Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মেনিলাত অনুষ্ঠিত পঞ্চদশ আছিয়ান-ভাৰত সন্মিলনত প্রধানমন্ত্রী শ্রীনৰেন্দ্র মোদীৰ উদ্বোধনী ভাষণ (১৪ নৱেম্বৰ, ২০১৭)

মেনিলাত অনুষ্ঠিত পঞ্চদশ আছিয়ান-ভাৰত সন্মিলনত প্রধানমন্ত্রী শ্রীনৰেন্দ্র মোদীৰ উদ্বোধনী ভাষণ (১৪ নৱেম্বৰ, ২০১৭)

মেনিলাত অনুষ্ঠিত পঞ্চদশ আছিয়ান-ভাৰত সন্মিলনত প্রধানমন্ত্রী শ্রীনৰেন্দ্র মোদীৰ উদ্বোধনী ভাষণ (১৪ নৱেম্বৰ, ২০১৭)

মেনিলাত অনুষ্ঠিত পঞ্চদশ আছিয়ান-ভাৰত সন্মিলনত প্রধানমন্ত্রী শ্রীনৰেন্দ্র মোদীৰ উদ্বোধনী ভাষণ (১৪ নৱেম্বৰ, ২০১৭)


মাননীয় ৰাষ্ট্ৰপতি ডুটাৰ্টে,

বিশিষ্ট নেতৃবৃন্দ,

মাননীয় ৰাষ্ট্ৰপতি,

আছিয়ান প্রতিষ্ঠাৰ ৫০তম বর্ষপূর্তিৰ এই বিশেষ সন্ধিক্ষণতে মোৰ প্রথম মেনিলা ভ্ৰমণক লৈ মই অতিশয় আনন্দিত।

একেসময়তে আমি আছিয়ান-ভাৰত আলোচনা আৰু অংশীদাৰিত্বৰ ২৫সংখ্যক বার্ষিকীও উদযাপন কৰিছো।

এই বিশেষ গুৰুত্বপূৰ্ণ বছৰতে আছিয়ানৰ ব্যৱস্থাপনা আৰু পৰিচালনাৰ বাবে মই ফিলিপাইনছক প্রশংসা কৰিছো। এই সন্মিলন আয়োজনৰ বাবে আপুনি যি চমকপ্ৰদ ব্যৱস্থাপনা কৰিছে, তাৰবাবেও মাননীয় ৰাষ্ট্ৰপতিক মই ধন্যবাদ জনাইছো।

আছিয়ান-ভাৰত অংশীদাৰিত্বৰ সম্পর্ক অধিক শক্তিশালী কৰাৰ ক্ষেত্রত এক সমন্বয়ক দেশ হিচাপে ভিয়েটনামে আগবঢ়োৱা অৱদানৰ বাবে দেশখনৰ মাননীয় প্রধানমন্ত্রীকো মই ধন্যবাদ জনাইছো।

সন্মানীয় নেতৃবৃন্দ,

আছিয়ানৰ এই গৌৰৱময় যাত্রা কেৱল উদযাপনৰে এটি উপলক্ষ নহয়, ই ইয়াৰ সার্থক প্রতিফলনৰো এক বিশেষ মুহূর্ত।

এই ঐতিহাসিক ক্ষণত মই দৃঢ়ভাৱে বিশ্বাস কৰো যে আছিয়ানৰ এই মঞ্চতে একেই লক্ষ্য, একেই চিনাকী তথা অভিন্ন আৰু নিৰপেক্ষ এক সমুদায় হিচাপে একেলগে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি গ্রহণ কৰিব।

আছিয়ানক কেন্দ্ৰ কৰিয়েই গঢ়ি উঠিছে ভাৰতৰ ‘এক্ট ইষ্ট’ নীতি আৰু ইয়াৰ কেন্দ্ৰবিন্দু হৈছে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ নিৰাপত্তা পৰিকাঠামো গঢ়ি তোলা।

তৃতীয় আছিয়ান-ভাৰত কার্যপৰিকল্পনাৰ অধীনত আমাৰ বহুল প্রসাৰিত সহযোগিতা প্রচেষ্টা খুব ভালকৈয়ে আগুৱাই গৈছে আৰু সেয়া ৰাজনৈতিক সম্পর্ক তথা নিৰাপত্তা, অর্থনৈতিক অংশীদাৰিত্ব আৰু সাংস্কৃতিক সহযোগিতা–এই তিনিটা গুৰুত্বপূর্ণ স্তম্ভকে চুই গৈছে।

মাননীয় অতিথিবৃন্দ,

বহু হাজাৰ বছৰ আগতে ভাৰত আৰু আছিয়ান দেশসমূহৰ সৈতে সমুদ্রপথেৰে যি সম্পর্ক স্থাপিত হৈছে, সেয়া অতীতত আমাৰ বাণিজ্যিক সম্পর্কক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। এই সম্পর্কক অধিক শক্তিশালী কৰি তুলিবলৈ বৰ্তমান আমি আৰু অধিক নিবিড়ভাৱে কাম কৰি যাব লাগিব।

নীতিভিত্তিক এক আঞ্চলিক নিৰাপত্তাৰ পৰিকাঠামো গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰতে আছিয়ানক সদায় সমর্থনৰ আগবঢ়াই আহিছে। সংশ্লিষ্ট অঞ্চলৰ স্বার্থৰক্ষা তথা ইয়াৰ শান্তিপূর্ণ বিকাশৰ লক্ষ্যৰে সর্বশ্রেষ্ঠ ব্যৱস্থা গ্রহণৰ সন্দৰ্ভতো ভাৰতৰ সম্পূৰ্ণ সমর্থন আছে।

প্রত্যেকখন দেশেই নিজৰ সামর্থ্য আৰু সক্ষমতা অনুযায়ী হিংসা আৰু সন্ত্রাসৰ বিৰুদ্ধে কঠোৰ যুঁজ দি আহিছে। কিন্তু বর্তমান আমি এনে সময়ৰ সন্মুখীন হৈছো, য’ত এই বিশেষ গুৰুত্বপূর্ণ ক্ষেত্রত পাৰস্পৰিক সহযোগিতাক অধিক সবল কৰি তুলি যুটীয়াভাবে এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰাটো অতি জৰুৰী।

মাননীয় নেতৃবৃন্দ,

আমাৰ ২৫সংখ্যক বার্ষিকী উদযাপনৰ বিষয়বস্তু হৈছে ‘মিলিত মূল্যবোধ, অভিন্ন ভৱিষ্যত’–এই বিষয়বস্তু নিৰ্বাচন যিমান সংগতিপূর্ণ, সিমান মিলিতভাবে আমি কেতবোৰ স্মৰণীয় কামো সফলতাৰে সম্পন্ন কৰিছো।

সেই স্মৰণীয় বৰ্ষপূর্তি উপলক্ষে ২০১৮ চনৰ ২৫ জানুৱাৰীত নতুন দিল্লীত ভাৰত-আছিয়ান বিশেষ সন্মিলনত আপোনালোক সকলোকে স্বাগতম জনোৱাৰ বাবে মই আগ্রহেৰে অপেক্ষা কৰিছো।

ভাৰতৰ ৬৯সংখ্যক গণতন্ত্র দিৱস উদযাপন অনুষ্ঠানত আছিয়ান নেতৃবৃন্দক প্রধান অতিথি ৰুপে আদৰণী জনোৱাৰ বাবে ১২৫ কোটি ভাৰতীয়ই আশাৰে বাট চাই আছে।

এক অভিন্ন ভৱিষ্যতক বাস্তবায়িত কৰাৰ লক্ষ্যৰে আপোনালোকৰ সৈতে একেলগে কাম কৰি যাবলৈ মই প্রতিশ্রুতিবদ্ধ।

ধন্যবাদ।

****

AKT/NT/DB