Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

লক্ষ্ণৌত অনুষ্ঠিত হোৱা ‘কৃষি কুম্ভ ২০১৮’ৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ


নমস্কাৰ!

মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী ৰাধামোহন সিং মহোদয়, উত্তৰ প্ৰদেশৰ লোকপ্ৰিয় তথা যশস্বী মুখম্যন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ ডাঙৰীয়া, জাপান চৰকাৰৰ সহযোগী ডেপুটি মিনিষ্টাৰ তকামী নাকাডা মহোদয়, ইজৰাইলৰ ৰাষ্ট্ৰদূত মায়া কাডোশ মহোদয়, কৃষি জগতৰ বৈজ্ঞানিক সমাজ, অন্য মহানুভৱ আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ মোৰ মৰমৰ কৃষক ভাইভনীসকল!

প্ৰয়াগৰাজত অনুষ্ঠিত হবলগীয়া অৰ্ধ কুম্ভৰ বাবে আৰু কেইটামান মাহ বাকী আছে৷ কিন্তু উত্তৰ প্ৰদেশৰ ভূমিত আজিৰ পৰা আন এক কুম্ভ আৰম্ভ হৈছে৷ উত্তৰ প্ৰদেশৰ বিভিন্ন গাঁৱৰ প্ৰায় ৫০হাজাৰ কৃষক, দেশবিদেশৰ পৰা অহা বৈজ্ঞানিক, উদ্যমী, লক্ষ্ণৌৰ এই কৃষি কুম্ভৰ অংশীদাৰ হৈছে৷ মই আপোনালোক সকলোকে অভিবাদন জনাইছোঁ, স্বাগতম জনাইছোঁ৷ আৰু উত্তৰ প্ৰদেশৰ সাংসদ হোৱাৰ পৰিপ্ৰেক্ষিতত মোৰ কৰ্তব্য যে আপোনালোকৰ সুখদুখৰ সমভাগী হৈ আপোনালোকৰ বিকাশ যাত্ৰাৰ বাবে প্ৰয়াস কৰাটো৷

কিছুমাহ পূৰ্বে কৃষি উন্নতি মেলাৰ সময়ত মই বৃহৎ কৃষক মেলা অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিছিলো৷ তাৰেই ফলাফল আজি আমি কৃষি কুম্ভৰ ৰূপত দেখিবলৈ পাইছোঁ৷ এই উত্তম প্ৰয়াসৰ বাবে মই যোগী মহোদয় আৰু তেওঁৰ দলটোক অভিনন্দন জনাইছোঁ৷ মই ইজৰাইল আৰু জাপানৰ চৰকাৰৰো ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ কিয়নো তেওঁলোক আমাৰ এই আয়োজনত সহযোগীৰূপে উপস্থিত আছে৷ ঠিক তেনেদৰে সহযোগী ৰাজ্যৰ ৰূপত হাৰিয়ানাইও এই আয়োজনৰ পৰা যথেষ্ট লাভান্বিত হব৷

বন্ধুসকল, কুম্ভ শব্দ যেতিয়া কোনো আয়োজনৰ সৈতে জড়িত হয় তেতিয়াৰ তাৰ গুৰুত্ব আৰু অধিক বৃদ্ধি হয়৷ কুম্ভ এটা দিশৰ পৰা মানৱতাৰ, বিচাৰবিমৰ্শৰ এক অনন্তপ্ৰবাহস্বৰূপ৷ মোৰ বিশ্বাস যে এই পৰম্পৰা, এই ভাৱনাক এই কৃষি কুম্ভই বাস্তৱায়িত কৰিব আৰু অনাগত দিনক কৃষি ক্ষেত্ৰক বিকশিত কৰাৰ বাবে প্ৰযুক্তি আৰু অন্য অৱকাশৰ পথ মুকলি হব৷

বন্ধুসকল, মোক কোৱা হৈছে যে এই মেলাত প্ৰায় ২০০টা ষ্টল স্থাপন কৰা হৈছে যত কৃষকসকলক নতুন প্ৰযুক্তিৰ বিষয়ে অৱগত কৰোৱা হৈছে, কৃষিৰ সৈতে জড়িত নতুন যন্ত্ৰপাতি ৰখা হৈছে৷ মোৰ বিশ্বাস যে কৃষকসকলে ইয়ালৈ আহি লাভান্বিত হব আৰু উৎপাদন বৃদ্ধিৰ সৈতে গুণগতমানো সুনিশ্চিত কৰাত কৃষকসকলে সহায় লাভ কৰিব৷

বন্ধুসকল, সমগ্ৰ দেশত খাৰিফ শস্যৰ বতৰ সমাপ্ত হোৱাৰ পথত৷ সকলো কৃষক ভাইভনীসকল আজিকালি অত্যন্ত ব্যস্ত৷ এইবাৰো অভিলেখ সংখ্যক উৎপাদন হোৱাৰ আশা প্ৰকাশ কৰা হৈছে৷ উত্তৰ প্ৰদেশত পৰিশ্ৰমী কৃষকসকলে দেশৰ খাদ্যান্নৰ প্ৰায় ২০ শতাংশ উৎপাদন কৰে৷ ইয়াৰ বাবেও মই আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ৷ দেশৰ সমগ্ৰ বজাৰত ধান আৰু দাইলসহিতে বিভিন্ন ফচলৰ ক্ৰয় বিক্ৰয় চলিব ধৰিছে৷ মোক কোৱা হৈছে যে ৰাজ্যসমূহৰ বিভিন্ন স্থানত ইয়াৰ বাবে ব্যাপক ব্যৱস্থাপনাও কৰা হৈছে৷ এইবাৰ কৃষকসকলে নতুন সমৰ্থন মূল্যৰ ভিত্তিত মূল্য লাভ কৰিছে৷ আপোনালোক সকলোৱে জানে যে চৰকাৰে ৰবি আৰু খাৰিফৰ ২১ বিধ ফচলৰ সমৰ্থন মূল্যত ঐতিহাসিক বৃদ্ধি কৰিছে৷ এই ফচলসমূহত এতিয়া লাভৰ অতিকমেও ৫০ শতাংশ প্ৰত্যক্ষ লাভ কৃষকসকলে যাতে পায় সেয়া নিশ্চিত কৰা হৈছে৷

বন্ধুসকল, উত্তৰ প্ৰদেশৰ কৃষকসকলে অভিলেখ কৰাৰ সময়তে যোগী মহোদয়ৰ চৰকাৰে কৃষকৰ পৰা সামগ্ৰী ক্ৰয় কৰাত অভিলেখ গঢ়িব ধৰিছে৷ আৰু সেইবাবে মই যোগী মহোদয়ৰ চৰকাৰক অভিনন্দন জনাইছোঁ৷ ঘেঁহুৰ ক্ষেত্ৰত এইবাৰ প্ৰায় ৫০৫৫ লাখ মেট্ৰিকটন ঘেঁহু ক্ৰয় কৰা হৈছে৷ পূৰ্বৰ চৰকাৰে কেৱল ৭৮ লাখ মেট্ৰিক টনহে ক্ৰয় কৰিছিল৷ অৰ্থাৎ ৭৮ গুণ কৃষকৰ পৰা ক্ৰয় কৰি তেওঁলোকে যাতে উপযুক্ত দাম পায় সেই চিন্তা ভাৰতীয় জনতা দলৰ যোগী মহোদয়ৰ চৰকাৰে কৰিছে৷ কেৱল এয়াই নহয়, যি ক্ৰয় কৰা হৈছে সেয়া ইউপাৰ্জন অৰ্থাৎ প্ৰযুক্তিৰ জৰিয়তে প্ৰত্যক্ষভাৱে কৃষকসকলক প্ৰদান কৰা হৈছে, যাৰ দ্বাৰা মধ্যভোগীসকল প্ৰণালীৰ পৰা নোহোৱা হৈছে৷

বন্ধুসকল, এই পৰিৱৰ্তন কেৱল ধান আৰু ঘেঁহুৰ ক্ষেত্ৰতেই নহয়, কুঁহিয়াৰৰ ক্ষেত্ৰতো এই পৰিৱৰ্তন স্পষ্টভাৱে পৰিলক্ষিত হৈছে৷ এই ঋতুত প্ৰায় ২৭ হাজাৰ কোটিতকৈও অধিক টকা কৃষকসকলক প্ৰদান কৰা হৈছে৷ কেৱল এয়াই নহয়, যোৱা বাৰৰ বকেয়াৰ পৰাও প্ৰায় ১১ হাজাৰ কোটি কৃষকসকলক প্ৰদান কৰা হৈছে৷ মোক কোৱা হৈছে যে চেনীৰ মিলত যি বকেয়া বাকী আছে সেয়াও অতিশীঘ্ৰে প্ৰদান কৰাৰ প্ৰয়াস যোগী চৰকাৰে কৰি আছে৷ উত্তৰ প্ৰদেশৰ চৰকাৰে প্ৰথমবাৰলৈ আলু ক্ৰয় কৰাৰ যি সিদ্ধান্ত লৈছে তাৰ দ্বাৰা মই অতিশয় সুখী হৈছোঁ৷ ইয়াৰ দ্বাৰা নিশ্চিত ৰূপত পূৰ্বে আলুৰ উচিত মূল্য পোৱাত সমস্যা পোৱা কৃষকসকল লাভান্বিত হব৷

বন্ধুসকল, উত্তৰ প্ৰদেশ হোৱা এই প্ৰয়াসসমূহ কেন্দ্ৰীয় চৰকাৰৰ সেইসমূহ প্ৰতিশ্ৰুতিৰ অংশ যাৰ দ্বাৰা গাঁও আৰু কৃষক আমাৰ আৰ্থিক চিন্তনৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিগণিত হৈছে৷ আমাৰ স্পষ্ট অভিমত যে কৃষকসকলক কোনেও আগলৈ লৈ নানে, তাৰ পৰিৱৰ্তে কৃষকসকলে দেশক আগুৱাই লৈ যায়৷ এই কাৰণতেই চৰকাৰে কৃষি আৰু কৃষকৰ সৈতে জড়িত সমস্যাসমূহ সামান্য পৰিমাণে সম্পন্ন কৰাৰ পৰিৱৰ্তে সামূহিক ৰূপত সমাধান কৰাৰ দিশত অগ্ৰসৰ হৈছে৷ আমাৰ ধ্যান কৃষকসকলৰ সৰু সৰু সমস্যাসমূহ দূৰ কৰাত কেন্দ্ৰিত হৈছে৷

বন্ধুসকল, ২০২২ চনত যেতিয়া ভাৰতীয় স্বতন্ত্ৰতাৰ ৭৫ বৰ্ষ সমাপ্ত হ, সেইসময়ত দেশৰ কৃষকসকলৰ আয় যাতে দুগুণ হয় তাৰবাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ৷ কৃষকসকলৰ আয় বৃদ্ধিৰ বাবে কম কষ্ট, অধিক লাভৰ নীতি দোহাৰি কৃষিখণ্ডত বৈজ্ঞানিক প্ৰযুক্তিৰ অভূতপূৰ্ব সমাবেশ ঘটোৱা হৈছে৷ বীজৰ পৰা আৰম্ভ কৰি বজাৰলৈ এক শক্তিশালী ব্যৱস্থা দেশত প্ৰণয়ন কৰা হৈছে৷ ভূমি স্বাস্থ্যৰ পৰা আৰম্ভ কৰি বজাৰলৈ সংশোধন কৰাৰ অনেক পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ সমগ্ৰ দেশত প্ৰায় ১৬ কোটিতকৈও অধিক ভূমি স্বাস্থ্য কাৰ্ড কৃষকসকলক প্ৰদান কৰা হৈছে যাৰ ৩ কোটি এই উত্তৰ প্ৰদেশতেই বিতৰণ কৰা হৈছে৷ ইয়াৰ দ্বাৰা কৃষকসকলে এয়া নিশ্চিত কৰাত সহজ হব যে কোনবিধ ফচল সেই মাটিৰ বাবে উপযুক্ত হব অথবা কোনবিধ সাৰ কিমান মাত্ৰাত প্ৰয়োগ কৰিব লাগিব৷

বন্ধুসকল, ভূমিৰ গুণগতমানৰ সৈৰে ইয়াৰ উপজাত শক্তি বাহাল ৰখাৰ বাবে জৈৱিক কৃষিক উৎসাহ প্ৰদান কৰা হৈছে, জাৱৰৰ পৰা যি সাৰ প্ৰস্তুত হয় তাৰ অধিক উপযোগিতাৰ বাবে কৃষকসকলক উৎসাহ প্ৰদান কৰা হৈছে৷ কিন্তু দেশৰ আৱশ্যক অনুসাৰে উৎপাদনো যাতে হওক তাৰবাবে ইউৰিয়াৰ দৰে সাৰৰ পৰ্যাপ্ত উপলব্ধতাও সুনিশ্চিত কৰা হৈছে৷ সেইদৰে জনসিঞ্চনৰ ব্যৱস্থাও শক্তিশালী কৰা হৈছে৷ বৃহৎ জলসিঞ্চন প্ৰকল্পৰ উপৰিও নতুন প্ৰযুক্তিক উৎসাহিত কৰা হৈছে৷ প্ৰতিটো টোপালত অধিক শস্যৰ বাবে কৃষকসকলক উৎসাহিত কৰা হৈছে৷ টোপাল জলসিঞ্চন, সুক্ষ্ণ সিঞ্চন আদি বৈজ্ঞানিক পদ্ধতি আমাৰ জলসিঞ্চন ব্যৱস্থাৰ অংশ হৈ পৰিছে৷

ইজৰাইলে জলসিঞ্চনৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে৷ সেইদৰে জাপানো কৃষিৰ সৈতে জড়িত প্ৰযুক্তিৰ ক্ষেত্ৰত ব্যাপক ৰূপত কাম কৰি আছে৷ এই কৃষি কুম্ভৰ সহযোগী হোৱা হেতুকে আপোনালোক সকলোৱে, সমগ্ৰ দেশে এই দুয়োখন দেশৰ বিশেষজ্ঞৰ পৰা লাভান্বিত হব পাৰিব৷

বন্ধুসকল, ইয়াৰ সৈতে বিদ্যুৎ তথা ডিজেল চালিত পাম্পসমূহ সৌৰ পাম্পলৈ পৰিৱৰ্তিত কৰাৰ দিশতো আগবাঢ়িছোঁ৷ এই ব্যৱস্থাসমূহৰ উপৰিও সিঞ্চনৰ এক ডাঙৰ সংসাধন হল আমাৰ পাম্প, সেয়ে এই দিশতো আমি প্ৰয়াস কৰিছোঁ৷ বিদ্যুৎ অথবা ডিজেল চালিত এই পাম্পসমূহক সূৰ্যৰ শক্তিক দ্বাৰা চলোৱা পাম্পলৈ পৰিৱৰ্তিত কৰাৰ ব্যাপক অভিযান চলিব ধৰিছে৷ ইয়াৰ অধীনত অনাগত চাৰিটা বৰ্ষৰ ভিতৰত প্ৰায় ২৮ লাখ কৃষকৰ খেতিত সৌৰ পাম্প লগোৱা হব৷ ইয়াৰ দ্বাৰা কৃষকসকলে বিনামূলীয়া বিদ্যুৎ লাভ কৰাৰ লগতে প্ৰয়োজন অনুসৰি বিদ্যুৎ বিতৰক কোম্পানীসমূহক বিক্ৰীও কৰিব পাৰিব৷

বন্ধুসকল, এটা সময় আছিল যেতিয়া আমাৰ কৃষকসকল আমাৰ অন্নদাতা আছিল, আজি তেওঁলোক উৰ্জাদাতা হোৱাৰ পথত আগবাঢ়িছে৷ অন্নদাতাও হয় আৰু এতিয়া উৰ্জাদাতাও হৈ পৰিব৷ বন্ধুসকল, এই অভিযানৰ দ্বাৰা কৃষকসকলৰ জীৱনলৈ কিমান পৰিৱৰ্তন আহিছে ইয়াৰ প্ৰমাণ পাইছিলো যেতিয়া কিছুদিন পূৰ্বে মই গুজৰাটলৈ গৈছিলোঁ তেতিয়া তাত এখন গাঁৱত কৃষক পৰিয়াল কিছুমানে একত্ৰিতভাৱে সৌৰ পেনেল আৰু সৌৰ পাম্পৰ কাম আৰম্ভ কৰা দেখা পাইছিলো৷ সূৰ্যৰ ৰশ্মিৰ দ্বাৰা বিদ্যুৎ উৎপন্ন কৰি তেওঁলোকে খেতিৰ কাম কৰিছিল, পাম্প চলাইছিল৷ ইয়াৰ দ্বাৰা তেওঁলোকৰ বিদ্যুতৰ প্ৰয়োজন পূৰণ হোৱাৰ লগতে প্ৰায় ৫০ হাজাৰ টকা প্ৰতিবৰ্ষত বিদ্যুৎ বিক্ৰী কৰি লাভ কৰিছে৷

বন্ধুসকল, বিজ্ঞানৰ প্ৰত্যক্ষ লাভ যাতে কৃষকসকলে লাভ কৰিব পাৰে তাৰবাবে চৰকাৰে গভীৰ প্ৰয়াস কৰিছে৷ কৃষক আৰু বৈজ্ঞানিকৰ দ্বাৰা, অনুসন্ধান কেন্দ্ৰৰ সৈতে প্ৰত্যক্ষভাৱে সংযোগ কৰাৰ কাম কৰা হৈছে৷ যাতে যি কৃষিৰ সৈতে জড়িত, বীজৰ সৈতে জড়িত যিবোৰ নতুন তথ্য পোৱা যায়, সেইবোৰ অতি কম সময়ৰ ভিতৰতে যাতে কৃষকসকলে লাভ কৰিব পাৰে৷ ইয়াৰ বাবে সমগ্ৰ দেশৰ প্ৰায় ৭০০টা কৃষি বিজ্ঞান কেন্দ্ৰক এই দায়িত্ব প্ৰদান কৰা হৈছে৷ কৃষিৰ গৱেষণাৰ সৈতে জড়িত আধুনিক সংস্থা নিৰ্মাণ কৰা হৈছে৷ বাৰাণসীত নিৰ্মিত ৰাইচ ৰিছাৰ্চ চেণ্টাৰ এই দিশত এক বৃহৎ প্ৰয়াস হিচাপে পৰিগণিত হৈছে৷ কৃষকৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ অধিক দাম দিয়াৰ বাবে মূল্য সংযোজনৰ বাবেও চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে৷ খাদ্য সংসাধন ক্ষেত্ৰত এশ শতাংশ এফডিআই কৰাৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে৷

আমিও জানো যে কেৱল বিলাহী বিক্ৰী কৰিলে দাম সস্তা হয় কিন্তু বিলাহীৰ চুপ অথবা বটলত ভৰাই বিক্ৰী কৰিলে অধিক টকা পোৱা যায়৷ কেঁচা আম বিক্ৰী কৰি দাম কম পোৱা যায় কিন্তু ইয়াৰ আচাৰ বনাই বিক্ৰী কৰিলে অধিক টকা পোৱা যায়৷ এয়াই হল মূল্য সংযোজন৷ ইয়াৰোপৰি এই বৰ্ষত বাজেটত বিলাহী, পিয়াঁজ আৰু আলুৰ উৎপাদনৰ সৈতে জড়িত মূল্য সংযোজনৰ বাবে ৫০০ কোটি টকাৰ পৰিমাণেৰে টিঅপি যোজনাৰ ঘোষণা কৰা হৈছে৷ ইয়াৰ দ্বাৰাও উত্তৰ প্ৰদেশৰ আলু কৃষকসকল যথেষ্ট লাভান্বিত হব৷ ইয়াৰ জৰিয়তে কৃষি ক্ষেত্ৰত বিনিয়োগৰ পথ মুকলি হব৷ মোক কোৱা হৈছে যে উত্তৰ প্ৰদেশৰ বিনিয়োগকাৰীৰ সন্মিলনত খাদ্য সংসাধন কেন্দ্ৰ অৰ্থাৎ কৃষি উৎপাদন ক্ষেত্ৰত মূল্য বৃদ্ধিত প্ৰায় ১৬ হাজাৰ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ পোৱা গৈছিল৷ ইয়াৰে চাৰে তিনি হাজাৰ কোটিৰ ১৪টা যোজনাৰ ইতিমধ্যেই লোকাৰ্পণো হৈছে৷

বন্ধুসকল, এয়া এনেকুৱা কাম যত কৃষিকো লাভজনক হিচাপে প্ৰস্তুত কৰিব পাৰি, ইয়াৰোপৰি অন্য মাধ্যমৰ জৰিয়তেও কৃষকসকলৰ আয় বৃদ্ধি কৰাৰ প্ৰয়াস কৰা হৈছে৷ সেউজ বিপ্লৱৰ সফল প্ৰয়োগৰ পিছত এতিয়া আমি শ্বেত বিপ্লৱ, মিঠা বিপ্লৱ, নীলা বিপ্লৱৰ দৰে নতুন পথত অগ্ৰসৰ হৈছোঁ৷ দুগ্ধ উৎপাদনেই হওক, মৌ উৎপাদনেই হওক, কণী অথবা মীন উৎপাদনেই হওক, দেশে নতুন নতুন অভিলেখ সৃষ্টি কৰিবলৈ সমৰ্থ হৈছে৷ দুদিন পূৰ্বেই ভাৰত চৰকাৰে মীন উৎপাদনৰ সৈতে জড়িত কৃষক পৰিয়ালসমূহক, মাছুৱৈ ভাইভনীসকলৰ বাবে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ চৰকাৰে চাৰে সাত হাজাৰ কোটি টকাৰ এক নতুন পুঁজিৰ অনুমোদন জনাইছে৷

বন্ধুসকল, এই কৃষি কুম্ভত উপস্থিত আপোনালোক সকলো কৃষক, কৃষিৰ সৈতে জড়িত বিশেষজ্ঞ, বৈজ্ঞানিক, ভাৰতৰ অৰ্থ ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংশ৷ কাৰণ আপোনালোকে যি কাম কৰি আছে ইয়াৰ দ্বাৰা অনাগত সময়ত দ্ৰুত গতিত উত্থান হোৱা আমাৰ আৰ্থিক সামৰ্থত এক বৃহৎ প্ৰভাৱ পৰিব৷ মই আপোনালোকৰ পৰা আশা কৰিছোঁ যে এই কৃষি কুম্ভত কৃষকসকলৰ সৈতে বহি কৃষিৰ সৈতে জড়িত প্ৰযুক্তিৰ ওপৰত গভীৰ আলোচনা কৰক৷ খাদৰ ব্যৱহাৰ কিদৰে কম হওক, কম পানীৰ উচিত ব্যৱহাৰ কিদৰে হওক, ফচল ভাণ্ডাৰৰ প্ৰযুক্তি কিদৰে উন্নত হওক, ৰবট আৰু ড্ৰোণৰ দৰে প্ৰযুক্তি কৃষিত কিদৰে কৰা হওক, এনে অনেক বিষয় আছে যাৰ ওপৰত আৰু অধিক কাম কৰাৰ প্ৰয়োজন আছে৷

ইয়াৰোপৰি নৰাসমূহ যাক আমি জাবৰ বুলি কওঁ, তাকো কিদৰে প্ৰযুক্তিৰ জৰিয়তে সম্পত্তিলৈ পৰিৱৰ্তিত কৰিব পাৰি, কৃষিৰ কোনোটো বস্তুৱেই অযথা নহয়, ফচলৰ পূৰ্বেও আৰু ফচলৰ পিছতো৷ খেতিৰ প্ৰতিটো বস্তুৱেই সোণ৷ কৃষতে যদি সেয়া সোণাৰীৰ দৰে ব্যৱহাৰ কৰে তেন্তে খেতিৰ কোনোটো বস্তুৱে পেলনি নাযাব৷ জাবৰো সোণ হৈ পৰিব৷ জাবৰো সম্পত্তি হৈ পৰিব৷ ইয়াৰ ওপৰতো ব্যাপক ৰূপত কাম কৰাৰ প্ৰয়োজন আছে৷ চৰকাৰে এতিয়া নৰাসমূহ জ্বলোৱাটো ৰোধ কৰিবলৈ কৃষকসকলক মেচিনৰ বাবে ৫০ৰ পৰা ৮০ শতাংশলৈ ৰেহাই প্ৰদান কৰি আছে৷ কিন্তু আমি প্ৰযুক্তিভিত্তিক কিছু এনে দিশত আগবাঢ়িব লাগিব যাৰ দ্বাৰা আমাৰ কৃষক ভাইসকলে নৰা জ্বলোৱাৰ পৰা বিৰত থাকিব পাৰে আৰু ইয়াৰ দ্বাৰা প্ৰকৃতিও সুৰক্ষিত হৈ থাকিব৷

মোৰ বিশ্বাস যে অনাগত তিনিটা দিনত কৃষিক্ষেত্ৰক লাভদায়ক কৰাৰ বাবে এই বিষয়সমূহৰ ওপৰত আৰু ইয়াত মূল্য সংযোজন কিদৰে হ, এই বিষয়ত আপোনালোকে চৰ্চা কৰিব৷ বিশেষ ৰূপত উত্তৰ প্ৰদেশৰ বিভিন্ন জিলাত, তাৰে আৱশ্যক অনুসৰি কিদৰে নতুন প্ৰয়োগ কৰা হ, ইয়াৰ ওপৰতো চৰ্চা কৰা হব৷

এই কৃষি কুম্ভই উত্তৰ প্ৰদেশৰ সৈতে সমগ্ৰ দেশৰ কৃষি ব্যৱস্থাক এক নতুন দিশ প্ৰদান কৰিব, এই আশাৰ সৈতে পুনৰ বাৰ আপোনালোক সকলোকে অশেষ শুভকামনা যাছিলো৷

বহুত বহুত ধন্যবাদ!       

***

AKT/SH/IG/MG/AK/MANN