Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মুম্বাই গোৰাইত ৰাজ্য চৰকাৰৰ ৪০ একৰ ভূমিৰ সৈতে ডাহিছাৰ বিমানবন্দৰৰ সমান পৰিমাণৰ ভূমি মুম্বাই মেট্ৰো ৰে’লৰ আন্তঃগাঁথনি নিৰ্মাণৰ অৰ্থে হ্স্তান্তৰত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত মুম্বাই গোৰাইত ৰাজ্য চৰকাৰৰ ৪০ একৰ ভূমিৰ সৈতে ডাহিছাৰ বিমানবন্দৰৰ সমান পৰিমাণৰ ভূমি মুম্বাই মেট্ৰো ৰে’লৰ আন্তঃগাঁথনি নিৰ্মাণৰ অৰ্থে হ্স্তান্তৰত অনুমোদন জনায়। এই ভূমি হস্তান্তৰৰ জৰিয়তে এমএমআডিএই মেট্ৰো ৰে’ল প্ৰকল্পৰ কাম দ্ৰুতভাৱে সম্পূৰ্ণ কৰিব পাৰিব।

ভূমি হস্তান্তৰৰৰ প্রস্তাৱত কেন্দ্রীয় কেবিনেটৰ অনুমোদনৰ ফলত দক্ষ আৰু অদক্ষ কর্মীসকলৰ সমান্তৰালভাৱে প্রযুক্তি বিশেষজ্ঞসকলেও কর্মসংস্থাপনৰ সুযোগ পাব। কেৱল ইমানেই নহয়, মেট্রো ৰে’ল প্রকল্পৰ নির্মাণৰ সৈতে যুক্ত নির্মাণ তথা উৎপাদন উদ্যোগসমূহৰ ফলত অতিৰিক্ত কামৰ সুযোগ সম্প্রসাৰিত হ’ব। মেট্রো ৰে’লৰ শুভাৰম্ভ হ’লে প্রত্যক্ষ আৰু পৰোক্ষভাবেও নতুন নতুন কর্মসংস্থাপনৰ সুযোগ বৃদ্ধি পাব।

*****

AKT/VBA/SH/DB