Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

লিচটেনষ্টাইনৰ ৰাজকুমাৰ এল’ইছক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

লিচটেনষ্টাইনৰ ৰাজকুমাৰ এল’ইছক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লিচটেনষ্টাইনৰ মহামান্য ৰাজকুমাৰ এল’ইছক সাক্ষাৎ কৰে।

শ্ৰী মোদীয়ে কয় যে এই সাক্ষাৎকালত ভাৰত আৰু লিচেনষ্টাইনৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে বিভিন্ন ক্ষেত্ৰ সামৰি লোৱা হয়।

দুয়োগৰাকী নেতাই এবছৰ সম্পূৰ্ণ কৰা ভাৰত-ই এফ টি এ বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (টি ই পি এ)ৰ অধীনত হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰে আৰু বিনিয়োগৰ প্ৰবাহ বৃদ্ধি কৰা আৰু অৰ্থনৈতিক সহযোগিতা গভীৰ কৰাৰ সুযোগসমূহৰ বিষয়েও আলোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

“লিচটেনষ্টাইনৰ মহামান্য ৰাজকুমাৰ এল’ইছৰ সৈতে এক সুন্দৰ বৈঠকত মিলিত হওঁ।

আমাৰ আলোচনাত বিভিন্ন বিষয় সামৰি লোৱা হৈছিল আৰু কেইবাটাও খণ্ডত ভাৰত-লিচটেনষ্টাইন সম্পৰ্ক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

আমি এবছৰ সম্পূৰ্ণ কৰা ঐতিহাসিক ভাৰত-ই এফ টি এ বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (টি ই পি এ)ৰ অধীনত হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰো আৰু অধিক বিনিয়োগ আৰু অৰ্থনৈতিক সহযোগিতাৰ সুযোগ সন্দৰ্ভত আলোচনা কৰো”।

****

MJPS/SS/VJ/NB