বপূৰ্ণ নহয়, বৰং গুৰুত্বপূৰ্ণ হয় তেওঁলোকৰ সামৰ্থ্য, যিয়ে তেওঁলোকক স্ব নামেৰে প্ৰতিষ্ঠা প্ৰদান কৰিছে। এইখন ভাৰতত দূৰ্নীতি কেতিয়াও এক বিকল্প হিচাপে স্বীকৃত নহব, বৰং যোগ্যতাইহে আদৰ পাব

   বন্ধুসকল, নতুন ভাৰতত কেৱল এমুঠি মানুহৰ কথাকে গুৰুত্ব দিয়া নহব, বৰঞ্চ ১৩০কোটি নাগৰিকৰ কথাই গুৰুত্ব লাভ কৰিব। আৰু, সংবাদৰ মঞ্চসমূহে জনতাৰ কথাক গুৰুত্ব প্ৰদান কৰাটো আক্ষৰিক অৰ্থতে জৰুৰী হব। আজি প্ৰতিগৰাকী নাগৰিকে দেশৰ বাবে কিবা নহয় কিবা এটা কৰাৰ বাবে হাবিয়াস কৰা আমি দেখিবলৈ পাইছো। প্ৰতিগৰাকী নাগৰিকে দেশৰ বাবে সামান্য হলেও কিবা আগবঢ়াবলৈ অথবা কিবা এটা পৰিত্যাগ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। এইক্ষেত্ৰত শেহতীয়া ভাবে কেৱল এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিক বৰ্জনৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তটোৰ কথাকে উল্লেখ কৰিব পাৰি। এয়া কেৱল নৰেন্দ্ৰ মোডীয়ে গ্ৰহণ কৰা সিদ্ধান্ত কিম্বা প্ৰয়াস নহয়। এয়া মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম-দিৱসক স্মৰণীয় কৰাৰ বাবে দেশৰ জন-সাধাৰণে নিজে-নিজেই সাজু হৈ প্লাষ্টিক মুক্ত ভাৰত গঢ়াৰ বাবে গ্ৰহণ কৰা এক সংকল্পহে। এই তাত্পৰ্যপূৰ্ণ সময়-কালত আমি আমাৰ দেশক ৰূপান্তৰৰ পথেৰে আগুৱাই নিয়াৰ বাবে পোৱা কোনো সুযোগ হাতচাৰা হবলৈ দিয়া উচিত নহব।

    বন্ধুসকল, এখন চৰকাৰ হিচাপে দেশৰ উত্তৰণ বাবে আমি কৰিব লগা সকলোখিনি কৰিবলৈ কোনো কাৰ্পণ্য কৰা নাই। স্বস্তিৰে জীৱন-যাপন কৰাৰ পথপ্ৰশস্থ কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। সেয়া লাগিলে বয়-বস্তুৰ দাম নিয়ন্ত্ৰণেই হওক কিম্বা আগন্তুক পাঁচোটা বছৰৰ ভিতৰত ১.২৫ কোটি গৃহ নিৰ্মাণৰ প্ৰসংগই হওক। প্ৰতিখন গাঁৱলৈ বিজুলীৰ যোগানেই হওক অথবা প্ৰতিটো পৰিয়াললৈ খোৱাপানীৰ যোগান নিশ্চিত কৰাই হওক, স্বাস্থ্যৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে আমাৰ যুৱ-প্ৰজন্মক এক উপযুক্ত বাতাবৰণ প্ৰদান কৰাৰ লক্ষ্যৰে বিদ্যায়তনিক আন্তঃগাঁথনি নিৰ্মাণ কৰাই হওক। এইখন চৰকাৰে গ্ৰহণ কৰা প্ৰয়াস আৰু প্ৰসাৰ আক্ষৰিক অৰ্থতে চমকপ্ৰদ বুলি পৰিগণিত হৈছে। দুৰ্দান্ত গতি আৰু অভুতপূৰ্ব পৰিসৰৰে আমি নিৰ্ধাৰিত লক্ষ্যৰ অন্তিম বিন্দুত উপনীত হবলৈ সক্ষম হৈছো। ৩৬কোটি বেংক একাউণ্ট খোলা হৈছে, ২০কোটি ক্ষুদ্ৰ উদ্যোগীলৈ ঋণ দিয়া হৈছে, ৮কোটিৰো অধিক পৰিয়াললৈ ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰা হৈছে, পথ নিৰ্মাণৰ দৈনিক গতিৰ হাৰ দুগুণলৈ বৃদ্ধি পাইছে।

     এয়া মাত্ৰ কেইটামান উদাহৰণহে। পিছে, দেশৰ ৰাইজে ব্যক্তিগত স্বাৰ্থৰ উৰ্ধ্বলৈ উঠি আজি যে সামাজিক স্বাৰ্থক অগ্ৰাধিকাৰ দিবলৈ লৈছে, সিয়েহে মোক আটাইতকৈ সুখী কৰিছে আৰু এই কথাটোহে মোৰ মতে নতুন ভাৰতৰ সৌৰভ হিচাপে চিহ্নিত হৈছে। নহলেনো বাৰু, দেশৰ দুখীয়াৰো দুখীয়াসকলে শূণ্য তহবিলেৰে আৰম্ভ কৰা জন-ধন একাউণ্টৰ মাধ্যমেৰে একলাখ কোটিৰো অধিক টকা জমা কৰি অভিলেখ সৃষ্টি কৰেনে! আমাৰ মধ্যবিত্তীয় পৰিয়ালসমূহে কিয় তেওঁলোকৰ ৰন্ধন গেছৰ বাবে পোৱা ৰাজ-সাহাৰ্য্য পৰিত্যাগ কৰিলে! জ্যেষ্ঠ নাগৰিকসকলে কেৱল এটা আহ্বানতে তেওঁলোকে ৰেল টিকটৰ বাবে লাভ কৰি অহা ৰাজ-সাহাৰ্য্য পৰিত্যাগ কৰিলে। সম্ভৱতঃ এয়া এক শতিকাৰো আগতে গান্ধীজীয়ে আৰম্ভ কৰা ৰূপান্তৰৰ যাত্ৰাত অংশ গ্ৰহণ কৰা কোনোৱে আৰু এতিয়া কেৱল দৰ্শকৰ ভূমিকাত অৱতীৰ্ণ হৈ থাকিব নোখোজে, বৰং আন্তৰিকতাৰে নিজৰ নিজৰ অৰিহণা আগবঢ়াবৰ বাবে উদ্গ্ৰীৱ হোৱাহে পৰিলক্ষিত হৈছে। আনকি এতিয়া কৰদাতা নাগৰিকৰ সংখ্যাও লক্ষনীয় হাৰত বৃ্দ্ধি পাইছে। মুঠতে দেশৰ জনতাই ভাৰতক আগুৱাই নিয়াৰ বাবে বদ্ধ-পৰিকৰ হৈছে।

   বন্ধুসকল, ইমান দিনে অসম্ভৱ বুলি নেওচি অহা পৰিৱৰ্তনবোৰেই এতিয়া সংঘটিত হবলৈ ধৰিছে। হাৰিয়ানাৰ দৰে ৰাজ্যত চৰকাৰী চাকৰিত স্বচ্ছতাবে মকৰলৰ ব্যৱস্থা হোৱাৰ দৰে কথা ইমানদিনে এক ভাবিব নোৱাৰা কাণ্ড হিচাপেই পৰিগণিত হৈছিল। পিছে, এতিয়া ৰাজ্যখনৰ যিকোনো এখন  গাঁৱলৈ গৈ খবৰ লওকচোন, দেখিব কিমান স্বচ্ছতাৰে মকৰল প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে। ৰেল আস্থানসমূহত যাত্ৰীসকলে ৱাই-ফাই সেৱা গ্ৰহণ কৰাটো এতিয়া তেনেই সাধাৰণ দৃশ্য দৰে হৈ উঠিছে। এয়াও যে সম্ভৱ হব পাৰে দিন দিয়েক আগলৈকে কিমানে বাৰু ভাবিব পাৰিছিল! ইমান দিনে ৰেল আস্থানসমূহৰ সৈতে কেৱল যাত্ৰী আৰু বয়-বস্তুৰহে সম্পৰ্ক আছিল। কিন্তু আজি ২-টায়াৰ, ৩-টায়াৰ শ্ৰেণীৰ মহানগৰীসমূহৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া স্কুল-কলেজৰ পিচত এই ৰেল আস্থানসমূহলৈ গৈ বিনামূলীয়া ৱাই-ফাই সেৱাৰ সদ্ব্যৱহাৰ কৰাৰ পৰম্পৰা গঢ়ি তুলিছে। জনতা একেখিনিয়েই, ব্যৱস্থাও একেখিনিয়েই, কিন্তু ইয়াৰ মাজতে ভাবিব নোৱাৰা ধৰণে পৰিৱৰ্তন সংঘটিত হৈছে।

    বন্ধুসকল, ভাৰতত সংঘটি হোৱা এই পৰিৱৰ্তনক দুটা শব্দৰে থোৰতে উল্লেখ কৰিব পাৰি। পাঁচোটা বছৰৰ আগতে মানুহে সুধিছিল—পাৰিমনে আমি’? আমি বাৰু কাহানিবা অপৰিচ্ছন্নতাৰ পৰা মুক্ত হব পাৰিমনে! আমি বাৰু কেতিয়াবা নৈতিক ব্যৰ্থতাক নিলগাই থব পাৰিমনে? দুৰ্নীতিক কেতিয়াবা প্ৰতিহত কৰিব পাৰিমনে? আজি কিন্তু জনতাই কব পৰা হৈছে এৰা—আমি পাৰিম! আমি এখন স্বচ্ছ ভাৰত গঢ়িম! আমি দেশক দুৰ্নীতি মুক্ত কৰিম! সু-শাসনক এক গণ আন্দোলনলৈ ৰূপান্তৰিত কৰিম! এসময়ত হতাশা প্ৰকাশি উচ্চাৰণ কৰা পাৰিমনে শব্দটোৱেই এতিয়া উদ্যমী যুৱ-প্ৰজন্মৰে ভৰা দেশখনত ইতিবাচকতাৰ মূৰ্ত প্ৰকাশ হিচাপে পৰিগণিত হৈছে।

   বন্ধুসকল, আমাৰ চৰকাৰেনো কেনেকৈ এক মংগলকামী মনোভাৱৰে নৱ ভাৰত নিৰ্মাণৰ কামত মনোনিৱেশ কৰিব খুজিছে তাৰ এক উদাহৰণ আপোনাসৱৰ আগত দাঙি ধৰিব খুজিছো। আপোনালোক সকলোৱে চাগৈ জানে যে আমাৰ চৰকাৰে দেশৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালক দিব পৰাকৈ ১.৫কোটি গৃহনিৰ্মাণ  কৰাৰ বাবে নিৰন্তৰ গতিৰে কামত অগ্ৰসৰ হৈছে। আগৰ চৰকাৰৰ তুলনাত এতিয়া বিশাল উত্তৰণ সম্ভৱ হৈছে। পিছে, এতিয়াও বহু লোকে মোক প্ৰশ্ন সোধে যে, এনে আঁচনি অথবা পুঁজিৰ আৱণ্টন আগতেও দেখোন আছিল, তেন্তে আপুনিনো নতুনকৈ কি কৰিব? এৰা, তেওঁলোকে প্ৰশ্ন কৰাৰ নিশ্চয় অধিকাৰ আছে। প্ৰথম কথা হল, আমি কেৱল কিছুমান ভৱন নিৰ্মাণ কৰা নাই, বৰং, পৰম আন্তৰিকতাৰে আমি এলানি হেপাহৰ ঘৰ সাজিব খুজিছো। সেয়ে, কেৱল চাৰিখন বেৰাৰে আৱৰা একোটাহঁত কোঠা নিৰ্মাণৰ পৰিৱৰ্তে আমি অতিৰিক্ত ব্যয় নকৰাকৈয়ে, কম সময়ত, অধিক প্ৰমূল্যবোধৰ কেতবোৰ অধিক সা-সুবিধা সংলগ্ন কৰিব খুজিছো এই ঘৰবোৰত।

    আমাৰ চৰকাৰে নিৰ্মাণ কৰা এই গৃহসমূহৰ বাবে আমি কোনো এক ধৰণৰ আৰ্হিক কঠোৰ ভাৱে বলবত কৰিব খোজা নাই। ইয়াৰ বিপৰীতে আমি স্থানীয় প্ৰয়োজনীয়তাসমূহ বিবেচনা কৰাৰ লগতে ৰাইজৰ ইচ্ছাকো গুৰুত্ব সহকাৰে বিবেচনা কৰিব খুজিছো।  বুনিয়াদী সা-সুবিধাসমূহ আগবঢ়াব পৰাকৈ ইতিমধ্যে আমি বহুবোৰ চৰকাৰী আঁচনিৰ মাজত সমন্বয় স্থাপন কৰাৰ ব্যৱস্থা কৰিছো। ইয়াৰ সুবাদত এতিয়া এই ঘৰবোৰত বিদ্যুত সংযোগ উপলব্ধ হোৱাৰ লগতে ৰন্ধন গেছৰ সংযোগ, পায়খানা আদিৰ দৰে অতিকে প্ৰয়োজনীয় বিভিন্ন স-সুবিধাসমূহ সংলগ্ন কৰাৰ দিহা কৰা হৈছে।

     অধিক প্ৰমূল্য দান কৰিবলৈকে আমি ৰাইজৰ প্ৰয়োজনীয়তাসমূহক গুৰুত্ব দি   পূৰ্বৰ তুলনাত কেৱন ঘৰবোৰৰ পৰিসৰ বৃদ্ধি কৰাই নহয়, নিৰ্মাণ পুঁজিৰ পৰিমানো বৃদ্ধি কৰিছো। এই কাৰ্যক্ৰমত আমি স্থানীয় মিস্ত্ৰী, কাৰিকৰ, যোগালী, মহিলাকে ধৰি অন্যান্য  শ্ৰমিক আদিকো নিয়োজিত কৰিছো। অতিৰিক্ত ব্যয় নকৰাকৈয়ে কম সময়ত কাম সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে আমি প্ৰয়োজনীয় প্ৰযুক্তিৰ ব্যৱহাৰতো গুৰুত্ব প্ৰদান কৰিছো। নিৰ্মাণৰ অগ্ৰগতি সম্প্ৰ্কীয় তথ্য প্ৰশাসনীয় অধিকাৰীয়ে অৱগত হব পৰাকৈ সময়ে সময়ে নিৰ্মীয়মান ঘৰসমূহৰ শেহতীয়া ফটো অন-লাইনত আপ-লোড কৰাৰ ব্যৱস্থা কৰা হৈছে। ইফালে হিতাধিকাৰীসকলৰ একাউণ্টলৈ পুঁজিৰ ধন পোণপতীয়াকৈ প্ৰেৰণৰ ব্যৱস্থা কৰাৰ ফলত ধনৰ হৰলুকি হোৱাৰ সম্ভাৱনা নোহোৱা হোৱা কথাই সকলোকে সুখী কৰা পৰিলক্ষিত হৈছে। আচলতে এনেবোৰ পদক্ষেপক সংহত ৰূপত ৰূপায়ণ কৰিহে সুফল আদায়ৰ সম্ভাৱনা নিশ্চিত কৰিব পাৰি। আৰু কবলৈ গলে এয়াই আমাৰ চৰকাৰৰ কৰ্মনিষ্ঠতাৰ উল্লেখনীয় নিদৰ্শন বুলি উল্লেখ কৰিব পাৰি।

     বন্ধুসকল, আমাৰ সপোনৰ নতুন ভাৰতখনত আমি কেৱল দেশৰ ভিতৰত বস-বাস কৰি থকাসকলৰ কথা ভাবিয়ে ক্ষান্ত থাকিব খোজা নাই, বৰং আমি দেশৰ বাহিৰত থকাসকলৰ কথাও চিন্তা কৰিব খুজিছো। পৃথিৱী জুৰি থকা প্ৰবাসী ভাৰতীয়সকলো আমাৰ  গৌৰৱৰ উত্স, তেওঁলোকেও ভাৰতৰ অৰ্থনৈতিক প্ৰগতিৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াই আহিছে। কোনো প্ৰবাসী ভাৰতীয়ই যদি কোনো সমস্যাৰ সন্মুখীন হবলগীয়া হয়, আমি তেওঁলোকৰ সকলো সমস্যা সমাধানৰ বাবে সদা-সচেষ্ট হৈ আহিছো।  যেতিয়া পশ্চিম এছীয়াৰ ভিন্ন প্ৰান্তত ভাৰতীয় নাৰ্ছক বন্দী কৰা হৈছিল, তেতিয়া তেওঁলোকক উদ্ধাৰৰ বাবে আমি সৰ্বতোপ্ৰকাৰৰ পদক্ষেপ গ্ৰহণ কৰিছিলো। এইসকল নাৰ্ছৰ সৰহ সংখ্যকেই দক্ষিণ ভাৰতৰ আছিল। একে ধৰণৰ পদক্ষেপেই গ্ৰহণ কৰা হৈছিল কেৰালাৰ আন এগৰাকী সন্তান ফাদাৰ টমক বন্দীত্বৰ পৰা উদ্ধাৰৰ বেলিকাও। বহু সংখ্যক ব্যক্তিকো য়েমেনৰ পৰা মোকলাই অনা হৈছিল। মই পশ্চিম এছীয়াৰ বহুকেইখন ৰাষ্ট্ৰ ভ্ৰমণ কৰিছো, আৰু এই সময়চোৱাত মই প্ৰবাসী ভাৰতীয়সকলৰ সৈতে অধিক সময় অতিবাহিত কৰাৰ কথাটোক বিশেষ কাৰ্যসূচী হিচাপে গুৰুত্ব প্ৰদান কৰি আহিছো। দিন দিয়েক আগতে মাঁথো মই বাহৰেইনৰ পৰা উভতি আহিছো। এইখন দেশ আমাৰ বিশিষ্ট বন্ধু দেশ। আমাৰ বহু ভাৰতীয়ৰ আবাস ভূমি। পিছে, এইখন দেশলৈ ইমান দিনে কোনো এজন ভাৰতীয় প্ৰধানমন্ত্ৰীয়েই যোৱা নাছিল। যেন এই সন্মানো মোলৈকেহে ৰৈ আছিল ইমান দিনে! দেশখনৰ ৰাজ-পৰিয়ালে প্ৰদৰ্শন কৰা সৌজন্যৰ উল্লেখনীয় নিদৰ্শন আছিল নিদৰ্শন আছিল সেই দেশত বিভিন্ন অভিযোগত শাস্তি ভূগি থকা ২৫০গৰাকী ভাৰতীয়ক মুক্তি দিয়া কথাটো। ওমান আৰু চৌদি আৰৱেও এনে ধৰণৰ মুক্তি প্ৰদানৰে শৌজন্য প্ৰকাশ কৰাৰ কথাও নিশ্চয় উল্লেখ কৰিব লাগিব। ইফালে এই বছৰৰ আৰম্ভণীতে চৌদি আৰৱে ভাৰতৰ ক্ষেত্ৰত থকা হজৰ নিৰ্ধাৰিত কোটাৰ পৰিসৰ বৃদ্ধি কৰাৰ কথাইও তেওঁলোকৰ বন্ধুত্ব সুলভতাৰে পৰিচয় দাঙি ধৰিছে।

     বন্ধুসকল, মোৰ শেহতীয়া ইউএই ভ্ৰমণ কালতে দেশখনত ৰুপে কাৰ্ডৰ লেন-দেন ব্যৱস্থাৰপ্ৰচলন আৰম্ভ কৰা হৈছে আৰু বাহৰেইনতো ৰুপে কাৰ্ডৰ প্ৰচলন শীঘ্ৰেই আৰম্ভ কৰা হব। এই পদক্ষেপে ডিজিটেল লেন-দেন ব্যৱস্থাক উত্সাহিত কৰাৰ লগতে উপসাগৰীয় দেশখনত কৰ্মৰত অসংখ্য ভাৰতীয়ক স্ব-গৃহলৈ টকা-পইচা প্ৰেৰণৰ ক্ষেত্ৰত বিশেষ সুবিধা প্ৰদান কৰিব। আজিৰ তাৰিখত উপসাগৰীয় দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক আটাইতকৈ ভাল পৰ্যায়ত উপনীত হৈছে বুলি চৰ্চা হোৱা কথাই মোক আক্ষৰিক অৰ্থতে আহ্লাদিত কৰিছে। নকলেও হব যে ইয়াৰ বাবে ধন্যবাদৰ পাত্ৰ কিন্তু সৰ্ব-সাধাৰণ জনতাই হব।

     বন্ধুসকল, আজিৰ সংবাদ মাধ্যমত নতুন ভাৰতৰ উদ্দীপনা বাৰুকৈয়ে পৰিস্ফূৰ্ত হৈছে। ভাৰতীয় সংবাদ মাধ্যম আটাইতকৈ বৈচিত্ৰপূৰ্ণ আৰু বিকাশশীল। বহু সংখ্যক আলোচনী, বাতৰি কাকত, টেলিভিশ্বন চেনেল, ৱেব-ছাইট-য়ে বিশেষ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই মুহূৰ্তত স্বচ্ছ ভাৰতেই হওক কিম্বা এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ প্ৰচলন বন্ধৰ সজাগতা আন্দোলনেই হওক, জল সংৰক্ষণ কিম্বা ফিট ইণ্ডিয়া অভিযানেই হওক, আমাৰ সংবাদ মাধ্যমে গ্ৰহণ কৰা ইতিবাচক ভূমিকাৰ কথা মই উল্লেখ কৰিব খুজিছো। এই সকলো অভিযানক নিজৰ বুলি গ্ৰহণ কৰি বিপুল সজাগতা সৃষ্টিৰ জৰিয়তে ৰাইজক উদ্বুদ্ধ কৰি তুলিছেসংবাদ মাধ্যমে ।

     বন্ধুসকল, চিন্তাৰ  প্ৰসাৰ আৰু বিস্তাৰক সময় আৰু দূৰত্বৰ পৰিধি নেওচি জন মানসত জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত ভাষাই যুগে যুগে অতিকে শক্তিশালী ভূমিকা পালন কৰি আহিছে। অসংখ্য ভাষাৰ প্ৰচলন থকা ভাৰতেই সম্ভৱতঃ পৃথিৱীৰ একমাত্ৰ দেশ। এফালৰ পৰা চাবলৈ গলে এয়া হৈছে শক্তি বৰ্দ্ধনৰ উতকৃষ্ট সমল। পিছে, বহু সময়ত এই ভাষাকে ন্যস্ত-স্বাৰ্থৰ বাবে বিভাজনৰ আহিলা কৰি দেশক খণ্ডিত কৰাৰ অপচেষ্টাত লিপ্ত হোৱা দেখা যায়। আমি বাৰু এই ভাষাকে দেশক একত্ৰিত কৰাৰ মহা অস্ত্ৰ কৰি তুলিব নোৱাৰোনে? আজি মই বিনম্ৰতাৰে এই আহ্বান জনাব পাৰোনেবাৰু! ভিন্ন ভাষাত কথা কোৱা মানুহৰ মাজত একতাৰ সাঁকো নিৰ্মাণ কৰিব পাৰে সংবাদ মাধ্যমে। এয়া বাস্তৱ কৰাটো একো টান কথা নহয়। একোটা শব্দক দেশত প্ৰচলিত ১০-১২টা ভিন্ন ভাষাত প্ৰকাশ কৰাৰ ব্যৱস্থা কৰি আমি এই কামটো তেনেই সহজে আৰম্ভ কৰিব পাৰো। এটা বছৰত এজন মানুহে বিভিন্ন ভাষাৰ ৩০০ৰো অধিক নতুন শব্দ শিকিব পাৰে।ইয়াৰ ফলত এটা ভাষাত কথা কোৱা ব্যক্তিৰ আন এটা ভাষাৰ প্ৰতি আগ্ৰহ বঢ়াৰ লগতে সেই ভাষিক সমাজৰ সংস্কৃতিৰ প্ৰতিও আকৰ্ষণ বাঢ়িব আৰু এনেদৰেই ভিন্ন ৰাজ্যৰ মানুহৰ মাজত আন্তৰিক সম্পৰ্ক সুদৃঢ় হব। ভাবকচোন হাৰিয়ানাৰ মানুহে যদি মালায়ালম শিকে, কৰ্ণাটকৰ মানুহে যদি বঙলা ভাষা শিকে! কেৱল একোটা সৰু খোজ আগবঢ়ায়ে আমি দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰিব পাৰো। আমি বাৰু ইয়াৰ বাবে প্ৰথমটো খোজ আগবঢ়াব নোৱাৰোনে?

বন্ধুসকল, আমাৰ দেশৰ মহান ঋষি-মুনিসকলে দেশৰ ইমূৰ সিমূৰ পৰিভ্ৰমণ কৰিছিল, আমাৰ অগ্ৰজ স্বাধীনতা সংগ্ৰামীসকলে সপোন দেখিছিল দেশক একত্ৰিত কৰাৰ।ভাৰত গঢ়াৰ বাবে তেওঁলোকে দেখা সেই সপোন বাস্তৱায়িত কৰাটো এতিয়া ২১শতিকাত আমাৰ দায়িত্ব হোৱা উচিত। আমি তেওঁলোকক গৌৰৱান্বিত কৰিব পাৰিব লাগিব।

    আমি এই কাম সফলতাৰে কৰিব পাৰিম বুলি মই দৃঢ়তাৰে কব পাৰো। কেৱল এয়াই নহয় অনাগত দিনত আমি আৰু বহু সপোন সাম্ফল কৰিব লাগিব।

মালয়ালা মনোৰমা গোষ্ঠীক পুণৰবাৰ শুভ কামনা জনোৱাৰ লগতে মোক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছো।

    বহুত বহুত ধন্যবাদ।

*****

KB