পি এম ইণ্ডিয়া
মহামহিম প্ৰধানমন্ত্ৰী ছোনেক্সে ছিফাণ্ডোনে,
মহামহিম,
নমস্কাৰ
আজি আছিয়ান (ASEAN) পৰিয়ালৰ সৈতে একাদশবাৰৰ বাবে এই সভাত অংশগ্ৰহণ কৰি গৌৰৱ অনুভৱ কৰিছো।
এদশক পূৰ্বে মই ভাৰতৰ ‘এক্ট ইষ্ট’ নীতি উন্মোচন কৰিছিলো। তেতিয়াৰ পৰাই এই পদক্ষেপে ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজত ঐতিহাসিক সংযোগক পুনৰ সজীৱ কৰি তুলিছে, আমাৰ সম্পৰ্কলৈ নতুন শক্তি, দিশ আৰু গতিশীলতা আনিছে।
আছিয়ানৰ কেন্দ্ৰীয়তাক গুৰুত্ব দি আমি ২০১৯ চনত ভাৰত-প্ৰশান্ত মহাসাগৰৰ পদক্ষেপ আৰম্ভ কৰিলোঁ।এই পদক্ষেপ “ভাৰত-প্ৰশান্ত মহাসাগৰীয়ৰ ওপৰত আছিয়ানৰ দৃষ্টিভংগী”ৰ সৈতে মিল খায়, যিয়ে অঞ্চলটোত আমাৰ সহযোগিতামূলক প্ৰচেষ্টা বৃদ্ধি কৰে।
যোৱা বছৰ আমি আঞ্চলিক নিৰাপত্তা আৰু স্থিতিশীলতা শক্তিশালী কৰাৰ লক্ষ্যৰে সামুদ্ৰিক অনুশীলন আৰম্ভ কৰিছিলো।
যোৱা দশকত আছিয়ান অঞ্চলৰ সৈতে আমাৰ বাণিজ্য প্ৰায় দুগুণ বৃদ্ধি পাইছে, ১৩০ বিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰিছে।
বৰ্তমান ভাৰতৰ আছিয়ানৰ সাতখন দেশৰ সৈতে প্ৰত্যক্ষ বিমান সংযোগ আছে, আৰু আমি অতি সোনকালে ব্ৰুনাইলৈও প্ৰত্যক্ষ বিমান সেৱা আৰম্ভ কৰিম।
ইয়াৰ উপৰিও আমি টিমৰ-লেষ্টেত নতুন দূতাবাস মুকলি কৰিছো।
ছিংগাপুৰ আছিল আছিয়ান অঞ্চলৰ প্ৰথমখন দেশ যাৰ সৈতে আমি ফিনটেক সংযোগ স্থাপন কৰিছিলো, আৰু এই সফল আৰ্হিটো এতিয়া আন দেশতো অনুকৰণ কৰা হৈছে।
আমাৰ উন্নয়ন অংশীদাৰিত্ব জনকেন্দ্ৰিক দৃষ্টিভংগীৰ ওপৰত গঢ় লৈ উঠিছে। নালন্দা বিশ্ববিদ্যালয়ত ৩০০ৰো অধিক আছিয়ান ছাত্ৰ-ছাত্ৰীয়ে বৃত্তিৰ দ্বাৰা উপকৃত হৈছে, আৰু আমি বিশ্ববিদ্যালয়ৰ নেটৱৰ্কো আৰম্ভ কৰিছো।
আমি লাওছ, কম্বোডিয়া, ভিয়েটনাম, ম্যানমাৰ, আৰু ইণ্ডোনেছিয়াত আমাৰ ভাগ-বতৰা কৰা ঐতিহ্য আৰু উত্তৰাধিকাৰ সংৰক্ষণৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছো।
ক’ভিড মহামাৰীৰ সময়তেই হওক বা প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি সঁহাৰি জনাই হওক, আমি পাৰস্পৰিক সহায় আগবঢ়াইছো আৰু আমাৰ মানৱীয় দায়িত্ব পালন কৰিছো।
আমি বিজ্ঞান আৰু প্ৰযুক্তি পুঁজি, ডিজিটেল পুঁজি, আৰু সেউজ পুঁজিকে ধৰি বিভিন্ন খণ্ডত সহযোগিতাৰ বাবে পুঁজি স্থাপন কৰিছো, ভাৰতে এই পদক্ষেপসমূহত ৩ কোটি মাৰ্কিন ডলাৰতকৈ অধিক অৰিহণা যোগাইছে। ফলস্বৰূপে আমাৰ সহযোগিতাই এতিয়া পানীৰ তলৰ প্ৰকল্পৰ পৰা আৰম্ভ কৰি মহাকাশ অন্বেষণলৈকে বহুতো ক্ষেত্ৰ সামৰি লৈছে। মূলতঃ যোৱা দশকত আমাৰ অংশীদাৰিত্ব প্ৰতিটো দিশতে যথেষ্ট সম্প্ৰসাৰিত হৈছে।
২০২২ চনত আমি আমাৰ সম্পৰ্কক ‘ব্যাপক কৌশলগত অংশীদাৰিত্ব’ৰ মৰ্যাদালৈ উন্নীত কৰাটো এক বৃহৎ সন্তুষ্টিৰ উৎস।
বন্ধুসকল,
আমি গ্ল’বেল চাউথৰ প্ৰতিবেশী আৰু অংশীদাৰ, বিশ্বৰ দ্ৰুতগতিত বৃদ্ধি পোৱা অঞ্চলটোক প্ৰতিনিধিত্ব কৰিছো। শান্তিপ্ৰেমী জাতি হিচাপে আমি ইজনে সিজনৰ জাতীয় অখণ্ডতা আৰু সাৰ্বভৌমত্বক সন্মান কৰো, আৰু আমি আমাৰ যুৱক-যুৱতীসকলৰ উজ্জ্বল ভৱিষ্যত নিশ্চিত কৰাৰ বাবে উৎসৰ্গিত।
মই বিশ্বাস কৰোঁ যে একবিংশ শতিকাটো হৈছে “এছিয়ান শতিকা”, ভাৰত আৰু আছিয়ান দেশসমূহৰ বাবে এক গুৰুত্বপূৰ্ণ সময়। সংঘাত আৰু উত্তেজনাৰে ভৰা পৃথিৱীখনত ভাৰত আৰু আছিয়ানৰ মাজত বন্ধুত্ব, সমন্বয়, আলোচনা, সহযোগিতা পূৰ্বতকৈ অধিক গুৰুত্বপূৰ্ণ।
আছিয়ানৰ অধ্যক্ষ পদৰ বাবে লাও পিডিআৰৰ প্ৰধানমন্ত্ৰী ছনেক্সে ছিফাণ্ডোনেক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
মোৰ বিশ্বাস যে আজিৰ বৈঠকে ভাৰত-আছিয়ানৰ অংশীদাৰিত্বৰ নতুন মাত্ৰাৰ পৰিচয় দিব৷
সকলোকে অশেষ ধন্যবাদ।
***
MJPS/SR/SKS
Sharing my remarks at the India-ASEAN Summit.https://t.co/3HbLV8J7FE
— Narendra Modi (@narendramodi) October 10, 2024
The India-ASEAN Summit was a productive one. We discussed how to further strengthen the Comprehensive Strategic Partnership between India and ASEAN. We look forward to deepening trade ties, cultural linkages and cooperation in technology, connectivity and other such sectors. pic.twitter.com/qSzFnu1Myk
— Narendra Modi (@narendramodi) October 10, 2024
Proposed ten suggestions which will further deepen India’s friendship with ASEAN. pic.twitter.com/atAOAq6vrq
— Narendra Modi (@narendramodi) October 10, 2024