Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

যুৱক-যুৱতীসকলক একেলগে কাম কৰিবলৈ, ভাৰতৰ বাবে কাম কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কটু বাক্যই কেতিয়াও একো সমাধান নকৰে। তেওঁ লগতে বিপথে পৰিচালিত লোকসকলক  পথ প্ৰদৰ্শন কৰিবলৈও আহ্বান জনায়। যন্তৰ মন্তৰত সংঘটিত ঘটনাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ লগতে আনকি তেওঁৰ প্ৰয়াত মাতৃৰ বিৰুদ্ধেও কটু বাক্য  প্ৰয়োগ কৰা দেশ তথা বিশ্বই প্ৰত্যক্ষ কৰিছে। তেওঁ কয় যে এনে আচৰণৰ পৰা  সমাজত সৃষ্টি হোৱা ক্ষোভ বুজিব পৰা যায়, শৈশৱো ভুল কৰাৰে সময় আৰু শিকিবলৈতথা সংস্কাৰ কৰাৰো সুযোগ তেতিয়াই পোৱা যায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে এনে বিপথে পৰিচালিত যুৱসকলক শাস্তি দিয়া, আদালতৰ মাজলৈ টানি অনা বা সামাজিক হাৰাশাস্তিৰ বলি কৰাৰ পৰিৱৰ্তে আমি তেওঁলোকক আঁকোৱালি লৈ সঠিক পথ দেখুৱাব লাগে। তেওঁলোকক ক্ষমা কৰিব বিচৰা বুলি উল্লেখ কৰি তেওঁ এই আবেগক মানি ল’বলৈও সমাজক আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলক দেশৰ  বাবে একেলগে আগবাঢ়ি যাবলৈ, ভুলৰ পৰা শিকিবলৈ আৰু নিজৰ সপোনক সাৰ্থক  কৰিবলৈ আহ্বান জনায়। দেশখন দ্ৰুতগতিত আগবাঢ়িছে বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰতিগৰাকী যুৱক-যুৱতীয়েও জীৱনত আগবাঢ়ি যাবলৈ ইচ্ছা প্ৰকাশ কৰিছে।

শ্ৰী মোদীয়ে ভাৰতৰ বাবে সকলোকে একেলগে কাম কৰিবলৈ আহ্বান জনায়।

যুৱক-যুৱতীসকলক সঠিক পথ ত নিৰ্দেশনা দিয়াৰ  বিষয়ত  এটা ভিডিঅ’ শ্বেয়াৰ কৰি শ্ৰী মোদীয়ে কয়;

“কটু বাক্যই কেতিয়াও একো সমাধান নকৰে।

বিপথে পৰিচালিতসকলক পথ প্ৰদৰ্শন কৰোঁ আহক।

আহক আমি একেলগে কাম কৰোঁ৷

ভাৰতৰ বাবে কাম কৰোঁ আহক।”

 

 

***

MJPS/SS/ST/DM