পি এম ইণ্ডিয়া

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি দিল্লীৰ লালকিল্লাৰ সমীপৰ মাধৱ দাস পাৰ্কত আয়োজিত দছেৰা উদযাপন অনুষ্ঠানত উপস্থিত থাকে।
এই উপলক্ষে ভাষণত প্ৰধানমন্ত্ৰীয়ে ২০২২ চনত দেশে স্বাধীনতা কৰাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তিৰ উপলক্ষে দেশবাসীক ইতিবাচক বৰঙণি আগবঢ়াব পৰাকৈ সংকল্প ল’বলৈ আহ্বান জনায়।
“ভাৰতীয় উৎসৱবোৰ কেৱল উৎসৱেই নহয়, ই হৈছে সমাজক শিক্ষিত কৰি তোলাৰ এক মাধ্যম, উৎসৱে প্ৰত্যেক ব্যক্তিক সমাজৰ মুল্যবোধৰ প্ৰতি সজাগ কৰি তোলে, এইবোৰে আমাক একেলগে এটা সমুদায় হিচাপে বাস কৰাৰো শিক্ষা দিয়ে।”, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়।
প্ৰধানমন্ত্ৰীয়ে কয় যে উৎসৱবোৰ হৈছে আমাৰ সামূহিক শক্তিৰ প্ৰতিফলন, সামাজিক-সাংস্কৃতিক মুল্যবোধ আৰু চহকী সাংস্কৃতিক পৰম্পৰা। তদুপৰি, এইবোৰ কৃষি, নদ-নদী, পৰ্বত-পাহাৰ, প্ৰকৃতি ইত্যাদিৰ সৈতে জড়িত।
প্ৰধানমন্ত্ৰীয়ে ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাদৰ প্ৰতিকৃতি দাহ অনুষ্ঠানতো অংশগ্ৰহণ কৰে।
*****
AKT/NT/DB
Joined Vijaya Dashmi celebrations in Delhi. https://t.co/RuhEnzspxk
— Narendra Modi (@narendramodi) September 30, 2017