পি এম ইণ্ডিয়া
২০২৪ চনৰ ১০ অক্টোবৰত লাও পিডিআৰৰ ভিয়েনটিয়ানত ‘২১ সংখ্যক আছিয়ান-ভাৰত শীৰ্ষ সন্মিলন’ অনুষ্ঠিত হয়। ভাৰতৰ ‘এক্ট ইষ্ট’ নীতিৰ এটা দশক পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘আছিয়ান-ভাৰত ব্যাপক কৌশলগত অংশীদাৰিত্ব’ৰ অগ্ৰগতিৰ পৰ্যালোচনা আৰু ভৱিষ্যতৰ সহযোগিতাৰ দিশ নিৰ্দিষ্ট কৰাৰ বাবে আছিয়ান নেতাসকলৰ সৈতে মিলিত হয়। এই সন্মিলনত প্ৰধানমন্ত্ৰীৰ এয়া আছিল একাদশ সংখ্যক অংশগ্ৰহণ।
২. এই সন্দৰ্ভত প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰীয়ে ‘ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল’ত ‘আছিয়ান ঐক্য, আছিয়ান কেন্দ্ৰীকতা আৰু আছিয়ান দৃষ্টিভংগী’ৰ প্ৰতি ভাৰতৰ সমৰ্থনৰ কথা দোহাৰে। একবিংশ শতিকাক ‘এছিয়াৰ শতিকা’ বুলি অভিহিত কৰি তেওঁ উল্লেখ কৰে যে এছিয়াৰ ভৱিষ্যতক পথ প্ৰদৰ্শন কৰাৰ বাবে ভাৰত-আছিয়ান সম্পৰ্ক হৈছে গুৰুত্বপূৰ্ণ। ভাৰতৰ ‘এক্ট ইষ্ট’ নীতিৰ উচ্চলতাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যোৱা দহ বছৰত ভাৰত-আছিয়ান বাণিজ্য দুগুণ হৈ ১৩০ বিলিয়ন মাৰ্কিন ডলাৰৰো অধিক হৈছে; আছিয়ান আজি ভাৰতৰ অন্যতম বৃহৎ বাণিজ্য আৰু বিনিয়োগ অংশীদাৰ; সাতখন আছিয়ান দেশৰ সৈতে পোনপটীয়া বিমান সংযোগ স্থাপন; অঞ্চলটোৰ সৈতে ফিন-টেক সহযোগিতাৰে কৰা প্ৰতিশ্ৰুতিপূৰ্ণ আৰম্ভণি; আৰু পাঁচখন আছিয়ান দেশত অংশীদাৰী সাংস্কৃতিক ঐতিহ্য পুনৰুদ্ধাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অগ্ৰগতি হৈছে। প্ৰধানমন্ত্ৰীয়ে আছিয়ান-ভাৰত সম্প্ৰদায়ৰ হিতৰ বাবে অধিক অৰ্থনৈতিক সম্ভাৱনা কঢ়িয়াই অনাৰ দিশত সময়সীমাবদ্ধ ভাৱে ‘আছিয়ান-ভাৰত এফটিএ’ (এআইটিআইজিএ)ৰ পৰ্যালোচনা সম্পূৰ্ণ কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে নালন্দা বিশ্ববিদ্যালয়ত আছিয়ান যুৱক-যুৱতীসকলক প্ৰদান কৰা বৃত্তিৰ জৰিয়তে ভাৰত-আছিয়ান জ্ঞান অংশীদাৰিত্বৰ অগ্ৰগতিৰ বিষয়েও বক্তব্য আগবঢ়ায়।
৩. “সংযোগ আৰু স্থিতিস্থাপকতা বৃদ্ধি” শীৰ্ষক অধ্যক্ষৰ বিষয়বস্তুৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে ১০-দফীয়া আঁচনি ঘোষণা কৰে, য’ত অন্তৰ্ভুক্ত আছে:
ক) ২০২৫ বৰ্ষক আছিয়ান-ভাৰত পৰ্যটন বৰ্ষ হিচাপে উদযাপন কৰা, যাৰ বাবে ভাৰতে যুটীয়া কাৰ্যক্ৰমৰ বাবে ৫ নিযুত মাৰ্কিন ডলাৰ উপলব্ধ কৰিব;
খ) ‘যুৱ সন্মিলন’, ‘ষ্টাৰ্ট-আপ ফেষ্টিভেল’, ‘হেকাথন’, ‘সংগীত মহোৎসৱ’, ‘থিংক টেংক আছিয়ান-ইণ্ডিয়া নেটৱৰ্ক’ আৰু ‘দিল্লী আলোচনা’কে ধৰি কেবাটাও লোক কেন্দ্ৰিক কাৰ্যকলাপৰ জৰিয়তে এক্ট ইষ্ট নীতিৰ এটা দশক উদযাপন কৰা;
গ) ‘আছিয়ান-ভাৰত বিজ্ঞান আৰু প্ৰযুক্তি উন্নয়ন পুঁজি’ৰ অধীনত ‘আছিয়ান-ভাৰত মহিলা বিজ্ঞানী সন্মিলন’ আয়োজন কৰা;
ঘ) ‘নালন্দা বিশ্ববিদ্যালয়’ত বৃত্তিৰ সংখ্যা দুগুণ কৰা আৰু ভাৰতৰ কৃষি বিশ্ববিদ্যালয়সমূহত আছিয়ান শিক্ষাৰ্থীসকলৰ বাবে নতুন বৃত্তিৰ ব্যৱস্থা কৰা;
ঙ) ২০২৫ চনৰ ভিতৰত ‘সামগ্ৰী চুক্তি’ সন্দৰ্ভত আছিয়ান-ভাৰত বাণিজ্যৰ পৰ্যালোচনা;
চ) দুৰ্যোগৰ স্থিতিস্থাপকতা বৃদ্ধি কৰা, যাৰ বাবে ভাৰতে ৫ নিযুত মাৰ্কিন ডলাৰৰ পুঁজি উপলব্ধ কৰিব;
ছ) স্বাস্থ্যখণ্ডৰ স্থিতিস্থাপকতা গঢ়ি তোলাৰ দিশত স্বাস্থ্য মন্ত্ৰী পৰ্যায়ৰ নিৰীক্ষণমূলক প্ৰণালী আৰম্ভ কৰা;
জ) ডিজিটেল আৰু চাইবাৰ স্থিতিস্থাপকতা শক্তিশালী কৰাৰ দিশত ‘আছিয়ান-ভাৰত চাইবাৰ নীতি আলোচনা’ৰ এক নিয়মীয়া প্ৰণালী আৰম্ভ কৰা;
ঝ) ‘সেউজীয়া হাইড্ৰজেন’ সন্দৰ্ভত কৰ্মশালা; আৰু
ঞ) জলবায়ু স্থিতিস্থাপকতা গঢ়ি তোলাৰ দিশত ‘মাতৃৰ বাবে গছপুলি ৰোপণ’ অভিযানত যোগদান কৰিবলৈ আছিয়ান নেতাসকলক আমন্ত্ৰণ জনায়।
৪. বৈঠকত নেতাসকলে এক নতুন ‘আছিয়ান-ভাৰত কাৰ্য পৰিকল্পনা’ (২০২৬-২০৩০) গঢ়ি তুলিবলৈ সন্মত হয়, যি দুয়োপক্ষক ‘আছিয়ান-ভাৰত অংশীদাৰিত্ব’ৰ সম্পূৰ্ণ সম্ভাৱনা উপলব্ধি কৰাত সহায় কৰিব আৰু দুটা যুটীয়া বিবৃতি গ্ৰহণ কৰে:
ক) ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত আছিয়ান দৃষ্টিভংগীৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত শান্তি, স্থিৰতা আৰু সমৃদ্ধিৰ বাবে ‘আছিয়ান-ভাৰত ব্যাপক কৌশলগত অংশীদাৰিত্ব’ শক্তিশালী কৰাত যুটীয়া বিবৃতি, ভাৰতৰ ‘এক্ট ইষ্ট’ নীতি (এইপি)ৰ সমৰ্থনৰ সৈতে নেতাসকলে আছিয়ান আৰু ভাৰতৰ মাজত অংশীদাৰিত্ব আগবঢ়োৱাৰ ক্ষেত্ৰত ভাৰতৰ ‘এক্ট ইষ্ট’ নীতিৰ অৱদানক স্বীকৃতি দিয়ে। যুটীয়া বিবৃতিৰ সম্পূৰ্ণ পাঠৰ বাবে here ইয়াত প্ৰৱেশ কৰিব পাৰি।
খ) ডিজিটেল ৰূপান্তৰৰ ক্ষেত্ৰত আছিয়ান-ভাৰত যুটীয়া বিবৃতি নেতাসকলে ডিজিটেল পৰিৱৰ্তনৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্বক প্ৰশংসা কৰে আৰু ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ক্ষেত্ৰত ভাৰতৰ সৈতে অংশীদাৰীত্বক আদৰণি জনায়। যুটীয়া বিবৃতিৰ সম্পূৰ্ণ পাঠৰ বাবে here.ইয়াত প্ৰৱেশ কৰিব পাৰিব।
৫. লাওছৰ প্ৰধানমন্ত্ৰীক ২১ সংখ্যক ‘আছিয়ান-ভাৰত সন্মিলন’ সফলতাৰে আয়োজন কৰাৰ বাবে আৰু তেওঁৰ আন্তৰিকতা আৰু আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে যোৱা তিনি বছৰত সমন্বয়ক দেশ হিচাপে গঠনমূলক ভূমিকা গ্ৰহণ কৰা ছিংগাপুৰক ধন্যবাদ জ্ঞাপন কৰে আৰু ভাৰতৰ বাবে নতুন সমন্বয়ক দেশ ফিলিপাইনছৰ সৈতে কাম কৰাৰ বাবে আশাবাদ প্ৰকাশ কৰে।
***
MJPS/SR/SKS/KB
Sharing my remarks at the India-ASEAN Summit.https://t.co/3HbLV8J7FE
— Narendra Modi (@narendramodi) October 10, 2024
The India-ASEAN Summit was a productive one. We discussed how to further strengthen the Comprehensive Strategic Partnership between India and ASEAN. We look forward to deepening trade ties, cultural linkages and cooperation in technology, connectivity and other such sectors. pic.twitter.com/qSzFnu1Myk
— Narendra Modi (@narendramodi) October 10, 2024
Proposed ten suggestions which will further deepen India’s friendship with ASEAN. pic.twitter.com/atAOAq6vrq
— Narendra Modi (@narendramodi) October 10, 2024