Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী টুন ড০ মহাথিৰ মহম্মদক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ বাবে মাননীয় টুন ড০ মহাথিৰ মহম্মদক টেলিফোনযোগে অভিনন্দন জনায় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে মালয়েছিয়াৰ বন্ধুত্বপ্ৰিয় লোকসকলৰ বিকাশ আৰু সমৃদ্ধি কামনাৰে তেওঁৰ শুভেচ্ছা প্ৰেৰণ কৰে। তেওঁ লগতে কয় যে মিলিত মুল্যবোধ, আগ্ৰহ আৰু দুয়োদেশৰ লোকসকলৰ মাজত ব্যাপক সম্পৰ্কই ভাৰত-মালয়েছিয়াৰ নিবিড় সম্পৰ্ক আৰু পাৰস্পৰিক লাভালাভৰ ভেঁটি সুদৃঢ় কৰিছে। প্ৰধানমন্ত্ৰীয়ে ভাৰত-মালয়েছিয়াৰ কৌশলগত সহযোগিতা অধিক সুদৃঢ় কৰাৰ অৰ্থে প্ৰধানমন্ত্ৰী মহাথিৰৰ সৈতে কাম কৰি যাব বিচাৰে বুলি কয়।

*****

AKT/AP/SBP/DB